মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / ভিডিঅ’ গেম আপোনাৰ সন্তানটিৰ বাবে কিমান উপকাৰী বা কিমান অপকাৰী :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ভিডিঅ’ গেম আপোনাৰ সন্তানটিৰ বাবে কিমান উপকাৰী বা কিমান অপকাৰী :

ভিডিঅ’ গেম আপোনাৰ সন্তানটিৰ বাবে কিমান উপকাৰী বা কিমান অপকাৰীৰ বিষয়ে লিখা হৈছে ।

 

আমি জানো যে সকলো বস্তুৰে ভাল-বেয়া গুণ থাকে। আমি সকলোৱে যিকোনো বস্তুৰে ভালখিনিহে শিশুসকলক দিব লাগে, যিহেতু তেওঁলোকৰ কোমলমতীয়া মনে নিজে ভাল-বেয়া বিচাৰ কৰিবলৈ অপাৰগ।

গতিকে কথাবোৰ কিছু মন দি পঢ়ক আৰু শিশুক ভিডিঅ’ গেম খেলিবলৈ দিয়াৰ সময়ত তলত লিখা কথাখিনি মনত পেলাওক।

ভিডিঅ’ গেমৰ শিশুৰ ওপৰত পৰা অশুভ প্ৰভাৱ -

ভিডিঅ’ গেমৰ বেছিভাগ গেমতেই আটাইতকৈ বেছি অশুভ প্ৰভাৱ পেলোৱাৰ বাবে চিনাক্ত হৈছে খেলত থকা যুদ্ধ-বিগ্ৰহ তথা শত্ৰু আক্ৰমণৰ খেলসমূহ। যিবিলাক ল’ৰা-ছোৱালীয়ে বেছিকৈ এনেধৰণৰ গেম খেলে, তেওঁলোকৰ ব্যৱহাৰত ক্ৰুৰতা, ভাব-চিন্তাত আৰু ব্যৱহাৰত উগ্ৰতা আৰু পৰোপকাৰবিমুখী হোৱা দেখা যায়।

এনেধৰণৰৰ বহুতো গেমত খেলোঁতাক যুদ্ধজয়ৰ ক্ষেত্ৰত বঁটা দিয়া দেখুওৱা হয়। এটা গেমতেই এনেধৰণৰ যুদ্ধ পুনঃ পুনঃ খেলি থকা হয়।

শিশুৱে নিজেই এনেধৰণৰ যুদ্ধৰ অত্যাচাৰ, য’ত মৰা-মৰি, লথিওৱা, চৰিওৱা বা গুলী মৰা আদি নিজ হাতেৰে নিয়ন্ত্ৰণ কৰে আৰু চকুৰেও ইয়াৰ অভিজ্ঞতা লভে।

এনেধৰণৰ সক্ৰিয় সহযোগিতাত থাকি আৰু পুনঃ পুনঃ একেধৰণৰ কামত অংশ লৈ জিকাৰ মানসিকতাই নিজৰ আচৰণ গঢ়াত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে।

বহুতো গৱেষণাত এইটো প্ৰতীয়মান হৈছে যে যুদ্ধ-বিগ্ৰহ থকা ভিডিঅ’ গেম খেলা শিশুসকলৰ ব্যৱহাৰ অতি কঠোৰ হয়(এডাৰছন আৰু ডিল, ২০০০; জেনটাইল, লিনছ আৰু ৱালছ, ২০০৪)।

অতি বেছি ভিডিঅ’ গেম খেলি থাকিলে আপোনাৰ সন্তান সামাজিক, জীৱনৰ পৰা আঁতৰি থকাৰ সম্ভাৱনা বাঢ়ে। তদুপৰি বেছি সময় ভিডিঅ’ গেম খেলি থাকিলে খেলোঁতেই আন কিছুমান কাম, যেনে-

*স্কুলৰ হোমৱৰ্ক,

*পঢ়া-শুনা,

*অন্য খেল খেলা বা বন্ধু আৰু পৰিয়ালৰ আন সদস্যৰ লগত কথা-বতৰা পতাত সময়ৰ অভাৱ ঘটে।

ভিডিঅ’ গেমে শিশুৰ সৃজনী প্ৰতিভা তথা কল্পনাশক্তি জাগ্ৰত কৰাত কোনোধৰণৰ সহায় আগবঢ়ায়। সৃজনী প্ৰতিভা বিকাশত কল্পনাশক্তিৰ মহিমা অপাৰ।

