অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

তেলেৰে শিশুৰ যত্নঃ

ফাগুন মাহত আমাৰ চুলিখিনি বহুত শুকান হয়। সেইবাবে এই সময়ত চুলিৰ যত্ন লব লাগে। চুলিৰ যত্ন লোৱাৰ সময়ত আমি তেলৰ ব্যৱহাৰ কৰিব লাগে। তেলৰ ব্যৱহাৰ কৰিলে চুলি কোমল আৰু মিহি হয়। তেল চুলিত ব্যৱহাৰ কৰাৰ পাছত চুলিখিনি মইশ্ব’ হয়। সেইবাবে চুলিত কি তেল কেনেকৈ ব্যৱহাৰ কৰিম, সেয়া জনাৰ প্ৰয়োজন।

তেলেৰে শিশুৰ যত্ন কেনেকে কৰা হয়-

 

ফাগুন মাহত আমাৰ চুলিখিনি বহুত শুকান হয়। সেইবাবে এই সময়ত চুলিৰ যত্ন লব লাগে। চুলিৰ যত্ন লোৱাৰ সময়ত আমি তেলৰ ব্যৱহাৰ কৰিব লাগে। তেলৰ ব্যৱহাৰ কৰিলে চুলি কোমল আৰু মিহি হয়। তেল চুলিত ব্যৱহাৰ কৰাৰ পাছত চুলিখিনি মইশ্ব’ হয়। সেইবাবে চুলিত কি তেল কেনেকৈ ব্যৱহাৰ কৰিম, সেয়া জনাৰ প্ৰয়োজন। বিশেষকৈ শিশুসকলক কিদৰে তেল লগাম, সেয়াও জনাৰ প্ৰয়োজন।

  • কেষ্টৰ অইল আৰু নাৰিকলৰ তেল সমানে মিহলাই অলপ কুহুমীয়াকৈ গৰম কৰিব। গৰম কৰাৰ সময়ত নৰসিংহৰ পাত আৰু তুলসীৰ পাত চাৰিটামান দি ল’ব। এনে কৰিলে চুলিৰ গুৰিত বেক্টেৰিয়াই আক্ৰমণ কৰিব নোৱাৰে। চুলিৰ গুৰি সবল হয়। কেষ্টৰ অইলৰ দ্বাৰা চুলিৰ মসৃণতা তৎক্ষাণাৎ বঢ়াব পাৰি। কাৰণ কেষ্টৰ অইলত ফেটি এচিড থাকে। এই তেল ছালতো ব্যৱহাৰ কৰিব পাৰি। ছালৰ খজুৱতি নাশ হয়। ছালখন মিহি হয়। শিশুসকলক এই তেলৰ মালিচ দিলে ছালৰ উজ্জ্বলতা বাঢ়ে। ছালখন খুব মিহি হয়। ভৰি-হাত ফাটিলে এই তেলৰ ব্যৱহাৰ অতি প্ৰয়োজন। সোনকালেই হাত-ভৰিৰ শুকান ভাব নাইকিয়া হয় আৰু ভৰি ফটা কমি যায়। ছালৰ দাগসমূহ কমি যায়। শিশুৰ চুলিত ব্যৱহাৰ কৰিলে চুলি সোনকালে দীঘল হয় আৰু চুলি নাফাটে। এই তেলৰ ব্যৱহাৰে ৰ’দে পোৰা কমাই ৰাখে।
  • নাৰিকলৰ তেল যদি ঘৰতেই তৈয়াৰ কৰা হয়, তেন্তে শিশুসকলক এই তেল লগাব। এই তেল ব্যৱহাৰৰ ফলত চুলিখিনি সবল আৰু মিহি হয়। শৰীৰতো এই তেল ব্যৱহাৰ কৰিব পাৰে। কিন্তু তেল লগাই ফাগুন মাহত বাহিৰলৈ ওলাব নালাগে। ধূলি-বালিসমূহ ছালত লাগি বিভিন্ন সমস্যাই দেখা দিয়ে।
  • তিল তেল ব্যৱহাৰৰ ফলত চুলিৰ ৰং ক’লা হয়। চুলি নসৰে আৰু মিহি হয়। শিশুসকলে ব্যৱহাৰ কৰিলে চুলিৰ গুৰিত উফি নহয়। তেজ চলাচল সঠিককৈ হয় যদিহে এই তেল কুহুমীয়াকৈ গৰম কৰি মালিচ কৰা হয়। এই তেল ব্যৱহাৰৰ ফলত ভাগৰুৱা ভাব কমি যায়।
  • সূৰ্যমুখী ফুলৰ তেল ব্যৱহাৰ কৰিলেও চুলি সৰাটো কমি যায়। চুলি আৰু ছালৰ মসৃণতা বাঢ়ে। এই তেল আৰু আদাৰ ৰস এচামুচ মিহলাই লগালে চুলিত উফি নহয়। চুলিৰ ৰং ক’লা হ’বলৈ লয়।
  • পুৰণি কালত ঘৰতে পেৰা সৰিয়হ পেৰা তেলৰ ব্যৱহাৰ কৰিছিল। এই তেলত ফেটি এচিড বেছিকৈ থাকে। ইয়াৰ ব্যৱহাৰ কৰাৰ পাছত চুলিত মসৃণতা বাঢ়ে। চুলিৰ গুৰিত লেতেৰা জমা হ’ব নোৱাৰে। অৱশ্যে কৰ্দৈৰ ৰস মিহলাই লগালে বেছি ভাল ফল পায়। উফি নহয়।
  • শিশুৰ চুলিত তেলৰ লগত গাজৰৰ ৰস আৰু আৰু মাছৰ তেল চাৰি টোপালমান মিহলাই লগালে চুলিৰ অৱস্থা ভাল হয়।
  • শিশুসকলৰ উফি হ’লে মিঠাতেল আৰু নাৰিকলৰ তেল সমানে মিহলাই চাৰি চামুচ সৰিয়হ বটা আৰু এটা কমলাৰ বাকলি বটি লগাব। এনে কৰিলে চুলিৰ গুৰি পৰিষ্কাৰ হ’ব। চুলি সৰাটো কমি যায়, বৰঞ্চ চুলিৰ গুৰিৰ কোষসমূহৰ মাজেৰে অক্সিজেন প্ৰবাহিত হৈ চুলি দীঘল হোৱাত সহায় কৰে।
  • শিশুৰ বাবে আমি কেতিয়াও ৰাসায়নিক সামগ্ৰী ব্যৱহাৰ নকৰি ঘৰুৱা তেল ব্যৱহাৰ কৰি স্বাস্থ্যৱান কৰি ৰাখিব পাৰো।

এনেদৰেই তেলৰ দ্বাৰা শিশুৰ যত্ন লৈ শিশুক সুস্থ-সবল আৰু স্বাস্থ্যৱান কৰি ৰাখিব পাৰি। সৰুৰে পৰাই শিশুক আমি যত্ন ল’ব পাৰিলে পাছলৈ বিশেষ যত্নৰ প্ৰয়োজন নাই।

(উৎসঃ অসম বাণী, ভানু শৰ্মা)।

2.97058823529
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top