মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / মাতৃ দুগ্ধৰ ওপৰঞ্চি শিশুক খুৱাবলগীয়া আহাৰ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাতৃ দুগ্ধৰ ওপৰঞ্চি শিশুক খুৱাবলগীয়া আহাৰ

মাতৃ দুগ্ধৰ ওপৰঞ্চি শিশুক খুৱাবলগীয়া আহাৰ

শিশুৰ বয়স ৪ ৰ পৰা ৬ মাহ নোহোৱালৈকে মাতৃদুগ্ধই হৈছে একমাত্ৰ আহাৰ। অৱশ্যে এই বয়সৰ পিছত শিশুক দুই-এচামুচ পাতলকৈ তৈয়াৰ কৰা আহাৰ খুৱাবলৈ লব পাৰে। এই আহাৰৰ পৰিমাণ লাহে লাহে বঢ়াই নিব পাৰে। এই আহাৰৰ পৰিমাণ লাহে লাহে বঢ়াই নিব পাৰে। পৰিমাণ বঢ়াৰ লগে লগে আহাৰৰ অৱস্থাও ক্ৰমে টান কৰি আনিব। দুবছৰৰ এটি শিশুক গোটেই দিনটোত পূৰ্ণবয়স্ক এজন ব্যক্তিয়ে খোৱা আহাৰৰ আধ পৰিমাণৰ আহাৰ খুৱাব লাগে। বাঢ়ি অহা শিশুৰ আহাৰত প্ৰোটিন, শৰ্কৰা, চৰ্বি, ভিটামিন আদি সকলো ধৰণৰ পুষ্টিয়েই থাকিব লাগে। বাঢ়ি অহা শিশুটিৰ প্ৰোটিনৰ চাহিদা পূৰ্ণবয়স্ক এজন ব্যক্তিতকৈ বেছি। শিশুৱে একেবাৰতে বেছিকৈ খাব নোৱাৰে বাবে বাৰে বাৰে খুৱাই থাকিব লাগে। শিশুক আহাৰ খুওৱৰ আগতে সেই অকণমান মাক বা দেউতাকে খাই চাব লাগে। ডাঙৰে খাই সোৱাদ পোৱা খাদ্য শিশুতিয়েও খাই ভাল পায়। জ্বলা-মছলা দিয়া খাদ্য শিশুক নিদিয়াই ভাল। দিলেও তেনেই কমকৈ দিব লাগে। শিশুৰ খাদ্য যিমান পৰা যায় সূষম হোৱা উচিত। বজাৰত বিক্ৰি হোৱা বেবিফুডত দামৰ তুলনাত খাদ্যগুণ কম থাকে। চাউল-দাইল ভালকৈ ধুই ৰ’দত শুকুৱাই গুৰি কৰি গুড় বা চেনি, সামান্য তেল দি পানীত ভালদৰে সিজাই কোমলকৈ লুথুৰি বনাই খুওৱা আহাৰে শিশুৰ ক্ৰমবৰ্দ্ধমান পুষ্টিৰ চাহিদা পূৰণ কৰিব পাৰে। তাৰোপৰি বতৰৰ ফলো-মাজে সময়ে তেল, সেউজীয়া শাক, বিন বা উৰহি জাতীয় পাচলি আৰু ফল শিশুৰ খাদ্য তালিকাত ৰাখিব লাগে।

