মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / টেলিভিছনৰ পৰা স্মাৰ্ট ফোনলৈ নৱ-প্ৰজন্মৰ স্বাস্থ্য সমস্যাৰ কাৰক আৰু বাহক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

টেলিভিছনৰ পৰা স্মাৰ্ট ফোনলৈ নৱ-প্ৰজন্মৰ স্বাস্থ্য সমস্যাৰ কাৰক আৰু বাহক :

টেলিভিছনৰ পৰা স্মাৰ্ট ফোনলৈ নৱ-প্ৰজন্মৰ স্বাস্থ্য সমস্যাৰ কাৰক আৰু বাহকৰ বিষয়ে লিখা হৈছে ।

 

সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে শিশু আৰু কিশোৰৰ দ্বাৰা সংঘটিত অপৰাধজনিত ঘটনা আৰু এই কথা বিবৃত হৈছে স্বয়ং উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ দৰে গুৰুত্বপুৰ্ণ পদবীত থকা ব্যক্তিৰ দ্বাৰাই। যোৱা বছৰ গুৱাহাটীত অনুষ্ঠিত ‘জুভেনাইল জাষ্টিচ ( কেয়াৰ এণ্ড প্ৰটেকচন অৱ চিলড্ৰেন) এক্ট ২০১৫, উইথ স্পেচিয়েল ফোকাছ অন চিলড্ৰেন ইন কনফ্লিক্ট উইথ ল’ শীৰ্ষক ৰাজ্যিক পৰ্যায়ৰ আলোচনা-চক্ৰখনত উপস্থিত থাকি নিষ্পত্তি নোহোৱাকৈ থকা ৩৭ শতাংশ জুভেনাইল জাষ্টিচ ব’ৰ্ডৰ গোচৰ সম্পৰ্কত মন্তব্য কৰোঁতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ অজিত সিঙে কৈছিল যে ‘শিশুৰ অপৰাধ প্ৰৱণতা বৃদ্ধি পোৱাটো চিন্তনীয় বিষয়’। একেই অনুষ্ঠানতে দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ মদন বি লুকুৰে কয় যে ‘দেশত শিশুৰ অপৰাধজনিত ঘটনা বৃদ্ধি পাইছে আৰু শিশুৰ অপৰাধ প্ৰৱণতা ৰোধ কৰাত সজাগতাৰ প্ৰয়োজনীয়তা আছে’। দেশৰ ন্যায়পালিকাৰ দায়িত্ববাহীসকলেই আচলতে দেশখনৰ আইন আৰু অপৰাধৰ মাত্ৰা আৰু ধৰণ- কৰণ সম্পৰ্কে অধিক জানিবলৈ সুযোগ পাব, যিহেতু সকলো সময়তে নিচা আৰু পেছা দুয়োটা দিশৰ পৰা, তেওঁলোক এইবোৰ বিষয়তে জড়িত হৈ থাকে। শেহতীয়াকৈ ড্ৰাগছ জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ বৰ্ধিত প্ৰতিচ্ছবি এখনো বাতৰিকাকতৰ পাতত প্ৰকাশ পাই আহিছে।

সামগ্ৰিকভাৱে বিচাৰ কৰিলে ক্ৰমবৰ্ধমান অপৰাধজনিত ঘটনাৰ পশচাদপটত বহুবোৰ কাৰক থাকিব পাৰে আৰু এনে কাৰকবোৰৰ কোনোটোৱেই হয়তো উলাই কৰিব পৰা বিধৰ নহয়। সমাজবিজ্ঞানী আৰু শিশু বিকাশ বিজ্ঞানৰ (Science of Child Development) বিচাৰত চৰ্চালৈ অহিছে যে টেলিভিছন, কম্পিউটাৰ, ভিডিঅ’ গেম, ছ’চিয়েল নেটৱৰ্কিঙৰ বিভিন্ন মাধ্যম আদিৰ দৰে কাৰকবোৰো শিশু, কিশোৰ আৰু যুৱক-যুৱতীৰ শাৰীৰিক-মানসিক বিকাৰৰ অন্যতম উপাদান হৈ পৰিছে- যাৰ বাবে ক্ৰমাগতভাৱে বৃদ্ধি পাব ধৰিছে অনুজ আৰু অপেক্ষাকৃতভাৱে কম বয়সীয়াসকলৰ মাজত অপৰাধ প্ৰৱণতাৰ ঘটনা।

টেলিভিছনৰ অপব্যৱহাৰ:

