মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / কৈশোৰ: জীৱনৰ আটাইতকৈ জটিল সময়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কৈশোৰ: জীৱনৰ আটাইতকৈ জটিল সময়

কৈশোৰ: জীৱনৰ আটাইতকৈ জটিল সময়

মোৰ আত্মীয় এজনে কেইদিনমান আগতে ফোন কৰি ক’লে যে তেওঁৰ ক্লাছ নাইনত পঢ়া একমাত্ৰ ল’ৰাটোৰ কাৰণে তেওঁ দুশ্চিন্তাত ভূগিছে। ল’ৰাটো চৰম অবাধ্য আৰু উদণ্ড হৈ পৰিছে। বৰ মৰমেৰে ডাঙৰ কৰা ল’ৰাটো সৰুৰে পৰা পঢ়া শুনাত ভাল আছিল। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে সি পঢ়া শুনাত মন কান নকৰা হৈছে। কথাই কথাই ঘৰত কাজিয়া কৰে, লগ সমনীয়াৰ লগত বেছিভাগ সময় কটাই ভাল পায়। এবাৰ দেউতাকে টানকৈ গালি পাৰোঁতে সি ঘৰৰ পৰা ওলাই যোৱাৰ কথা কৈছে। তেওঁ মোৰ পৰা এই সমস্যাৰ সমাধান বিচাৰিলে। তেওঁ ক’লে যে বৰ্তমান ল’ৰাটোক গালি পাৰিবলৈকো তেওঁৰ ভয় হয়, জানোচা সি আত্মহত্যাৰ দৰে কিবা অঘটন কৰি পেলায়।

আত্মীয় জনৰ কথাই মোক চিন্তাত পেলালে। যোৱা কেইটামান মাহত কেইবাজনো কিশোৰ কিশোৰীৰ হৃদয় বিদাৰক আত্মহত্যাৰ বাতৰিয়ে আমাক সকলোকে স্তম্ভিত কৰিছে। ইয়াৰ মাজত কেইবাগৰাকীও মেধাৱী ছাত্ৰ ছাত্ৰী আছে। কোমল বয়সীয়া ল’ৰা ছোৱালীবোৰৰ অপমৃত্যু সমগ্ৰ ৰাজ্যৰ কাৰণে দুখৰ বিষয়। এই খিনিতে প্ৰশ্ন হয়, এই কম বয়সৰ ল’ৰা ছোৱালীবোৰৰ এনে আচৰণৰ কাৰণ কি? আত্মহত্যাৰ দৰে পদক্ষেপ ল’বলৈ তেওঁলোক আগবাঢ়ি যোৱাৰ প্ৰকৃত কাৰণ কি? কেনেবাকৈ এনে পৰিস্থিতিৰ কাৰণে পিতৃ মাতৃ বা অভিভাৱক সকলো কিছু পৰিমাণে জগৰীয়া নেকি?

মানুহৰ জীৱনত শৈশৱ আৰু যৌৱনৰ মাজত থাকে কৈশোৰ। শৈশৱৰ ধেমালি আৰু যৌৱনৰ পৰিপক্কতাৰ মাজত থাকে কৈশোৰৰ সাঁকো। জীৱনটো গঢ়ি তোলাৰ বাবে এই সময়চোৱা জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সময়। ইংৰাজীত ১৩ বছৰৰ পৰা ১৯ বছৰলৈ এই সময় চোৱাক টিনেজ (Teenage) বুলি কোৱা হয় যদিও ১১-১২ বছৰৰ পৰা ১৬-১৭ বছৰলৈ এই সময়চোৱাক কৈশোৰ কাল বুলিব পাৰি। এই সময়খিনিত ল’ৰা বা ছোৱালী এজনীৰ জীৱনলৈ শাৰীৰিক আৰু মানসিক ভাৱে দ্ৰুতগতিত পৰিৱৰ্তন আহিবলৈ ধৰে। দেহত হৰমোনৰ ভাৰসাম্যতা সলনি হয় আৰু নতুন হৰমোনৰ আগমন হয়। শৰীৰত হোৱা পৰিৱৰ্তনবোৰে সৰুৰ পৰা ডাঙৰ হ’বলৈ ধৰাৰ জাননী দিয়ে। মানসিক ভাৱেও এইচোৱা সময় এজন ল’ৰা বা এজনী ছোৱালীয়ে বহুতো অগতানুগতিক পৰিৱৰ্তনৰ সন্মুখীন হয়। আবেগ, অনুভূতিবোৰে গভীৰ ভাৱে মনৰ মাজত ক্ৰিয়া কৰিবলৈ আৰম্ভ কৰে। আনহাতে এইটোৱেই মাক দেউতাকৰ ছত্ৰছায়াৰ পৰা ওলাই আহি স্ব-ব্যক্তিত্ব বিকাশৰ দিশত অগ্ৰসৰ হোৱা সময়। এই সময়চোৱা যিদৰে সৃজনী প্ৰতিভা গঢ়ি তোলাৰ উপযুক্ত সময়, সেইদৰে এই সময়চোৱাই পংকিলতাৰ দিশত জীৱনক উটুৱাই দিব পৰা বিপদজনক সময়। সেয়ে কৈশোৰক জীৱনৰ জটিলতম সময় বুলিব পাৰি।

শৈশৱৰ পৰা কৈশোৰ অৱস্থা পোৱাৰ পৰা ল’ৰা বা ছোৱালী এজনীয়ে মাক দেউতাকৰ সহায়ৰ অবিহনে নিজৰ অভিৰুচি, পচণ্ড – অপচণ্ডৰ বিষয়ে নিজস্ব মতামত গঠন কৰিব পৰা হয়। পিতৃ মাতৃয়ে নিয়ন্ত্ৰণ কৰি অহা জীৱন এটা ত্যাগ কৰি এজন স্বাধীন মনৰ ব্যক্তিলৈ ৰূপান্তৰিত হোৱাৰ প্ৰক্ৰিয়া এই সময়তেই আৰম্ভ হয়। এইটো সময়ত তেওঁলোকে একে বয়সৰ সংগীৰ লগত মনৰ ভাৱ, আবেগ, অনুভূতি বিনিময় কৰিব পৰা হয়। প্ৰথমবাৰৰ কাৰণে নিজকে শৈশৱৰ পৰা পৃথক অৱস্থা এটাত উপনীত হোৱা বুলি অনুভৱ কৰে। এই সময়চোৱাতে বিপৰীত লিংগৰ প্ৰতিও কৌতূহল আৰু আকৰ্ষণ দুয়োটাই বৃদ্ধি পায়। জীৱনত প্ৰথম বাৰৰ বাবে প্ৰেম, বিৰহ, যৌনতা আদিৰ অনুভৱ হয়। যিকোনো বিষয়ত নিজৰ একোটা মতামত বা দৃষ্টিভংগী গঠন কৰিব পৰা হয়। এইটো সময়তে তেওঁলোকৰ প্ৰতিভা সমুহো বিকশিত আৰু সমৃদ্ধ হ’বলৈ ধৰে। জীৱনটোক লৈ পৰীক্ষা নিৰীক্ষা কৰাৰ অভিযানো এই সময়তে আৰম্ভ হয়।