শিশুৰ শৰীৰৰ বাবে অত্যন্ত আৱশ্যকীয় উপাদান হ’ল- প্ৰোটিন। শৰীৰৰ গঠন, কোষ কলা(টিচু) গঠনৰ বাবে প্ৰোটিন অতি দৰকাৰী। প্ৰোটিন দুই প্ৰকাৰৰ উতসৰ পৰা পাব পাৰি। প্ৰাণীজ আৰু উদ্ভিদজাত। প্ৰাণীজ প্ৰোটিন পোৱা যায়- মাছ, মাংস, কণী আৰু গাখীৰৰ পৰা। উদ্ভিদজাত প্ৰোটিন পোৱা যায়-দাইল, গম, বাদাম আদিৰ পৰা। আজিকালি চয়াবিনৰ পৰা প্ৰস্তুত কৰা একপ্ৰকাৰৰ টুকুৰা পোৱা যায় আৰু এনে খাদ্যত শতকৰা ৪০ ভাগ প্ৰোটিন থাকে। আনহাতে শৰ্কৰা আৰু চৰ্বিয়ে শৰীৰলৈ শক্তিৰ যোগান ধৰে। সকলো ধৰণৰ ফল, পাচলি আৰু চেনিত শৰ্কৰা থাকে। ফেট বা চৰ্বি উদ্ভিদ আৰু প্ৰাণী উভয় ক্ষেত্ৰতে পোৱা যায় যদিও মূলত: মাখন, তেল, ঘিউ, ক্ৰীম আদিত অধিক পৰিমণে ফেট থাকে,। আকৌ শৰীৰৰ কাম-কাজ সুচাৰুৰুপে চলিবৰ বাবে প্ৰয়োজন হয় ভিটামিনৰ। ভিটামিন ‘এ’ প্ৰয়োজন হয় দৃষ্টিশক্তি ভালে ৰাখিবলৈ। তাৰ লগতে শ্বাসনলী, অন্ত্ৰৰ কাম-কাজ আৰু মূত্ৰনলীৰ কামতো ভিটামিন ‘এ’ৰ দৰকাৰ হয়। সেউজীয়া পাতযুক্ত শাক, মাখন, ঘিউ, বনস্পতি, কণী আদিত ভিটামিন ‘এ’ পোৱা যায়। ভিটামিন ‘বি’ৰ অভাৱ হ’লে স্নায়ুতন্ত্ৰত গণ্ডগোল হোৱা দেখা যায়। ঢেঁকীত বনা চাউল, গম, বজৰা, শাক-পাচলি, গাখীৰ, মাংস আৰু মাছত ভিটামিন ‘বি’ পোৱা যায়। ভিটামিন ‘চি’ শৰীৰৰ হাড়ৰ গঠন, ৰক্তবাহী সিৰা-ধমনীৰ গঠনৰ বাবে দৰকাৰ হয়। নেমু বা অন্য টেঙা ফল, পকা ফল, বিলাহী, আমলখি আদিত প্ৰচুৰ পৰিমাণে ভিটামিন ‘চি’ পোৱা যায়। মাতৃদুগ্ধতো প্ৰচুৰ ভিটামিন ‘চি’ পোৱা যায়। যিবিলাক কামত শৰীৰক কেলচিয়ামৰ দৰকাৰ হয় সেইবিলাক কামত ভিটামিন ‘ডি’ৰো দৰকাৰ হয়। শৰীৰৰ ছালে সূৰ্যৰ পোহৰত ভিটামিন ‘ডি’ প্ৰস্তুত কৰি লব পাৰে।যদিও মাছ, জন্তুৰ লিভাৰ আৰু গাখীৰত ভিটামিন ‘ড’ পোৱা যায়। প্ৰোটিন, ভিটামিনৰ লগে লগে খনিজ পদাৰ্থও শৰীৰৰ গঠনত প্ৰয়োজন হয়। আয়’ডিন, কেলচিয়াম, জিংক, লৌহ দ্ৰব্য আদি খনিজ শৰীৰৰ বাবে অতি দৰকাৰী। লো শৰীৰৰ ৰক্ত কণিকা গঠনৰ বাবে, আয়’ডিন থাইৰয়েড হৰমোন প্ৰস্তুতৰ বাবে, ছালৰ ৰোগ প্ৰতিৰোধৰ বাবে কেলচিয়ামৰ প্ৰয়োজন হয়। আমাৰ দৈনন্দিন খাদ্যৰ ভিতৰতে এনেবিলাক খনিজ প্ৰচুৰ পৰিমাণে পোৱা যায়। অৱশ্যে বেছিকৈ ভজা-পোৰা, ফাষ্ট ফুড আদিত এনেবোৰ দ্ৰব্য থাকিলেও ৰন্ধন প্ৰকৰণৰ ক্ৰুতিৰ বাবে সেইবোৰ সমূলি বিনষ্ট হয়।

ভিটামিন আৰু খনিজ দ্ৰব্যৰ অভাৱজনিত ৰোগ

ভিটামিন ‘এ’

