অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টিভি আৰু আমাৰ শিশু :

টিভি আৰু আমাৰ শিশুৰ বিষয়ে লিখা হৈছে ।

 

বৰ্তমান সময়ত আমাৰ শিশুসকলৰ প্ৰধান বিনোদনৰ আহিলা হৈ উঠিছে কোঠাৰ এচুকৰ টিভিটো। যদি ক’ব পাৰি টিভিও শিক্ষাৰ এক বিশেষ মাধ্যম, কিন্তু সেই বুলি টিভিত দেখুওৱা সকলো অনুষ্ঠানেই জানো শিশুৰ বাবে উপযুক্ত বা গ্ৰহণযোগ্য। তেতিয়াই অভিভাৱক হিচাপে পিতৃ-মাতৃৰ কৰ্তব্য হৈ পৰে সঠিক সিদ্ধান্ত গ্ৰহণ কৰা। বিশেষজ্ঞসকলে কৈছে- আঢ়ৈ-তিনি বছৰ হোৱাৰ আগলৈকে শিশুসকলে খুব বেছি সময় টিভি চাই থাকিব নোৱাৰে। কাৰণ তেনে বয়সলৈ শিশুৰ মন-সংযোগ কম হয়। কিন্তু সময় বা বয়স বাঢ়ি গৈ থকাৰ লগে লগে তেওঁলোকৰ টিভি চোৱাৰ সময় বাঢ়ি গৈ থাকে। শিশুসকলে টিভিৰ অনুষ্ঠানবোৰৰ পৰা কল্পনা আৰু বাস্তৱৰ মাজৰ পাৰ্থক্য বুজি পাব নোৱাৰে। এইটোও ঠিক টিভিৰ ভাল দিশটোৰ কথা আমি গুৰুত্ব নিদিলেও নচলিব। কিছুমান অনুষ্ঠানযোগে- এনিমেল প্লেণেট, ডিছ’কভাৰী চেনেল, কিছুমান আনন্দ আৰু শিক্ষা বিষয়ক কাৰ্টুন ফিল্ম বা ছিৰিয়েল শিশুৰ বাবে অতি দৰকাৰী। ৰামায়ণ-মহাভাৰতৰ কাহিনী-উপকাহিনী, আমাৰ বহুতো আখ্য৭আনমূলক কাহিনী, বুৰঞ্জী বিষয়ক ধাৰাবাহিকবোৰৰ দ্বাৰা শিশুসকল উপকৃত হ’ব পাৰে। যিবোৰ সৰুতেই শিশুৰ অন্তৰত মূল্যবোৰ, ভাৰতীয় সংস্কৃতি, সততা, সাহসৰ দৰে সৎ, ভাল গুণবোৰৰ জন্ম দিব পাৰে। কুইজ অনুষ্ঠান, স্বাধীনতা দিৱস, গণতন্ত্ৰ দিৱস, মহান লোকসকলৰ জন্ম বা মৃত্যু তিথিত পৰিৱেশিত অনুষ্ঠানবোৰেও শিশুৰ মনত উৎসুকতা বঢ়াব পাৰে। এইবিলাক হৈছে টিভিৰ ভাল দিশ শিশুসকলৰ বাবে।

শিশুহঁতৰ ওপৰত টিভিৰ প্ৰভাৱ -

*টিভিৰ আন যিকোনো অনুষ্ঠান-চিনেমা আদি চাই শিশুৱে এই কথা বুজি উঠিব পাৰে মাৰপিট বা ভায়’লেন্সৰ দ্বাৰা সকলো সমস্যা সমাধান কৰিব পৰা যায়।

*চিগাৰেট সেৱন, মদ্যপান আদি দেখুওৱা হয় বীৰত্ব প্ৰকাশৰ বাবেহে। অস্বাস্থ্যকৰ, মাৰাত্মক বস্তু হিচাপে নহয়।

*কিশোৰীসকল যিসকল বেছিভাগ ভায়’লেন্সৰ চিকাৰ হয় তেওঁলোকক দেখি কোশোৰী দৰ্শকসকলে বাহিৰৰ পৃথিৱীখনক ভয়ৰ ঠাই হিচাপে চাবলৈ লয়, ল’ৰাবিলাকে ভায়’লেন্স চাই চাই অভ্যস্ত হয়, সেয়েহে আজিকালি বেছিভাগ কিশোৰৰ নিজকে সংযত কৰাৰ প্ৰৱণতা কমি যোৱা দেখা গৈছে। যুৱকসকলৰো এনে কথা। আজিকালিৰ শিশুসকল খুব বেছি এগ্ৰেছিভ। অধিকাংশ শিশুৰে খেলৰ প্ৰিয় বস্তু বা প্ৰধান উপকৰণ বন্দুক।