আনহাতে এইটো সময়তে ল’ৰা ছোৱালীৰ মাক দেউতাকৰ লগত মানসিক ব্যৱধান বাঢ়িবলৈ লয়। এনে বয়সৰ সন্তানৰ পিতৃ মাতৃয়ে প্ৰায়ে অভিযোগ কৰে যে সন্তানে কথা নুশুনা হৈছে, অবাধ্য হৈছে। আনহাতে সন্তানেও পিতৃ মাতৃৰ বিৰূদ্ধে প্ৰায়ে অভিযোগ কৰে যে পিতৃ মাতৃয়ে তেওঁলোকক বুজিবলৈ চেষ্টা নকৰে, তেওঁলোকৰ কোনো কথাত গুৰুত্ব নিদিয়ে। ইয়াৰ ফলস্বৰূপে পিতৃ মাতৃ আৰু সন্তানৰ মাজত সুস্থ কথোপকথন ব্যাঘাত হয়। কথাই কথাই গঞ্জনা, ককৰ্থনা, অভিমানৰ সূত্ৰপাত হয়। পিতৃ মাতৃ মানসিক ভাৱে ভাঙি পৰাৰ দৰে সন্তানো মানসিক ভাৱে আহত হয়।

কৈশোৰ আৰু যৌৱনৰ দুৱাৰদলিৰ এই সময়চোৱাই সন্তানৰ ভৱিষ্যত গঢ়াৰ দিশত আটাইতকৈ প্ৰয়োজনীয় সময় হোৱা কাৰণে পিতৃ মাতৃয়ে সন্তানক লৈ অধিক দুশ্চিন্তাত ভোগে। সাধাৰণতে এনে সময়ত পিতৃ মাতৃ তথা অভিভাৱকে ভাবিবলৈ লয় যে এনে সময়ত কটকটীয়া শাসনৰ জৰিয়তেহে সন্তানক সঠিক বাটলৈ আনিব পৰা যাব। পিতৃ মাতৃয়ে বহু সময়ত বিশ্বাস কৰে যে সন্তানৰ ভৱিষ্যত তেওঁলোকে বিচৰা মতেই নিৰ্ধাৰিত হোৱা উচিত। নিজে দেখুৱাই দিয়া বাটত আগুৱাই গ’লেহে সন্তানৰ ভৱিষ্যত উজ্জ্বল হ’ব। তেওঁলোকে ইয়াকো বিশ্বাস কৰে যে এই সময়ত সন্তানৰ নিজৰ জীৱনৰ বিষয়ে সিদ্ধান্ত ল’বলৈ প্ৰয়োজনীয় জ্ঞান আৰু যোগ্যতা নাথাকে। ইয়াৰ ফলত পিতৃ মাতৃৰ সন্তানৰ লগত মানসিক সংঘাট হয়। পৰিস্থিতি সলনি নহ’লে মানসিক দন্দ্ব বৃদ্ধি পাই গৈ থাকে আৰু এনে পৰিস্থিতিত কেতিয়াবা সন্তানে ভাবিবলৈ লয় যে পিতৃ মাতৃতকৈ বাহিৰৰ পৃথিৱীখনত লগ পোৱা বন্ধু বান্ধৱ, লগৰীয়া সকলহে তেওঁলোকৰ বেছি আপোন।  আজিৰ সময়ত ব্যস্ত পিতৃ মাতৃয়ে সন্তানক যথেষ্ট সময় দিব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হোৱা কাৰণেও পিতৃ মাতৃ আৰু সন্তানৰ মাজত এনে মানসিক অন্তৰ্দন্দ্ব সঘনে ঘটিবলৈ লৈছে। এনে সংঘাটপূৰ্ণ পৰিস্থিতিয়ে মাক দেউতাক আৰু সন্তান উভয়কে হতাশা আৰু বিষাদগ্ৰস্থতাৰ (depression) পিনে লৈ যাব পাৰে।