টেলিভিছন হ’ল আধুনিক মধ্যবিত্ত পৰিয়ালৰ এক এৰাব নোৱাৰা সহজলভ্য আমোদৰ আহিলা। টেলিভিছন এটা সংগ্ৰহ কৰাটো বৰ্তমান মধ্যবিত্ত পৰিয়ালৰ বাবে এক প্ৰয়োজনীয় অপকৰ্ম (necessaryevil) ৰ নিচিনাই হৈছেগৈ: এইটো নহ’লেও দেশ-বিদেশৰ খা-খবৰ, তথ্যপাতিৰ পৰা বঞ্চিত হ’ব লগা হোৱাৰ লগতে আজৰি সময় অতিবাহিত কৰিবলৈ অসুবিধাৰ সৃষ্টি হয়, অন্যহাতে ইয়াক আনি বৈঠকখানা শুৱনি কৰাৰ পাছতো বহু সময়ত ই ঘৰখনৰ সমস্যাৰ উৎস হয়গৈ। বিশেষকৈ শিশু আৰু কৈশোৰ অৱস্থাৰ ল’ৰা-ছোৱালী থকা পৰিয়ালৰ বাবে টেলিভিছনে কেতিয়াবা গুৰুত্বপুৰ্ণ সমস্যাৰ সৃষ্টি কৰে।

অকলশৰীয়াকৈ থকাসকলৰ বাবে অথবা নি:সংগতা ভালপোৱাসকলৰ বহুতৰ বাবে টেলিভিছন এটা ভাল সংগী: কোঠাত সোমায়েই ছুইচটো অন কৰি এই সংগীৰ সংগসুখ ল’ব পাৰি। জীৱন্ত সংগীৰ লগত মুখখন চলাই থাকিব লগা হোৱাৰ সমস্যাও টেলিভিছনটোৰ লগত নাথাকে। মুখ বন্ধ কৰি উপভোগ কৰিব পৰা এই সবাক সংগ অৱসৰ-বিনোদনৰ বাবেও এক গুৰুত্বপুৰ্ণ আহিলা। দিনজোৰা পৰিশ্ৰম, চিন্তা অথবা মানসিক চাপৰ অন্তত মন আৰু মগজু বন্ধ কৰি টিভিৰ পৰ্দাখন খুলি দিলেই অৱসাদ দুৰ হৈ পৰে। মাজে মাজে কমাৰ্চিয়েল ব্ৰেকসহ টেলিভিছনৰ কাৰ্যসুচীসমুহ এনেকৈ সজাই তোলা হয় যে নিৰৱচ্ছিন্নভাৱে মন আৰু চকুও কামত লগাই থাকিব লগা নহয়। দুষ্ট, অবাধ্য শিশু নিয়ন্ত্ৰণৰ বাবেও টেলিভিছন এটা ব্যৱহাৰযোগ্য মাধ্যম হিচাপে বহু অভিভাৱকে ব্যৱহাৰ কৰে। মাক-বাপেকৰ শান্তিত থাকিবলৈ নিদিয়া অথবা কোনো কাম কৰিবলৈ সুযোগ নিদিয়া শিশুটোক কাৰ্টুনৰ ধাৰাবাহিক বা হিন্দী ছিৰিয়েল এখন লগাই সহজেই বহুৱাই

ৰাখিব পাৰি আৰু সেই সময়ত অভিভাৱকে নিজৰ যাৱতীয় কামখিনি সম্পন্ন কৰি ল’ব পাৰে

টেলিভিছনৰ প্ৰৱঞ্চনা আৰু প্ৰলোভন:

