অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ :

পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ :

 

শিশু এটিক পীড়িত কৰিব পৰা অনেক সমস্যাৰ মাজৰ পৰা এক সমস্যাৰ নাম হ’ল পষ্ট ট্ৰমেটিক ষ্ট্ৰেছ ডিছঅৰ্ডাৰ

-যাক চমুকৈ কোৱা হয় পি টি এছ ডি। পি টি এছ ডিৰ সমস্যা কেৱল শিশুৰ ক্ষেত্ৰতে নহয়, প্ৰাপ্তবয়স্ক ব্যক্তি এজনৰ ক্ষেত্ৰতো আমি প্ৰত্যক্ষ কৰিব পাৰো। পি টি এছ ডি হ’ল এনে এক অৱস্থা, য’ত জীৱনত প্ৰদৰ্শিত হোৱা কোনো মানসিক বা শাৰীৰিক আঘাত পাবলগীয়া ঘটনাৰ অভিজ্ঞতা লাভ কৰাৰ পিছত কিছুমান বিশেষ লক্ষণত শিশু এটিয়ে ভুগিবলৈ ধৰে।

শিশু এটিৰ জীৱনত প্ৰায় প্ৰতি মুহুৰ্ততে বিভিন্ন ধৰণৰ সৰু-বৰ বা ভাল –বেয়া ঘটনা ঘটি থাকে। শিশুৰ জীৱনত ঘটা বেয়া কোনো ঘটনাই শিশু এটিৰ ওপৰত বিভিন্ন ধৰণেৰে প্ৰভাৱ পেলায়। অৱশ্যে জীৱনত ঘটা একে ধৰণৰ নেতিবাচক ঘটনা এটাৰ পৰা একেধৰণৰ প্ৰভাৱ প্ৰতিটো শিশুৰ ওপ ৰত নপৰিবও পাৰে। শিশুবিশেষে ইয়াৰ প্ৰভাৱ বেলেগ বেলেগ ধৰণৰ হয়। জীৱনত কিবা এটা নঘটিবলগীয়া ঘটনা ঘটিলেই বা বেয়া কোনো ঘটনাৰ প্ৰদৰ্শন পালেই যে শিশু এটিৰ পি টি এছ ডিৰ সমস্যা হ’ব এনে নহয়। কোনো ট্ৰমেটিক ঘটনাৰ অভিজ্ঞতাৰ পিছতো বহু শিশুৱে বিশেষ কোনো সমস্যাত ভোগা দেখা নাযায়। কিন্তু যদি জীৱনৰ কোনো আঘাত পাবলগীয়া ঘটনাৰ প্ৰদৰ্শনৰ ফলত শিশু এটাই কিছুমান বিশেষ লক্ষণত ভুগিছে তেন্তে এই বিষয়ে আমি সজাগ হোৱা উচিত।

জীৱনত ঘটা কোনো ট্ৰমেটিক ঘটনা, যেনে-কাৰোবাৰ প্ৰকৃত মৃত্যু, মৃত্যুৰ ভাবুকি, গুৰুতৰ আঘাত, যৌন নিৰ্যাতন আদি ঘটনা বিভিন্ন ধৰণেৰে প্ৰত্যক্ষ কৰাৰ ফলত শিশু এটিয়ে পি টি এছ ডিৰ সমস্যাত ভোগা দেখা যায়। ইয়াৰ উপৰি শিশুৰ ক্ষেত্ৰত সততে প্ৰত্যক্ষ কৰা ট্ৰমেটিক ঘটনাবোৰ হ’ব পাৰে, যেনে-শাৰীৰিক নিৰ্যাতন, হিংসাত্মক ঘৰুৱা পৰিস্থিতি, স্কুলত হোৱা কোনো সংঘৰ্ষ, সাম্প্ৰদায়িক সঘৰ্ষ,  অপহৰণ হোৱা, সন্ত্ৰাসবাদীৰ আক্ৰমণত পতিত হোৱা , গাড়ী-মটৰ আদিত হোৱা কোনো দুৰ্ঘটনা, ঘৰুৱা দুৰ্ঘটনা, প্ৰাকৃতিক দুৰ্যোগ আদি। এনেধৰণৰ ঘটনাৰ প্ৰদৰ্শনৰ অভিজ্ঞতা শিশু এটিয়ে বিভিন্ন ধৰণেৰে লাভ কৰিব পাৰে। শিশুটিয়ে পোনপটীয়াকৈ এনে ঘটনাৰ অভিজ্ঞতা লাভ কৰিব পাৰে। কোনো ব্যক্তিৰ বিশেষকৈ প্ৰাথমিক তত্ত্বাৱধায়কৰ ক্ষেত্ৰত ঘটা ট্ৰমেটিক ঘটনাৰ সাক্ষী হৈও শিশু এটিয়ে সেই ট্ৰমেটিক ঘটনাৰ অভিজ্ঞতা লাভ কৰিব পাৰে।

