অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

নৱজাতকৰ যতন-শিশুৰ স্নান

নৱজাতকৰ যতন-শিশুৰ স্নান

প্ৰায় প্ৰতিগৰাকী মাতৃয়েই শিশুক গা ধুৱাবলৈ বিশেষ শংকাবোধ কৰে, ইমান লেতু-সেতু স্থিৰ নোহোৱা শিশু, তাক ল’বলৈকে দিগদাৰি, গা আকৌ কেনেকৈ ধুৱাম, গা নুধুৱালে বেয়া হ’ব নেকি, নে ঠাণ্ডা পাব? শিশুৱেও প্ৰথম কেইদিনমান ‘স্নান প্ৰক্ৰিয়া’টোত আনন্দ অনুভৱ নকৰে, কিন্তু ধীৰে ধীৰে এই প্ৰক্ৰিয়া শিশুৰ দিনটোৰ অন্যতম আনন্দৰ উৎস হৈ পৰিব পাৰে।

 

আগতেই উল্লেখ কৰাৰ দৰে জন্মৰ প্ৰথম চৌবিশ ঘণ্টা গা ধুওৱাৰ কোনো প্ৰয়োজন নাথাকে, শিশুক ভালদৰে গৰম কাপোৰেৰে ভালদৰে মচি, শুকান কাপোৰেৰে মেৰাই ৰাখিব লাগে, জন্মৰ পিছত কিছুমান শিশুৰ শৰীৰত আঠাজাতীয় বগা বগা (ক্ৰীমৰ নিচিনা) বস্তু লাগি থাকে, যাক ইংৰাজীত Vennix বুলি কোৱা হয়, এই ভানিক্সে শৰীৰটো গৰম কৰি ৰখাত সহায় কৰে, গতিকে প্ৰথম দিনাই তাক পানীৰে পৰিষ্কাৰ কৰিব নালাগে, কিন্তু পিতৃ-মাতৃয়ে জোৰ দিলে তাক তেল জাতীয় বস্তুৰে চাফা কৰিব পাৰি। নাড়ীডাল নসৰালৈকে শিশুৰ গাটো কুহুমীয়া গৰম পানীৰে সিক্ত কাপোৰেৰে মচি পৰিষ্কাৰ কৰিব লাগে, নাড়ীডাল সৰাৰ পিছতহে শিশুটিক সম্পূৰ্ণ গা ধুৱাব পাৰি, কিমান সঘনে?

এটি শিশুক সদায় সম্পূৰ্ণ গা ধুওৱাৰ প্ৰয়োজন নাথাকে, কিন্তু শিশুৰ শৌচ, প্ৰস্ৰাৱ অলপো পলম নোহোৱাকৈ সঘনে পৰিষ্কাৰ কৰি থাকিব লাগে আৰু শিশুৰ মুখৰপৰা সঘনে পৰিষ্কাৰ কৰি থাকিব লাগে আৰু শিশুৰ মুখৰপৰা সঘনে ওলোৱা থুই, খেকাৰ আৰু বমি পৰা মুখ আৰু বুকুৰ ওপৰ অংশ সঘনে পৰিষ্কাৰ কৰি ৰখাটো ভাল। আজিকালি এইটো লক্ষ্য কৰা গৈছে যে প্ৰতিদিনে সঘনে গা ধুওৱা শিশুৰ ছাল প্ৰয়োজনতকৈ বেছি শুকান হ’ব পাৰে। শিশুক আপুনি যেনেদৰেই গা নুধুৱাওক, গা ধুওৱা প্ৰক্ৰিয়াটো আনন্দদায়ক আৰু সুৰক্ষিত হ’ব লাগে। আপুনি স্নান কৰা চৰিয়া বা পৰিষ্কাৰ বেছিন বা বাল্টি আৰু মগেৰেই পানী ঢালি যেনেকৈয়ে গা নুধুৱাওক মনত ৰাখিব লগা কথা হ’ল-