যিমানেই যি ভাল ভুমিকা নাথাকক , সমগ্ৰ পৃথিৱীজুৰি চলা টেলিভিছনৰ ‘নিক নেম’টো হ’ল ‘ইডিয়ট বক্স’ বা ‘মূৰ্খৰ বাকচ’। ফটোৱে মিছ কথা নকয় বুলি থকা আপ্তবাক্যশাৰীও বিভিন্ন প্ৰযুক্তি-কৌশলৰ কেমেৰা আৰু আধুনিক টেলিভিছন চেনেলসমুহৰ মাজৰ প্ৰতিযোগিতাত নস্যাৎ হৈ পৰিছে। মনোৰঞ্জনমুলক কাৰ্যসুচীৰ কথা বাদেই, তথ্য আৰু বা-বাতৰি সম্পৰ্কীয় কাৰ্যসুচীসমুহৰ ক্ষেত্ৰতো টেলিভিছনৰ বিশ্বাসযোগ্যতা আশাতীতভাৱে কমি আহিছে। হয়তো এইবুলি ক’লেও অত্যুক্তি কৰা নহ’ব যে টেলিভিছনৰ সৰহভাগ কাৰ্যসুচীয়েই মুলত: প্ৰৱঞ্চনামুলক (Insidious) আৰু প্ৰলোভনজনক (Seductive) । যদিও টেলিভিছনত বহুবোৰ শিক্ষাপ্ৰদায়ক কাৰ্যসুচী থাকে, তথাপি সৰহসংখ্যক শিশু আৰু বয়স্ক লোকেই টেলিভিছনৰ মনোৰঞ্জনমুলক চেনেলসমুহৰ প্ৰতিহে অধিক আকৰ্ষিত হোৱা দেখা যায়। বয়স্কসকলে যদিও টেলিভিছনৰ কাৰ্যসুচীৰ পৰা কল্পনা আৰু বাস্তৱৰ মাজৰ পাৰ্থক্যসমুহ বাছি উলিয়াব পাৰে, শিশু আৰু কিশোৰসকলৰ বাবে সেয়া কৰাটো সম্ভৱ নহয়। বহু সময়ত টেলিভিছনৰ চৰিত্ৰসমুহ অতিৰঞ্জিত ৰুপত উপস্থাপন কৰা হয়, যাৰ ফলত শিশুৱে দৈনন্দিন জীৱনতো মানুহৰ চৰিত্ৰবোৰ আৰু কাম-কাজসমুহত টেলিভছনৰ প্ৰতিচ্ছবি আশা কৰি হতাশাত ভোগে। আজিকালি আকৌ টেলিভিছনত জ্যোতিষ শাস্ত্ৰ, অশৰীৰী আত্মাৰ কাহিনীও সঘনাই প্ৰচাৰ হয় আৰু উপস্থাপনো এনে ধৰণেৰে কৰা হয় যে গভীৰ চিন্তাৰে বিবেচনা নকৰাসকলৰ বহুতেই এইবোৰ আখৰে আখৰে সত্য বুলি ধৰে। প্ৰৱঞ্চনা আৰু প্ৰলোভনৰ এনে কাহিনী আৰু চিত্ৰৰেই পুৰ্ণ হৈ থাকে দিনে-ৰাতি শতাধিক চেনেল।

টেলিভিছন আৰু শিশু:

কেইছাৰ ফেমিলী ফাউণ্ডেচন (Kaiser Family Foundation) নামৰ এটা আন্ত:ৰাষ্ট্ৰীয় সংস্থাই চলোৱা এক সমীক্ষাৰ অন্তত মত প্ৰকাশ কৰিছে যে ৬ বছৰ বয়সৰ তলৰ পৃথিৱীৰ ৩ ভাগৰ ২ ভাগ শিশুৱে দৈনিক গড় হিচাপে দুঘণ্টাকৈ টেলিভিছন চায় আৰু ৮ ৰ পৰা ১৮ বছৰৰ শিশুৰ মাজত এই প্ৰৱণতা হয়গৈ দৈনিক ৪ ঘণ্টা। ৮ ৰ পৰা ১৮ বছৰৰ শিশু-কিশোৰসকলে অতিৰিক্ত ২ ঘণ্টা ব্যয় কৰে কম্পিউটাৰত মনোৰঞ্জন আৰু ভিডিঅ’ গেমৰ বাবে।এনেধৰণৰ সমীক্ষাটোত ফাউণ্ডেচন এইবুলিও মত প্ৰকাশ কৰিছে যে টেলিভিছনৰ ভয় লগা দৃশ্যবোৰে শিশুক খঙাল কৰি তোলে আৰু এনে শিশুৱে তেওঁলোকৰ জীৱনত বেয়া কিবা এটা ঘটিব বুলি সকলো সময়তে কম-বেছি পৰিমাণে সুপ্ত উদ্বিগ্নতাত ভোগে।

ভাৰততো এনেধৰণৰ কিছু সমীক্ষাত্মক আলোচনা নোহোৱাকৈ থকা নাই। ‘এছ’চিয়েটেড চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰী অৱ ইণ্ডিয়াৰ ছ’চিয়েল ডেভেলপমেণ্ট ফাউণ্ডেচনৰ অধীনত শেহতীয়াকৈ চলোৱা এটা সমীক্ষাত ভালেমান তথ্য পোহৰলৈ আহিছে। দিল্লী, মুম্বাই, গোৱা, কোচিন, চেন্নাই, হাইদৰাবাদ, ইণ্ডোৰ, পাটনা, পুণে, চণ্ডীগড় আৰু ডেৰাডুনত শেহতীয়াকৈ উক্ত সংস্থাৰ তৰফৰ পৰা বহু হাজাৰ শিশু আৰু তেওঁলোকৰ অভিভাৱকৰ মাজত সমীক্ষা চলোৱা হৈছিল। দুৰদৰ্শনে এই শিশুবোৰৰ মাজত কি ধৰণে প্ৰভাৱ পেলাইছে আৰু সপ্তাহটোৰ কিমান সময় দুৰদৰ্শনৰ অনুষ্ঠান উপভোগ কৰাৰ নামত শিশুটোৱে অতিবাহিত কৰে সেই সম্পেৰ্কীয় তথ্যবোৰ এই সমীক্ষাত পোহৰলৈ আহিছে।