আটাইতকৈ পৰিতাপৰ কথা এয়ে যে জীৱনৰ এই জটিল সময়ত ল’ৰা ছোৱালীৰ মানসিক অৱস্থাৰ লগত একাত্ম হোৱাতকৈ প্ৰায়ে পিতৃ মাতৃয়ে সন্তানৰ ওপৰত নিজৰ আশা আকাংখ্যাৰ বোজা জাপি দিবলৈহে আৰম্ভ কৰে। বৰ্তমান প্ৰতিযোগিতাৰ দৌৰত এজনে আন এজনক পিছ পেলাই যিকোনো প্ৰকাৰে আগবাঢ়ি যোৱাটোৱেই হৈ পৰিছে সাৰ্থকতাৰ পৰিভাষা। আনতকৈ পিছ পৰি যোৱা ল’ৰা বা ছোৱালীজনীয়ে প্ৰায়ে সন্মুখীন হ’বলগীয়া হয় পিতৃ মাতৃৰ গ্লানি আৰু ককৰ্থনাৰ। এই সময়ত পিতৃ মাতৃয়ে প্ৰায়ে পাহৰি যায় যে প্ৰতি গৰাকী ল’ৰা বা ছোৱালী ঈশ্বৰে বেলেগ বেলেগ ধৰণে, বেলেগ বেলেগ প্ৰতিভাধাৰী হিচাপে স্ৰজন কৰিছে। মহান বিজ্ঞানী আইনষ্টাইনে কৈছিল, “Everybody is a genius. But if you judge a fish by its ability to climb a tree, it will live its whole life believing that it is a stupid”. অৰ্থাৎ ‘সকলো মানুহেই প্ৰতিভাশালী। মাছ এটাক যদি আমি সি গছত উঠিব নোৱাৰাৰ কাৰণে আমি সদায় অপদাৰ্থ বুলি গালি পাৰি থাকোঁ, সি সদায় নিজকে জধামূৰ্খ বুলিয়েই ভাবি থাকিব’। ইয়াৰ পৰা আমি ইয়াকে বুজিব পাৰোঁ যে মাছ এটাৰ পানীত সাতোঁৰাৰ স্বাভাৱিক পাৰদৰ্শিতাক আওকান কৰি তাক গছত উঠিব নোৱাৰা কাৰণে তিৰস্কাৰ কৰাটো অনুচিত। সেই একে ধৰণে পিতৃ মাতৃ, অভিভাৱকে দেখুৱাই দিয়া পথত আকাংক্ষিত সফলতা লাভ কৰিব নোৱাৰিলে এগৰাকী কিশোৰ বা কিশোৰীক জধামূৰ্খ বা কোনো কামৰ লায়ক নহয় বুলি দোষাৰোপ কৰা অনুচিত। বৰং সেই কিশোৰ বা কিশোৰ গৰাকীৰ স্বকীয় প্ৰতিভা চিনাক্ত কৰি তেওঁক ভৱিষ্যততৰ সাফল্যৰ কাৰণে অনুপ্ৰাণিত কৰাহে বাঞ্চনীয়। বৰ্তমান সময়ত স্কুলীয়া জীৱনৰ সৰু সৰু পৰীক্ষাবোৰত মনে বিচৰা ধৰণৰ সাফল্য নোপোৱাৰ কাৰণেও সন্তানে পিতৃ মাতৃৰ ৰোষৰ বলি হ’ব লগীয়া হয়। ফলত তেওঁলোকৰ এফালে আত্মবিশ্বাস টুটি আহে আৰু আনফালে ভৱিষ্যতে পুনৰ প্ৰতিযোগিতাৰ সন্মুখীন হ’বলৈ আত্মবিশ্বাসৰ অভাৱ হয়। আত্মগ্লানি আৰু নিজৰ প্ৰতি হেয় মনোভাৱ আহিবলৈ লোৱা কাৰণে বিষাদগ্ৰস্থতাই তেওঁলোকৰ মন জগত আগুৰিবলৈ লয়। সেয়ে কিছুমান কিশোৰ কিশোৰীয়ে কোনো ক্ষেত্ৰত আশা কৰা ধৰণে সফল হ’ব নোৱাৰিলে বা সফলতা লাভ কৰাৰ সম্ভাৱনা নেদেখিলে আকৌ পিতৃ মাতৃৰ আগত লজ্জিত হোৱাতকৈ আত্মহত্যা কৰাই শ্ৰেয় বুলি ভাবিবলৈ লয়।