এইবিধ ভিটামিন শৰীৰৰ লিভাৰত সঞ্চিত হৈ থাকে। সাধাৰণতে ৬ ৰপৰা ৮ মাহলৈ শৰীৰৰ প্ৰয়োজনমতে যোগান ধৰিবৰ জোখাৰে এইবিধ ভিটামিন লিভাৰত জমা হৈ থাকে। সেয়ে সাময়িকভাৱে খাদ্যৰ যোগেদি ভিটামিন ‘এ’ শৰীৰে আহৰণ কৰিব নোৱাৰিলেও লিভাৰে এই অভাৱ পূৰণ কৰি ৰাখে। শৰীৰৰ ক্ষুদ্ৰান্তত ফেট জাতীয় খাদ্যৰ লগত ভিটামিন ‘এ’ শৰীৰে শোষণ কৰি লয়। খাদ্যত ফেট জাতীয় খাদ্যৰ অভাৱ ঘটিলে অথবা কোনো ৰোগত (কৃমিৰ আক্ৰন্মণ বা ডায়েৰিয়া) ক্ষুদ্ৰান্ত দুৰ্বল হৈ পৰিলে ভিটামিন ‘এ’ৰ শোষণ ব্যাহত হয়।দীৰ্ঘদিন ধৰি এই অৱস্থা থাকিলে বিভিন্ন ৰোগে আক্ৰমণ কৰাৰ আশ্ংকা বাঢ়ে। আমাৰ দেশত কমবয়সীয়া শিশুসকল ভিটামিন ‘এ’ৰ অভাৱজনিত ৰোগত ভোগে। এইবিধ ভিটামিনৰ অভাৱ ঘটিলে কুকুৰীকণা ৰোগত ভোগে অৰ্থাত ৰাতি হ’লে একো দেখা নাপায়। বেছিকৈ অভাৱ হ’লে চকুৰ কৰ্ণিয়াত ঘা হয়। দীৰ্ঘদিন ধৰি এইবিধ ভিটামিনৰ অভাৱত ভুগিলে ‘কেৰাটোমেলিয়া’ নামৰ ৰোগত ভুগি শিশুটি অন্ধ হৈ পৰে। কেৱল সেয়ে নহয়, এইবিধ ভিটামিনৰ অভাৱত দীৰ্ঘদিন ধৰি ভুগিলে হাওঁফাওঁত আক্ৰমণ, ৰক্তাল্পতা হৈ মৃত্যু পৰ্যন্ত হ’ব পাৰে।

ভিটামিন ‘এ’ৰ অভাৱজনিত ৰোগ প্ৰতিৰোধৰ বাবে জন্মৰ পিছৰ পৰাই শিশুটিক মাকৰ গাখীৰ খুৱাব লাগে।শিশুটিৰ জন্মৰ পিছতে মাতৃস্তনত জমা হৈ থকা ডাঠ গাখীৰত (কল’ষ্ট্ৰাম) এইবিধ ভিটামিন অধিক মাত্ৰাত থকে আৰু সেয়ে এই গাখীৰ শিশুটিক খুওৱাৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত। শিশুটিয়ে গোটা আহাৰ খাব পৰা হোৱাৰ পৰা হালধীয়া শাক-পাচলি(গাজৰ, পকা অমিতা আদি)খুওৱা উচিত। ৯ মাহৰ পৰা ১ বছৰৰ ভিতৰত প্ৰত্যেক শিশুকে সৰু আইৰ ছিটা দিয়া উচিত। কাৰণ সৰু আই হ’লে শৰীৰত ভিটামিন ‘এ’ৰ অভাৱ ঘটাটো নিশ্চিত। প্ৰয়োজন হ’লে চিকিতসকৰ পৰামৰ্শ লৈ শিশুক ভিটামিন ‘এ’যুক্ত তেল খুৱাব লাগে।

ভিটামিন ‘বি’

