অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টিক ডিছঅৰ্ডাৰ :

টিক ডিছঅৰ্ডাৰৰ বিষয়ে লিখা হৈছে ।

 

আজি পাঠকসকলক শিশু এটিয়ে ভুগিব পৰা এনে এটিয়ে সমস্যাৰ বিষয়ে ক’ব খুজিছো-যি সমস্যাৰ বিষয়ে সাধাৰণতে আমি অভিভাৱকসকল সজাগ সময়ত সেই সমস্যাই ভুক্তভোগী শিশুটিক দিব পাৰে এক বৰ্ণনাতীত যন্ত্ৰণা। শিশু এটিয়ে ভুগিব পৰা আৰু যন্ত্ৰণা দিব পৰা মই ক’ব খোজা এই সমস্যাক চিকিৎসা বিজ্ঞানত কোৱা হয় টিক ডিছঅৰ্ডাৰ।

টিক হ’ল বাৰে বাৰে হঠাতে হোৱা দ্ৰুত অস্বাভাৱিক শাৰীৰিক অংগ সঞ্চালন (Motor Movement)নাইবা কণ্ঠধ্বনি বা শব্দৰ উচ্চাৰণ (Vocalization)।টিক ডিছঅৰ্ডাৰ ভুগিলে শিশু এতিৰ যি ধৰণৰ অস্বাভাৱিক মাংসপেশীৰ সঞ্চালন হয় সেয়া বিশেষকৈ প্ৰত্যক্ষ কৰা হয় মুখমণ্ডল, ডিঙি, বাহু আৰু হাত অংশত। মুখমণ্ডলৰ মাংসপেশীৰ সঞ্চালন আকৌ বিভিন্ন ধৰণৰ হ’ব পাৰে। উদাহৰণ স্বৰুপে, বাৰে বাৰে চকু টিপিয়াই বা পিৰিকিয়াই থকা, চকুৰ চেলাউৰি নচুৱাই থকা, কপাল কেঁচাই থকা, নাকটো ভাঁজ কৰি কোঁচাই থকা, নাক উজাৰি থকা , ওঁঠ কামুৰি থকা, মুখ বিকটাই বা ভেঙুচালি কৰি থকা , বাৰে বাৰে দাঁতবোৰ উলিয়াই থকা, জিভাখন হেঁচি ধৰি ৰখা, মুৰ জোকাৰি বা মুৰ দুপিয়াই থকা, মুৰটো চাৰিওফালে ঘুৰাই ঘুৰাই থকা ইত্যাদি। ডিঙিৰ মাংসপেশীৰ সঞ্চালনৰ ক্ষেত্ৰত সাধাৰণতে দেখা যায় যে ভুক্তভোগী শিশুৱে বাৰে বাৰে ডিঙিটো ভাঁজ কৰি থাকে। মুৰৰ দুয়োফালে চাই চাই ডিঙি বেঁকা-বেঁকি কৰি থাকে। তদুপৰি এনেধৰণৰ শিশুৱে বাহুটো বাৰে বাৰে জোকাৰি দিয়া, কান্ধটো কোঁচাই দিয়া আদিও কৰি দেখুৱাব পাৰে। বাৰে বাৰে ভৰি নচুৱাই থকা, আঁঠু আঙুলি আদি লৰাই থকা বা জোকাৰি থকা, জঁপিয়াই থকা, অস্বাভাৱিক ধৰণে খোজ কঢ়া আদিও এই টিক ডিছঅৰ্ডাৰৰ লক্ষণৰ অন্তৰ্ভুক্ত।

টিক ডিছঅৰ্ডাৰত অস্বাভাৱিক ধৰণে শাৰীৰিক বা মাংসপেশী সঞ্চালন হোৱাৰ উপৰি ভ’কেলাইজেচন, অৰ্থাৎ কণ্ঠধ্বনি বা শব্দ নাইবা শব্দৰ উচ্চাৰণৰ ক্ষেত্ৰতো অস্বাভাৱিকতা প্ৰত্যক্ষ কৰা হয়। এই ভ’কেল টিক ডিছঅৰ্ডাৰত ভুগিলে এটি শিশুৱে দেখুৱাব পৰা কিছুমান লক্ষণ হৈছে-কাহি থকা (প্ৰকৃততে কাহ হৈ নাথাকে), ডিঙিটো পৰিষ্কাৰ কৰিবৰ বাৰে বাৰে ডিঙিৰে শব্দ কৰি থকা, ডিঙিৰ পৰা ঘোট ঘোট শব্দ কৰি থকা, নাকেৰে শব্দ কৰি কৰি উশাহ লোৱা, নাকৰ পৰা জোৰেৰে শব্দ কৰি নিশাহ বা বতাহ উলিয়াই দিয়া ইত্যাদি।