অৱশ্যে জীৱনৰ এই জটিল সময়চোৱাত ল’ৰা ছোৱালীক বিপথে যোৱাৰ পৰা ৰক্ষা কৰাটোও আজিৰ সময়ত পিতৃ মাতৃৰ বাবে যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ হৈ পৰিছে। বৰ্তমান সময়ত বজাৰ কেন্দ্ৰিক অৰ্থনীতিয়ে অকল ব্যৱসায়িক স্বাৰ্থতে ল’ৰা ছোৱালীক কম বয়সতে প্ৰাপ্ত বয়স্কৰ জগত খনৰ লগত পৰিচয় কৰাই দিছে। টেলিভিচন, ইণ্টাৰনেট, মোবাইল ফোন আদিয়ে ভাল বেয়া সকলো ধৰণৰ তথ্য, ছবি আৰু দৃশ্যৰ উভৈনদী অৱস্থা এটাৰ সৃষ্টি কৰিছে। এনে সোঁতত উটি ভাঁহি গৈ কিছুমান ল’ৰা ছোৱালী এখন কল্প লোকৰ বাসিন্দাত পৰিণত হৈছে। তেওঁলোকৰ আৱেগ, অনুভূতি, আগ্ৰহ, অভিৰুচী সমুহো এই ইলেক্ট্ৰনিক মাধ্যম সমুহে গ্ৰাস কৰি পেলোৱাৰ উপক্ৰম হৈছে। এনেবোৰ কাৰণতে কৈশোৰ আৰু যৌৱনৰ সন্ধিক্ষণৰ এই ষ্পৰ্শকাতৰ সময়ত কিছুমান ল’ৰা ছোৱালী সামাজিক ভাৱে নিষিদ্ধ, মানসিক ভাৱে ক্ষতিকাৰক আচৰণৰ প্ৰতি আকৃষ্ট হয়। বিভিন্ন কাৰণত এই সময়ত মাদক দ্ৰব্য তথা নিচাশক্তিৰ প্ৰতিও কিছুমান কিশোৰ কিশোৰী আকৃষ্ট হয়। আমাৰ ৰাজ্যখনত মাদক দ্ৰব্যৰ সহজলভ্যতা আৰু ব্যাপকতাই এই ক্ষেত্ৰত যথেষ্ট ইন্ধন যোগাইছে। বিপৰীত লিংগৰ প্ৰতি আসক্তি, প্ৰেম, বিৰহ, যৌনতা আদিৰ সমস্যায়ো এই সময়ত জুৰুলা কৰিবলৈ আৰম্ভ কৰে। সেয়ে এনে সময়ত পিতৃ মাতৃৰ লগত সন্তানৰ মানসিক ঘনিষ্ঠতা অতি প্ৰয়োজনীয় হৈ পৰে। এনে পৰিস্থিতিত সন্তানৰ লগত সকলো কথা খোলা খুলিকৈ আলোচনা কৰিব পৰা পৰিৱেশ এটা গঢ়ি তুলিবলৈ পিতৃ মাতৃ সচেষ্ট হ’ব লাগে। পিচে পৰিতাপৰ কথা এয়ে যে সন্তানৰ লগত সকলো কথা মুকলি ভাৱে আলোচনা কৰাটো এতিয়াও বহুতো পৰিয়ালত নিষিদ্ধ বুলি গণ্য কৰা হয়। সন্তানেও পিতৃ মাতৃৰ বিপৰীত প্ৰতিক্ৰিয়া হোৱাৰ আশংকাত তেওঁলোকৰ পৰা বহুতো কথা গোপনে ৰাখে। সেয়ে প্ৰেম, যৌনতা, নিচাশক্তি আদিৰ বিষয়ে নিজৰ সন্তানে সন্মুখীন হোৱা সমস্যা সমুহৰ বিষয়ে প্ৰায়ে পিতৃ মাতৃ অৱগত নহয়। এনেবোৰ সমস্যাই কিশোৰ কিশোৰীক মানসিক ভাৱে বিষাদগ্ৰস্থ কৰি তুলিব পাৰে বা লগ সমনীয়াৰ অপৰিপক্ক পৰামৰ্শ গ্ৰহণ কৰি বিপথে যাবলৈ উদ্গনি যোগাব পাৰে।

