মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / ভিটামিন ‘এ’ৰ অভাৱত হোৱা শিশুৰ দৃষ্টিহীনতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভিটামিন ‘এ’ৰ অভাৱত হোৱা শিশুৰ দৃষ্টিহীনতা

ভিটামিন ‘এ’ৰ অভাৱত হোৱা শিশুৰ দৃষ্টিহীনতাৰ বিষয়ে লিখা হৈছে ।

ভিটামিন ‘এ’ সাধাৰণতে দৃষ্টিশক্তি অটুট ৰখা, শৰীৰৰ টিছুৰ গঠন আৰু ছাল ৰক্ষাৰ কাম কৰে। একৰপৰা পাঁচ বছৰ বয়সৰ শিশুৰ মাজত ভিটামিন ‘এ’ৰ অভাৱ অধিক হোৱা দেখা যায়। শিশুসকলৰ দৃষ্টিশক্তি সুন্দৰভাৱে থাকিবলৈ ভিটামিন ‘এ’ অতি আৱশ্যক।

ভিটামিন ‘এ’ৰ অভাৱত সৰহসংখ্যক শিশু স্থায়ীভাৱে দৃষ্টিহীন হোৱা দেখা যায়। ভাৰতবৰ্ষত প্ৰতি বছৰে ৩০,০০০ শিশুৱে ভিটামিন ‘এ’ৰ অভাৱত দৃষ্টিশক্তি হেৰুৱায়।

দৃষ্টিশক্তি হেৰুওৱাৰ উপৰি ভিটামিন ‘এ’ৰ অভাৱ হ’লে শিশুসকলৰ -

  • ছাল সোতোৰা পৰা,
  • চুলি সৰা,
  • অনবৰতে আমনি লাগি থকা,
  • দাঁত আৰু আলুৰ গঠন বেয়া হোৱা,
  • ভোক নলগা হোৱা,
  • শৰীৰৰ বৃদ্ধি বাধাগ্ৰস্ত হোৱা,
  • খাদ্যতন্ত্ৰ আৰু স্বাসতন্ত্ৰৰ সংক্ৰমণ আদিও হোৱা দেখা যায়।

সাধাৰণতে ভিটামিন ‘এ’ৰ অভাৱত ফলত শিশু হঠাতে অন্ধ হৈ নাযায়। কুকুৰীকণা বা ৰাতি দেখা নোপোৱাটো ভিটামিন ‘এ’ৰ অভাৱৰ প্ৰথম লক্ষণ। কুকুৰীকণা হোৱা শিশুৱে কম পোহৰ বা আন্ধাৰত একোৱেই দেখা নাপায়।

লাহে লাহে এওঁলোকৰ চকুৰ বগা অংশ শুকাই যায়(Xerophthalmia) আৰু উজ্জ্বলতা/চিকমিকনি নোহোৱা হয়। শেষত কৰ্ণিয়াৰ ঘা হৈ কৰ্ণিয়া অস্বচ্ছ হ’লে স্থায়ীভাৱে অন্ধত্ব নামি আহে।

ভিটামিন ‘এ’ৰ অভাৱ প্ৰথম অৱস্থাতে নিৰ্ণয় কৰিব পাৰিলে বেছি পৰিমাণত ভিটামিন ‘এ’ সমৃদ্ধ খাদ্য খুৱাই এই অভাৱ দূৰ কৰিব পৰা যায়। শিশুসকলৰ কুকুৰীকণা অথবা চকুৰ বগা অংশ শুকাই গৈ চকুৰ উজ্জ্বলতা/চিকমিকনি নোহোৱা হোৱা আদি লক্ষণে দেখা দিলে লগে লগে চিকিৎসকক দেখুওৱা উচিত।

সময়ত উপযুক্ত চিকিৎসা নকৰিলে ইয়াৰেপৰা স্থায়ী অন্ধত্ব হ’বগৈ পাৰে। যদিহে শিশুটোৱে মুখেৰে ভিটামিন ‘এ’ খাবলৈ অপৰাগ হয় অথবা খালেই বমি কৰে তেন্তে পানী দ্ৰবীভূত ভিটামিন ‘এ’ৰ বেজী দিব পাৰি।

ভিটামিন ‘এ’ৰ অভাৱত Xerophthalmia হ’লে চকুটো পেডেৰে ঢাকি ৰাখিলে চকু কমকৈ শুকোৱা আৰু কৰ্ণিয়াৰ ঘা হ’লে এন্টিবায়োটিক চকুৰ দৰৱ দিব লাগে। কৰ্ণি্যাৰ ঘা হৈ কৰ্ণিয়া অস্বচ্ছ হৈ স্থায়ীভাৱে অন্ধত্ব নামি আহিলে কৰ্ণিয়া সংৰোপণ কৰিবলগীয়া হয়।

শিশুসকলৰ মাজত ভিটামিন ‘এ’ৰ অভাৱ প্ৰতিৰোধ কৰিবলৈ শিশুসকলক ভিটামিন ‘এ’ সমৃদ্ধ আহাৰ গ্ৰহণ কৰিব দিয়া উচিত।

  • লিভাৰ,
  • কণী,
  • মাছ,
  • মাছৰ তেল,
  • মাংস,
  • গাখীৰ,
  • মাখন আদিত যথেষ্ট পৰিমাণৰ ভিটামিন ‘এ’ থাকে।
  • সেউজীয়া পাতৰ শাক-পাচলি,
  • ধনীয়া,
  • ফল-মূল,
  • গাজৰ,
  • অমিতা,
  • আম আদিতো ভিটামিন ‘এ’ প্ৰচুৰ পৰিমাণত থাকে।

নেচনেল ইনষ্টিটিউট অব নিউট্ৰিচন, হাইদৰাবাদে কৰা গৱেষণাৰ মতে একৰপৰা পাঁচ বছৰ বয়সৰ শিশুক প্ৰতি ছমাহৰ অন্তৰে অন্তৰে দুই লাখ IU ভিটামিন ‘এ’ৰ চিৰাপ খুৱালে ভিটামিন ‘এ’ৰ অভাৱ কিছু পৰিমাণে কমে।

প্ৰতি ছমাহৰ অন্তৰে অন্তৰে দুই লাখ IU ভিটামিন ‘এ’ৰ চিৰাপ খুৱালে এই ভিটামিন যকৃতত জমা হৈ থাকে।

পিছৰবাৰ খুওৱালৈকে শিশুটিক প্ৰয়োজনীয় ভিটামিন ‘এ’ শৰীৰে তাৰ পৰা পায়। ভাৰতবৰ্ষত ভিটামিন ‘এ’ৰ অভাৱত হোৱা অন্ধতা ৰোধ কৰিবলৈ ৰাষ্ট্ৰীয় ভিটামিন ‘এ’ প্ৰফাইলেক্সিক প্ৰগ্ৰেম অনুসৰি একৰপৰা পাঁচ বছৰ বয়সৰ শিশুক প্ৰতি ছমাহৰ অন্তৰে অন্তৰে দুই লাখ IU ভিটামিন ‘এ’ৰ চিৰাপ খুওৱা হৈছিল।

বৰ্তমান ভাৰতবৰ্ষত কেৱল তিনি বছৰ বয়সৰ তলৰ শিশুকহে ভিটামিন ‘এ’ৰ চিৰাপ অতিৰিক্তভাৱে খুওৱা হয়।

আজিকালি শিশুৰ ৯ মাহ বয়সত মিজিলছ ভেকচিন দিয়াৰ সময়ত এক লাখ IU ভিটামিন ‘এ’ৰ চিৰাপ আৰু ১৫ ৰ পৰা ১৮ মাহৰ ভিতৰত দুই লাখ IU ভিটামিন ‘এ’ৰ চিৰাপ মুখেৰে খুওৱা হয়।

মাতৃ দুগ্ধ নোখোৱা শিশুক অতিৰিক্তভাৱে ২৪ মাহ, ৩০ মাহ আৰু ৩৬ মাহ বয়সত দুই লাখ IU ভিটামিন ‘এ’ৰ চিৰাপ মুখেৰে খুওৱা হয়।

গৰ্ভৱতী মহিলা আৰু শিশুক দুগ্ধপান কৰোৱা মাতৃক ভিটামিন ‘এ’ সমৃদ্ধ পুষ্টিকৰ আহাৰ অধিক গ্ৰহণ কৰিবলৈ দিয়াৰ উপৰি অতিৰিক্তভাৱে ভিটামিন ‘এ’ৰ খোৰাক দিব লাগে।

ইয়াৰ ফলত গৰ্ভস্থ শিশুটো অথবা মাতৃদুগ্ধ পান কৰা শিশুবোৰ মাকৰপৰা পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ‘এ’ পাব পাৰে।

লেখক: ডাঃ ধৰ্মকান্ত কুম্ভকাৰ(দৈনিক অসম)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top