এই সমীক্ষাইস্সামৰি লোৱা অভিভাৱকৰ অধিকসংখ্যকে দুৰদৰ্শন উপভোগ কৰাৰ ফলত তেওঁলোকৰ শিশুসকলৰ মাজত ভালেমান কু-প্ৰভাৱ পৰা বুলি মন্তব্য কৰিছে। সমীক্ষাটোত প্ৰকাশ পোৱা মতে প্ৰায় ৯০ শতাংশ অভিভাৱকে মন্তব্য কৰিছে যে ঘাইকৈ সন্ধিয়া ৭ ৰ পৰা ১০ বজাৰ ভিতৰত পৰিৱেশন কৰা অনুষ্ঠানবোৰে শিশুসকলক আপত্তিজনক ভাব- ভাষা আয়ত্ত কৰাত ইন্ধন যোগাইছে। প্ৰায় ৭৬ শতাংশ অভিভাৱকৰ মতে দুৰদৰ্শনৰ কিছুমান অনুষ্ঠান উপভোগ কৰাৰ ফলত শিশুসকলে জ্যেষ্ঠজনক সন্মান জনাবলৈ আগবাঢ়ি নহা হৈছে। দুৰদৰ্শনৰ লোভনীয় বিজ্ঞাপন চাই প্ৰায়বোৰ শিশুৱেই স্বাস্থ্যৰ পক্ষে অত্যন্ত ক্ষতিকাৰক ফাষ্টফুড আৰু ক’লড ড্ৰিকছ আদিৰ প্ৰতি অধিক আকৃষ্ট হৈছে (সম্পাদকীয় আমাৰ অসম , ২৬ নৱেম্বৰ ২০১০)। উল্লিখিত সমীক্ষাটোতে দৃষ্টিগোচৰলৈ আহিছে যে ৬ বছৰৰ পৰা ১৭ বছৰ বয়সৰ শিশুসকলে সপ্তাহত ৩৫ ঘণ্টাতকৈ অধিক সময় দুৰদৰ্শন উপভোগ কৰে আৰু ৪২ শতাংশ শিশুৰ শয়ন কক্ষতে দুৰদৰ্শন সুবিধা আছে। উল্লিখিত সংস্থাটোৰ সাধাৰণ সম্পাদক ডি এছ ৰাৱতে দুৰদৰ্শনত হিংসাশ্ৰয়ী, আক্ৰমণাত্মক আৰু ক্ষতিকাৰক অনুষ্ঠান পৰিৱেশনৰ ক্ষেত্ৰত চৰকাৰে বাধা আৰোপ কৰাত সক্ৰিয় ভুমিকা ল’ব লাগে বুলিও মত প্ৰকাশ কৰিছে।

দুৰদৰ্শন আৰু শিশুৰ স্বাস্থ্যজনিত সমস্যা:

সমীক্ষাৰ পৰা দেখা গৈছে যে শতকৰা ৯ জন ল’ৰা আৰু ২ জনী ছোৱালীয়ে তেনেই কম বয়সতে ধ্বংসকামী আচৰণ দেখুৱায়। আধুনিক মধ্যবিত্ত পৰিয়ালবিলাকত যিহেতু এটা বা দুয়োটা সন্তানহে জন্ম হয় আৰু ইটোৰ পৰা সিটোৰ জন্মৰ ব্যৱধান কেইবা বছৰো হয়গৈ, ,সেয়েহে সমুহীয়াকৈ খেলা-ধুলা কৰাৰো সিহঁতৰ সুবিধা নাথাকে। চুবুৰীয়া পৰিয়ালবিলাকৰ মাজতো আজিকালি মুকলি মিলা-মিচা নোহোৱা হৈছে আৰু ফলস্বৰুপে চুবুৰীয়া শিশুখিনি লগ লাগি একেলগে খেলা- ধুলা কৰাৰ প্ৰক্ৰিয়া নাইকিয়া হৈছে। এনে অৱস্থাত শিশুটোৱে সংগী হিচাপে বাছি লয় ঘৰৰ আমোদৰ আহিলা টেলিভিছনটো । ৰিম’ট নিয়ন্ত্ৰকৰ সহায়ত সি ঘনাই চেনেল সলাই থাকিবলৈ বিচাৰে। এনেকৈ চেনেল সলাই থাকোঁতে তাৰ মাজেৰে কোনো এটা কাৰ্যসুচীয়ে হয়তো তাৰ মনটো আকৰ্ষণ কৰে আৰু তাকেই মনপুতি চাবলৈ লয়। বেছিভাগ ক্ষেত্ৰতে দেখা যায় যে শিশুবোৰে সাধাৰণতে ছেক্স, ভায়ালেন্স, মাৰপিট, খুন আদিৰ দৃশ্য চাই ভাল পায়। আমাৰ দৈনন্দিন জীৱনৰ কোনো ঘটনাৰ লগত যদি টেলিভিছনৰ পৰ্দাৰ ঘটনাৱলী সহজেই মিলি যায় তেতিয়া শিশুৰ কোমল মনত এই দৃশ্য বা ঘটনাটোৱে বিশেষ ধৰণেৰে ৰেখাপাত কৰে আৰু এনেকৈয়ে শিশুটো মানসিক ৰোগৰ চিকাৰ হয়গৈ।