কিছুমান ভিডিঅ’ গেমে শিশুক ভুল ধাৰণাৰ জ্ঞান দিয়ে। এনে খেলবোৰত উগ্ৰ তথা আক্ৰমণাত্মক ব্যৱহাৰৰ বাবেহে নম্বৰ লাভ কৰা দেখা যায়, আচলতে শিশু অৱস্থাত অহিংসা তথা বুজাবুজিৰ জ্ঞান লাভহে বেছি আৱশ্যক।

বেছিভাগ ভিডিঅ’ গেমতেই মহিলাক দুৰ্বল আৰু অসহায় দেখুওৱা হয়, যিয়ে বাস্তৱ জীৱনতো শিশুৰ মনৰ ওপৰত ৰেখাপাত কৰে।

খেলসমূহ বাস্তৱ জীৱনৰ লগত সাদৃশ্য নথকা তথা ইয়াৰ কোনো উল্লেখনীয় ভূমিকা বাস্তৱ জীৱনত নথকা বিধৰ হয়।

ভিডিঅ’ গেমে স্কুলীয়া পাঠ্যক্ৰমত কোনোধৰণৰ অগ্ৰগতি নানে। গৱেষণাৰ ফলত দেখা গৈছে যে বেছি সময় ভিডিঅ’ গেম খেলি থকা শিশুৱে স্কুলত বেয়া ফল দেখুৱায়।

ভিডিঅ’ গেমে শিশুৰ স্বাস্থ্যৰ ওপৰতো বিৰূপ প্ৰভাৱ পেলায়। মেদবহুলতা, বহাৰ ভংগী শুদ্ধ নোহোৱাৰ ফলত হাড়ৰ সমস্যা, স্নায়ুৰ সমস্যা, একেথৰে চাই থকাৰ বাবে হোৱা চকুৰ সমস্যা আদিয়েই ভিডিঅ’ গেমৰ ফলত হোৱা স্বাস্থ্যজনিত ৰোগ তথা সমস্যা।

অনলাইন ভিডিঅ’ গেমৰ জৰিয়তে শিশুৱে কেতিয়াবা বেয়া ভাষা তথা ব্যৱহাৰ অইন লোকৰ পৰা শিকে, যিয়ে শিশুৰ মনৰ ওপৰত কু-প্ৰভাৱ পেলায়।

এতিয়া আপুনি ইয়াক নিয়ন্ত্ৰণ কেনেকৈ কৰিব?

ভিডিঅ’ গেম শিশুক খেলিবলৈ দিয়াৰ আগতে নিজে পৰ্যবেক্ষণ কৰক যেনেকৈ টেলিভিছন বা অন্য মনোৰঞ্জন কাৰ্যসূচী নিৰীক্ষণ কৰে।

এজন সঁচা অৰ্থত অভিভাৱক হ’বলৈ যত্ন কৰক, যিয়ে শিশুক মৰম আৰু সান্নিধ্য দিয়ে। এজন উগ্ৰ স্বভাৱৰ শিশু পিতৃ-মাতৃৰ শুদ্ধ পৰিচালনাৰ অভাৱৰে ফল।

গৱেষণাৰ ফলত দেখা গৈছে যে অভিভাৱকৰ নিৰীক্ষণত নথকা শিশুৱে প্ৰায়েই স্কুলত বিফলতা প্ৰদৰ্শন কৰে আৰু সমনীয়াৰ লগতো প্ৰায়েই কাজিয়াত লিপ্ত হয়।

যদিওবা ভিডিঅ’ গেম এক শিক্ষা আহৰণৰ সঁজুলি, তথাপু শিশুটিক বেলেগ বেলেগ ধৰণৰ উপভোগ্য সামগ্ৰী দিব পাৰে, যাতে আপোনাৰ শিশুটি অকল এটা বস্তুতেই আসক্ত হৈ নপৰে।

কিতাপ পঢ়িবলৈ, খেল(য’ত শৰীৰৰ ব্যায়াম হয়) খেলিবলৈ, অন্য শিশুৰ লগত মত বিনিময় কৰিবলৈ আৰু টিভিৰ ভাল অনুষ্ঠান উপভোগ কৰিবলৈ উৎসাহ দিয়ক।