শিশু এটিয়ে ওপৰত উল্লেখ কৰাৰ দৰে ঘটনাৰ অভিজ্ঞতা লাভ কৰাৰ পিছতেই কিছুমান বিশেষ লক্ষণত ভুগিব পাৰে বা ভোগা দেখা যায়। শিশুটিৰ অনিচ্ছ সত্ত্বেও ট্ৰমেটিক ঘটনাৰ যন্ত্ৰণাদায়ক স্মৃতিবোৰ শিশুটিৰ মনলৈ বাৰে বাৰে আহি থাকে। ট্ৰেমেটিক ঘটনাৰ দৰে বিষয়বস্তুৰ কোনো ঘটনা বীজ বা জীৱনত ইতিমধ্যে ঘটি যোৱা সেই একে ঘটনাকে শিশুটিয়ে পুনৰায় অতি যন্ত্ৰণাদায়ক অনুভূতিৰে সপোনত দেখিবলৈ ধৰে। বহু সময়ত শিশুটিয়ে এনেধৰণৰ প্ৰতিক্ৰিয়াও দেখুৱাব পাৰে-য’ত এনেকুৱা হয় যে ইতিমধ্যে জীৱনত ঘটি যোৱা যি ট্ৰমেটিক ঘটনা সেই ঘটনাকে শিশুটিয়ে তাৰ জীৱনত পুনৰ যেন ঘটিছে তেনে অনুভৱ কৰিবলৈ ধৰে। পূৰ্বৰ ট্ৰমেটিক ঘটনাৰ স্মৃতি মনলৈ বাৰে বাৰে আহি থকাৰ বাবে শিশুটিয়ে বিভিন্ন ধৰণৰ শাৰীৰিক প্ৰতিক্ৰিয়াও দেখুৱায়। শিশুটিৰ মনলৈ অনাহুতভাৱে ট্ৰমেটিক ঘটনাৰ বিভিন্ন চিন্তা বা ভাববোৰ আহি থাকে বাবে সেই ঘটনাৰ বিভিন্ন প্ৰতিচ্ছবি, স্মৃতি বা সেই সময়ত হোৱা শাৰীৰিক বিভিন্ন অস্বস্তিকৰ অনুভূতি আদি শিশুটিয়ে পুনৰায় অনুভৱ কৰিবলৈ ধৰে।

