মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / নৱজাতকৰ সৈতে মাতৃৰ ঘনিষ্ঠতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

নৱজাতকৰ সৈতে মাতৃৰ ঘনিষ্ঠতা :

নৱজাতকৰ সৈতে মাতৃৰ ঘনিষ্ঠতাৰ বিষয়ে লিখা হৈছে ।

 

জন্মৰ পাছত শিশু আৰু মাতৃৰ ঘনিষ্ঠতা স্বত:স্ফুৰ্ত হ’ব লাগে।মাতৃগৰাকীয়ে সেয়ে যিমান সম্ভৱ,সিমান সময় সন্তানক দিব লাগে।মাতৃৰ গৰ্ভৰ পৰা বাহিৰৰ পৃথিৱীলৈ অহাৰ পাছত প্ৰথম অৱস্থাত শিশুৰ বাবে সকলো কথাই নতুন হয়।দুয়োৰে মাজৰ ঐশ্বৰিক সম্পৰ্ক দৃঢ় কৰাত মাতৃয়েই প্ৰধান ভুমিকা ল’ব লাগে।

চিকিৎসালয়ত থকা সময়ত সম্পৰ্কৰ বান্ধোন -

১/ছালে ছালে সংস্পৰ্শ: এটা শিশুৰ বাবে মাতৃৰ ছালৰ স্পৰ্শতকৈ আন একোৱেই সুৰক্ষিত হ’ব নোৱাৰে।শিশুক জন্মৰ পাছতে নিজৰ বুকুৰ মাজত ল’ব লাগে।শিশুৱে তেতিয়া মাকৰ গাৰ গোন্ধ আৰু স্পৰ্শ অনুভৱ কৰে।আৰু প্ৰথম আহাৰ হিচাপে মাতৃৰ দুগ্ধ দিব লাগে।

২/কথা পাতক:জন্মৰ পাছতে শিশুৰ শ্ৰৱণশক্তি বৃদ্ধি পায়।শিশুটোৰ সৈতে কথা পাতক।শিশুটোৱে আপোনাৰ মাত সহজেই চিনি পাব।চাৰিও কাষৰ পৃথিৱীৰ বিষয়ে বুজিবলৈ আপোনাৰ মাতেৰে সি সহায় ল’ব।

৩/চকুৱে চকুৱে চাব:নৱজাতকে সীমিত দৃষ্টিশক্তিৰে ৩০ চে:মি: দুৰলৈকেহে দেখে।সেয়ে নৱজাতকৰ একেবাৰে কাষলৈ আনি চকুৱে চকুৱে চাওক।এইদৰে শিশুটোৱে বুজি পাব সি কাৰ সন্তান।

৪/স্তনপান:স্তনপানতকৈ আন কোনো পদ্ধতিৰে শিশু-মাতৃৰ বান্ধোন সহজতে নহয়।স্তনপান কৰাওঁতে কথা পাতিব আৰু আপোনাৰ দেহৰ উমো শিশুটোৱে লাভ কৰিব।

৫/শিশুটোক সাবটি ধৰিব: সময় পালেই শিশুটোক সাবটি ধৰিব।আপোনাৰ হৃদপিণ্ডৰ ধপধপনি শিশুটোৰ অতিকৈ চিনাকি।আৰু ফলত এই শব্দ শুনাৰ পাছত আপোনাৰ সৈতে বান্ধোন দৃঢ় হ’ব।

ঘৰত মালিচ কৰিব:লাহে লাহে বৃত্তাকাৰে শিশুটোক মালিচ কৰিব।মালিচে শিশুটোক আৰাম দিয়ে আৰু শান্ত কৰি ৰাখে।

নাচিব আৰু গাব:আনন্দেৰে শিশুটোৰ কাষত গান গাব আৰু শোৱা কোঠাত নৃত্য কৰিব।আনন্দেৰে জীয়াই থাকিবলৈ আপোনাৰ পৰাই সি শিকিব।

শিশুটোক নচুৱাব:আপোনাৰ বাহুত শিশুটোক লৈ লাহে লাহে ইফালৰ পৰা সিফাললৈ নিব।তাৰ পাছত ওপৰ-তল কৰিব।এনে কৰিলে শিশুটোৰ টোপনি আহিব আৰু আৰামো পাব।

ডায়েপাৰ সলনি কৰিবলৈ নাপাহিৰ:সকলোৱে ভালপোৱাৰ দৰেই শিশুৱেও পৰিষ্কাৰকৈ থাকি ভাল পায়।ডায়েপাৰ সলনি কৰোঁতে শিশুটোৰ সৈতে কথা পাতিবলৈ নাপাহৰিব।এনে কৰিলে শিশুৰ বাকশক্তি বৃদ্ধি হয় আৰু শৰীৰৰ বিভিন্ন অংগত স্পৰ্শ কৰিব।ফলত সি আনন্দ পাব আৰু সৃষ্টিশীলতা বাঢ়িব।

গা ধুৱাব:গা ধুৱাওঁতে সময় পাৰ কৰিব।পাৰিলে মা আৰু শিশুৱে একেলগে গা ধুলে দুয়োৰে চাপ হ্ৰাস পায়।

শিশুৰ সৈতে খেলিব:খেলাৰ সময়ছোৱাত শিশুৰ সৈতে বান্ধোনত পৰিবলৈ উৎকৃষ্ট।বয়স অনুযায়ী উপযুক্ত পুতলাৰে শিশুটোৰ সৈতে খেলক।শিশুৰ অনুভৱ শক্তি আৰু সৃষ্টিশীলতা বাঢ়িব।

কিছু সময় অকলে কটাওক:গৱেষণাত প্ৰকাশ হৈছে যে মাতৃয়ে শিশুৰ সৈতে অন্তত: ৪০ মিনিট সময় অকলে কটাব লাগে।ইয়াৰ ফলত শিশুৰ বৌদ্ধিক বিকাশ ঘটে।

বাহিৰত খোজ কাঢ়িবলৈ নিব লাগে:বাহিৰৰ পৃথিৱীৰ সৈতে শিশুটোক পৰিচয় কৰাই দিয়ক।শিশুটোক কোলাত লৈ খোজ কাঢ়ক।তাৰ সৈতে ডাঙৰৰ লগত পতাৰ দৰেই কথা পাতক।শিশুৱে তেনে কৰিলে ভাল পায়।শব্দ আয়ত্ত ক ৰিবলৈও সহজ হয়।

ভেকচিনৰ সময়ত কাষত থাকক: শিশুক ভেকচিন দিয়াৰ সময়ত কাষতে থাকক।কাৰণ শিশুৱে দুখ পালে কাষত মাককেই বিচাৰে।প্ৰথম ছমাহত ছ’চিয়েল মিডিয়া বা আন মাধ্যমৰ পৰা দুৰৈত থাকি কেৱল সন্তানক সময় দিয়ক।

লেখিকা: ডা: গীতাঞ্জলি শ্বাহ (দেওবৰীয়া সুকন্যা)

2.86363636364
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top