মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুক কেনেকৈ শাসন কৰা উচিত
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুক কেনেকৈ শাসন কৰা উচিত

শিশুক কেনেকৈ শাসন কৰা উচিত, সেই বিষয়ে লিখা হৈছে ।

 

বহুতো অভিভাৱকে সোধে- শিশুক কেনেকৈ শাসন কৰা উচিত ? এইটো এনে এটা প্ৰশ্ন, যিটোৰ এটা বাক্যতে দিব পৰা কোনো উত্তৰ নাই । কিন্তু সেইবুলি ইয়াৰ উত্তৰ নথকা নহয় । প্ৰকৃততে শিশুক শাসন কৰাৰ ক্ষেত্ৰত বহুতো উপায় আছে । মাথোঁ উপায়বোৰ অনুধাৱন কৰি সেইবোৰ উপযুক্তভাৱে প্ৰয়োগ কৰিব পৰাটোহে গুৰুত্বপূৰ্ণ কথা । এটা কথা ঠিক যে শিশুক সঠিকভাৱে শাসন কৰিবলৈ প্ৰয়োজন হয় অসীম ধৈৰ্যৰ । গতিকে আমি অভিভাৱকসকলে ধৈৰ্য আৰু সঠিক চিন্তাৰে আমাৰ শিশুটিক অতি সহজেই শাসন কৰিব পাৰো ।

এতিয়া কথ হ’ল, শিশুকনো শাসন কৰিব লগা হয় কিয় ? সিহঁতে কি এনেকুৱা কাম কৰে, যাৰ কাৰণে আমি সিহঁতক শাসন কৰিব খোজো? ইয়াৰ উত্তৰ কি আমি অভিভাৱকসকলে জানো । শিশু এটাই কেৱল দুষ্ট কৰিলেই যে সিহঁতক শাসন কৰা হয় কথাটো ঠিক তেনেকুৱা নহয় । শিশুৱে ভুল বা দুষ্ট কৰক বা নকৰক সঠিকভাৱে ডাঙৰ হৈ ভৱিষ্যতে যাতে সিহঁত মানুহ হ’ব পাৰে সেইবাবেই আমি শিশু অৱস্থাৰ পৰাই সিহঁতক এক বিশেষ গঠন দিবলৈ চেষ্টা কৰো আৰু সঠিক পথবোৰ দেখুৱাই সিহঁতক সকীয়াই থাকি শাসন কৰো ।

