অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশু আৰু আপুনি

শিশু আৰু আপুনি

শিশুৰ আচৰণৰ মূল উৎস হ’ল প্ৰবৃত্তি। শিশুৰ ব্যক্তিসত্তা গঠনত দুটা শক্তি- বংশগতি আৰু পৰিবেশে প্ৰভাৱ পেলায়। ইয়াৰ উপৰিও শিশুৰ জীৱনত আৱেগৰ স্থান লক্ষণীয়। শিশুৰ সুস্থ মানসিক বিকাশৰ বাবে আৱেগৰ গঠনাত্মক দিশৰ প্ৰতি বিশেষ মনোযোগ দিয়া বাঞ্ছনীয়। লগতে অবাঞ্ছনীয়, অসুস্থ আৱেগ আৰু প্ৰবৃত্তিয়ে যাতে শিশুটিক বিপথগামী আৰু উদ্বিগ্ন কৰি তুলিব নোৱাৰে তাৰ বাবে সচেতন হৈ থকা উচিত। শিশুটিৰ মন আৰু সমস্যাসমূহক সহানুভূতিৰে বুজিবলৈ চেষ্টা কৰি কিবা সমস্যা থাকিলে ধৈৰ্যসহকাৰে সমাধান কৰিবৰ যত্ন কৰিব লাগে। কেতিয়াবা শিশুটিয়ে খং বা জেদ কৰি বৰকৈ চিঞৰে, বস্তু দলিয়ায়, হাত-ভৰি এচাৰে, মাটিত বাগৰে। যদি বৰ সঘনাই এনে সমস্যাৰ উদ্ভৱ হয় তেনেহ’লে শাৰীৰিক পৰীক্ষা কৰি চিকিৎসা কৰাব পাৰে আৰু মানসিক কাৰণ হ’লে তাক দূৰ কৰিবৰ চেষ্টা কৰিব লাগে। সেই সময়ছোৱাত আপুনি ধৈৰ্য ধৰি থাকিব আৰু খং নেদেখুৱাই নিজে শান্ত হৈ পৰালৈ অপেক্ষা কৰিব। কেৱল লক্ষ্য ৰাখিব যে পিতৃ-মাতৃ আৰু ভাই-ভনীৰ ওপৰত যেন প্ৰতিহিংসা বা প্ৰতিশোধৰ ভাবনা জাগি নুঠে। অলপ শান্ত হৈ পৰিলে মৰমেৰে বুজাব আৰু এদিন দেখিব লাহে লাহে শিশুটিৰ এই স্বভাৱ নোহোৱা হৈ পৰিছে। সাধাৰণতে ঘৰত অত্যধিক শাসন, প্ৰতিটো কথাতে হস্তক্ষেপ কৰা, অনবৰতে ঠাট্টা অথবা সমালোচনা কৰা, অধিক সতৰ্কতা, মাক-বাপেকৰ মৰমৰ পৰা বঞ্চিত হোৱা, মাক-দেউতাকৰ মাজত অনবৰতে কাজিয়া-পেচাল লাগি থকা দেখা আদি কাৰণসমূহে শিশুটোৰ মনত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে। কেতিয়াবা শিশুটি শাৰীৰিকভাৱে বাধাগ্ৰস্ত হ’লে নাইবা বহুদিন অসুখত ভুগি থাকিলে অথবা তাক আনে মনোযোগ নিদিয়া যেন দেখিলে সি উগ্ৰ স্বভাৱ দেখুৱাই পিতৃ-মাতৃ বা আনৰ মনোযোগ আকৰ্ষণ কৰিবলৈ চেষ্টা কৰা দেখা যায়। বুজিব পৰা বা ক’ব পৰা শিশু হ’লে মৰমেৰে বুজাই সমস্যাটো জানি সমাধান কৰাৰ চেষ্টা কৰিব লাগে। এই অসুস্থ আবেগসমূহ দূৰ কৰাৰ বাবে শিশুটিক বিভিন্ন গঠনমূলক মনোৰঞ্জক কাম দি ব্যস্ত ৰখাৰ ব্যৱস্থা কৰিব লাগে। শিশুটিয়ে স্কুললৈ যাব নিবিচাৰিলে খং নকৰি কাৰণটো বুজিবলৈ চেষ্টা কৰক। প্ৰয়োজন হ’লে শিশুৰ ক্লাব, স্কাউট বা অন্য কোনো শিশু সংগঠনত ভৰ্তি কৰাই দিব লাগে যাতে স্কুলৰ প্ৰতি সিহঁতৰ ধাউতি বাঢ়ে। শিশুক বুজিবলৈ শিশুৰ প্ৰতি সহৃদয়, সহানুভূতিশীল, ধৈৰ্যশীল আৰু নিৰপেক্ষ হোৱা দৰকাৰ। কেতিয়াবা শিশুৱে বেয়া কাম বুলি নাজানি মানসিক সন্তুষ্টিৰ বাবে নিজৰ ভাললগা বস্তুটি আনৰ ওচৰত থাকিলে চুৰি কৰি হ’লেও নিজৰ কৰি লয়। এইক্ষেত্ৰত পিতৃ-মাতৃ সদায় সচেতন হ’ব লাগে। এনেকুৱা কিবা দেখা পালে তৎক্ষণাৎ শিশুটিক চুৰি কৰাটো যে এটা বেয়া অভ্যাস বুজাই দিব লাগে, নহ’লে ই অভ্যাসত পৰিণত হৈ যাব পাৰে। শিশুৰ মনত কেতিয়াবা নজনাকৈয়ে নীচাত্মিকা ভাৱে ঘৰ কৰিব পাৰে। ফলত শিশুটি হিংসাকুৰীয়া আৰু বিদ্ৰোহী হৈ পৰে। এনেক্ষেত্ৰত অভিভাৱক আৰু অন্য কোনো বয়সস্থ ব্যক্তিয়ে শিশুটিক মৰমেৰে বুজাই মনৰ পৰা এই ভাব সোনকালে আঁতৰ কৰা ভাল। শিশুৱে দায়িত্ব ল’বলৈ বা নিজ মনেৰে কেতিয়াবা আপোনাক সহায় কৰিবলৈ বিচাৰে। তেনেক্ষেত্ৰত ঘৰৰ সৰু-সুৰা কামবোৰ মাক-দেউতাকে ল’ৰা-ছোৱালীৰ মাজত ভগাই দিব পাৰে। এনে কৰিলে সিহঁতৰ মাজত দ্বায়িত্বজ্ঞান বাঢ়ে, কাম কৰিবলৈ উৎসাহ পায়, স্বাৱলম্বী হ’বলৈ শিকে, নিজাকৈ চিন্তা কৰিব পৰা হয়, আত্মবিশ্বাস গঢ়ি উঠে। সেইখিনি সময়ত সিহঁতে কিবা ভুল-ত্ৰুটি কৰিলেও গালি নাপাৰি কেনেকৈ কৰিব লাগে বুজাই দিব লাগে। শিশু যিহেতু অনুকৰণপ্ৰিয়, সেয়েহে আপুনি সিহঁতৰ আগত নিজৰ আচাৰ-ব্যৱহাৰ বা আবেগ প্ৰদৰ্শনত সংযত হোৱা দৰকাৰ। নিজৰ কথা আৰু কামেৰে আপুনি সিহঁতক নিজৰ স্বভাৱ আৰু আবেগক কিদৰে সুস্থ আৰু মাৰ্জিত ভাৱধাৰালৈ পৰিবৰ্তিত কৰিব পাৰি শিকাব পাৰে। শিশু অৱস্থাৰ পৰাই সিহঁতৰ নৈতিক দিশৰ প্ৰতি চকু ৰাখিব লাগে। শিশুক প্ৰশংসা কৰিব লাগে। ই সিহঁতৰ কামৰ প্ৰতি আগ্ৰহ বৃদ্ধি কৰাত সহায় কৰে। কিন্তু অত্যধিক প্ৰশংসাই যাতে সিহঁতক আত্মগৰ্বী কৰি তুলিব নোৱাৰে তাৰবাবেও সচেতন হোৱা দৰকাৰ। শিশুটিক কেতিয়াও অন্যৰ লগত তুলনা কৰিব নালাগে। এনে কৰিলে তাৰ মনলৈ হতাশাৰ ভাৱ আহি, মানসিক বিকাশ বাধাপ্ৰাপ্ত হৈ পৰিব পাৰে। মাক-দেউতাকে ঘৰৰ আটাইকেইটা ল’ৰা-ছোৱালীকে সমানে মৰম, গুৰুত্ব দিব লাগে। পক্ষপাতিত্ব কৰিলে শিশুটিয়ে মাক-দেউতাকৰ প্ৰতি শ্ৰদ্ধা হেৰুওৱাৰ লগতে অৱজ্ঞা কৰিবলৈ লয়। আনহাতে ভাই-ভনীৰ ওপৰত প্ৰতিহিংসা আৰু প্ৰতিদ্বন্দ্বিতাৰ ভাৱ গঢ়ি উঠিব পাৰে। ঘৰত সুস্থ আৰু নিৰপেক্ষ বাতাবৰণ পালেহে শিশুৰ সুস্থ ব্যক্তিত্ব বিকাশ সম্ভৱ হয়। কেতিয়াবা দেখা যায় এখন ঘৰৰ শিশুৰ নিজৰ পিতৃ-মাতৃৰ লগত ঘনিষ্ঠ সম্পৰ্ক নাথাকে। তেনেকুৱা হ’লে শিশুটি সমাজত খাপ নোৱাৰি অকলশৰীয়া হৈ পৰে। ই শিশুটিক নিসংগ আৰু অন্তৰ্মুখী কৰি তোলাৰ লগতে অপৰাধমূলক কাৰ্যকলাপতো জড়িত কৰাৰ সম্ভাৱনা দেখা যায়। শিশুটিক যিমানদূৰ সম্ভৱ সিহঁতৰ মনৰ ভাৱ আপোনাৰ আগত প্ৰকাশ কৰিব পৰাকৈ স্বাধীনতা দিব লাগে। এনে কৰিলে শিশুটিয়ে নিসংকোচে আপোনাৰ লগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিবলৈ সুবিধা পায় আৰু ফলত সিহঁতৰ মনটো পাতল হয়। তাৰোপৰি ভৱিষ্যতেও কোনো সমস্যাৰ সন্মুখীন হ’লে সিহঁতে নিসংকোচে আপোনাৰ লগত আলোচনা কৰিবলৈ সক্ষম হয়। শিশু কৌতূহলপ্ৰিয়- নজনাক জানিবলৈ সিহঁতৰ অসীম হেঁপাহ। নিজৰ কৌতূহল নিৰসনৰ বাবে  সিহঁতে আপোনাক প্ৰশ্ন সুধিলে খং নকৰি যথাসম্ভৱ সহজ আৰু নিসংকোচতাৰে বুজাই দিব লাগে। সৰুৰেপৰাই শিশুক ভৱিষ্যতৰ বাবে প্ৰয়োজনীয় শিক্ষা দিব লাগে। শিশুক ভাল-বেয়া, উচিত-অনুচিত সম্পৰ্কে সকলো কথা যুক্তিৰে সহজভাৱে বুজাব লাগে। তেতিয়াহে সিহঁতে কথাটো পালন কৰে বা শিকে। আপুনি কোনো এটা বিষয়ত ‘নহয়’, ‘নোৱাৰে’ বা ‘নাপায়’ বুলি ক’লে, কিয় কৈছে যুক্তি সহকাৰে বুজাব লাগে যাতে শিশুটিয়ে সেই কথাষাৰ মানি চলে। কিয়নো অনবৰতে আপুনি সিহঁতৰ লগত থাকিব নোৱাৰে। বহু সময়ত সিহঁতে নিজৰ সিদ্ধান্ত নিজে ল’ব লগা হয়। আনহাতে ব্যৱহাৰিক জীৱনত নিজে চলাৰ লগতে সমাজৰ বাকীবিলাক মানুহৰ সুবিধা-অসুবিধালৈও লক্ষ্য ৰাখিব লগা হয়। তেতিয়া আপোনাৰ শিকনিয়েই শিশুটিক সঠিক দিশত আগুৱাই যোৱাত সহায় কৰিব।

লেখিকা: নীলাক্ষী কলিতা।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top