কেনেকৈ হয় টিভি এডিকচন -

শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশৰ বাবে সকলোতকৈ বেছি প্ৰয়োজন পিতৃ-মাতৃৰ সান্নিধ্য। দৰকাৰ খেলা-ধূলা, সাধু পঢ়া, জীৱনী পঢ়া, নিজৰ পাৰিপাৰ্শ্বিক জগতখনক, প্ৰাকৃতিক জনা। কিন্তু আজিৰ ব্যস্ত পিতৃ-মাতৃৰ শিশুৰ এনেবোৰ প্ৰয়োজনীয়তাৰ প্ৰতি চিন্তা কৰাৰ সময় নাই। বহু মাতৃ ঘৰত থাকিলেও তেওঁলোক থাকে বাৰটা লেঠা সামৰাত ব্যস্ত। তেতিয়া আমনি কৰি থকা শিশুটিক মাকেই হয়তো বহুৱাই দিয়ে টিভি চাবলৈ। এনেকৈয়ে শিশুৰ টিভি চোৱাৰ প্ৰতি আকৰ্ষণ বাঢ়ি গৈ থাকে। ইয়াকেই বোলে টিভি এডিকচন।

অতিৰিক্ত টিভি চোৱাৰ পৰা কি কি সমস্যা উদ্ভৱ হ’ব পাৰে -

*কিছুমান শিশুৰ কথা কোৱা পলম হ’ব পাৰে। মনৰ ভাব প্ৰকাশ হ’ব পাৰে। কিয়নো এই শিশুসকলে শুনেহে(টিভিৰ যোগেদি)। পৰস্পৰৰ মাজত কথাৰ আদান-প্ৰদান নহয়। হ’লেও খুব কম হয়।

*এইটো সঁচা কথা- যিসকলে খুব বেছি টিভি চায় তেওঁলোকৰ পঢ়াৰ প্ৰতি আগ্ৰহ কমি যায়।

*বাহিৰৰ পৃথিৱী, খেলা-ধূলা ইত্যাদিৰ পৰা শিশুক আঁতৰাই আনি কোঠাৰ ভিতৰত টিভিৰ সন্মুখত বেছি পৰ বহুৱাই ৰখা শিশুহঁত হৈ পৰে আলস, পৰিশ্ৰম বিমুখ তাৰ লগে লগে বাঢ়ে শৰীৰৰ ওজন। এই সকলোবোৰেই এটি শিশুৰ বিকাশৰ বাবে বাধাস্বৰূপ। আটাইতকৈ ডাঙৰৰ কথা টিভি এডিকটেড হৈ পৰা এটি শিশুক টিভি চাবলৈ বাৰণ কৰিলে সেই শিশু হৈ পৰে খঙাল, খিংখিঙিয়া। হৈ পৰে পিতৃ-মাতৃৰ অবাধ্য।

*টিভিত দেখুওৱা জাংক ফুড, অৰ্থহীন বিলাসী সামগ্ৰী বিজ্ঞাপনে শিশুৰ লোভ বঢ়ায়।

*খোৱা-বোৱা কৰাৰ সময়ত যদি টিভিটো চলাই ৰখা হয়, তেতিয়া পৰিয়ালৰ সদস্যসকলৰ মাজত পাৰস্পৰিক আদান-প্ৰদান কমি যায়। সন্তানৰ সৈতে পিতৃ-মাতৃৰ সংযোগত বাধা পৰে। শিশুহঁত হৈ পৰে একাকী, অথচ খোৱা-বোৱা কৰাৰ সময়তে নানা কথা-বতৰাৰে সকলোৱে হৈ উঠিব লাগে এটি সুখী পৰিয়ালৰ সদস্য। খোৱা টেবুলতো শিশুৱে শিকিব পাৰে ন ন কথা।

*বহু মাতৃয়ে টিভিৰ দৃশ্য দেখুৱাই শিশুক খুৱায়। যাতে শিশুটিয়ে অন্যমনস্ক হৈ বেছি খায়। এনেকৈয়ো বাঢ়ে শিশুৰ টিভিৰ এডিকচন আৰু শিশুৰ খোৱাও হজম নহয়। পাছত টিভি নোচোৱাকৈ কণমানিটোৱে নুশুৱাও হ’ব পাৰে।

লেখিকা: নিৰুপমা বৰা(অসম বাণী)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top