এইবিধ ভিটামিনে শৰীৰৰ ভিতৰত শ্বেতসাৰ জাতীয় খাদ্যৰ পৰিপাকত সহায় কৰে। এইবিধ ভিটামিনৰ অভাৱত শৰীৰত বেৰিবেৰি নামৰ ৰোগ, ছালৰ ৰোগ আদি হোৱাৰ লগতে শিশুটিৰ স্বাভাৱিক বৃদ্ধি ব্যাহত কৰে। ভিটামিন ‘বি-১’-১.৮ মিলিগ্ৰাম আৰু ভিটামিন ‘বি-২-১.৫’ ৰ পৰা ১.৮ মিলিগ্ৰাম পৰিমাণত খাবলৈ দিয়া হয়। তাৰোপৰি ভিটামিন ‘বি-৩’, ভিটামিন ‘বি-৬’, ভিটামিন’বি-১২’, ফলিক এচিড আদিও শিশুক নিয়মীয়াকৈ খাবলৈ দিব লাগে। এইবিলাক ভিটামিনৰ অভাৱত শিশুৰ মাংসপেশীৰ দুৰ্বলতা, লিভাৰৰ ৰোগ, ৰক্তাল্পতা আদি সমস্যাই দেখা দিয়ে।

ভিটামিন ‘চি’

তেজত লোহিত কণিকা তৈয়াৰ কৰাত এইবিধ ভিটামিনে সহায় কৰে। শৰীৰত পোৱা আঘত আদি সোনকালে নিৰাময় হোৱাত সহায় কৰাৰ লগতে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিতো এইবিধ ভিটামিনে সহায় কৰে। সেবিধ ভিটামিনৰ অভাৱত সঘনাই কাহ, পানীলগা, ৰক্তাল্পতা, ছালৰ ৰোগ আদি হয়। শিশুক প্ৰতিদিনে ২০ ৰ পৰা ৪০ মিলিগ্ৰাম ভিটামিন ‘চি’ দৰকাৰ হয়।

ভিটামিন ‘ডি’

এইবিধ ভিটামিনৰ অভাৱ হ’লে শিশুৰ ‘ৰিকেট’ নামৰ হাড় ঠুনুকা হোৱা ৰোগ হব পাৰে। কাৰণ এইবিধ ভিটামিন পৰ্যাপ্ত পৰিমাণে নাপালে শৰীৰে খাদ্যৰ পৰা কেলচিয়াম আৰু ফচফৰাচ আহৰণ কৰিব লব নোৱাৰা হয়। ফলত শিশুটিৰ বৃদ্ধি স্বাভাৱিক নহয়। তাৰোপৰি এইবিধ ভিটামিনৰ অভাব হ’লে দাঁত গজা বাধাগ্ৰস্ত হয় আৰু লগতে দাঁতৰ অৱস্থান অস্বাভাৱিক হয়। মুখৰ হনু পূৰ্ণ বিকশিত নহৈ মুখৰ গঢ় বিকৃত হ’ব পাৰে। এইবিধ ভিটামিনৰ অভাৱত লিভৰ আৰু কিডনিঅসুস্থ হ’ব পাৰে। গাত ৰ’দ লাগিলে মানুহৰ ছালত এইবিধ ভিটামিন উতপাদন হয়। সেয়ে শিশুক মাজে সময়ে কোমল ৰ’দত থাকিবলৈ দিয়া উচিত। ভিটামিন ‘ডি’ৰ উতকৃষ্ট উতস হ’ল- গাখীৰ আৰু কণীৰ্কুহুম। শিশুৱে গোটা আহাৰ খাব পৰা হ’লেই খাদ্যত কণীৰ কুহুম মিহলাই খুৱাব লাগে আৰু পি খাব পৰা হ’লে গাখীৰ খুৱাব লাগে।

ভিটামিন ‘ই’

এইবিধ ভিটামিনৰ ৰসায়নিক নাম হ’ল-ট’ক’ফেৰল। শৰীৰৰ কোষৰ স্বাভাবিক গঠন আৰু তেজৰ কোষ গঠনৰ বাবে এইবিধ ভিওটামিন অতি দৰকাৰী। এইবিধ ভিটামিন প্ৰধানকৈ উদ্ভিদজাত তেল (যেনে-মিঠাতেল, সূৰ্যমুখী তেল, বাদাম তেল আদি), বাদাম, নাৰিকল, ঘেঁহু আদি শস্যত যথেষ্ট পৰিমাণে থাকে। সুষম আহাৰ নিয়মীয়াকৈ খালে এইবিধ ভিটামিনৰ অভাৱ নহয়।

ভিটামিন ‘কে’

