মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / মনোযোগহীনতা আৰু অতি সক্ৰিয়তা বিকাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মনোযোগহীনতা আৰু অতি সক্ৰিয়তা বিকাৰ :

মনোযোগহীনতা আৰু অতি সক্ৰিয়তা বিকাৰৰ বিষয়ে লিখা হৈছে ।

 

ADHDত আক্ৰান্ত শিশুৰ মুডৰ সঘন পৰিৱৰ্তন দেখা যায়। বহু সময়ত একেটা দিনতে লক্ষণীয়ভাৱে মুডৰ সালসলনি হোৱাও দেখা যায়।

যিহেতু এই ৰোগে ৰোগীৰ সামাজিক, শৈক্ষিক, বৃত্তিগত আৰু ব্যক্তিগত ক্ষেত্ৰত বহুলভাৱে প্ৰভাৱ পেলায়, সেয়ে মনোসামাজিক প্ৰক্ৰিয়াটো ব্যাপকভাৱে খেলিমেলি হৈ পৰে আৰু জীৱনৰ মান নিম্ন কৰি তোলে।

৯ বছৰ বয়সৰ এজন ল’ৰাক আইতাকে লৈ আহিছে চেম্বাৰলৈ। সমস্যা- অতি দুষ্ট, কাৰো কথা নুশুনে, অতি সোনকালে অসন্তুষ্ট হয়, এক মুহূৰ্তও একে স্থিৰে নাথাকে, কোনো কামতে মনোযোগ নাই, খং অনিয়ন্ত্ৰিতভাৱে বেছি ইত্যাদি।

এদিন স্কুলত কিবা সৰু কথাতে কাজিয়া লাগি সহপাঠী এজনক হঠাতে মূৰত স্কেলেৰে আঘাত কৰাত স্কুল কৰ্তৃপক্ষই ল’ৰাজনক স্কুলত ৰাখিব বিচৰা নাই। চেম্বাৰত থকা সময়খিনিতো বৰ অস্থিৰ হৈ থকা লক্ষ্য কৰিছিলোঁ। এক মুহূৰ্তৰ বাবে চকীত, খন্তেক পিছতেই আকৌ ছোফাত বা বাহিৰলৈ ওলাই যোৱা আদি দেখা গৈছিল।

এনেধৰণৰ সমস্যাসমূহ সাধাৰণতে মনোযোগহীনতা আৰু অতি সক্ৰিয়তা বিকাৰ(Attention Deficit Hyperactivity Disorder) বা চকুকৈ ADHDত আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত দেখা যায়।

এই ৰোগত আক্ৰান্ত ব্যক্তিৰ ক্ষেত্ৰত মনোযোগ বৰ্তাই ৰখাত অসুবিধা বা অক্ষমতা, অতি সক্ৰিয়তা, অনিয়ন্ত্ৰিত তাৎক্ষণিক প্ৰতিক্ৰিয়া আদি পৰিলক্ষিত হয়।

ADHDক হাইপাৰকিনেটিক ডিছঅৰ্ডাৰ বুলিও কোৱা হয়। ১৭৭৫ চনত এজন জাৰ্মান ফিজিচিয়ানে প্ৰথমবাৰৰ বাবে এই ৰোগৰ ব্যাখ্যা আগবঢ়াইছিল আৰু বৰ্তমানো এই ৰোগৰ ওপৰত বহু গৱেষণা হৈ আছে।

ADHDৰ প্ৰধান লক্ষণসমূহ হৈছে -

*মনোযোগহীনতা

*অতি সক্ৰিয়তা

*অনিয়ন্ত্ৰিত তাৎক্ষণিক প্ৰতিক্ৰিয়া।

যি দেহ মানসিক বিকাশৰ স্তৰৰ লগত সামঞ্জস্যহীন হয় আৰু আক্ৰান্ত ব্যক্তিৰ সামাজিক, শিক্ষাগত বা বৃত্তিগত ক্ষেত্ৰত কুপ্ৰভাৱ পেলায়। এনে শিশুসকল অতি সোনকালে বিৰক্ত হয়।

প্ৰায়ে সহপাঠী, বন্ধুৰ লগত তৰ্ক বা মাৰপিটত লিপ্ত হয়, কোনো কামতে মনসংযোগ বৰ্তাই ৰাখিব নোৱাৰে, শিক্ষক আৰু অভিভাৱকৰ নিৰ্দেশনা মানি চলা আৰু তাৎক্ষণিকভাৱে প্ৰতিক্ৰিয়া নিয়ন্ত্ৰণ কৰিবলৈ অসুবিধা পোৱা বাবে বিদ্যালয়লৈ যোৱা কামটোত সাধাৰণতে বিৰক্ত হোৱা দেখা যায়।

অৱশ্যে এনে আচৰণসমূহ কেৱল বিদ্যালয়তে প্ৰদৰ্শন কৰে যে তেনে নহয়, সকলো পৰিৱেশতে এই আচৰণসমূহ অনিয়ন্ত্ৰিতভাৱে দেখা যায়। ADHDত আক্ৰান্ত শিশুৰ মুডৰ সঘন পৰিৱৰ্তন দেখা যায়। বহু সময়ত একেটা দিনতে লক্ষণীয়ভাৱে মুডৰ সালসলনি হোৱাও দেখা যায়।

যিহেতু এই ৰোগে ৰোগীৰ সামাজিক, শৈক্ষিক, বৃত্তিগত আৰু ব্যক্তিগত ক্ষেত্ৰত বহুলভাৱে প্ৰভাৱ পেলায়, সেয়ে মনোসামাজিক প্ৰক্ৰিয়াটো ব্যাপকভাৱে খেলিমেলি হৈ পৰে আৰু জীৱনৰ মান নিম্ন কৰি তোলে।

উদাহৰণস্বৰূপে ADHDত আক্ৰান্ত শিশু বা কিশোৰ-কিশোৰীৰ ক্ষেত্ৰত বিদ্যালয়ৰ শিক্ষা আধৰুৱা হোৱা, আনুষ্ঠানিক শিক্ষাত পাৰদৰ্শিতাৰ অভাৱ, কাম-কাজ কৰাত বা ব্যক্তিগত অপাৰগতা, আৱেগৰ সুস্থিৰতা নোহোৱা, পিতৃ-মাতৃ বা পৰিয়ালৰ লগত মতানৈক্য, একে বয়সৰ লগৰীয়াৰ অৱজ্ঞা, আত্মবিশ্বাসৰ অভাৱ, অপৰাধপ্ৰৱণতা, আত্মহত্যাৰ প্ৰৱণতা আদি।

মনোযোগহীনতা আৰু অতি সক্ৰিয়তা ৰোগৰ চিকিৎসা -

এই ৰোগৰ চিকিৎসাৰ বাবে ৰোগৰ লক্ষণসমূহ চকুত পৰাৰ লগে লগে মানসিক ৰোগ বিশেষজ্ঞৰ কাষ চাপিব লাগে আৰু চিকিৎসা আৰম্ভ কৰিলে লক্ষণসমূহ নিয়ন্ত্ৰণ কৰিবলৈ সহজ হয়।

ঔষধৰ সমান্তৰালকৈ মনোবিজ্ঞানীৰ দ্বাৰা প্ৰদান কৰা বিহেভিয়াৰ থেৰাপীয়ে ৰোগীক বহু পৰিমাণে সহায় কৰে। এনে থেৰাপীৰ ফলত ৰোগীয়ে ভাল আচৰণসমূহ শক্তিশালী কৰা আৰু বেয়া আচৰণসমূহ নোহোৱা কৰিবলৈ চেষ্টা কৰিবলৈ সমৰ্থ হয়।

ফলত অভিভাৱক আৰু সমাজৰ লগত সম্পৰ্কৰ মান উন্নত হয়। এনে ৰোগীৰ বাবে সহজ জীৱন ধাৰণৰ কৌশলৰ প্ৰশিক্ষণ বৰ প্ৰয়োজনীয়।

এই কৌশলসমূহৰ ভিতৰত স্বনিৰ্দেশনা আৰু আত্মনিয়ন্ত্ৰণৰ, কৌশল, সমস্যা সমাধানৰ সহজ কৌশল, ডায়েৰী আৰু দৈনন্দিন সময় তালিকাৰ ব্যৱহাৰ, সুস্থ সামাজিক আচৰণ প্ৰদৰ্শনৰ কৌশলৰ প্ৰশিক্ষণ আদি প্ৰধান।

ৰোগীৰ উপৰি অভিভাৱকৰ বাবেও কাউন্সেলিঙৰ ব্যৱস্থা কৰা হয়। ৰোগীৰ উপযুক্ত যত্ন তথা সফল চিকিৎসাৰ বাবে অভিভাৱকে ৰোগটোৰ বিষয়ে ভালকৈ জনা প্ৰয়োজন।

ৰোগৰ পৰ্যাপ্ত বিৱৰণ, লক্ষণ আৰু অভিভাৱকে কৰিব পৰা নিজাববীয়া যত্ন আৰু ব্যৱস্থা, ঘৰুৱা পৰিৱেশ চিকিৎসাৰ সুবিধাজনক কৰি তোলাৰ কৌশল, এই ৰোগৰ লগত দেখা দিব পৰা আন ৰোগৰ তথ্য চিকিৎসাৰ সুপৰিকল্পনা আদি সকলো এই কাউন্সেলিঙে সামৰি লয়।

সুষম আহাৰ গ্ৰহণ আৰু ৰাসায়নিক দ্ৰব্যৰে সংৰক্ষণ কৰা আহাৰ পৰাপক্ষত বৰ্জন কৰাটো দৰকাৰী কথা।

চিকিৎসাৰ সমান্তৰালভাৱে সম্ভৱপৰ হ’লে যোগাসন আৰু ধ্যানৰ অভ্যাসেও মনোযোগ বৃদ্ধি কৰাত বহু সময়ত সহায় কৰে।

মনোযোগহীনতা আৰু অতি সক্ৰিয়তা বিকাৰ সমাধান সূত্ৰ নোহোৱা সমস্যা নহয়। কিন্তু তাৰ বাবে-

*সঠিক সময়ত সঠিক চিকিৎসা,

*সুপৰিকল্পিত জীৱনজোৰা চিকিৎসাৰ বাবে প্ৰস্তুতি,

*অভিভাৱকৰ সজাগতা আৰু যত্ন,

*চিকিৎসাত সহায়ক ঘৰুৱা পৰিৱেশ এই সকলোৰে প্ৰয়োজন আছে।

তেনেক্ষেত্ৰতহে এনে ৰোগীৰ জীৱনৰ মান উন্নত কৰা আৰু সুস্থ মনোসামাজিক আচৰণৰ অভ্যাস কৰোৱাটো সম্ভৱ।

লেখিকা: আৰাধনা বৰুৱা(নিয়মীয়া বাৰ্তা)

4.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top