টেলিভিছনৰ দৃশ্য কেৱল তাৰ পৰ্দাৰ ওপৰতেই প্ৰতিফলিত নহয়, গৱেষণাত এই তথ্যও প্ৰকাশিত হৈছে যে দৰ্শকৰ স্নায়ুতন্ত্ৰৰ ওপৰতো ইয়াৰ প্ৰভাৱ পৰে। ছোফাত বহি বা বিছনাত শুই থাকিয়েই চেনেল বদলি কৰি বিভিন্ন কাৰ্যসুচী উপভোগ কৰিবলৈ দৰ্শকে যত্ন কৰে। কেতিয়াবা পোহৰ কমায়, ৰংঙ কম বেছি কৰে অথবা বন্ধও কৰে বিছনাৰ পৰাই। এই সুবিধা এনে সহজসাধ্য হৈ উঠিছে যে মন দি এটা অনুষ্ঠান চোৱাৰ পুৰাপুৰি ধৈৰ্য নাইকিয়া হৈ আহিছে। ফলস্বৰুপে ইন্দ্ৰিয়ৰ পৰা মস্তিষ্কলৈ যিবোৰ স্নায়ুৱে অনুভুতি কঢ়িয়াই নিয়ে, সেই স্নায়ুবিলাকে ভালদৰে কাম কৰিব নোৱাৰা হয়। সঘনাই বাধা পালে আৰু প্ৰতিদিনেই তাৰ পুনৰাবৃত্তি ঘটিলে মুল স্নায়ু ব্যৱস্থাৰ গতি-প্ৰকৃতিও অস্বাভাৱিক হ’বলৈ আৰম্ভ কৰে। কোনো নিৰ্দিষ্ট অনুষ্ঠানত দীৰ্ঘ সময় ধৰি মনোযোগ দিব পৰাৰ প্ৰৱণতা ক্ৰমে ক্ৰমে নি:শেষ হৈ আহে। বৰ্তমানৰ প্ৰজন্ম প্ৰায় লাহে লাহে এনেধৰণৰ স্নায়ুবিলাকৰ বলি হৈ পৰিছে।

শিশুৰ ক্ষেত্ৰত দুই ধৰণৰ ব্যৱহাৰৰ আচৰণৰ অস্বাভাৱিকতা (Conduct disorder) দেখা যায় :

এটা হ’ল একক ধৰণৰ আৰু আনটো হ’ল দলীয়। আচৰণৰ অস্বাভাৱিকতাৰ মুল লক্ষণ হ’ল শাৰীৰিকভাৱে আক্ৰমণাত্মক মনোভাব। নিজৰ দোষ আনৰ গাত জাপি দিয়া, সম-বয়সীয়াসকলৰ প্ৰতি হিংস্ৰ আচৰণ, কম বয়সতে যৌন সম্পৰ্কৰ প্ৰতি ধাৱিত হোৱা হ’ল এনেধৰণৰ ৰোগৰ লক্ষণ। ধাৰাবাহিক অন্যান্য কাৰকৰ লগতে ইয়াত যোগ হৈছে দুৰদৰ্শনৰ প্ৰতি গঢ় লৈ উঠা আসক্তি।

অত্যধিক ওজন বৃদ্ধি, মেদবহুলতা, আদবয়সত ডায়েবিটিছ, আগতীয়া ৰক্তচাপ বৃদ্ধি, হৃদযন্ত্ৰৰ চকুৰ দৃষ্টিশক্তিৰ তাৰতম্য ঘটা, আলস্য মনোভাব, চাপজনিত অমনোযোগিতা আদি কেতবোৰ শাৰীৰিক সমস্যা বহুবোৰ শিশুৰ ক্ষেত্ৰত লক্ষ্য কৰা যায় আৰু এনেবোৰ উপসৰ্গও ত্বৰান্বিত হোৱাৰ মুলতে আছে টেলিভিছন আসক্তি।

