মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / পিতৃ-মাতৃয়েই পঙ্গু কৰে নিজ সন্তানক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

পিতৃ-মাতৃয়েই পঙ্গু কৰে নিজ সন্তানক :

পিতৃ-মাতৃয়েই পঙ্গু কৰে নিজ সন্তানক, সেই বিষয়ে লিখা হৈছে ।



আমাৰ একাংশ পিতৃ-মাতৃৰ মানসিকতা পৰিৱৰ্তন নহলে তেওঁলোকৰ সন্তান ভৱিষ্যতে হৈ পৰিব চিৰৰুগীয়া। আগৰ দিনত লৰা-ছোৱালী প্ৰতিটো পৰিয়ালত ৭-৮ টা আছিল , সৰুৰে পৰা শাৰীৰিক শ্ৰম কৰাৰ উপৰিও আহাৰ যথেষ্ট পৰিমাণে খাইছিল আৰু সাধাৰণ ৰোগত ঔষধ নাখাইছিল বাবে ৰোগ প্ৰতিৰোধ ক্ষমতা বহুত বেছি আছিল। ঔষধ খালেও পৰম্পৰাগত ভাৱে ব্যৱহাৰ কৰি অহা ঔষধ খাই ভাল হৈছিল। অৱশ্যে নীতি নিয়ম মানি চলা কাৰণে বেমাৰো কম হৈছিল।
আজিকালি এটা বা দুটা সন্তান, মূৰত ললে ওকণীয়ে খায় আৰু মাটিত থলে পৰুৱাই খায়। সাধাৰণ চৰ্দি জ্বৰ হলেই পিতৃ-মাতৃৰ থৰকাচুতী হেৰাই, আলাসৰ লাড়ুৰ কি হ'ব। অথচ সেইসকল পিতৃ-মাতৃৰ সৰুকালত এই ধৰণৰ সাধাৰণ ৰোগ হওতে তেওঁলোকৰ উপৰি পুৰুষ ইমান চিন্তিত হোৱা নাছিল। অথচ এতিয়া তেওঁলোক ইমান চিন্তিত কিয়?
মই এটা মাত্ৰ উদাহৰণ দিব খুজিছোঁ , সাধাৰণ ভাইৰেল জ্বৰ হোৱাৰ লগে লগেই দৌৰ মাৰে শিশু বিশষজ্ঞৰ ওচৰলৈ। ঔষধ কোম্পানীৰ কমিচনৰ ধান্দাত একাংশ শিশু বিশেষজ্ঞই লিখি দিয়ে অতিৰিক্ত ঔষধ। এদিন খুৱাই ভাল নাপালে পিছদিনা দেখুৱাই অন্য এজনক। কিছুমান ব্যকিয়ে ভাৱে যে ঔষধ পেটত পৰাৰ লগেই বেমাৰ ভাল হব লাগে। গুৰুত্বপূৰ্ণ কথাটো হল, আলাসৰ লাড়ু সন্তানে এসপ্তাহৰ ভিতৰতে কেবাটাও এন্টিবায়টীক আধাখনীয়াকৈ খালে যিনেকি সন্তানৰ ভাবিব নোৱাৰা ধৰণৰ শাৰীৰিক ক্ষতি কৰিলে। অথচ সন্তানৰ বাবে প্ৰয়োজন নাছিল এন্টিবায়টীক খোৱাৰ। কাৰণ সন্তানৰ চৰ্দি জ্বৰ ভাইৰাছৰ কাৰণে হৈছিল আৰু ইয়াত এন্টিবায়টীকৰ কোনো কাম নায়। এন্টিবায়টীক দিয়া হয় বেক্টেৰিয়া ধ্বংস কৰাৰ বাবেহে । ভাইৰাচৰ বাবে হোৱা চৰ্দি জ্বৰ ঔষধ খুৱালেও বা নুখুৱালেও এসপ্তাহতহে ভাল হয়। ঘৰুৱাভাৱে যত্ন ললেই এই ধৰণৰ ৰোগ ভাল হয়। সন্তানক ঠাণ্ডা লগাব নালাগে, জ্বৰ উঠিলে বিচনীৰে বিচিব লাগে, বিশেষকৈ মূৰটো বিচিলে জ্বৰ কমে আৰু প্ৰয়োজন সাপেক্ষে জলপটী দিব। এটা বা দুটা লঙ গুৰি কৰি এচামুচ তূলসী পাতৰ ৰস আৰু আধাচামুচ মৌ মিহলাই দিনে তিনি-চাৰিবাৰ খুৱালেই চৰ্দি জ্বৰ ভাল হয়। আমিও সৰুতে খাইছিলো আৰু মোৰ লৰা দুটাকো এইদৰেই আৰোগ্য কৰোঁ‌ বাবেই দুয়ো স্বাস্থ্যৱান। সংস্কৃতত এশাৰী বাক্য আছে " অজ্ঞ মানুহক সহজে বুজাব পাৰি, জ্ঞাণীক তাতোকৈ সহজে বুজাব পাৰি কিন্তু অলপ জ্ঞাণী মানহক স্বয়ং ব্ৰহ্মাইও বুজাব নোৱাৰে" । সেয়েহে আমি সকলোৱেই অধিক সংযত হব লাগিব, বেমাৰ ভাল হোৱাৰ ক্ষেত্ৰত ধৈৰ্য্য ধৰিব লাগিব। আমাৰ মানসিক চিন্তা ধাৰা পৰিৱৰ্তন হ'ব লাগিব, অন্যথা ঔষধ খাই খাই আপোনাৰ সন্তান কম বয়সতে ঔষধৰ পাৰ্শ্বক্ৰিয়াৰ কাৰণে চিৰৰুগীয়া হ'ব।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.0625
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top