শৰীৰৰ কৰবাত কেনেবাকৈ কটা-ছিঙা হ’লে ৰক্তপাত হবই। শৰীৰত ভিটামিন ‘কে’ৰ অভাৱ হ’লে এই ৰক্তপাত সহজতে বন্ধ নহয় অৰ্থাত এই ভিটামিনৰ অভাৱ ঘতিলে তেজ সহজতে ডকা নাবান্ধে। সাধাৰণতে শৰীৰৰ বৃহদান্ত্ৰত এইবিধ ভিটামিন তৈয়াৰ হয়। এই ভিটামিন প্ৰধানকৈ বন্ধাকবি, উদ্ভিদজাত তেল আৰু কণীৰ কুহুমত পোৱা যায়। শিশুৱে গোটা আহাৰ খাব পৰা হ’লে শৰীৰত এইবিধ ভিটামিনৰ অভাৱে দেখা দিব পাৰে।শৰীৰত এইবিধ ভিটামিনৰ অভাৱ হ’লে নাকেৰে তেজ ওলোৱা, সাধৰণ ঘ বা আঁচোৰ আদিৰ পৰা বন্ধ হব নোখোজা তেজ বৈ অহা, দাঁতৰ গুৰিৰে তেজ ওলোৱা আদি লক্ষণে দেখা দিব পাৰে।

খনিজ লৱণৰ প্ৰয়োজনীয়তা

ভিটামিনবিলাকৰ দৰে মানৱ শৰীৰৰ স্বাভাৱিক কাম-কাজৰ বাবে কেইবিধমান খনিজ লৱণৰো প্ৰয়োজন আছে। পটাচিয়াম, ছডিয়াম, কেলচিয়াম, মেগনেচিয়াম, ফচফৰাচ, আয়ৰণ, জিগ্নক আৰু তাম আদি অতিকমেও মুঠ ১৩ বিধ খনিজ মানৱ শৰীৰৰ বাবে দৰকাৰী।

আয়ৰণ বা লো

আয়ৰণ বা লোৰ অভাৱ হ’লে শিশুৰ শৰীৰত ৰক্তাল্পতাই দেখা দিব পাৰে। মুখ, ভৰি হাতৰ তলুৱা শেঁতা পৰে। চকুৰ পতা বগা হয়। নাড়িৰ গতি দ্ৰুত হয় আৰু অলপতে ভাগৰ লাগে। হাত-ভৰি ফুলে। শ্বাসকষ্ট হয়। এবছৰতকৈ কম বয়সৰ শিশুৰ শৰীৰৰ প্ৰতি কেজি ওজনৰ বিপৰীতে ১০ মিলগ্গ্ৰাম আৰু এবছৰৰ বেছি বয়সৰ শিশুৰ বাবে প্ৰতি কেজি শৰীৰৰ ওজনৰ বিপৰীতে ২০-২৫ মিলিগ্ৰাম আয়ৰন খাবলৈ দিয়া উচিত। মাছ, মাংস, গাখীৰ, কণী, বাদাম, সতেজ ফল, খেজুৰ, উৰহি, লেচেৰা, কলডিল, কাচকল আদি পাচলিত প্ৰচুৰ মাত্ৰাত আয়ৰণ থাকে। আমাৰ দেশত শিশুৰ শৰীৰত ৰক্তাল্পতা হোৱাৰ প্ৰধান কাৰণ হ’ল- কৃমি আৰু মেলেৰিয়াৰ দৰে ৰোগ। শিশুক কৃমিমুক্ত কৰি ৰখাৰ ক্ষেত্ৰত অভিভাৱকসকলে বিশেষ সাৱধানতা অৱলম্বন কৰা ভাল।