টেলিভিছনত আসক্ত হৈ পৰা শিশুৰ বাবে অনিয়মীয়া খাদ্য গ্ৰহণ আৰু একাডেমিক গৃহকৰ্মৰ প্ৰতি অমোনোযোগিতা এটা সাধাৰণ লক্ষণ। এনে শিশুৱে নিজৰ দৈনন্দিন কাম, খেলা আৰু পঢ়াৰ কাৰ্যসুচীখন টেলিভিছনৰ কাৰ্যসুচীৰ আধাৰত তৈয়াৰ কৰে, অৰ্থাৎ টেলিভিছন তাৰ বাবে হৈ পৰে মুখ্য খেলা ধুলা বা পঢ়া-শুনা হৈ পৰে। কোৱা বাহুল্য মাথোন, এনে শিশুৰ সামাজিকীকৰণ (Socialization) আৰু সৃষ্টিশীলতাৰ (Creativity) প্ৰতিবন্ধক হিচাপে টেলিভিছনৰ ভুমিকা হৈ পৰে প্ৰত্যক্ষ।

অভিভাৱকৰ সচেতনতা:

শিশু আৰু কিশোৰৰ ক্ষেত্ৰত আসক্তি আৰু আচৰণগত সমস্যাৰ আৱিৰ্ভাৱ যিমান ত্বৰান্বিতভাৱে ঘটে, তাৰ নিৰাময়ৰ উপায় কিন্তু হৈ পৰে সিমানেই দীঘলীয়া। চিন্তা, পদ্ধতি আৰু কৌশলৰ সু-সমন্বিত প্ৰয়োগৰ দ্বাৰাহে এনেধৰণৰ সমস্যা অতিক্ৰম কৰাটো সম্ভৱ। খং আৰু উত্তেজনাৰ বশৱৰ্তী হৈ বহু অভিভাৱকে হঠাতে টেলিভিছনটো বন্ধ কৰি দিয়ে, চেনেলবোৰ কাটি দিয়ে অথবা পেৰেণ্টেল লক ব্যৱহাৰ কৰি কোনো কোনো চেনেল খুলিব নোৱাৰা কৰি পেলায়। বহুতে আকৌ প্ৰয়োগ কৰে দৈহিক শাস্তি। বহুতে আকৌ প্ৰয়োগ কৰে দৈহিক শক্তি। এইবোৰ ব্যৱস্থাৰে টেলিভিছন চোৱা বন্ধ কৰিব পৰা যাব, কিন্তু মানসিক পৰিৱৰ্তন সাধিব পৰা নাযাব, বৰ্ং এনেধৰণৰ ব্যৱস্থাই সিহঁতক অধিক জেদী আৰু বিদ্ৰোহী কৰিহে তোলাৰ সম্ভাৱনা থাকিব।

দ্বিতীয়তে, দুৰদৰ্শনৰ কাৰ্যসুচী চোৱা মানেই বেয়া- এই ধাৰণাটোও শুদ্ধ নহয়। অৱসৰ-বিনোদনৰ বহুবোৰ ব্যৱস্থাৰ মাজত এইটোও এটা অন্যতম ব্যৱস্থা- এই কথাটোও মনত ৰাখিব লাগিব। দুৰদৰ্শনত বহুবোৰ প্ৰজ্ঞাত্মক কাৰ্যসুচীও আছে। এইবোৰে শিশুৰ প্ৰতিভা বিকাশ আৰু সৃষ্টিশীলতাত সু-প্ৰভাৱহে পেলায়, কিন্তু এইবুলি ভাবিলেও ভুল হ’ব যে শিশুৱে কেৱল এইবোৰ কাৰ্যসুচীহে চাব লাগিব বা চোৱা উচিত। মনোৰঞ্জনধৰ্মী কাৰ্যসুচীহে আচলতে আজৰি আৰু অৱসৰৰ সময়ৰ আচল সংগী।

কৌশল আৰু চিন্তাৰে শিশুৰ টেলিভিছনৰ সময়সুচী অভিভাৱকে নিৰ্ধাৰণ কৰিব লাগে আৰু এনে কৰোতে লক্ষ্য কৰিব লাগে যাতে মনোৰঞ্জন আৰু প্ৰজ্ঞাত্মক দুয়োধৰণৰ কাৰ্যসুচীয়েই এই সুচীৰ অন্তৰ্ভুক্ত হয়। কোনো কাৰণতে শিশুৰ খোৱা আৰু শোৱাৰ সময় টেলিভিছনে ব্যাঘাত কৰিবলৈ দিব নালাগে। শিশুৱে কি চাব সেইটো নিৰ্ধাৰণ কৰাৰ লগতে শিশুৰ লগত বহি একেলগে অভিভাৱকেও টেলিভিছন চোৱাৰ অভ্যাস কৰিব লাগে। দেখা যায় যে বহুবোৰ মনোৰঞ্জন কাৰ্যসুচীও বহু সময়ত শিশুৱে ভালকৈ বুজি নাপায় অথবা ভুলকৈ বুজে। এনে ক্ষেত্ৰত অভিভাৱকৰ ভুমিকা হ’ল প্ৰকৃত সত্যটো শিশুক অৱগত কৰা। বহু সময়ত শিশুৱে দৰ্শন কৰা কাৰ্যসুচীৰ বিষয়ে অভিভাৱকে প্ৰশ্ন কৰাৰ আৰু কাৰ্যসুচীৰ লগত জড়িত আনুষংগিক তথা সম্পৰ্কে উৎস নিৰ্দেশনাৰো প্ৰয়োজন হয়। এনে ব্যৱস্থাৰ জৰিয়তে একোটা মনোৰঞ্জন কাৰ্যসুচীও প্ৰজ্ঞাত্মক কাৰ্যসুচীলৈ প্ৰসাৰিত কৰিব পাৰি।