এটা কথা পাঠকসকলক কৈ থোৱা উচিত হ’ব যে কোনো এটি শিশুৱে ওপৰত উল্লেখ কৰাৰ দৰে আচৰণ এবাৰ বা দুবাৰৰ বাবে কৰিলেই কিন্তু শিশুটিৰ টিক ডিছঅৰ্ডাৰ হৈছে বুলি ক’ব পৰা নাযায়। টিক ডিছঅৰ্ডাৰ হৈছে বুলি ক’বলৈ শিশু এটিয়ে সদহাৰণতে এনেধৰণৰ যিকোনো এটা বা ততোধিক লক্ষণ দিনটোত কে’বাবাৰো আৰু প্ৰায় সদায় এই লক্ষণ দেখুৱাব লাগিব। তদুপৰি শিশুৰ এনে আচৰণ এক নিৰ্দিষ্ট সময় ধৰি প্ৰত্যক্ষ কৰিলেহে টিক ডিছঅৰ্ডাৰ হ’ব পাৰে বুলি সন্দেহ কৰাৰ বা ভবাৰ থল আছে। যদিও কোৱা হয় যে টিক ডিছঅৰ্ডাৰ সাত বছৰমান বয়সতহে আৰম্ভ হয়, তথাপি এই সমস্যাৰ আৰম্ভণি কিন্তু দুই বছৰমান বয়সৰ পৰাও হ’ব পাৰে। মাথোঁ আমি ইমান কম বয়সতে শিশু এটিয়ে এনেকুৱা সমস্যাত ভুগি আছে বুলি ধৰিবহে নোৱাৰা বা এই সমস্যাক চিনাক্ত কৰা খুব জটিল। টিক ডিছঅৰ্ডাৰত ভুক্তভোগী শিশু এটিয়ে যি ধৰণৰ লক্ষণ বা আচৰণ দেখুৱাব তাৰ ওপৰত প্ৰকৃততে শিশুটিৰ নিজৰ কোনো নিয়ন্ত্ৰণ নাথাকে। অৰ্থাৎ শিশুটিৰ এনে আচৰণ ইচ্ছাকৃত নহয়। কিন্তু দেখা যায় যে আমাৰ অজ্ঞতাৰ বাবে শিশু এটিয়ে বাৰে বাৰে চকু টিপিয়াই থকা দেখিলে, কান্ধটো বাৰে বাৰে বা মাজে মাজে জোকাৰি থকা আদিৰ দৰে আচৰণ কৰা দেখিলে আমি পিতৃ-মাতৃ আৰু শিক্ষকসকলে শিশুটিক শাস্তি দিওঁ বা নেতিবাচক সমালোচনা কৰো। কিন্তু প্ৰকৃতাৰ্থত শিশুটিয়ে ইচ্ছাকৃতভাৱে এনে আচৰণ নকৰে। আমি যদি সিহঁতক সোধো যে কিয় সিহঁতে তেনে ধৰণৰ আচৰণ কৰি থাকে, তেন্তে হয়তো উত্তৰ দিব- সিহঁতে যে তেনেকুৱা কৰি থাকে সেই কথা নিজে গমো নাপায় আৰু আনে সকীয়াই দিলেও সেয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰে।

সাধাৰণতে দেখা যায় যে শিশু এটিৰ এনেধৰণৰ আচৰণসমুহ আমি প্ৰত্যক্ষ কৰিলে এনেধৰণেৰে ভাবিবলৈ লওঁ যে সিহঁতে এইবোৰ শিশু অৱস্থাত দেখুওৱা স্বাভাৱিক আচৰণ। এইধৰণৰ আচৰণবোৰ যদি সিহঁতে সঠিক সময়ত এৰি দিয়ে, তেন্তে চিন্তা কৰিবলগীয়া একো নাই। কিন্তু সিহঁতে যদি সেই আচৰণবোৰ ডাঙৰ হৈও কৰি থাকে তেন্তে সেয়া কেতিয়াবা স্বাভাৱিক আৰু সঠিক আচৰণ হ’ব নোৱাৰে। কিয়নো, পাঠকসকলে কল্পনা কৰি চাওকচোন, পোন্ধৰ-ষোল্ল বছৰীয়া ল’ৰা এটাই যদি চকুৰ চেলাউৰি ওপৰ-তল কৰি নচুৱাই নচুৱাই কথা কয় আপোনালোকৰ দৃষ্টিত এই আচৰণ জানো স্বাভাৱিক যেন লাগিব? গতিকে শিশু অৱস্থাতে ল’ৰা-ছোৱালীৰ এনেধৰণৰ আচৰণবোৰ যদি আমি প্ৰত্যক্ষ কৰো, তেন্তে সিহঁতে কিমান ঘনাই আৰু কিমান দীঘলীয়াকৈ এনেধৰণৰ আচৰণবোৰ কৰি আছে সেই বিষয়ে অভিভাৱকসকল সজাগ আৰু সচেতন হোৱাটো খুব গুৰুত্বপুৰ্ণ কথা।