ধৈৰ্যৰ বাহিৰে শিশুক শাসন কৰিবলৈ অভিভাৱকক প্ৰয়োজন হোৱা আনটো গুণ হৈছে খং সম্বৰণ কৰি ৰাখিব পৰাৰ ক্ষমতা । শিশুৱে বহু সময়ত এনেকুৱা কিছুমান কাম কৰে, যিবোৰ দেখি অভিভাৱকৰ খঙে মূৰৰ চুলিৰ আগ পায়গৈ । কিন্তু সেই মূহূৰ্ততো খঙত ক’ব নোৱাৰা হৈ নপৰি সেই পৰিস্থিতিটো সঠিক বিবেচনাৰে অভিভাৱকসকলে পৰিচালনা কৰিব পাৰিব লাগিব । কাৰণ খঙেৰে কোনো সমস্যাৰ দীৰ্ঘস্থায়ী সমাধান সম্ভৱপৰ নহয় আৰু খঙেৰে শিশুৱে কৰা ভুল বা দোষৰ বাবে সিহঁতক দিবলগীয়া প্ৰয়োজনীয় শাস্তিও ঠাৱৰ কৰিব পৰা নাযায় । অৱশ্যে এনেকুৱা নহয় যে আপুনি শিশু সন্তানটিক কোনো কথাতেই কেতিয়াও খং নকৰিব । কিন্তু কথাটো হ’ল আপোনাৰ অত্যধিক খঙে সন্তানটিক কিমান পৰিমাণৰ খং কৰিব, খং কৰোতে কি কি শব্দ প্ৰয়োগ কৰিব সেইবোৰ যাতে আপোনাৰ বিবেচনাৰ বাহিৰলৈ নাযায় । পৰাপক্ষত সন্তানে কৰা কোনো ভুল বা দোষৰ বাবে প্ৰথমে সিহঁতক মৰমেৰে বুজাই শিক্ষা দি ভৱিষ্যতে তেনে নকৰিবলৈ সুবিধা দিব লাগে । কিন্তু বুজাই কোৱাৰ পিছতো যদি শিশুটিয়ে বাৰে বাৰে সেই একেটা দোষকে কৰিছে, তেন্তে আমি এইটো বিচাৰি উলিয়াবলৈ চেষ্টা কৰা উচিত যে সন্তানটিক আমি বুজাব জনা নাই নে শিশুটিয়ে বুজিব পৰা নাই নে জানি-বুজিও শিশুটিয়ে দোষ বা ভুলটো কৰিছে । যদি আমি বুজো যে আমি শিশুটিক উপযুক্তভাৱে বুজাব পৰা নাই, তেন্তে আমি এইবাৰ বেলেগ উপায়েৰে শিশুটিক বুজাবলৈ চেষ্টা কৰা উচিত । আৰু যদি শিশুটিয়ে বুজিব পৰা নাই, তেন্তে কিয় বুজিব পৰা নাই তাৰ বিভিন্ন দিশবোৰ , যেনে – শিশুটিৰ মনোযোগৰ অভাৱ, বুজা শক্তিৰ অভাব আদি দিশ চালি-জাৰি চাই সেইবোৰৰ উপায় চিন্তা কৰিব লাগিব । কিন্তু এটি শিশুৱে যদি জানি-বুজিও বাৰে বাৰে ভুল বা দোষ কৰিছে, তেন্তে দোষৰ পৰিমাণ চাই তাক কিন্তু উচিত শাস্তি দিবই লাগিব । কাৰণ উপযুক্ত শাস্তিয়ে শিশুৱে ভৱিষ্যতে কৰিবলগীয়া সেই ভুলৰ সম্ভাৱনা কমাই তোলে । মনোবিজ্ঞানত শাস্তিক দুই ধৰণেৰে দিয়াৰ উপায়ৰ কথা উল্লেখ কৰা হৈছে । একধৰণৰ শাস্তি হ’ল ইতিবাচক শাস্তি আৰু আনধৰণৰ শাস্তি হ’ল নেতিবাচক শাস্তি । ইতিবাচক শাস্তিও শিশুৱে নিবিচৰা বা অবাঞ্চিত উদ্দীপক (Stimulus) সিহঁতৰ ওপৰত প্ৰয়োগ কৰা হয় । নেতিবাচক শাস্তিত শিশুৰ বাঞ্চিত যি উদ্দীপক সেই উদ্দীপকক আঁতৰাই পেলোৱা হয় বা সেই উদ্দীপক লাভ কৰাৰ সময় পিছুৱাই দিয়া হয় । শাস্তিৰ বাহিৰে Reinforcement   জৰিয়তেও আমি শিশুক শাসন কৰিব পাৰো । (Reinforcement) ৰ অসমীয়া অভিধানিক অৰ্থ হৈছে শক্তিশালী কৰা কাৰ্য)। Reinforcement  ক আমি ইতিবাচক পদ্ধতিৰে প্ৰয়োগ কৰোতে সদায় ওপৰঞ্চি কিবা এটা দিওঁ ।  Reinforcement ক নেতিবাচক পদ্ধতিৰে প্ৰয়োগ কৰোতে আমি সদায় শিশুটিয়ে বেয়া পোৱা কিবা এটা আঁতৰাই শিশুটিৰ পৰা আশা কৰা আচৰণটি শক্তিশালী কৰি তোলো ।

শিশুৱে বহু সময়ত এনেকুৱা কিছুমান কাম কৰি থাকে, যিবোৰ বৰ বিপজ্জনক । অথচ সেইবোৰ নকৰিবা বুলি খং কৰি, শাস্তি দিও আমি ক্ষন্তেকীয়া সুফল পালেও দীৰ্ঘস্থায়ী সুফল নাপাওঁ । উদাহৰণস্বৰুপে, বাৰে বাৰে মানা কৰা সত্ত্বেও বহু শিশুৱে কেতিয়াবা ধেমালি কৰি এনেকুৱা কৰে যে হাতত লৈ থকা কোনো বস্তু এটা পিতৃ-মাতৃ বা সহোদৰৰ গালৈ দলিয়াই দিয়ে, ৰুমৰ দৰ্জা বা বাথৰুমৰ দৰ্জা বন্ধ কৰি নিজে সোমাই পৰে বা আনক সুমুৱাই পেলায় । ধৰি লোৱা হওক, বাথৰুমৰ আধা দৰ্জা খুলি কাপোৰ ধুই থকা মাক এগৰাকীক তেওঁৰ শিশু সন্তানটিয়ে ধেমালি কৰি দৰ্জাখন বাহিৰৰ পৰা বন্ধ কৰি দিম বুলি বাৰে বাৰে দৰ্জাখন এবাৰ খুলি এবাৰ জপাই আছে । সেই মাকগৰাকীয়ে বাৰে বাৰে তেনে নকৰিবলৈ আৰু দৰ্জাখন যে সঁচাকৈয়ে হঠাতে বন্ধ হৈ যাব পাৰে সেই কথা শিশুটিক সকীয়াই আছে বা খং কৰি ধমক দিছে । হয়তো সেই সময়ত ধমক খাই শিশুটিয়ে সেই কামটো কৰা সিমানতে এৰি দিব পাৰে । কিন্তু ভৱিষ্যতে শিশুটিয়ে কিন্তু তেনেধৰণৰ একে বিপজ্জনক কাম এটা কৰাৰ সম্পূৰ্ণৰুপে সম্ভাৱনা থাকে । কাৰণ প্ৰথমবাৰ যে মাকে মানা কৰিছিল শিশুটিয়ে সেই কামটো সেই মুহূৰ্তত কৰিবলৈ এৰি দিছিল মাকৰ ধমকিলৈ ভয় কৰি । কিন্তু সি বুজি উঠা নাছিল কিয় তেনেকুৱা কাম কৰা অনুচিত । গতিকে বাথৰুমত কাপোৰ ধুই থকা মাকগৰাকীয়ে সেইদিনাৰ পৰিস্থিতিটোত সন্তানটিক খঙেৰে শাসন কৰিবলৈ চেষ্টা নকৰি কাপোৰ ধোৱা আধাতে এৰি হ’লেও লগে লগে বুজাই ক’ব লাগিব কিয় তাক/ তাইক কেনে নকৰিবলৈ কৈছে । এই কথাবোৰ কওঁতে অভিভাৱসকলে বিভিন্ন নীতি- সাধুকথাৰ সহায়ো ল’ব পাৰে, যি কথাই শিশুটিক আকৰ্ষিতও কৰিব আৰু শিশুটিয়ে কথাবোৰ বুজি উঠাত সহায়ো হ’ব । এতিয়া এই গৰাকী মাকৰ পৰিস্থিতিত তেওঁ ক’ব পাৰে আমি প্ৰায় প্ৰতিজন পিতৃ বা অভিভাৱকে জনা সেই কাহিনীটো, য’ত কোৱা হৈছে হাতত এযোৰ ধনু-কাঁড় লৈ থকা পুতেকে মাকৰ গালৈ ধেমালিতে মাৰি দিম বুলি কৈ আছিল । মাকেও বাৰে বাৰে মানা কৰিছিল তেনে নকৰিবলৈ । কাৰণ হাতৰ পৰা হঠাতে পিছলি সেই কাঁড়ডাল আহি মাকৰ গাত লাগি যাব পাৰে । কিন্তু মাকৰ কথা নুশুনি পুতেকজনে ধেমালি কৰিয়েই আছিল