ল’ৰা ছোৱালীৰ লগত মানসিক ভাৱে ঘনিষ্ঠ হোৱাৰ ধাৰণাটো আমাৰ সমাজত বহুতো পিতৃ মাতৃৰ কাৰণে এতিয়াও গ্ৰহণযোগ্য হৈ উঠা নাই। বহুতে এতিয়াও বিশ্বাস কৰে যে ‘চৰুক সুধি ভাত ৰান্ধিব নালাগে’। সেয়ে বহুতো পিতৃ মাতৃয়ে কোনো কথাতে ল’ৰা ছোৱালীৰ লগত কথা পাতি তেওঁলোকৰ মতামত লোৱাটোও যুগুত বুলি নাভাবে। পিছে এটা কথা মনত ৰখা উচিত যে বৰ্তমান সময়ত এজন ল’ৰা বা ছোৱালী বয়সতকৈ সোনকালে পৰিপক্ক হৈ উঠে। সেয়ে প্ৰতিটো কিশোৰ কিশোৰীৰে মতামত, আবেগ, অনুভূতিক সন্মান কৰাটো মাক দেউতাকৰ চৰম কৰ্তব্য হৈ পৰিছে। কিশোৰ কিশোৰীৰ কাৰণে মাক দেউতাকৰ ভূমিকা এতিয়া অভিভাৱকতকৈ বন্ধুৰ ৰূপতহৈ অধিক প্ৰয়োজনীয় হৈ পৰিছে।

এই খিনিতে মন কৰিবলগীয়া এয়ে যে ঘৰখনেই ল’ৰা ছোৱালীৰ শিক্ষাৰ কঠীয়াতলি। ঘৰখনত ল’ৰা ছোৱালীয়ে যি পৰিৱেশ পায়, যিবোৰ কথা শিকে সেইবোৰে তেওঁলোকৰ ওপৰত গোটেই জীৱন ধৰি প্ৰভাৱ পেলায়। প্ৰতিজন অভিভাৱকে অনুভৱ কৰা উচিত যে সন্তানে সদায় উপদেশতকৈ আৰ্হি বিচাৰে। প্ৰতিটো উপদেশ নিজৰ জীৱনত কাৰ্য্যকৰী কৰি দেখুৱালেহে সেই উপদেশ সন্তানে অন্ত:কৰণেৰে গ্ৰহণ কৰে।

বহু সময়ত পিতৃ মাতৃয়ে অভিযোগ কৰে যে শৈশৱত মাক তেওঁলোকৰ প্ৰতিটো কথা আখৰে আখৰে পালন কৰি যোৱা ল’ৰা এটাই কৈশোৰত কথা নমনা হৈ পৰে। এই খিনিতে মন কৰিবলগীয়া কথা হ’ল কৈশোৰ অৱস্থা পোৱাৰ পিছত ল’ৰাটোৱে নিজৰ বিচাৰ বিবেচনাৰে চিন্তা কৰিবলৈ শিকে। প্ৰতিটো কথাৰ সপক্ষে বা বিপক্ষে নিজৰ মতামত আৰু যুক্তি আগবঢ়াবলৈ শিকে। নিজৰ মতামত বা অভিৰুচী মতে কাম কৰিবলৈ বিচাৰে। আচলতে মানুহৰ জীৱনত ভৱিষ্যতৰ ব্যক্তিত্ব নিৰ্মাণৰ কুচ কাৱাজ এনেদৰেই আৰম্ভ হয়। এইখিনিতে মাক দেউতাকৰো পৰম দায়িত্ব হ’ল ল’ৰাটোৰ পৰিৱৰ্তিত মানসিক অৱস্থাটোৰ কথা উপলব্ধি কৰি তেওঁলোকৰ নিজৰ ব্যৱহাৰত সংশোধন ঘটোৱাটো। ল’ৰাটোৰ প্ৰতিটো কথা গুৰুত্বসহকাৰে শুনি সুস্থ কথোপকথন আৰু আলোচনাৰ দ্বাৰা ভাল বেয়া দুয়োটা দিশ আঙুলিয়াই দি নিজাববীয়াকৈ সিদ্ধান্ত ল’বলৈ ল’ৰাটোকে উত্সাহিত কৰিব পাৰিলে সেয়া এক সুস্থ ব্যক্তিত্ব গঠনৰ সহায়ক হ’ব পাৰে।

