মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশু- কিশোৰৰ ডিপ্ৰেছন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশু- কিশোৰৰ ডিপ্ৰেছন :

শিশু- কিশোৰৰ ডিপ্ৰেছনৰ বিষয়ে লিখা হৈছে ।

 

ডিপ্ৰেছন বা উদাসীনতা স্বাস্থ্য বিষয়ক এটা ডাঙৰ সমস্যা । মানুহৰ মাজত সচৰাচৰ দেখা পোৱা দুটা মানসিক ৰোগ হ’ল এংজাইটি আৰু ডিপ্ৰেছন । ডিপ্ৰেছনে ব্যক্তি এজনক শাৰীৰিক, পাৰিবাৰিক, সামাজিক আৰু অৰ্থনৈতিকভাৱে প্ৰভাৱিত কৰে । ডিপ্ৰেছনত ভোগা ব্যক্তিক মানুহে সাধাৰণতে হেয় চকুৰে চায়, আনকি নিজেও হীনমন্যতাত ভোগে ।

বিষণ্ণতাত ভোগা প্ৰাপ্তবয়স্ক ব্যক্তিৰ ক্ষেত্ৰত নিম্নোক্ত লক্ষণসমূহ দেখা যায় -

১)  দিনটোৰ বেছিভাগ সময়তে দুখ লাগি থকা

২) কোনো বস্তুৱে ভাল নলগা

৩) সকলোতে নিৰাশা ভাব ।

৪)নিজক কোনো কামৰে লায়ক বুলি নভবা

৫) যিকোনো কামৰ বাবে নিজকে নিজে দোষী বুলি ভবা

৬) টোপনি কম হোৱা

৭) ভোক কমি যোৱা

৮) আত্মহত্যাৰ প্ৰৱণতা

ডিপ্ৰেছন বয়স, লিংগ, বাসস্থান, চাকৰি অথবা অৰ্থনৈতিক অৱস্থা ভেদে সকলোৰে হ’ব পাৰে । শিশু, কিশোৰ, প্ৰাপ্তবয়স্ক বা বৃদ্ধ, যিকোনো বয়সৰ ব্যক্তি ডিপ্ৰেছনত ভুগিব পাৰে । তেনেদৰে, পুৰুষ-মহিলা , ধনী-দুখীয়া বা গাওঁ-চহৰৰ যিকোনো মানুহৰে ডিপ্ৰেছন হ’ব পাৰে ।

ভাৰতবৰ্ষত প্ৰতি ১০০০ শিশুৰ ভিতৰত ৩-১২ জন শিশু ডিপ্ৰেছনত ভোগে । ৰাষ্ট্ৰীয় মানসিক স্বাস্থ্য সমীক্ষা (২০১৫-১৬ ) অনুসৰি ভাৰতবৰ্ষত ১৩-১৭ বয়সৰ প্ৰতি ১,০০০ শিশুৰ ভিতৰত ৮ শিশু ডিপ্ৰেছনত ভোগে । কিন্তি শিশুৰ ডিপ্ৰেছনৰ লক্ষনসমূহ প্ৰাপ্তবয়স্ক বা বৃদ্ধ অৱস্থাত দেখা পোৱা ডিপ্ৰেছনৰ লক্ষণৰ লগত নিমিলিবও পাৰে । শিশুসকলৰ চিনাশক্তি আৰু আৱেগ- অনুভূতিৰ সম্পূৰ্ণ বিকাশ নহয় হেতু তেওঁলোকে নিজৰ মনৰ ভাবটো বুজি প্ৰকাশ কৰাত অসুবিধা হয় । তেওঁলোকৰ ক্ষেত্ৰত তলত উল্লেখ কৰা লক্ষণসমূহ দেখা যায়-

১) দুখ লাগি থকা বা নিজৰ ব্যৱহাৰ, বুদ্ধিমত্তা বা দৈহিক অৱয়ব সম্পৰ্কে নিচাত্মিকা বোধ ।

২) সঘনাই মূৰৰ বিষ, পেটৰ বিষ বা দুৰ্বল অনুভৱ , কেইবাজনো চিকিৎসকক দেখুৱায়ো ভাল নোপোৱা এই সমস্যাবোৰৰ বাবে প্ৰায়ে স্কুল ক্ষতি হোৱা ।

৩) বন্ধু-বান্ধৱৰ পৰা আঁতৰি থকা, আগতে ভাল পোৱা কামবোৰ, হ’বি বা খেলা-ধূলাত মন নবহা হোৱা, বেছিভাগ সময় নিজৰ ৰুমতে সোমাই থকা, বেছিভাগ সময় শুই কটোৱা, খিংখিঙীয়া ব্যৱহাৰ ।

