মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / নতুন মাতৃগৰাকীলৈ উপদেশ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নতুন মাতৃগৰাকীলৈ উপদেশ

নতুন মাতৃগৰাকীলৈ উপদেশ লিখা হৈছে

 

এটি সপোন কোলাত লৈ মাতৃগৰাকীৰ বহুতো চিন্তা। বুকুৰ অমৃত পাণ কৰোৱাৰ লগতে আহে শিশুটিক মালিচ কৰোৱা, গা ধোৱা আদিৰ চিন্তা। তাৰ বাবে অভিজ্ঞ ধাই এগৰাকীৰ চিন্তা। আজিকালি বহুতে এনে কাম নিজে কৰে, তাৰ বাবে শিশুটিৰ উপকাৰ হয় বুলিবই পাৰি। শিশুক যত্ন লোৱা এইখিনি কাম শিকি ল’লেই হ’ল, দুদিনমান কৰিলেই অভ্যাস হৈ যায়। শিশুটিক পুৱা ন-দহমান বজাৰ ভিতৰতে গা ধুৱাব লাগে। গা ধুওৱাৰ সময়ত বতৰ ডাৱৰীয়া থাকিলে বা ঠাণ্ডা দিন হ’লে দুৱাৰ-খিৰিকী বন্ধ কৰি ল’ব লাগে যাতে শিশুটিয়ে ঠাণ্ডা নাপায়। গা ধুৱাওতে চাব লাগে যাতে কাণ-নাক আদিত পানী নোসোমায়। এইবোৰ আগেয়ে প্ৰশিক্ষণ লৈ ল’ব পাৰি। তাৰ পাছত আহিল মালিচৰ কথা। আধুনিক চিন্তাৰে, চিকিৎসকৰ পৰামৰ্শ মতে, মালিচক কেনেদৰে গুৰুত্ব দিব পাৰি জানি লও আহক।

শিশুক তেল মালিচ

আজিকালি বিশেষজ্ঞ বা চিকিৎসকে দিয়া পৰামর্শ মতে শিশুক তেল মালিচ কৰিবই লাগিব বুলি কোনো কথা নাই। প্রচলিত ধাৰণা হ’ল শিশুক তেল মালিচ নকৰিলে শিশুৰ হাড় শক্তিশালী নহয়। তেল মালিচে হাড় শক্তিশালী কৰাৰ লগতে ছাল মসৃণ কৰে। কিন্তু শিশুটিৰ ছাল এনেয়েও কোমল-মসৃণ। আনহাতে মালিচৰ দ্বাৰা কেঁচুৱাই দুখ পাব পাৰে নাইবা হাড় ভাঙি যাব পাৰে। মালিচৰ দৰে যত্নৰ বলত মাক-সন্তানৰ মাজত সু-সম্পর্ক স্থাপন হয় বুলি আমাৰ দেশত ভবা হয়। কিন্তু আমাৰ দেশত শিশু-মাতৃৰ সম্পর্ক এনেয়েও অতি নিবিড়। মাতৃগৰাকীয়ে যথেষ্ট সময় দিয়ে শিশুক। গতিকে বেলেগে মালিচৰ কথা নাহে। আমাৰ দৰে গ্ৰীষ্মপ্রধান দেশত চালৰ ওপৰত তেলৰ আস্তৰণ পৰিলে শৰীৰৰ ঘাম বাহিৰলৈ ওলাই অহাত বাধাৰ সৃষ্টি কৰে। গৰমো উঠে। ফলত শিশুটিৰ কষ্টহে হয়। সেয়েহে মালিচ দিব নোৱাৰিলে মাকগৰাকীয়ে দুঃচিন্তা কৰাৰ দৰকাৰ নাই। ঠাণ্ডা দিনত সৰিয়হ তেল বা অলিভ অইলেৰে মাকগৰাকীয়ে নিজেই শিশুটিৰ শৰীৰত মৃদু মৃদুকৈ মালিচ দি গা ধুৱাই দিব পাৰে। অতি ঠাণ্ডা পৰিলে স্পঞ্জ কৰি দিবও পাৰে।

পানীৰ উত্তাপটো হাতৰ কিলাকুটিৰে অনুভৱ কৰি চাব শিশুৰ বাবে উষ্ণতা ঠিকে আছে নে নাই। শিশুটিৰ শৰীৰত বেলেগে বেলেগে তেলৰ বেলেগ বেলেগ প্রভাৱ পৰে। কিনিবলৈ পোৱা কিছুমান প্রসাধনী তেল অতি পাতল হয় বা তৈলাক্ত ভাব কম থাকে যি তেল ছালে তৎক্ষণাৎ শুহি ল’ব পাৰে। সৰিয়হৰ তেল ডাঠ আৰু সৰিয়হৰ তেলৰ ব্যৱহাৰে প্ৰায়ে এলাৰ্জী সৃষ্টি কৰে। এই তেল ডাঠ হোৱা বাবে মলিচ লাগি থাকিবলৈ সহজ। ধুৱাওতে বেছ ঘঁহিব লগা হয়। কিন্তু পাতল তেল লগালে এনে সমস্যা নাথাকে।

