অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

বাৰিষাত শিশুৰ স্বাস্থ্যৰ যতন

বাৰিষাত শিশুৰ স্বাস্থ্যৰ যতন

চর্দিকাহ

সাধাৰণতে বাৰিষাৰ বতৰত শিশুৰ ঠাণ্ডা লাগি চৰ্দি-কাহ হোৱাটো স্বাভাৱিক। তাৰপৰা পৰিত্ৰাণ পোৱাৰ বাবে কেইটামান দিহা-

সমাধান

শিশুটি বাহিৰৰপৰা বৰষুণত তিতি আহিলেই গৰম গাখীৰ বা চুপ খুৱাওক। তিতা অৱস্থাত এ চি বা ফেনৰ তলত বহিবলৈ নিদিব। তাপমাত্রা কম হ’লে শৰীৰ গৰম ৰখাৰ বাবে কাপোৰ পিন্ধাই দিয়ক।

কি কৰিব

বজাৰৰ শাক-পাচলি, ফল-মূল ভালদৰে ধুই লওক। ফ্ৰীজ বা বাহিৰত, সকলো সময়তে খোৱা বস্তু ঢাকি থ’ব। খোৱাৰ আগত ভালদৰে চাবোনৰে হাত ধুই লওক। ৰাস্তাত বিক্ৰী কৰা কটা ফল, ধূলিময় হৈ থকা বাদাম বা স্নেক্স নাইবা যিকোনো ঠাইত থকা ছালাড নাখাব। জাংক ফুড যিমান পাৰি কম খাব। একেলগে পেট ভৰ্তি কৰি নাখাব। বাথৰূম সদায় পৰিষ্কাৰ কৰি ৰাখিব। আনহাতে, টয়লেট ব্যৱহাৰ কৰাৰ পিছত, শিশুৰ নেপি সলনি কৰাৰ পিছত, ধূমপান কৰাৰ পিছত, হাঁচি-কাঁহৰ পিছত হাত ভালদৰে চাবানেৰে ধুই লওক। ইয়াৰ উপৰি হজম হ’বলৈ দেৰি লগা বস্তু, যেনে- ফুলকবি, মূল, শাক, বাদাম কম খাব। আনপিনে বাৰিষাৰ দিনত বোকা-পানী হয় সকলোতে। স্কুল আৰু খেলাৰ যোগেৰে শিশুৰ হাত-ভৰিত লেতেৰা পানী আৰু মাটি লগাটো সাধাৰণ কথা। ফলত নখ আৰু ত্বকৰ একাধিক সমস্যাই দেখা দিব পাৰে।

সমাধান

ইনফেক্‌চনৰপৰা ৰক্ষা পাবলৈ লেতেৰা পানীত খেলিবলৈ নিদিব বা তাৰপৰা এৰাই চলিবলৈ শিকাই দিয়ক। ঘৰলৈ অহাৰ পিছত শিশুৰ হাত-ভৰি পৰিষ্কাৰ পানী আৰু এণ্টিছেপ্টিক ছলিউচনেৰে ভালদৰে ধুই দিয়ক। তদুপৰি হাত-ভৰি শুকান কাপোৰেৰে মচি দিয়ক আৰু সকলো সময়তে শুকান আৰু পৰিচ্ছন্ন ৰাখক। সদায় ভৰিত জোতা পিন্ধাই থ'ব। তিতি থকা মোজা শিশুক কেতিয়াও নিপিন্ধাব। যাৰ ফলত ত্বকৰ সংক্ৰমণৰ লগতে ঠাণ্ডা লগাৰো ভয় থাকি যায়।

উৎস: জনসাধাৰণ।

শেহতীয়া উন্নীতকৰণ: : 2/6/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate