মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / য‌‍‌‍‍‌‍‌‌‍‍‍‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‍‍জা সন্তানৰ বিষয়ে জানো আহক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

য‌‍‌‍‍‌‍‌‌‍‍‍‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‍‍জা সন্তানৰ বিষয়ে জানো আহক

য‌‍‌‍‍‌‍‌‌‍‍‍‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‌‍‍জা সন্তানৰ বিষয়ে জানো আহক, সেই বিষয়ে লিখা হৈছে ।



সাধাৰণতে এমাহত এটা ডিম্বাশয়( Overy) ডিম্বকোষহে ( Ovum)পূৰঠ হয় , একে সময়তে দুয়োটা‌ ডিম্বাশয়ৰ ডিম্ভকোষ পূৰঠ হৈ দুটা ডিম্ব ঊৰ্বৰীকৰণ নহয় ‌।এবাৰ যদি বাওঁফালৰ ডিম্বাশয়ৰ ডিম্বকোষ পুৰঠহৈ ঊৰ্বৰীকৰণ হয় তেতিয়া পিছৰ মাহত সোফালৰ ডিম্বাশয়ৰ ডিম্বকোষহে পূৰঠহৈ ডিম্ব ঊৰ্বৰীকৰণ হব। সেয়েহে এটা মাহত এটা মাত্ৰ ডিম্ব উৰ্বৰীকৰন হোৱা বাবে সাধাৰণতে স্ত্ৰীয়ে এটা সন্তান জন্ম দিয়ে ‌। কিন্তু কেতিয়াবা কোনো কাৰণবশত:দুয়োটা ডিম্বাশয়ৰ ডিম্বকোষ একে সময়ত পূৰঠহৈ দুটা ডিম্ব সমানে উৰ্বৰীকৰন হৈ দুয়োফালল ডিম্ববাহী নলীৰ এম্পূলাত গৰ্ভনিষেচনৰ বাবে থিতাপি লয়। এনে পৰিবেশত সঙ্গমৰ জৰিয়তে দূয়োটা ডিম্বৰ লগত শুক্ৰ মিলিত হৈ গৰ্ভ নিষেচন হয় বাবে দুটা সন্তান জন্ম দিয়ে । এনেদৰে জন্ম হোৱা সন্তানক ভ্ৰাতৃবৎ যজা (Fraternal twin) বোলা হয়। ভ্ৰাতৃবৎ যজা সন্তান একেটা লিঙ্গৰ নহবও পাৰে, এটা লৰা আৰু এজনী ছোৱালীও হব পাৰে। তদূপৰি দূয়োৰে পৃথক ভাবে দুটা গৰ্ভফুল (Placenta) আৰু নাড়ী (Umbilical Cord) থাকে।
কেতিয়াবা এটা ডিম্বৰ লগত গৰ্ভনিষেচন হয় যদিও কোষ বিভাজনৰ সময়ত ভ্ৰূণটো কোনো কাৰণবশত: দুটা ভাগত বিভক্ত হৈ দুটা ভিন্ন ভ্ৰূণৰ সৃষ্টি হয়। পিছত দুয়োটা ভ্ৰূণৰ পৰা দুটা সন্তান জন্ম হোৱাক সম যজা (Identical Twins) বোলা হয়। সম যজা সন্তানৰ লিঙ্গএকেআৰু দুয়োৰে শাৰীৰিক গঠনকে আদি কৰি প্ৰায়েই বহুতো সাদৃশ্য থাকে। সাধাৰণতে ৩৫-৩৯ বছৰ বয়সীয়া স্ত্ৰীয়ে সৰ্বাধিক, মূঠ যজা সন্তানৰ ৭৫% যজা সন্তান জন্ম দিয়ে।বহুক্ষেত্ৰত ভ্ৰাতৃবৎ যজা সন্তান বংশগত কাৰনত জন্ম হয়।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top