শিশুসকলৰ সকলো কামকেই নিয়ন্ত্ৰণৰ ভিতৰত ৰাখিব। এনেৰিকান একাডেমী অৱ পেডিয়াট্ৰেক্সে(American Academy of Pediatrics) দিয়া পৰামৰ্শ অনুসৰি শিশুসকলে দিনটোত এঘন্টা-দুঘন্টাতকৈ বেছি সময় কোনো ইলেক্ট্ৰ’নিক পৰ্দাৰ ওপৰত থকা উচিত নহয়।

ইলেক্ট্ৰ’নিক পৰ্দা বোলোঁতে টিভি, মোবাইল, ভিডিঅ’, ভিডিঅ’ গেম আৰু কম্পিউটাৰক বুজোৱা হৈছে। গতিকে প্ৰতি সপ্তাহত ৭-১৪ ঘন্টাহে এনেধৰণৰ কাৰ্যত লিপ্ত থকাটো নিৰাপদ।

শিশুক ভিডিঅ’ গেম খেলাৰ সময় নিৰ্ধাৰণ কৰি দিয়ক, তদুপৰি শিশুক নিজৰ অধ্যয়ন বেছি মন দিবলৈ তথা ভিডিঅ’ গেমৰ আক্ৰমণাত্মক খেলসমূহ বেছি নেখেলিবলৈ উপদেশ দিব।

শিশুটিৰ ওপৰত ভিডিঅ’ গেমৰ প্ৰভাৱ মন কৰক। শিশুটিৰ ব্যৱহাৰো লক্ষ্য কৰক। যদি কোনো যুদ্ধবিষয়ক গেম খেলি পিছত শিশুটিৰ ব্যৱহাৰত উগ্ৰতা প্ৰকাশ পায়, তেন্তে তুৰন্তে তেনে খেল বন্ধ কৰাই দিয়ক।

যদি কোনো বুৰঞ্জীত জ্ঞান থকা খেল খেলাৰ পিছত শিশুটিয়ে বুৰঞ্জীৰ জ্ঞানৰ বাবে আগ্ৰহী  হৈ পৰে, তেন্তে জানিব এনেধৰণৰ গেমে শিশুটিৰ ওপৰত শুভ ফল দিছে।

ভিডিঅ’ গেম শিশুটিৰ বাবে বাছনি কৰোঁতে কি কি কথা চাব?

যদি আপুনি ভাবে যুদ্ধবিষয়ক ভিডিঅ’ গেমে আপোনাৰ শিশুটিক উগ্ৰ কৰি তুলিব পাৰে, তেন্তে শিশুটিক ইয়াৰ ইয়াৰ অপকাৰিতাৰ বিষয়ে ভালদৰে বুজাই কওক আৰু শিশুটিক বয়সৰ উপযোগী খেল খেলাৰ বাবে সৈমান কৰাওক।

ভিডিঅ’ গেম কিনোতে ‘ক’ভাৰ পেজ’টো মন কৰক। যদি তাত যুদ্ধ বা যৌনবিষয়ক ছবি থাকে, তেন্তে ভিতৰতো তেনেকুৱা ছবি থাকিবই। শিশুক খেলিবলৈ দিয়াৰ আগতে খেলটো ডাঙৰে সম্পূৰ্ণকৈ চাই ল’ব।

বয়স অনুযায়ী গেম নিৰ্বাচন কৰিব -

এনেকুৱা খেল নিৰ্বাচন কৰক, য’ত শিশুটিৰ চিন্তাশক্তি বিকশিত হয়।

একেলগে বহুকেইজনে খেলিব পৰা গেম নিৰ্বাচন কৰক, যাতে শিশুটিয়ে দলগতভাৱে খেলাৰ অৱকাশ পায়।

মাজে-সময়ে এনেকুৱা খেল খেলিবলৈ দিয়ক, য’ত আপোনাৰ শিশুটিয়ে মূল চৰিত্ৰটোত ‘হিৰো’ হিচাপে নেতৃত্ব দি খেল জিকাৰ অৱকাশ পায়।

ইন্টাৰনেটৰ পৰা গেম ডাউনলোড কৰিবলৈ শিশুটিক কেতিয়াও উৎসাহিত নকৰিব আৰু অনলাইন গেমৰ খেলবোৰ পৰ্যবেক্ষণ কৰিব।

উপৰোক্ত কথাবোৰৰ পৰা অভিভাৱকসকলে নিশ্চয় ভিডিঅ’ গেমৰ সুফল আৰু কুফল সম্পৰ্কে কিছু কথা জানিব পাৰিছে। লেখাটোত যদিওৱা শিশু বুলি উল্লেখ কৰা হৈছে, ইয়াৰ দ্বাৰা ৬-৭ বছৰ বয়সৰ ল’ৰা-ছোৱালীৰ পৰা কিশোৰ অৱস্থাত সকলো ল’ৰা-ছোৱালীকেই বুজোৱা হৈছে।

এই লেখাটি প্ৰস্তুত কৰি থাকোঁতেই হঠাতে চকুত পৰা এটা বিশেষ বাতৰি পাঠক সমাজকো জনাব খুজিছোঁ। বাতৰিটো প্ৰকাশ পাইছে ‘দৈনিক অসম’ কাকতৰ ২৮ জানুৱাৰী, ২০১১ চনৰ সংখ্যাৰ দ্বিতীয় পৃষ্ঠাত।

বাতৰিটোৰ শিৰোনাম হ’ল- বিসফোৰণৰ বাবে দায়ী ভিডিঅ’ গেম’। মস্কোৰ এই বাতৰিটোৰ মতে ‘ৰাছিয়াৰ মস্কোস্থিত ড’ম’ডেড’ত আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত যোৱা সোমবাৰে সংঘটিত ভয়াৱহ বিসফোৰণ পৰিকল্পনা গঢ় লৈছিল এটা ভিডিঅ’ গেমৰ অনুপ্ৰেৰণাত।

এবছৰ পূৰ্বে মুকলি হোৱা মাৰ্কিন ভিডিঅ’ গেম ‘কল অৱ ডিউটী: মডাৰ্ন ৱাৰফেয়াৰ’ য’ত এটা চৰিত্ৰই এটা কাল্পনিক ৰুছ বিমানবন্দৰত অসামৰিক লোকৰ হত্যাযজ্ঞ চলায়।

উক্ত ঘটনাৱলী আৰু ড’ম’ডেড’ত বিমানবন্দৰৰ দৃশ্যৰ সাদৃশ্যই অনুসন্ধানকাৰী বিষয়াক এই সন্দেহ কৰিবলৈ বাধ্য কৰাইছে।

উল্লেখ্য যে সমগ্ৰ বিশ্বত কোটি হিচাপত বিক্ৰী হোৱা এই ভিডিঅ’ গেমৰ বিক্ৰী ৰাছিয়াত বন্ধ কৰিবলৈ যোৱা বছৰতেই একাংশ ৰুছ সাংসদে দাবী জনাইছিল।

গতিকে অভিভাৱকসকল সজাগ হওক। নিজৰ সন্তানক সদায় ওচৰৰ পৰা নিৰীক্ষণ কৰক আৰু শুদ্ধ পথত চলাৰ বাবে পথ প্ৰদৰ্শক হওক।

ভিডিঅ’ গেমে শিশুৰ ওপৰত পেলোৱা শুভ প্ৰভাৱ -

গতিকে উপৰোক্ত কথাৰ পৰা ক’ব পাৰি যে ভিডিঅ’ গেমে আপোনাৰ শিশুক কম্পিউটাৰ আৰু অনলাইন পৃথিৱীখনৰ লগত চিনাকি হ’বৰ সহায় কৰে।

আপুনি নিশ্চয় জানে যে আপুনি বৰ্তমান এক উচ্চ ক্ষমতাসম্পন্ন টেকন’লজীৰ পৃথিৱীত বাস কৰিছে। ভিডিঅ’ গেমে আপোনাৰ সন্তানক নতুন পৃথিৱীখনৰ লগত মিলিবলৈ সহায় আগবঢ়ায়।

ই ছোৱালীৰ বাবে বেছি আৱশ্যকীয়, কিয়নো ল’ৰাতকৈ ছোৱালী এনেধৰণৰ টেকন’ল’জীৰ বিষয়ে কম আকৰ্ষিত হোৱা দেখা যায়।

ভিডিঅ’ গেমে আপোনাক আৰু আপোনাৰ সন্তানক একেলগে খেলাৰ অৱকাশ দিয়ে, দিয়ে দুয়োৰে মাজৰ বান্ধোনলৈ দৃঢ়তা আনে।

কিছুমান খেলে শিশু আৰু বয়ষ্ক উভয়কে আকৰ্ষিত কৰে, দি দুয়ো মিলি উপভোগ কৰিব পাৰে। যেতিয়া আপোনাৰ সন্তানে খেলৰ বিষয়ে আপোনাতকৈ বেছিকৈ জানে, তেতিয়া তেওঁ আপোনাক খেলটো শিকাবলৈ যাব আৰু তেতিয়া আপুনি শিশুটিয়ে শিকোৱা ধৰণৰ পৰা শিশুটিৰ বুদ্ধিমত্তাৰ প্ৰকাশ দেখিবলৈ পাব।

ভিডিঅ’ গেমে ফূৰ্তিৰ মাজেৰে জ্ঞানৰ পৰিসৰ বঢ়ায়। আপোনাৰ সন্তানে এই খেল ভাল পোৱাৰ কাৰণ হ’ল ইয়াত ঘটা ৰঙৰ সমাৱেশ, ইয়াৰ চলন-ফুৰণ আৰু মানসিক তৃপ্তি।

তদুপৰি খেলৰ শেষত বিজয়ী হ’লে লাভ কৰা লোভনীয় পুৰস্কাৰো শিশুৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু। আচলতে সকলো ধৰণৰ শিক্ষা প্ৰণালীয়েই শিশুৰ উপভোগ্য হ’ব লাগে।

এইক্ষেত্ৰত ভিডিঅ’ গেমক প্ৰকৃতিৰ শিক্ষক বুলিব পাৰি। যেতিয়া কোনো এটা খেল শিশুৱে উপভোগ কৰে, তেতিয়া ই শিশুক আৰু বেছি অনুশীলন কৰাত উৎসাহ যোগায়।

ভিডিঅ’ গেমে শিশুক নিজৰ সামৰ্থৰ ওপৰত বিশ্বাস জন্মায়, যেতিয়া ই শিশুৰ আয়ত্তলৈ আহে। বেছিভাগ ভিডিঅ’ গেমতেই ন-শিকাৰুৰ বাবে কিছুমান সহজে জিকিব পৰা গেম থাকে, লাহে লাহে শিশুৱে নিজৰ ওপৰত আস্থা লাভ কৰে টান কৰি গেমসমূহত হাত দিব পৰা হয়গৈ।

পিছ্লৈ শিশুটিয়ে কোনো ভূল সিদ্ধান্ত লোৱাৰ বাবে বিচলিত নহয় আৰু খেলৰ সকলো ধৰণৰ বাধা অতিক্ৰম কৰাৰ বাবে বদ্ধপৰিকৰ হয়। যিয়ে বাস্তৱ জীৱনত শুভ প্ৰভাৱ বিস্তাৰ কৰে।

কিছুমান ভিডিঅ’ গেমত বহুজন লোক জড়িত হ’ব লগা হয়। যাৰ ফলত আপোনাৰ সন্তানৰ মাজত একেলগে কাম কৰাৰ প্ৰৱণতা বাঢ়ে।

তেওঁ বেলেগৰ সিদ্ধান্ত গ্ৰহণ কৰিব লগা হয় আৰু বেলেগৰ লগত লগ হৈ আঁচনি তৈয়া কৰিব লগা আৰু সেইবোৰৰ ওপৰত নিৰ্ভৰ কৰিয়েই খেল আগবঢ়াই নিব লগা হয়।

কিছুমান ‘অনলাইন গেম’ আন্তৰ্জাতিক পৰ্যায়ত খেলা হয়, য’ত আপোনাৰ সন্তানে বেলেগ দেশৰ কথা তথা সংস্কৃতিৰ জ্ঞান লাভ কৰে। তদুপৰি ইয়াৰ দ্বাৰা এক বন্ধু মহল গাঢ় লৈ উঠে।

শেষত যদিও ই বিতৰ্কৰ বিষয়, তথাপি ক’ব পাৰি যে যুদ্ধ-বিগ্ৰহ থকা ভিডিঅ’ গেমে আপোনাৰ সন্তানৰ মাজত থকা খং-ৰাহৰ  বহিঃপ্ৰকাশ ঘটায়, ইয়াক নিৰাময় কৰে। যেতিয়াই খেলোঁতাৰ খং আৰু হতাশা খেলত নিহিত কৰে, তেতিয়া মানসিক চাপ কমে। ভিডিঅ’ গেম খেলা শিশুৱে ফুটলজাতীয় খেলত নিজৰ ধনাত্মক চিন্তা-ধাৰাৰে খেলা দেখা যায়।

লেখক: ডাঃ বীৰেন্দ্ৰ নাৰায়ণ শৰ্মা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top