  • পানী বেছি ঠাণ্ডা বা গৰম হ’ব নালাগে, যদি আপুনি পানী থাৰ্মমিটাৰ ব্যৱহাৰ কৰে, তেন্তে পানীৰ উষ্ণতা ১০০ ডিগ্ৰী ফাৰেনহাইট বা ৩৮ ডিগ্ৰী চেণ্টিগ্ৰেডৰ ওচৰত হ’ব লাগে বা নহ’লে আপোনাৰ হাতেৰে স্পৰ্শ কৰি আৰাম পোৱা হ’ব লাগে। মনত ৰাখিব শিশুৰ ছাল আপোনাতকৈ বহু কোমল। গা ধুওৱা কোঠাটোও আৰামদায়ক উষ্ণতাৰ হোৱাটো ভাল।
  • শিশুক সম্পূৰ্ণ নাঙঠ কৰি গা ধুৱাব নালাগে, প্ৰথমতেই মুখখন ধুৱাই শুকানকৈ মচি তাৰ পিছত ধীৰে ধীৰে বেছিকৈ অপৰিষ্কাৰ হোৱা অংশ ধুৱাব লাগে। কাষলতিৰ তল বা কৰঙন বা শৌচ-প্ৰস্ৰাৱৰ ৰাস্তাৰ ওচৰ-পাঁজৰৰ অংশ বেছিকৈ যত্ন লৈ কোমলকৈ মোহাৰি ধুৱাব লাগে।
  • শিশুক কোনো অৱস্থাতে সম্পূৰ্ণ পানীত বুৰাই দিব নালাগে আৰু বাথটাব বা স্নান কৰা চৰিয়াত কোনো পৰিস্থিতিতে অকলে এৰিব নালাগে, এখন হাতেৰে শিশুৰ মূৰটো ওপৰলৈ দাঙি ধৰি, আনহাতেৰে শিশুৰ গা আৰু বাকী অংশ পানীত বুৰাই দিব লাগে।
  • চাবোন জাতীয় পদাৰ্থ সঘনে ব্যৱহাৰ কৰাৰ দৰকাৰ নাথাকে, কুহুমীয়া গৰম পানীয়েই শিশুৰ বাবে যথেষ্ট, কাষলতি বা কৰঙনত বেছিকৈ গন্ধ ওলালে অলপকৈ মৃদু আৰ্দ্ৰযুক্ত চাবোন ব্যৱহাৰ কৰিব পাৰি।
  • যদি ধৰিব পৰাকৈ লেতেৰা নহয়, তাৰ মূৰত বগা বগা ছাল সৰাৰ দৰে খহটা দাগ নাথাকে প্ৰতিবাৰতে চুলি ধুব নালাগে।

বহু শিশুৱে গাখীৰ খোৱাৰ অলপ পিছতে অলপ গাখীৰ বাহিৰ উলিয়াই দিয়ে, নৱজাতকৰ মাতৃৰ বাবে এয়া এক বৰ চিন্তিত আৰু আৱেগিক কথা, শিশুৱে যদি খোৱা সকলো গাখীৰ বমি কৰি উলিয়াই দিয়ে, শিশুটি ডাঙৰ কেনেকৈ হ’ব?

 

আপুনি যদি এটা সৰু বাটিত এক লিটাৰ গাখীৰ ঢালি দিয়ে কি হ’ব? সৰু কেঁচুৱাৰ ক্ষেত্ৰতো কথাটো সম্পূৰ্ণ তেনেকুৱা নহ’লেও যথেষ্ট একে, এক নৱজাত শিশুৰ পেটটো তেওঁলোকৰ হাতৰ মুঠি বা এটা গল্‌ফ বলৰ সমানহে হয়, তাতে কেঁচুৱাই গাখীৰ খোৱাৰ সময়ত লগত পেটত যথেষ্ট বায়ুও সোমায়। শিশুৱে গাখীৰ খোৱাৰ পিছত অলপ অতিৰিক্ত গাখীৰ বায়ুৰ লগত মিহলি হৈ মুখৰ কাষেৰে উলিয়াই দিয়ে, এয়া এক স্বাভাৱিক ঘটনা। ইয়াক ইংৰাজীত Posseting বুলি কোৱা হয়, গাখীৰৰ লগত পেটত বতাহ বেছিকৈ সোমালে শিশুৱে অশান্তি পায়, বহু শিশুৱে নিজে উগাৰ মাৰি এই বতাহ উলিয়াই দিব পাৰে, কিন্তু বহু শিশুক উগাৰ মৰাত সহায়ৰ দৰকাৰ হয়, গাখীৰ খুৱাই উঠাৰ পিছত বা গাখীৰ খুওৱাৰ মাজতে শিশুটিৰ পেটটো আপোনাৰ বাহুত পেলাই, মুখখন পিঠিফালে কৰি, পিঠিখন লাহে লাহে মোহাৰি দিলে শিশুৱে উগাৰ মাৰি বায়ুখিনি বাহিৰ কৰি দিব পাৰে। সকলো শিশুৱে ছন্দিয়ায় বা বমি কৰে, কোনো কোনো শিশুৱেতো প্ৰতিবাৰ গাখীৰ খোৱাৰ পিছতে এনে কৰে, যদি আপোনাৰ শিশুটো আৰামত আছে, আমনি কৰা নাই, তাৰ সঠিকভাৱে ওজন বাঢ়ি আছে, সঘনে পেচাব কৰি আছে আৰু এনে কৰাৰ পিছত উশাহ লোৱাত কষ্ট পোৱা নাই তেন্তে আপুনি নিশ্চিন্ত থাকক, শিশুৰ গ্ৰাসনলী আৰু পেটৰ মাজত থকা ভাঁজটো ডাঙৰ লোকতকৈ কম বা চিধা আৰু গ্ৰাসনলী আৰু পেটৰ মাজত থকা মাংসপেশীৰ আঙঠিটোও ঢিলা হয় বাবে পেটৰ অতিৰিক্ত গাখীৰ সহজে ওপৰলৈ উজাই মুখত বমি হিচাপে আহিব পাৰে, শিশুৰ বমি হিচাপে আহিব পাৰে, শিশুৰ বমি যদি সাধাৰণ ছন্দিওৱাৰ কাৰণে নহৈ Regurgitationৰ কাৰণে হৈছে তেতিয়া শিশুৱে বেছিকৈ ছটফটাই থাকিব, খুব বেছিকৈ কান্দিব, শিশুৱে উশাহ লোৱাত কষ্ট পাব পাৰে, ঘনে ঘনে নিউমোনিয়া বেমাৰ হ’ব পাৰে আৰু শিশুৰ সঠিকভাৱে বৰ্ধন নহ’ব। শিশুৱে কৰা এই ছন্দিওৱা বা সাধাৰণ বমি কেতিয়াবা মুখৰ লগতে নাকেৰেও ওলাই আহিব পাৰে, কাৰণ শিশুৰ মুখৰ ভিতৰখন বৰ ডাঙৰ নহয় আৰু মুখত অহা বমিখিনি নাকেৰে বাহিৰ হৈ যোৱাটো আচৰিত নহয়।

 

কিন্তু যদি শিশুৰ সদায় বমি বহু জোৰেৰে ওলাই দূৰৈত ছিটিকি পৰে, গাখীৰ খাই উঠাৰ পিছত শিশুৰ পেটত ঘূৰি ফুৰা টেমুনাৰ নিচিনা বান্ধে, শিশুৰ ওজন সঠিক গতিত নাবাঢ়ে, তেন্তে আপুনি তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত।

লিখকঃ ডাঃ দেৱজিৎ শৰ্মা

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate