অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

মাতৃদুগ্ধৰ মহত্ব :

মাতৃদুগ্ধৰ মহত্বৰ বিষয়ে লিখা হৈছে ।

 

নৱজাতক শিশুটিৰ সুস্বাস্থ্যৰ বাবে মাতৃদুগ্ধই হৈছে সৰ্বোত্তম আহাৰ| জন্মৰপৰা ৬ মাহলৈকে শিশুটিক একমাত্র মাতৃদুগ্ধ পান কৰোৱা(Exclusive breast feeding)ৰ বিষয়তো সৰ্বজনবিদিত| মাতৃদুগ্ধ একমাত্র শিশুটিৰ বাবেই নহয় বৰং ই মাতৃগৰাকীৰ সুস্বাস্হ্যৰ লগতে আৰ্থসামাজিক দিশৰ ফালৰপৰাও সৰ্বোত্তম| লোকচক্ষুত তেনেই সাধাৰণ যেন লগা অতিশয় গুৰুত্বপুৰ্ণ বিষয় এটাত সামান্য আভাষ দিয়াৰ প্ৰচেষ্টাৰে এই লেখাটি আগবঢ়ালো|

বজাৰত বিভিন্নধৰণৰ কৃত্রিম শিশু খাদ্য উপলব্ধ যদিও সেইবোৰ কেতিয়াও মাতৃদুগ্ধৰ সমতুল্য হ'ব নোৱাৰে| মাতৃদুগ্ধত যথোচিত পৰিমাণে প্ৰ'টিন থাকে যিবোৰ মূলতঃ lactalbumin আৰু lactoglobulin, য'ত casin জাতীয় উপাদান অতি কম পৰিমাণত থাকে, লগতে উপলব্ধ চৰ্বিজাতীয় উপাদানবোৰৰ আণৱিক আকাৰ অত্যন্ত সুক্ষ্ম হোৱা বাবে শিশুটিৰ অপৈনত পাচন তন্ত্রই মাতৃদুগ্ধ সহজতে হজম কৰিব পাৰে|

সাধাৰণতে স্বাভাৱিক প্ৰসৱৰ ক্ষেত্রত আধাঘণ্টাৰপৰা এঘণ্টাৰ ভিতৰত আৰু চিজাৰীয়ান প্ৰসৱৰ ক্ষেত্রত ৪ৰপৰা ৬ ঘণ্টাৰ ভিতৰত স্তনপাণ কৰাব লাগে|

প্ৰসৱৰ পিছত প্ৰায় দুই-তিনিদনমানলৈ মাতৃস্তনেৰে ডাঠ, ঈষত্ হালধীয়া বৰণৰ যি দুগ্ধ নিঃসৰণ হয় তাক ক'ল'ষ্ট্ৰাম(colostrum) বোলা হয়, য'ত প্ৰ'টিন, ভিটামিন A, চ'ডিয়াম, ক্ল'ৰাইডৰ লগতে দেহৰ ৰোগ প্ৰতিৰোধক ক্ষমতা সৃষ্টিকাৰী IgA, IgG, IgM ইত্যাদি এণ্টিবডি থাকে, যিবোৰে পুষ্টিৰ লগতে শিশুটিক বিভিন্ন সংক্ৰমণৰপৰা ৰক্ষা কৰে| ইয়াৰ বাবেই ক'ল'ষ্ট্ৰামক natural antibiotic বোলা হয়,যাৰপৰা শিশুটিক কেতিয়াও বিৰত নাৰাখিব|

মাতৃদুগ্ধৰ সামগ্ৰিক উপযোগিতাৰ পৰিসৰ (Dimensions of advantage of Mothers' milk):

ক)শিশুটিৰ পুষ্টি আৰু স্বাস্হ্য ৰক্ষাত মাতৃদুগ্ধত যথেষ্ট পৰিমাণে ভিটামিন D, এণ্টিবডি থাকে যিয়ে শিশুকালত হ'ব পৰা বিভিন্ন ৰোগৰপৰা ৰক্ষা কৰে:

*মাতৃদুগ্ধত থকা lactoferrin, lysozyme, leukocytes, lactoperoxidase ইত্যাদি উপাদানে শিশুটিত E. Coli জনিত gastroenteritis ৰপৰা ৰক্ষা কৰে।

*ওমেগা-3 ফেটি এচিড, polyunsaturated fatty acid(PUFA) এ শিশুটিৰ মস্তিষ্কৰ বিকাশত সহায় কৰে লগতে পৰৱৰ্তী সময়ছোৱাত atherosclerosis প্ৰতিৰোধ কৰে।

*মাতৃদুগ্ধৰ mild laxative গুণ আছে, যিয়ে শিশুটিক কোষ্ঠকাঠিন্যৰপৰা ৰক্ষা কৰে

*মাতৃদুগ্ধত খনিজ লৱণৰ পৰিমাণ কম অথচ পানী যথেষ্ট পৰিমাণে থাকে, যিয়ে পৰ্যাপ্ত স্তনপাণ কৰোৱা শিশুটিক জলাল্পতা হোৱাৰপৰা ৰক্ষা কৰে|

*মাতৃদুগ্ধত থকা আইৰণ শিশুটিৰ কোষসমূহে সহজতে আহৰণ কৰিব পাৰে, যিয়ে ৰক্তাল্পতাৰপৰা ৰক্ষা কৰে।

*মাতৃদুগ্ধই শিশুটিক ভিটামিন A, C, D, E আৰু জিংকৰ অভাৱজনিত ৰোগৰপৰা ৰক্ষা কৰে।

*মাতৃদুগ্ধত প্ৰ'টিনৰ যথোচিত মাত্রাই শিশুটিক এলাৰ্জীজনিত ৰোগৰপৰা বিৰত ৰাখে|

*premature শিশুৰ মাতৃদুগ্ধত সাধাৰণ অৱস্হাতকৈ বেছি পৰিমাণে পুষ্টিকৰ উপাদানসমূহ থাকে, যিয়ে শিশুটিক সাম্ভাব্য জীৱন ঘাতক বিপৰ্যয়ৰপৰা ৰক্ষা কৰে।

*বিভিন্ন সমীক্ষাত দেখা গৈছে যে পৰ্যাপ্ত মাতৃদুগ্ধ পোৱা শিশুসকলৰ বুদ্ধিমত্তাৰ মাপকাঠী(IQ) তুলনামূলকভাৱে বেছি হোৱা দেখা যায়| তদুপৰি দুগ্ধপোষ্য শিশুৰ ক্ষেত্রত এজমা, Inflammatory bowel disease, Sudden infant death syndrome, Hodgkin's lymphoma ইত্যাদি ৰোগৰ সম্ভাৱনা নিচেই কম দেখা যায়|

খ)মাতৃৰ কল্যাণ আৰু আৰ্থসামাজিক বিষয়ত মাতৃদুগ্ধৰ ভুমিকা:

*স্তনদুগ্ধই ডিম্বজনন(Ovulation) ৰোধ কৰি প্ৰাকৃতিকভাৱে গৰ্ভনিৰোধক হিচাপে কাম কৰে, যিয়ে মাতৃ তথা শিশুটিৰ দৈহিক সুস্থতা ৰক্ষা কৰে।

*স্তনপান বিধিয়ে মাতৃ আৰু সন্তানৰ মাজত আৱেগিক সম্পৰ্ক গঢ়ি তোলে যিয়ে শিশুটিৰ মানসিক বিকাশত সহায় কৰে।

*স্তনদুগ্ধপানে মহিলাসকলৰ স্তন আৰু ডিম্বাশয়ৰ কৰ্কট ৰোগ ৰোধ কৰে।

*বজাৰত উপলব্ধ নামী দামী শিশু খাদ্যবোৰৰ তুলনাত মাতৃদুগ্ধ হৈছে কোনো বিশেষ প্ৰস্তুতিৰ প্ৰয়োজন নথকা একমাত্র সহজলভ্য সম্পূৰ্ণ সুষম আহাৰ যিটো সমাজৰ দুখীয়া শ্ৰেণীৰ শিশুসকলৰ বাবে আশীৰ্বাদস্বৰূপ|

*কৃত্রিম দুগ্ধৰ ক্ষেত্রত প্ৰয়োজন হোৱা formula food, Feeding bottle, nipplesৰ মূল্য তথা প্ৰস্তুতকৰণৰ বাবে প্ৰয়োজন হোৱা ইন্ধন আৰু সময় ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশ এখনত সকলোৰে বাবে সম্ভৱপৰ নহয়, যিটো একমাত্র মাতৃদুগ্ধত প্ৰয়োজন নহয়|

*মাতৃদুগ্ধই শিশুটিক বিভিন্ন ৰোগৰপৰা ৰক্ষা কৰে যিয়ে পৰোক্ষভাৱে পৰিয়ালটোৰ অৰ্থনৈতিক দিশটোত সহায়ক হয়|

মাতৃদুগ্ধৰ প্ৰয়োজনীতাৰ প্ৰচাৰ আৰু প্ৰসাৰ তথা কৃত্রিম শিশুখাদ্যৰপৰা হ'ব পৰা অনাকাংক্ষিত পৰিস্থিতি ৰোধৰ বাবে আমাৰ দেশত "The infant Milk Substitute, Feeding Bottles and Infant Food Act 1992, "প্ৰণয়ন কৰে,যাৰ অধীনত Infant milk substitute (IMS), feeding bottlesৰ ৰাজহুৱা বিজ্ঞাপন, উপহাৰ তথা বিনামূলীয়া বিতৰণ বাৰণ কৰে|

দুগ্ধপানৰ উচিত পদ্ধতি -

বহুসময়ত মাতৃসকলে নিজৰ শিশুটিয়ে স্তনদুগ্ধ ভালদৰে নোপোৱা বুলি অভিযোগ কৰা দেখা যায়| আনকি সু-স্বাস্থ্যৱান মহিলাসলকলেও সতকাই তেনে অভিযোগ কৰ| এনেক্ষেত্রত ভালদৰে পৰ্যবেক্ষণ কৰিলে আমি দেখো যে প্ৰকৃততে স্তনপানৰ উপযুক্ত পদ্ধতিগত বিসংগতিৰ বাবেহে শিশুটিয়ে পৰ্যাপ্ত দুগ্ধ নাপা্য|

প্ৰকৃততে দুগ্ধপানৰ সময়ত মাতৃস্তনৰ nippleৰ চাৰিওকাষে যি ক'লা অংশ থাকে, যাক areola বোলা হয়, তাৰ অৰ্ধেকৰো বেছি অংশ শিশুটিৰ মুখৰ ভিতৰত থাকিব লাগে আৰু শিশুটিৰ ওঠযুৰি বাহিৰলৈ মেলখোৱা অৱস্থানত থাকিব লাগে, অন্যথাই একমাত্র nipple টো চুপি থাকিলে শিশুটিয়ে দুগ্ধ নাপা্য| দুগ্ধপানৰ সময়ত শিশুটিৰ ডিঙিটো যাতে বক্ৰ হৈ নাথাকে তালৈ লক্ষ্য ৰখাটো প্ৰয়োজন|

শিশুটিয়ে পৰ্যাপ্ত দুগ্ধপান কৰিছে নে নাই সেই বিষয়টো লৈও বহুতে অনুধাৱন কৰাত অসুবিধা পায়| সামগ্ৰিকভাৱে শিশুটিয়ে ২৪ ঘণ্টাৰ ভিতৰত যদি অন্তঃত ৬-৮ বাৰ প্ৰস্ৰাৱ কৰে লগতে দুগ্ধপানৰপিছত কান্দি নাথাকে, দুগ্ধপানৰ পিছত আৰু নিশাৰ ভাগত পৰ্যাপ্ত টোপনী মাৰে, বয়স অনুযায়ী নিৰ্ধাৰিত ওজন বৃদ্ধি হয় তথা শৰীৰৰ বল,বৰ্ণৰ বৃদ্ধি হয় তেনেহ'লে পৰ্যাপ্ত দুগ্ধপান কৰা বুলি নিশ্চিত হ'ব পাৰে| দুগ্ধপানৰ সময়ছোৱাত কিছুপৰিমাণৰ বায়ু শিশুটিৰ পেটত সোমায়, যাৰ বাবে বহুসময়ত শিশুটিয়ে বমি কৰা দেখা যায়| এনে নহ'বৰ বাবে দুগ্ধপানৰ পিছত দিনটোৰ ভিতৰত অন্তঃত ৩-৪ বাৰ শিশুটিক কান্ধত পেলাই লৈ পিঠিত লাহে লাহে থপৰিয়াই(burping) দিব লাগে, যিয়ে শিশুটিক উগাৰ অহাত সহায় কৰে।

মাতৃৰ আহাৰ:

শিশুটিক দুগ্ধপান কৰাই থকা সময়খিনিত প্ৰায় ৫০০-৯০০ মি.লি. দুগ্ধ প্ৰতিদিনে মাতৃদেহত উৎপন্ন হয়, যিয়ে শিশুটিক প্ৰায় ৫২০ কিলো কিলৰি শক্তিৰ যোগান ধৰে| ইয়াৰ বাবে মাতৃগৰাকীক অতিৰিক্ত ৬০০ কিলো কেলৰিৰ প্ৰয়োজন হয়| সেয়েহে এই সময়খিনিত মহিলাগৰাকীয়ে যথেষ্ট পৰিমাণে প্ৰ'টিন, কেলচিয়াম আৰু আইৰণজাতীয় পুষ্টিকৰ খাদ্য খোৱাটো উচিত|

মাতৃদুগ্ধৰ নিষেধ:

কিছুমান বিশেষ পৰিস্হিতিৰ বাহিৰে মাতৃদুগ্ধৰ তেনে কোনো নিষেধ নাই| তেনে কিছুমান অৱস্থা হ'ল:

*মাতৃগৰাকীয়ে anti-cancer ঔষধ লৈ থাকিলে

*HIV সংক্ৰমিত হ'লে

*স্তনৰ সংক্ৰমণ হ'লে

*শিশুগৰাকীৰ lactose intolerance জনিত অৱস্হা হ'লে

*অইন যিকোনো পৰিস্হিতি যিয়ে শিশুটিৰ স্বাস্থ্যত বিৰুপ প্ৰভাৱ পেলাব পাৰে।

শিশুটিক পৰিপূৰক আহাৰ খুৱালেও স্তনপান কৰোৱাটো উচিত| উল্লেখনীয়ে যে শিশুটিয়ে এফালে(ধৰি লওক সোঁ স্তন) স্তনপান কৰি থকা অৱস্থাত নিজে খাব নেৰালৈকে জোৰকৈ আনফালে খুওৱাটো অনুচিত, এনে কাৰ্য্যই শিশুটিৰ মনোযোগ ভংগ কৰাৰ লগতে পুষ্টিৰ ক্ষেত্রতো বাধা দিয়ে|

লেখক: ডাঃ মেদিনী বৰ্মন

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

2.85714285714
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top