৪) অলপ কথাতে কন্দা বা খং কৰা আৰু

৫) মৃত্যু বা আত্মহত্যাৰ চিন্তা ইত্যাদি ।

শিশুবোৰক তিনিটা প্ৰকৃতিৰ সংমিশ্ৰণত ভগাব -

১) সহজ প্ৰকৃতিৰ শিশু :-

এই প্ৰকৃতিৰ শিশুৰ প্ৰস্ৰাৱ-পাইখানা, টোপনি সময় মতে হয়, নতুন বস্তুক সহজভাৱে ল’ব পাৰে, পৰিবৰ্তিত পৰিস্থিতিত নিজকে খাপ খুৱাই ল’ব পাৰে, সাধাৰণতে ফূৰ্তি-তামাচা কৰি থাকে । প্ৰায় ৪০ শতাংশ শিশু এই প্ৰকৃতিৰ ।

২) জটিল প্ৰকৃতিৰ শিশু :-

এই প্ৰকৃতিৰ শিশুৰ খোৱা-বোৱা, টোপনি, প্ৰস্ৰাৱ-পাইখানাৰ কোনো ধৰা-বন্ধা সময় নাই । নতুন বস্তু বা মানুহৰ লগত তেওঁলোক সহজ হ’ব নোৱাৰে আৰু আঁতৰি আহে । মাত্ৰ ১০ শতাংশ শিশুহে এই প্ৰকৃতিৰ ।

৩) শ্লো-টু-ৱাৰ্মৱাপ :-

এই প্ৰকৃতিৰ শিশুবোৰৰ ব্যৱহাৰৰ বৈশিষ্ট্যই আন দুটা প্ৰকৃতিৰ শিশুৰ ব্যৱহাৰৰ মাজৰ বৈশিষ্ট্য প্ৰকাশ কৰে । এওঁলোকে প্ৰথমে নতুন বস্তুক ভাল নাপায় যদিও লাহে লাহে আঁকোৱালি লয়, খোৱা-বোৱা, প্ৰস্ৰাৱ- পাইখানা, টোপনি আদি সহজ প্ৰকৃতিৰ শিশুৰ নিচিনা নহয় যদিও মোটা-মুটি সময়মতে কৰে । প্ৰায় ১৫ শতাংশ শিশুৱে এই প্ৰকৃতিৰ বৈশিষ্ট্য দেখুৱায় । বাকী থকা ৩৫ শতাংশ শিশু এইকেইটা প্ৰকৃতিৰ এটাৰ লগতো নিমিলে । শিশুৱে ঘৰখনত সকলো ধৰণৰ আৱেগ-অনুভূতি প্ৰত্যক্ষ কৰা উচিত । ঘৰখনত কেতিয়াবা মাক-দেউতাক বা ভায়েক-ককায়েকৰ মাজত যে খঙা-খঙি বা কথা কটা-কটি নহ’ব আৰু শিশুৱে নেদেখিব তেনে নহয় । কিন্তু সেই কাজিয়া কেনেদৰে মিত-মাত কৰি আকৌ এটা পৰিয়ালৰ দৰে হাঁহি-ধেমালি আৰু সহযোগিতাৰ বাস কৰা প্ৰত্যক্ষ কৰি শিশুৱে যি শিক্ষা লাভ কৰিছে, সেয়াহে আচল কথা । কিন্তু এইটোও লক্ষ্য কৰিব লাগিব যে খং বা হতাশাগ্ৰস্ততাৰ বাবে পৰিয়ালৰ কোনো সদস্যই যাতে ঘৰৰ বস্তু-বাহনি ভঙা, দলিওৱা বা শাৰীৰিকভাৱে প্ৰহাৰ আদিৰ নিচিনা কোনো ধ্বংসাত্মক কামৰ আশ্ৰয় নলয় ।

কিশোৰৰ ক্ষেত্ৰত তলত দিয়া লক্ষ্ণসমূহ দেখা যায় -

১) প্ৰায়ে বিৰক্তি অনুভৱ কৰা, খিংখিঙীয়া ভাব, উদ্বিগ্নতা বা নিৰাশাত ভোগা ।

২) বন্ধু-বান্ধৱৰ পৰা আঁতৰি থকা বা ঘৰত থকা সময়ত পৰিয়ালৰ আন আন সদস্যৰ পৰা আতৰত থকা ।

৩) ৰাতি প্ৰায়ে টোপনি নহা ( আৰু ফলত টিভি আদি চাই পলমকৈ শোৱা), পুৱা টোপনিৰ পৰা দেৰিকৈ উঠা (ফলত স্কুল ক্ষতি হোৱা) আৰু দিনত শুই কটোৱা ।

৪) ক্লাছ কৰিবলৈ মন নোযোৱা বা কৰিলেও ক্লাছত মন নবহা আৰু অৱধাৰিতভাৱে পৰীক্ষাত ভাল ফল দেখুৱাব নোৱাৰা ।

৫) ভোক নলগা

৬) উদ্ধতালি কৰা, মদ ভাং বা আন ড্ৰাগছৰ ব্যৱহাৰ ।

৭) বিভিন্ন ধৰণৰ শাৰীৰিক সমস্যা

৮) মৃত্যু সম্পৰ্কে সকলো সময়তে চিন্তা কৰি থকা ইত্যাদি ।

ব্যক্তি এজনৰ জীৱনত কৈশোৰ কালটো এটা গুৰুত্বপূৰ্ণ সময় । বয়:সন্ধিৰ এই সময়ছোৱাত ব্যক্তিজনৰ জীৱনত দৈহিক, সামাজিক আৰু মানসিক কেতবোৰ পৰিবৰ্তন আহে । এই সময়ছোৱাত কথাবোৰ নিজা ধৰণে চিন্তা কৰিবলৈ লয় । মাক-বাপেক বা শিক্ষকতকৈ বন্ধু-বান্ধৱৰ প্ৰভাৱ বেছিকৈ পৰে । এইখিনি সময়ত কিছুমান শিশু আৰু কিশোৰ নীচাত্মিকা বোধত ভোগে, ভাবিবলৈ লয় তেওঁৰ জীৱনৰ যেন কোনো মূল্য নাই, ভৱিষ্যতত যেন একো কৰিব নোৱাৰিব আৰু ভাব হয় এই ধৰাত যেন সকলো অৰ্থহীন । অস্থিৰ আবেগৰ এই সময়ছোৱাত কিছুমান কিশোৰৰ মাজত উপৰোক্ত লক্ষণবোৰ দেখা যাব পাৰে । সেয়া কোনো চিন্তাৰ কাৰণ হ’ব নালাগে । কাৰণ ডিপ্ৰেছনৰ উক্ত লক্ষণবোৰ খন্তেকীয়া আৰু কিশোৰজনৰ কাৰ্যকুশলতাত কোনো স্থায়ী প্ৰভাৱ নেপেলায় ।

শিশু আৰু কিশোৰৰ ডিপ্ৰেছনৰ কাৰণ -

জীৱনৰ আৰম্ভণিতে পোৱা মোক্ষম আঘাত, অনাকাংক্ষিত দুৰ্ঘটনা, শিক্ষাত যতি, প্ৰেমজনিত সমস্যা, পৰিয়ালত মানসিক ৰোগ, স্কুল আৰু ঘৰত পোৱা বিভিন্ন ধৰণৰ ক্ৰেছ আদি কাৰণত শিশু আৰু কিশোৰ ডিপ্ৰেছনত ভুগিব পাৰে । শিশু বৰ সংবেদনশীল । ঘৰ, স্কুল বা চাৰিওফালৰ পৰিবেশত ঘটা ঘটনাই শিশুক বিভিন্ন ধৰণে প্ৰভাৱান্বিত কৰে । প্ৰকৃতি আৰু সহন ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰি শিশুৱে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । এই পৰিবেশবোৰে সৃষ্টি কৰা ষ্ট্ৰেছৰ বাবে কিছুমান শিশু ডিপ্ৰেছনত ভুগিব পাৰে । নিচাযুক্ত বস্তু ব্যৱহাৰ কৰা বহু শিশু বা কিসোৰ ডিপ্ৰেছনত ভুগি থাকিব পাৰে । আন আন মানসিক সমস্যা, যেনে- কন্দাক্ত ডিছঅৰ্ডাৰ, এটেনচন ডেফিচিট হাইপাৰ একটিভিটি ডিছঅৰ্ডাৰ, অৱছেছিভ কম্পালচিভ ডিছঅৰ্ডাৰ, লাৰ্নিং ডিছঅৰ্ডাৰ আদি ভুগি থকা কিছুমান শিশু ডিপ্ৰেছনতো ভুগি থাকিব পাৰে । পৰিয়ালত কাৰোবাৰ মানসিক ৰোগ থাকিলেই আন সদস্যৰো মানসিক ৰোগ হ’ব বুলি কথা নাই । কিন্তু সমাজৰ আন আন মানুহতকৈ তেওঁলোকৰ সম্ভাৱনা অলপ বেছি থাকে । আজিৰ সময়ৰ কিশোৰ-কিশোৰীৰ লগতে শিশুসকলো ইলেক্ট্ৰ’নিকছ সামগ্ৰী ব্যৱহাৰত অভ্যস্ত । ইণ্টাৰনেট এওঁলোকৰ বাবে জ্ঞানৰ এখন বিশাল জগতৰ দুৱাৰ খুলি দিছে । ইণ্টাৰনেটৰ সদ ব্যৱহাৰে যেনেকৈ কিছুমানক ঐশ্বৰ্যশালী কৰিছে, দুৰ্ব্যৱহাৰে আকৌ কিছুমানৰ জীৱনলৈ মাতি আনিছে অমানিশা । হীনমন্যতাত ভোগা কিশোৰ চাইবাৰ আতিশয্যৰ বাবে মানসিকভাৱে ভাগি পৰি আত্মহত্যাৰ নিচিনা চৰম পথ ল’ব পাৰে ।

শিশু আৰু কিশোৰৰ ডিপ্ৰেছনৰ প্ৰতিকাৰ -

শিশু বা কিশোৰৰ ব্যৱহাৰৰ ব্যতিক্ৰম ঘটিলে আৰু ই তেওঁলোকৰ স্কুলীয়া, ঘৰুৱা বা সামাজিক কামত নেতিবাচক প্ৰভাৱ পেলালে মানসিক চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত । সময়মতে চিকিৎসাৰ ব্যৱস্থা নকৰিলে, ডিপ্ৰেছনত ভোগা শিশু শিক্ষাৰ লগতে জীৱনৰ আন আন ক্ষেত্ৰবোৰতো পিচ পৰি ৰয় আৰু ডাঙৰ হ’লে আন আন মানসিক সমস্যাই দেখা দিব পাৰে । চিকিৎসাৰ বাবে বিভিন্ন ধৰণৰ ছাইক’লজিকেল থেৰাপিৰ উপৰি উপযোগী ঔষধৰ ব্যৱস্থা আছে । শিশুৰ সমস্যাৰ বিতং আলোচনাৰ পাচত চিকিৎসকৰ পৰামৰ্শমতে কেতিয়াবা পৰিয়াল বা স্কুলৰ ষ্ট্ৰেছ সৃষ্টিকাৰী পৰিবেশৰ পৰিবৰ্তন ঘটোৱাৰো প্ৰয়োজন হ’ব পাৰে । কেতিয়াবা শিশু আৰু কিশোৰৰ মানসিক সমস্যা সমাধানত সংশ্লিষ্ট শিশুৰ বন্ধুবৰ্গ আৰু শিক্ষকৰ বিশেষ ভূমিকা থাকে। দিনটোৰ সৰহভাগ সময় শিশুৱে স্কুলত কটায় । যিহেতু শিক্ষকসকলে শিশু এটাক এটা দীঘলীয়া সময়ৰ বাবে নিচেই ওচৰৰ পৰা পায়, শিশুটোৰ ব্যৱহাৰৰ পৰিবৰ্তন তেওঁলোকে সহজতে ধৰিব পাৰে ।

স্কুলৰ পৰিবেশৰ ধনাত্মক প্ৰভাৱ -

বিদ্যায়তনিক জ্ঞানৰ উপৰিও শিশুৰ শাৰীৰিক, সামাজিক, আৱেগিক আৰু বুদ্ধিমত্তাৰ বিকাশত শিক্ষকসকলৰ প্ৰভাৱ অনস্বীকাৰ্য । ব্যক্তি এজনে জীৱনত সন্মুখীন হ’ব পৰা সমস্যাসমূহ মোকাবিলা কৰিবলৈ জীৱন ধাৰণৰ কৌশলৰ প্ৰশিক্ষণৰ প্ৰয়োজন । এই ক্ষেত্ৰত শিক্ষকসকলে কিশোৰসকলক আত্মসচেতনতা, সহমৰ্মিতা, সুবিবেচিত চিন্তা, সৃজনীমূলক চিন্তা, সমস্যা সমাধান, , সিদ্ধান্ত গ্ৰহণ, পাৰস্পৰিক সম্পৰ্ক, কাৰ্যকৰী যোগাযোগ, মানসিক চাপ আৰু আৱেগৰ মোকাবিলা আদি কৌশলসমূহৰ প্ৰশিক্ষণ দি তেওঁলোকক জীৱনৰ সকলো দিশতে উপযোগী হিচাপে গঢ়ি তুলিব পাৰে । পৰৱৰ্তী সময়ত তেওঁলোকে জীৱনলৈ অহা প্ৰত্যাহ্বানবোৰৰ সন্মুখীন হৈ সহজে মোকাবিলা কৰিব পাৰে । জীৱন ধাৰণৰ কৌশলৰ শিক্ষাই কিশোৰসকলৰ মানসিক উত্তৰণ ঘটাই মানসিক সমস্যা প্ৰতিৰোধ কৰাত সহায় কৰিব পাৰে ।

লেখক :- ডা: প্ৰদীপ কুমাৰ শৰ্মা

উৎস :- দেওবৰীয়া সম্ভাৰ

 

 

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top