শিশুটিক ৰ’দত ৰখা বিপজ্জনক

বহুতে শিশুটিক ৰ’দত ৰখাটো সমীচীন বুলি ভাবে। কিন্তু সূৰ্য্যৰ তীক্ষ্ণ পোহৰ বা ৰ’দে শিশুৰ ক্ষতি কৰে। সূৰ্য্যৰ তাপে শিশুৰ শৰীৰৰ পানীভাগ বাহিৰ কৰি নিয়ে। ইয়াৰ ফলত শিশুটিৰ ডিহাইড্রেচন হয়। ছাল আৰু চকুৰ বাবেও সূৰ্যৰ তীব্র পোহৰ আৰু তাপ ক্ষতিকাৰক। ঠাণ্ডা দিনত শিশুক কেতিয়াবা আৰামৰ বাবে ৰ’দত ৰখা হয়। কিন্তু সেই ৰ’দ যাতে কোমল হয় ক্ষতিকাৰক নহয়।

জিভা পৰিস্কাৰ

গাখীৰ খোৱাৰ ফলত শিশুৰ জিভাত বগা আস্তৰণ পৰে। বহু মাতৃয়ে কোমল, চাফা কাপোৰ বা তুলা তিয়াই জিভা ঘঁহি চাফা কৰিবলৈ যত্ন কৰে। কেতিয়াবা মৌজোল জিভাত লগাই দিয়ে। এই ক্ষেত্ৰত মাতৃগৰাকী সাৱধান হোৱা ভাল। যাতে ভাল কৰিবলৈ গৈ অঘটন নঘটায়। জিভাৰ বগা আস্তৰণ সময়ত নিজেও চাফা হৈ যায়। জিভাক বাদ দি যদি মুখৰ অন্য অংশতো বগা আস্তৰণ পৰে তেতিয়াহে চিকিৎসকৰ কাষ চাপিব পাৰে।

চকুৰ কাজল

বহুতেই শিশুৰ চকুত কাজল সানি চকু দুটি উজ্জ্বল কৰি ৰাখিব খোজে। সেইসকলৰ ধাৰণা চকুত কাজল লগালে চকু ডাঙৰ হৈ দেখাত ধুনীয়া হৈ উঠিব। কিন্তু প্রকৃততে কাজল সনাটো কোনো মতেই নিৰাপদ নহয়। কাজলত কিছু পৰিমাণে আইনা (lead) থাকে। সেই আইনা চকুৱেদি শৰীৰলৈ প্রৱেশ কৰে। সদায় কাজল ব্যৱহাৰ কৰি থকাৰ ফলত লীড পয়জনিং হোৱাৰ আশংকা সৰহ। কাজল ব্যৱহাৰৰ ফলত শিশুটিৰ চকুত ইনফেকচন বা কনজাংটিভিটিছ হ’ব পাৰে। পাউডাৰৰ ক্ষেত্ৰতো একে কথা। আজিকালি শিশু বিশেষজ্ঞসকলে মাতৃগৰাকীক এইবোৰ বস্তু ব্যৱহাৰ কৰিবলৈ মানা কৰে।

চুলি খুৰোৱা

বহু লোকৰ মাজত শিশুৰ চুলি খুৰোৱা তেওঁলোকৰ নিয়ম বা বিধিৰ ভিতৰত পৰে। আধুনিক কালত ই অতি ভয়াৱহ হিচাপেই বিবেচিত হৈছে। শিশুৰ মূৰৰ ছাল অতি কোমল। তাতে শিশুটিয়ে স্বভাৱগতভাৱেই লৰচৰ, কান্দা-কটা কৰে। শিশুৰ চুলি খুৰোৱা কার্য কোনো মতেই সহজসাধ্য নহয়। চুলি খুৰোৱাৰ ফলত ছালৰ তলত আঘাত পৰে। মূৰত বতাহ আৰু তাপৰ অস্বাভাবিক প্রভাৱ পৰে। এই সকলো কথা বিজ্ঞানসন্মতভাৱে ভাবি চাবলগীয়া। শিশুৰ চুলি খুৰোৱাৰ ক্ষেত্ৰত নতুন চিন্তাধাৰাৰ প্রয়োজনীয়তা আছে।

শিশুৰ বুকুৰ গাখীৰ

কেতিয়াবা কোনো কোনো শিশুৰ বুকুত সামান্য গাখীৰ জমা হোৱা লক্ষ্য কৰা যায়। তাক টিপি সেই গাখীৰ উলিয়াবলৈ যত্ন কৰিব নালাগে। এইটো নিজে নিজেই ভাল হৈ যায়। যদি অৱশ্যে ৰঙা পৰি বিষ হয়। জ্বৰ উঠে। শিশুটিরে কান্দিবলৈ ধৰে তেতিয়া চিকিৎসকৰ কাষ চপা উচিত।

লেখিকা: সীমা চক্ৰৱৰ্তী, অসম বাণী।

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top