ৰুপকথা, মহাকাব্যিক কাহিনী, ঐতিহ্য সম্বলিত কাৰ্যসুচী, প্ৰকৃতি আৰু প্ৰাকৃতিক পৰিঘটনামুলক কাৰ্যক্ৰম আদিয়ে শিশুৰ বিকাশ আৰু চিন্তাত সু-প্ৰভাৱ পেলাব পাৰে, কিন্তু দুৰ্ভাগ্যজনকভাৱে এনে কাৰ্যসুচী টেলিভিছনৰ পৰ্দাত বেছিকৈ প্ৰ্তিফলিত নহয়। ভাৰতীয় দুৰদৰ্শনৰ অধিকসংখ্যক কাৰ্যসুচীতে ভাৰতীয় বিশাল সভ্যতা, সংস্কৃতি, ইতিহাস, ঐতিহ্যৰ পৰা আৰম্ভ কৰি মানৱীয় প্ৰমুল্যসমুহক আধাৰ কৰি তৈয়াৰ কৰা কাৰ্যসুচী তেনেই সীমিত। চানাচুৰ, চিপচ, চকলেট, জালুমুড়ী খাই যেনেকৈ ভোকৰ পৰা সাময়িক সকাহ পাব পাৰিলেও স্বাস্থ্যৰক্ষা কৰিব নোৱাৰি , মনোৰঞ্জনৰ বাবে তৈয়াৰ কৰা মুল্যবোধহীন দুৰদৰ্শনৰ কাৰ্যসুচীসমুহেও সুস্থ মানসিক বিকাশত কোনো অৰিহণা যোগাব নোৱাৰে, বৰং ই আমাক মানসিকভাৱে পংগু কৰিহে তুলিব। ৰাষ্ট্ৰয়ো এই দিশটোৰ প্ৰতি সক্ৰিয় দৃষ্টি নিক্ষেপ কৰিব লাগে আৰু জনমতেও বিষয়টো চৰকাৰৰ দৃষ্টি আকৰ্ষিত হোৱাকৈ তুলি ধৰিব লাগে।

আধুনিক যোগাযোগ মাধ্যম আৰু জীৱনৰ সমীক্ষা:

‘জীৱন ইনচিয়েটিৱ’ (Jiwan Initiative) নামৰ এটা স্বেচ্ছাসেৱী সংস্থাই চিন্তাবিদ আৰু সমাজকৰ্মী ড. কৰবী মহন্তৰ নিৰীক্ষণত গুৱাহাটী বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়সমুহত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অলপতে চলোৱা এটা সমীক্ষাত দৃষ্টিগোচৰলৈ আহিছে যে আধুনিক সময়ৰ কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীসকলে দৈনন্দিন এক বুজন পৰিমাণৰ সময় ব্যয় কৰে ফেচবুক, ৱাটচ আপ আদিৰ দৰে ছ’চিয়েল নেটৱৰ্কিং ছাইটৰ নিৰীক্ষণ আৰু যোগাযোগত। জীৱনৰ সমন্বয়ক আৰেউ স্বেচ্ছাসেৱকসকলে পৰিসংখ্যা-বিজ্ঞানৰ সুত্ৰ সাপেক্ষে ১,৫৭৩ টা যাদৃচ্ছিক নমুনা লৈ কৰা সমীক্ষাত পোহৰলৈ আহিছে যে গুৱাহাটী মহানগৰীত বাস কৰা ৫২ শতাংশ যুৱতী আৰু ৩৮ শতাংশ যুৱকে পুৱা শুই উঠিয়েই এই মাধ্যমসমুহত ব্যস্ত হৈ পৰে। এই ছচিয়েল নেটৱৰ্কিং ছাইট ব্যৱহাৰীসকলৰ ভিতৰত ১০ শতাংশ যুৱতী আৰু ১৮ শতাংশ যুৱক শ্ৰেণী চলি থকা অৱস্থাত এই ছাইটসমুহত ব্যস্ত থাকে। এই সমীক্ষাত কোৱা হৈছে যে স্বাস্থ্যৰ বাবে হানিকাৰক অথচ সহজলভ্য মাদক দ্ৰব্য দহ শতাংশ যুৱতীয়ে ব্যৱহাৰ কৰে। যুৱকৰ ক্ষেত্ৰত প্ৰায় ৫০ শতাংশই এই দ্ৰব্য ব্যৱহাৰ কৰে। ব্যৱহাৰকাৰী বা সেৱনকাৰীসকলৰ ৪১ শতাংশই মাহে ১,০০০ টকা পৰ্যন্ত, ৪ শতাংশই ,৩,০০০ টকা পৰ্যন্ত আৰু ৫ শতাংশই ততোধিক ধন এই দ্ৰব্যসমুহ ক্ৰয় কৰাৰ নামত খৰচ কৰে। এই সমীক্ষা এক সীমিত পৰিসৰৰ অধ্যয়ন হ’লেও ই সমাজৰ এক উদ্বেগজনক স্থিতিৰ প্ৰতিচ্ছবি দিয়ে।