টিক ডিছঅৰ্ডাৰত ভুগিলে শিশু এটিয়ে কেৱল এটা লক্ষণ নাইবা এটাতকৈ বেছি লক্ষণো দেখুৱাব পাৰে। ইয়াৰ উপৰি শিশু এটিয়ে মটৰ টিক আৰু ভ’কেল টিক দুয়ো ধৰণেৰে সমস্যাত ভুগিব পাৰে। কিছুমান টিকৰ সমস্যা খুব জটিল ধৰণৰ নহয় যদিও কিছুমান টিক হয় খুব জটিল। উদাহৰণ স্বৰুপে বৰ্গাকৃতিত বগা-ক’লা ৰঙেৰে ৰং কৰি থোৱা ৰাস্তা এটাৰ ওপৰেৰে খোজ কাঢ়ি গৈ থাকোতে শিশু এটিয়ে হয়তো কাঢ়ি গৈ থাকোতে শিশু এটিয়ে হয়তো এনেকুৱা কৰিব পাৰে বা সি ভাবি লয় যে সি কেৱল ক’লা ৰং থকা ঠাইখিনিত ভৰি থৈ থৈহে খোজ কাঢ়িব আৰু বগা ঠাইখিনি জঁপিয়াই পাৰ হৈ হৈ যাব। অৰ্থাৎ সি এক নিৰ্দিষ্ট অস্বাভাৱিক ভংগিমাৰে খোজ কাঢ়িবলৈ ল’ব। সেই নিৰ্দিষ্ট ভংগিমাৰে খোজ নাকাঢ়িলে শিশুটোৱে মনত অশান্তি পাবলৈ ধৰে, অথচ তাৰ সেইধৰণৰ আচৰণত নিজৰ নিয়ন্ত্ৰণো নাথাকে। তদুপৰি আন কিছুমান জটিল টিক ডিছঅৰ্ডাৰৰ সমস্যাত দেখা যায় যে ভুক্তভোগী শিশুৱে নক’বলগীয়া বা সমাজে মানি নোলোৱা কিবা শব্দ হঠাৎ কৈ পেলায় বা কাৰোবাক গালি পাৰি দিয়ে। ফলত সকলোৱে ভাবে যে সিহঁতে ইচ্ছাকৃতভাৱেই তেনেকৈ কয়। কিন্তু বাস্তৱিকতে সিহঁতে নিজেই গম নাপায় সিহঁতে তেনেকৈ কিবা এটা কৈ দিলে। এনেধৰণৰ আচৰণৰ বাবে এনে শিশুক শাস্তি দিয়া হয়, সিহঁতক বেয়া ল’ৰা-ছোৱালী বুলি লগ –বন্ধু সমাজে লগ দিব নোখোজে। ফলত এনে শিশু হৈ পৰে অকালশৰীয়া।

টিক ডিছঅৰ্ডাৰত ভোগা শিশুৰ শৈক্ষিক, মানসিক, আৱেগিক আদি দিশত বিভিন্ন সমস্যাই দেখা দিয়ে। সিহঁত খুব সোনকালে বিৰক্ত হয়, সিহঁতৰ মনোযোগ কমি যোৱা দেখা যায়। হতাশাক বশ কৰি ৰাখিবলৈ সিহঁত অসমৰ্থ হৈ পৰে। এই সমস্যাৰ বিষয়ে সজাগতাৰ অভাৱৰ বাবে সিহঁতে পিতৃ-মাতৃ, শিক্ষক, সহোদৰ, বন্ধুবৰ্গ আদিৰ পৰা পায় অৱহেলা-যিয়ে সিহঁতক দিয়ে এক গভীৰ মনোকষ্ট। তেওঁলোকে শিশুৰ এনে আচৰণক ধৰি লয় যে ই সম্পুৰ্ণৰুপে ইচ্ছাকৃত। যি কি নহওক, টিক ডিছঅৰ্ডাৰৰ যি যি লক্ষণৰ কথা অতি চমুকৈ উল্লেখ কৰা হৈছে সেয়া যদি শিশু এটিৰ ক্ষেত্ৰত আমি চকুত পৰাকৈ ঘনাই কিছু দীঘলীয়াকৈ প্ৰত্যক্ষ কৰো, তেন্তে আমি সচেতন হোৱা দৰকাৰ হৈ পৰে যে এই শিশুটি টিক ডিছঅৰ্ডাৰৰ সমস্যাত ভুগি থাকিবও পাৰে। সৌভাগ্যৰ কথা যে টিক ডিছঅৰ্ডাৰ নিৰাময়ৰ ব্যৱস্থা আছে আৰু যদি এই সমস্যাৰ সোনকালে চিনাক্ত কৰি উপ যুক্ত চিকিৎসা লোৱা হয়, তেন্তে শিশুটিক এই সমস্যাৰ পৰা নিৰাময় কৰিব পৰা যায়।

লেখিকা: জয়শ্ৰী বুঢ়াগোহাঁই (জি এনআৰচি স্বাস্থ্য)

 

 

 

 

 

3.04545454545
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top