আয়’ডিন

থাইৰয়েড হৰমোনৰ স্বাভাৱিক মাত্ৰা অটুট ৰখাৰ বাবে শৰীৰত আয়’ডিনৰ অতি দৰকাৰী। ইয়াৰ অভাৱত শিশুৰ গলগণ্ড (ডিঙি ফুলা ৰোগ) মস্তিস্কৰ ক্ষতি, দুৰ্বল স্মৃতি শক্তি, শাৰীৰিক দুৰ্বলতা আৰু শ্ৰীবৃদ্ধিহীনতা তথা থাইৰয়েডৰ সমস্যাই দেখা দিয়ে। আয়’ডিঅনৰ অভৱ হ’লে কাণ কলা আৰু বুদ্ধিহীন হয়। লগতে শৰীৰিক বৃদ্ধি স্থবিৰ হৈ চুটি চাপৰ হয় আৰু পেট বাহিৰলৈ ওলোৱা হয়। কেৱল আয়’ডিনৰ অভাৱত হোৱা এই বিস্ংগতিক ‘ক্ৰেটিনিজম’ বুলি কোৱা হয়। শিশুক দৈনিক গড়ে ১৫০ ৰ পৰা ২০০ মাইক্ৰ’গ্ৰাম আয়’ডিনযুক্ত নিমখত প্ৰয়োজনীয় মাত্ৰাত আয়’ডিন থাকে। শিশুক আয়’ডিনযুক্ত নিমখ খুওৱা উচিত।

কেলচিয়াম

এজন পূৰ্ণবয়স্ক লোকৰ শৰীৰত ১.১ কেজি পৰিমাণৰ কেলচিয়াম থাকে যদিও শিশুৰ শৰীৰৰ গঠনৰ বাবে এইবিধ খনিজ অতি প্ৰয়োজনীয়। শৰীৰৰ মাংসপেশীৰ স্ংকোচন আৰু স্নায়ুৰ অন্তিম বিন্দুৰ পৰা অংকেত মাংসপেশীলৈ প্ৰেৰণ কৰাত কেলচিয়ামৰ প্ৰধান ভূমিকা আছে। শৰীৰৰ দাঁত আৰু হাড়ৰ আন্ত:গাঠনিৰ অন্যতম গুৰুত্বপূৰ্ণ অংশটোৱেই হৈছে কেলচিয়াম। ভিটামিন ‘ডি’ আৰু কেইবিধমান হৰমোনে খাদ্যৰ পৰা কেলচিয়ামৰ শোষণ আৰু কিড্‌নিৰ যোগেদি কেলচিয়াম নিস্কাষণ নিয়ন্ত্ৰণ কৰে। গাখীৰ, কণী, সেউজীয়া শাক-পাচলি, চজিনা আদি কেলচিয়ামৰ অতি উতকৃষ্ট উতস। কেলচিয়াম কম পৰিমাণে অভাৱ হ’লে বিশেষ লক্ষণ প্ৰকাশ নাপায়। কিন্তু অধিক পৰিমাণে অভাৱ ঘটিলে হাত-ভৰিৰ মাংসপেশী সিৰামুৰি ধৰ(কোচ খাই টানি ধৰা) আৰু হাড় ঠুনুকা হোৱা আদি ৰোগ হব পাৰে। শিশুৰ শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে ‘ৰিকেট’ নামৰ হাড় কোমল হোৱা ৰোগটো হব পাৰে। দাঁত আৰু হাড়ৰ গঠন বৃদ্ধি স্বাভাবিক নহয়। শিশুৰ বাবে কেলচিয়ামৰ চাহিদা প্ৰপ্তবয়স্ক লোকতকৈ বেছি। প্ৰতিদিনে শিশুক ৪০০ ৰ পৰ ৬০০ মিলিগ্ৰাম কেলচিয়ামৰ প্ৰয়োজন হয়।

সঠিক মাত্ৰাত ওপৰত উল্ল্লেখ কৰা ভিটামিন আৰু খনিজবিলাক শিশুৰ খাদ্যৰ লগত যোগান ধৰিব পাৰিলে অৰ্থাত নিয়মীয়াকৈ খুৱাব পাৰিলে আপোনাৰ শিশুটিক বহুতো ৰোগৰ পৰা ৰক্ষা কৰিব পাৰি। ৰোগৰ চিকিতসা কৰাতকৈ ৰোগ প্ৰতিৰোধ কৰি ৰখাটোহে শিশুটিৰ বাবে ম্ংগলজনক। সেয়েহে সুষম খাদ্য যোগানৰ যোগেদি আপোনাৰ শিশুটিক সুস্থ আৰু নিৰোগী কৰি শ্ৰীবৃদ্ধি স্বাভাৱিক কৰি ৰাখক।

সুমিত্ৰা শইকীয়া, স্বাস্থ্য আৰু দীৰ্ঘ জীৱন

3.02272727273
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top