ছ’চিয়েল নেটৱৰ্কিং মাধ্যমসমুহৰ জৰিয়তে কিছু কিছু গুৰুত্বপুৰ্ণ যোগাত্মক কাম নোহোৱাকৈ থকা নাই যদিও অধিকাংশ সময়তে এই মাধ্যমসমুহ সস্তীয়া বিনোদন, মনোৰঞ্জন আৰু স্থুল আড্ডাৰ থলীহে হৈ পৰিছেগৈ। যিকোনো বিষয়ত উপৰুৱা মন্তব্য আৰু নিজৰ মতৰ লগত নিমিলা বিষয়ত বিদ্ৰূপাত্মক বক্তব্য এনে মাধ্যমত সততে উপলব্ধ হোৱা দেখা যায়। সময়, শক্তি আৰু পইচা খৰচ কৰি যিসমুহ কিশোৰ-কিশোৰী আৰু যুৱক-যুৱতীয়ে এনে প্ৰক্ৰিয়াত জড়িত হৈ থাকি জ্ঞান, বিশ্লেষণ আৰু তথ্য আহৰণৰ সময়খিনি অপব্যয় কৰিছে তেওঁলোকৰ পৰা নিজৰ, পৰিয়ালৰ তথা সমাজৰ ভৱিষ্যৎ কিমানখিনি আশা কৰিব পাৰি, সেয়া সহজেই অনুমেয়। এইবোৰ বিষয়ত সজাগতা আৰু অনুশাসনমুলক নিৰীক্ষণৰ প্ৰাসংগিকতা স্বাভাৱিকতেই বাঢ়ি আহিছে। আমাৰ দৰে অনগ্ৰসৰ দেশলৈ শেহতীয়াকৈ অহা এনে মাধ্যমসমুহৰ পৰা অহা সমস্যাটো হৈছে এই যে সমাজৰ অগ্ৰজসকলৰ সৰহভাগেই এইবোৰৰ বিষয়ে বিশেষভাৱে অৱগত নহয় আৰু সেই কাৰণেই তেওঁলোক সজাগ হোৱাৰো সুযোগ নাই। জেনেৰেচন গেপৰ সমস্যা আৰু অগ্ৰজসকলৰ চেতনাত থকা অনুসন্ধিৎসাহীনতাই নতুন প্ৰজন্মক এনেবোৰ ব্যৱস্থাৰ অপব্যৱহাৰত অধিক সহায় কৰিছে।

আচলতে এই মাধ্যমবোৰেও যুৱ আৰু কিশোৰসকলৰ মাজত আসক্তিৰ সৃষ্টি কৰে, ঠিক যেনেকৈ টেলিভিছন, ভিডিঅ’ গেমছ আদিয়ে শিশুক আসক্ত কৰি তোলে। আসক্তিৰ ফলস্বৰুপে সময় বচাবলৈ এওঁলোকে সহজলভ্য ফাষ্টফুডৰ দৰে খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। আনকি দৈনন্দিন প্ৰয়োজনীয় পানীখিনিও খাবলৈ পাহৰি যায় বহুতো যুৱ-কিশোৰ। জীৱনৰ এই সমীক্ষাটোতে প্ৰকাশ পাইছে যে মাধ্যম ব্যৱহাৰত ব্যস্ত হৈ থকাসকলৰ ৯ শতাংশই দৈনন্দিন এক লিটাৰতকৈ কম পানী পন কৰে, ৩০ শতাংশ যুৱতী আৰু ১১ শতাংশ যুৱকে ভোক লাগিলেই গ্ৰহণ কৰে ফাষ্টফুড। স্বাভাৱিকতেই এনে এটা অৱস্থাই যুৱ- কিশোৰসকলক শাৰীৰিক আৰু মানসিক দুয়োভাৱেই নি:কিন কৰি তুলিব। অৱস্থাটো স্বাভাৱিকতেই উদ্বেগজনক।

লেখক: ডা: প্ৰবীণ কুমাৰ নেওগ (জি এনআৰচি স্বাস্থ্য)

 

 

 

 

 

 

 

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top