প্ৰতিজন মানুহেই তেওঁৰ মতামতক আনে গুৰুত্ব দিয়াটো বিচাৰে। এই কথা কিশোৰ এজনৰ ক্ষেত্ৰতো প্ৰযোজ্য। সেয়ে শৈশৱৰ দেওনা অতিক্ৰম কৰি কৈশোৰত প্ৰৱেশ কৰা প্ৰতিটো সন্তানৰ মনোভাৱক সন্মান কৰি মাক দেউতাক, অভিভাৱকে তেওঁলোকৰ লগত পাৰস্পৰিক মৰম আৰু বিশ্বাসৰ এক বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাই আজিৰ সময়ৰ দাবী। কৈশোৰৰ এই আলি দোমোজাত যিবোৰ সন্তান বিপথে গৈছে বা যাবলৈ উপক্ৰম হোৱা বুলি পিতৃ মাতৃয়ে সন্দেহ কৰিছে, তেওঁলোককো মৰম আৰু সহৃদয়তাৰ মাজেদিহে পুনৰ সঠিক পথলৈ ঘুৰাই অনাটো সম্ভৱ। এই ক্ষেত্ৰত পিতৃ মাতৃৰ ত্যাগৰ মনোভাৱ আৰু সন্তানৰ প্ৰতি থকা মৰম আৰু বিশ্বাসৰ অতি প্ৰয়োজন আছে। প্ৰতিগৰাকী কিশোৰ কিশোৰীয়ে যদি এই কথা উপলব্ধি কৰে যে জীৱনৰ জটিলতম বাটচোৱাত আগবাঢ়োতে পিতৃ মাতৃয়ে তেওঁলোকৰ মনৰ সকলো কথা বুজি পায়, তেওঁলোকৰ স্বকীয় ব্যক্তিত্ব আৰু আগ্ৰহক স্বীকৃতি দিয়ে, দোষ ক্ৰুটি বোৰ অকপট ভাৱে ক্ষমা কৰি জীৱনৰ বাটত আগবাঢ়িবলৈ অনুপ্ৰেৰণা যোগায়, তেতিয়া কোনো কিশোৰ কিশোৰীয়ে হয়তো হতাশা আৰু বিষাদগ্ৰস্থতাত ভূগিব লগীয়া নহ’ব। পিতৃ মাতৃয়ে নিজৰ আশা আকাংখ্যাৰ মেটমৰা বোজাৰ তলত পিষ্ট নকৰি, সন্তানৰ লগত যিমান সম্ভৱ মানসিক ঘনিষ্ঠতা বৃদ্ধি কৰি, তেওঁলোকক নিজৰ প্ৰতিভা, আগ্ৰহ, অভিৰুচি অনুসৰি জীৱনৰ বাটত আগবাঢ়িবলৈ দিলে হয়তো ভৱিষ্যতত আমি অকালতে প্ৰতিভাবান কিশোৰ কিশোৰী বোৰক হেৰুৱাব লগা নহ’ব।

দিপাংকৰ বৰুৱা

3.14754098361
প্ৰাঞ্জল কোঁৱৰ Feb 10, 2017 06:44 PM

সময়োপযোগী লেখা ।

যুগল বৰা Dec 24, 2015 06:11 PM

সুন্দৰ লিখনি

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top