পি টি এছ ডিত ভুগিলে শিশুৱে দেখুওৱা আন এক গুৰুত্বপূৰ্ণ লক্ষণ হ’ল শিশুটিয়ে ট্ৰমেটিক ঘটনাৰ লগত সংগতি থকা যিকোনো উদ্দীপকৰ পৰা আঁতৰি থাকিবলৈ চেষ্টা কৰে। পুনৰ শাৰীৰি মানসিক আঘাত পাবলগীয়া ঘটনা ঘটিব পৰা পৰিস্থিতি নাইবা এনেধৰণৰ পৰিৱেশ, যি পৰিৱেশে পূৰ্বৰ ট্ৰমেটিক ঘটনাক পুনৰ মনত পেলাই দিব পাৰে তেনে ঠাইৰ পৰা নিজকে আঁতৰাই ৰাখিবলৈ শিশুটিয়ে যৎপৰোনাস্তি চেষ্টা কৰে। অনকি এনে শিশুৱে পূৰ্বৰ ট্ৰমেটিক ঘটনাৰ স্মৃতি  মনত পেলাই দিব পৰাৰ সম্ভাৱনা থকা কোনো ব্যক্তি, সেই ঘটনাৰ আলোচনা আদিৰ পৰা শিশুটি আঁতৰি তহকিব বিচাৰে বা আঁতৰি থাকে। এনেধৰণৰ শিশুৰ ক্ষেত্ৰত দেখা যায় যে সিহঁতে বিভিন্ন ধৰণৰ নেতিবাচক আৱেগ অনুভৱ কৰিবলৈ ধৰে। উদাহৰণস্বৰুপে –সিহঁত ভয়াতুৰ হৈ পৰে, দুখত থাকে, অপৰাধবোধত ভুগিব পাৰে, বিবুধিত পৰে। সিহঁতৰ জীৱনৰ বিভিন্ন দিশত আগ্ৰহ কমি যায়। এইটো য়সত খেলা-ধূলা আদিৰ দৰে কৰিবলগীয়া কামবোৰৰ প্ৰতি সিহঁতৰ আগ্ৰহ কমি যায়। সমাজ-জীৱনৰ পৰা সিহঁতে আঁতৰি থাকিবলৈ বিচৰা হয়। সিহঁতৰ মনৰ পৰা ইতিবাচক আৱেগবোৰ ক্ৰমে হ্ৰাস হ’বলৈ ধৰে। দেখা যায় এনেধৰণৰ শিশু খুব খঙাল হৈ পৰে বা সিহঁতে খুব সহজতে বিৰক্তি অনুভৱ কৰে অথচ যিধৰণৰ আচৰণ শিশুটিয়ে ট্ৰমেটিক ঘটনাৰ অভিজ্ঞতাৰ লগতে দেখুওৱা নাছিল। বিভিন্ন ক্ষেত্ৰত সিহঁতে আকৌ অতিৰঞ্জিত আচৰণো দেখুৱায়। পি টি এছ ডিত ভুক্তভোগী শিশুৱে টোপনিৰ সমস্যাতো ভোগা দেখা যায়। সিহঁতে গভীৰ টোপনি যোৱাত জটিলতা পায়। এনে শিশুৱে মনোযোগৰ সমস্যাত ভোগাও দেখা যায়। অৱশ্যে শিশু এটিয়ে পি টি এছ ডিৰ সমস্যাত ভুগিছে বুলি ক’বলৈ হ’লে এক নিৰ্দিষ্ট সময় ধৰি ওপৰত উল্লেখ কৰা লক্ষণবোৰ দেখুৱাব লাগিব। তদুপৰি উল্লেখ কৰা অসুবিধাবোৰে চকু ত পৰাকৈ শিশুটিক যন্ত্ৰণা দিয়াৰ উপৰি বন্ধুবৰ্গ, পিতৃ-মাতৃ, তত্ত্বাৱধায়ক আদিৰ লগত শিশুটিৰ যি সম্পৰ্ক সেই সম্পৰ্কতো সমস্যাৰ সৃষ্টি কৰিব লাগিব।

শিশু এটিৰ পি টি এছ ডিৰ সমস্যা কি কাৰণেনো হয় সেই বিষয়ে আমি যদি প্ৰশ্ন কৰো, তেন্তে ইয়াৰ উত্তৰ হিচাপে বিভিন্ন কাৰণৰ ভিতৰত প্ৰথমেই উল্লেখ কৰিব পাৰি বিভিন্ন জৈৱিক আৰু বংশগত কাৰণৰ বিষয়ে। যদি শিশু এটি এংজাইটীৰ সমস্যাত ভোগাৰ প্ৰৱণতা থাকে, তেন্তে সেই শিশুটিয়ে পি টি এছ ডিত ভোগাৰ ইও এক কাৰণ হ’ব পাৰে। পি টি এছ ডিৰ বিভিন্ন মনোবৈজ্ঞানিক আৰু মনোসামাজিক কাৰণো আছে। পিতৃ-মাতৃৰ সমৰ্থন বা কোনো ট্ৰমেটিক ঘটনাৰ প্ৰতি তেওঁলোকৰ প্ৰতিক্ৰিয়ায়ো শিশু এটিৰ পি টি এছ ডি হোৱাত এক বিশেষ ভূমিকা লয়। তেওঁলোকে যদি কোনো ট্ৰমেটিক ঘটনা, যেনে- কোনো এক প্ৰাকৃতিক দুৰ্যোগৰ প্ৰতি তেওঁলোকে যদি সাংঘাতিক ধৰণেৰে নেতিবাচক প্ৰতিক্ৰিয়া দেখুৱায় তেন্তে শিশু এটিয়ে সেইধৰণেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ শিকে বা কৰে। শিশুৰ আন বহুতো সমস্যা যিদৰে উপযুক্ত চিকিৎসাৰ জৰিয়তে নিৰাময় লাভ কৰিব পাৰি ঠিক একেদৰে পি টি এছ ডিৰ সমস্যাৰো চিকিৎসা আছে। গতিকে সন্তানে পি টি এছ ডিৰ সমস্যাত ভুগি আছে বুলি যদি ধাৰণা হয় তেন্তে অভিভাৱকসকলে সোনকালে এগৰাকী মেণ্টেল হেলথ প্ৰফেছনেলক লগ ধৰি উপযুক্ত চিকিৎসা গ্ৰহণ কৰা উচিত।

লেখিকা: জয়শ্ৰী বুঢ়াগোহাঁই ( জি এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate