মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / মাতৃ দুগ্ধৰ উপকাৰিতা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাতৃ দুগ্ধৰ উপকাৰিতা :

মাতৃ দুগ্ধৰ উপকাৰিতাৰ বিষয়ে লিখা হৈছে ।

 

নৱজাতকৰ বাবে মাতৃ দুগ্ধই হৈছে সৰ্বোত্তম আহাৰ। মাতৃ দুগ্ধই শিশুৰ স্বাভাৱিক বিকাশ আৰু সু-স্বাস্থ্যত বিশেষ ভূমিকা গ্ৰহণ কৰি আহিছে। ই একমাত্ৰ শিশুৰ সুস্থ-সবল বিকাশতেই সহায়ক নহয়, বৰঞ্চ শিশু আৰু মাতৃৰ সম্পৰ্ক অধিক গাঢ় কৰি তোলাতো বিশেষভাৱে সহায়কাৰী।

মাতৃ দুগ্ধ শিশুৰ বাবে যিদৰে পুষ্টিকৰ তেনেদৰেই প্ৰয়োজনীয়ও আৰু জন্মৰ এঘন্টাৰ ভিতৰতে স্তনপান কৰোৱাটো অতি প্ৰয়োজনীয়। কিয়নো প্ৰথম অৱস্থাৰ ক’লস্ত্ৰামযুক্ত হালধীয়া দুগ্ধই শিশুৰ বাবে সংক্ৰমণ প্ৰতিৰোধকৰ কাম কৰে। ইয়াত অতি উচ্চহাৰত প্ৰ’টিন, কাৰ্বহাইড্ৰেট, ভিটামিন, এন্টিবডী থাকে আৰু সৰ্বপ্ৰথমে ই শিশুটিৰ বাবে উচিত আহাৰ। ক’লস্ত্ৰামে শিশুৰ প্ৰথম মল ত্যাগ ক্ষেত্ৰতো এক বিশেষ ভূমিকা গ্ৰহণ কৰে যাক মেক’নিয়াম বোলা হয়। এই মেক’নিয়াম হৈছে গৰ্ভস্থ অৱস্থাত শিশুৰ পেটলৈ যোৱা বিভিন্ন অপ্ৰয়োজনীয় আৰু বৰ্জিত পদাৰ্থৰ সমষ্টি। তাৰ ভিতৰত পিত্তৰস, মৃত লোহিত ৰক্তকণিকা উল্লেখযোগ্য। গতিকে এই মেকনিয়াম জন্মৰ পিছতেই যিমান শীঘ্ৰে শিশুৱে ত্যাগ কৰিব পাৰে সিমানেই শিশুটিৰ স্বাস্থ্যৰ বাবে উপকাৰী। বিশেষকৈ ই জন্মৰ পাছত হোৱা জণ্ডিছ ৰোগ প্ৰতিৰোধ কৰাত বিশেষভাৱে উল্লেখযোগ্য। ক’লস্ত্ৰামে শিশুক মিউকাচ আৰু হাওঁফাওঁৰ ৰোগত আক্ৰান্ত হোৱাৰ পৰাও ৰক্ষা কৰে। ক’লস্ত্ৰামত বিভিন্ন ৰোগ প্ৰতিৰোধৰ উপদান যেনে লিমফচাইট, ইমিউনুগ্লবিলিন জি, ইমিউনুগ্লবিলিন এ আৰু ইমিউনুগ্লবিলিন এম নামৰ এন্টিবডী, লাইচজাইমকে অজস্ৰ ৰোগ প্ৰতিৰোধী উপাদান থাকে। গতিকে ক’লস্ত্ৰাম সঠিকভাৱে পান কৰা শিশু ৰোগমুক্ত হৈ থকাৰ লগতে শাৰীৰিক বৃদ্ধিও খৰতকীয়া হয়। আনহাতে যি শিশুৱে প্ৰথম মাতৃদুগ্ধ অথবা ক’লস্ত্ৰামযুক্ত দুগ্ধ পানৰ পৰা বঞ্চিত হয় তেনে শিশুক জন্মৰ পাছতে বিভিন্ন ৰোগে আগুৰি ধৰাৰ সম্ভাৱনা অধিক আৰু যাৰ ফলত শিশুৰ স্বাভাৱিক বৃদ্ধিতো বাধা জন্মে।

দ্বিতীয়তে শিশুৰ ছমাহ নোহোৱা পৰ্যন্ত কেৱল মাতৃদুগ্ধই জৰুৰী কিয়নো ছমাহ নোহোৱালৈকে শিশুৰ পাচনতন্ত্ৰ মাতৃদুগ্ধৰ বাহিৰে অন্য আহাৰ বা পানীয় হজম কৰিব পৰাকৈ পৰিপক্ব হৈ নুঠে। আনহাতে, ছমাহৰ পাছতো অন্য খাদ্যৰ লগতে মাতৃদুগ্ধ অন্ততঃ দুবছৰলৈকে পান কৰোৱাটো শিশুটিৰ বাবে পৰম উপকাৰী। মাতৃদুগ্ধত থকা ভিটামিন, মিনাৰেল আৰু প্ৰটিনৰ উপৰি ই সহজে হজম হয় আৰু বাঢ়ি অহা শিশুৰ প্ৰয়োজনীয় পুষ্টি আগবঢ়ায়। ই পেটৰ অসুখ, বদহজম আদিৰ পৰাও ৰক্ষা কৰে আৰু বিশেষকৈ মাতৃ দুগ্ধ সম্পূৰ্ণ বীজাণুমুক্ত তথা কৃত্ৰিম দুগ্ধতকৈ সুৰক্ষিত। মাতৃ দুগ্ধই মস্তিষ্কৰ বিকাশো সাধন কৰে লগতে শিশুৰ অতিৰিক্ত মেদবহুলতা আৰু বহুমূত্ৰত সম্ভাৱনাও প্ৰায় ৩৫ শতাংশ লাঘৱ কৰে। ইয়াৰ উপৰি শিশু অৱস্থাতে হ’ব পৰা কেঞ্চাৰো প্ৰতিৰোধ কৰে। বিশেষজ্ঞসকলৰ মতে প্ৰায় পোন্ধৰ বছৰৰ আগৰে পৰাই মানুহৰ শৰীৰত কেঞ্চাৰ ৰোগৰ সম্ভাৱনীয়তাই দেখা দিব পাৰে। কৃত্ৰিম দুগ্ধপান কৰা শিশুৰ মাতৃ দুগ্ধ পনা কৰা শিশুতকৈ কেঞ্চাৰ হোৱাৰ সম্ভাৱনা প্ৰায় আঠ শতাংশ বেছি। উচ্চ ৰক্তচাপ, হৃদৰোগৰ সম্ভাৱনাও মাতৃদুগ্ধ সেৱন কৰা শিশুৰ ক্ষেত্ৰত কম পৰিলক্ষিত হয়। ইয়াৰ উপৰি ই মাতৃগৰাকীৰ বাবেও অতিশয় উপকাৰী। ই মাতৃ আৰু সন্তানৰ এক আত্মিক সম্পৰ্কে গঢ়ি তোলাতো সহায়কাৰী। দুগ্ধপান কৰোৱাৰ সময়ত অক্সিট’চিন নামৰ হৰম’ন নিৰ্গল হয় যি মাতৃ আৰু সন্তানৰ মৰমৰ সম্পৰ্ক গাঢ় কৰে। বিশেষ লক্ষনীয় যে যিসকল মাতৃয়ে মাতৃ দুগ্ধ পান কৰায়, সেইসকল মহিলাৰ স্তন কেঞ্চাৰ হোৱাৰ আশংকা প্ৰায় ২৫ শতাংশ কম। তদুপৰি সন্তান জন্মৰ পাছত হোৱা ৰক্তক্ষৰণ ৰোধ কৰি প্ৰাকৃতিক অৱস্থালৈ ঘূৰাই অনাতো ই সহায়কাৰী লগতে গৰ্ভাৱস্থাৰ কালছোৱাত হোৱা মেদবহুলতাও সাধাৰণ অৱস্থালৈ ঘূৰাই আনে।

শিশুৰ ছমাহৰ ভিতৰৰ এই সময়ছোৱাত কোনো বিকল্প আহাৰ যেনে গাখীৰ, পানী, মৌ আদি খুৱাব নালাগে। বিশেষকৈ চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো বিকল্প আহাৰ তথা গাখীৰ শিশুক খুওৱাটো অনুচিত। এই সময়ছোৱাত শিশুৰ ৰোগ প্ৰতিৰোধক ক্ষমতা অতি কম হৈ থাকে সেয়ে এই কৃত্ৰিম আহাৰ পেটৰ অসুখ, বদহজম, অজীৰ্ণতা ইত্যাদি ৰোগৰ কাৰক হ’ব পাৰে। মৌ নৱজাতকৰ বাবে অলপো নিৰাপদ নহয় কিয়নো মৌত এক বিশেষ জীৱাণু আছে যি শিশুৰ শৰীৰৰ বাবে ক্ষতিকাৰক। কৃত্ৰিম গাখীৰো সেইদৰে হানিকাৰক, কিয়নো তাত থকা পুষ্টি আৰু শৰ্কৰা শিশুৰ বাবে উপকাৰী নহয়। ফলৰ ৰস, পানী আদিও নৱজাতকৰ বাবে হানিকৰক। ফলৰ ৰসেও খোৱাৰ অৰুচি, ডায়েৰীয়া, বদহজম কৰে সেয়ে ই ছমাহৰ তলত শিশুৰ বাবে ক্ষতিকাৰক। সেইমতে পানীৰ দ্বাৰাও শিশুটি পেটৰ হ্ৰোগ, জ্বৰ, বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত ৰোগত আক্ৰান্ত হোৱাৰ সম্ভাৱনা অতি বেছি। শিশুক লাগে অতি সাধাৰণ অথচ পুষ্টিকাৰক আহাৰ আৰু তাৰ বাবে মাতৃ দুগ্ধতকৈ উত্তম আন একোৱেই নহয়।

অসুখ-বিসুখৰ সময়তো শিশুক স্তনপান জাৰি ৰাখিব লাগে কিয়নো ই ৰোগ প্ৰতিৰোধকৰ কাম কৰে আৰু শিশুটিক দুৰ্বল হোৱাৰ পৰা ৰক্ষা কৰে। শিশুটিৰ বাবে প্ৰয়োজনীয় সকলো পুষ্টিকৰ উপাদান যিহেতু মাতৃ দুগ্ধতেই একেলগে উপলব্ধ সেয়েহে অসুখ-বিমুখৰ সময়তো ইয়েই শিশুৰ পক্ষে আটাইতকৈ গ্ৰহণযোগ্য তথা সুষম আহাৰ।

উৎস: ৰাইজৰ বাতৰি

 

2.86666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top