আৰু আচৰিত ধৰণেৰে ল’ৰাজনৰ হাতৰ পৰা হঠাতে কাঁড়ডাল ওলাই আহি মাকৰ বুকু ভেদ কৰি পেলাইছিলহি আৰু মাকগৰাকীৰ মৃত্যু হৈছিল । গতিকে পাঠকসকলৰ যদি শুদ্ধকৈ গোটেই কাহিনীটো মনত আছে, তেন্তে আপোনালোকে শিশুটিক তেনেকৈয়ে ক’ব পাৰে । কিন্তু গুৰুত্বপূৰ্ণ কথাটো হ’ল শিশু এটিক আমি যি উদ্দেশ্য ৰাখি কাহিনীটো কৈছো সেই উদ্দেশ্য সফল হোৱা । আকৌ কিতাপত পঢ়া কাহিনী এটাহে যে কেৱল আমি শিশুক ক’ব পাৰো তেনে নহয় । আমি পৰিস্থিতিটোৰ লগত মিল কৈ নিজে সাজি চৰিত্ৰবোৰৰ নাম দি যিকোনো কাহিনী আমি শিশুক ক’ব পাৰো । মাথোঁ কাহিনেটো পৰিস্থিতিটোৰ লগতে খাপ খোৱা আৰু শিশুটিক পতিয়ন নিয়াব পৰা হ’ব লাগে ) । যদি ওপৰত উল্লেখ কৰা মাকগৰাকী ওপৰত কোৱা কাহিনীটোক বা আন কোনো কাহিনী এটা শিশুটিৰ মন চুই যোৱাকৈ কৈ বুজায় যে ধেমালিতে বাথৰুমৰ দৰ্জাখন বন্ধ কৰি দিম বুলি কওঁতে সঁচাকৈয়ে যদি দৰ্জাখন বাহিৰৰ পৰা বন্ধ হৈ যায়, তেন্তে মাক দেখোন দেউতাক নহালৈকে সন্ধিয়ালৈকে বাথৰুমতে থাকিব লাগিব । লগতে এইটোও শিশুটিক বুজাব পাৰে যে ঘৰৰ মুখ্য দৰ্জাখনো যিহেতু বন্ধ গতিকে দেউতাকেও দৰ্জাখন খুলিব নোৱাৰিব আৰু তেনে পৰিস্থিতিত মাক থাকিব বাথৰুমত , দেউতাক ঘৰৰ বাহিৰত আৰু শিশুটি ঘৰত অকলে থাকিব লাগিব । পৰিস্থিতিটো বুজাই কওঁতে অভিভাৱকে কিন্তু এনেয়ে ক’ব লাগে কাৰণে কোৱাৰ দৰে কথাখিনি ক’লেও নহ’ব । কিছু পৰিমাণে মাতৰ সুৰ সলনি কৰি পৰিস্থিতিটো যে কিমান ভয়াৱহ হ’ব পাৰে সেয়া ছিৰিয়াছ হৈ বুজাই ক’ব লাগিব আৰু লগতে আমি শিশুটিক দায়িথ দি ক’ব পাৰো, কেতিয়াবা কোনোবাই এনেকুৱা কৰিলে সি যেন সকীয়াই দিয়ে । তেতিয়া চাবচোন শিশুটিয়ে তেনে কাম নিজেতো কৰিবলৈ এৰিবই, বৰঞ্চ সি আন শিশুৱে কৰিলে তেনে নকৰিবলৈ বাধা দি সিহঁতৰ ওপৰত শিক্ষক হ’বলৈহে চেষ্টা কৰিব । গতিকে কিছু ধৈৰ্য ধৰি এনেদৰে আমি বুজালেহে শিশু এটিয়ে কথাটোৰ গভীৰতা উপলব্ধি কৰিব পাৰিব আৰু তেনে ক্ষেত্ৰত শিশুক বেলেগকৈ কেনেকৈ শাসন কৰিম বুলি চিন্তিত হোৱা নিষ্প্ৰয়োজন ।

আনকি শিশুৱে কেতিয়াবা ফাঁকি দি বা দুষ্টামি কৰি নোহোৱা কথা এটা, যেনে- পেট নিবিষালেও পেট বিষাইছে, হাত কাটিল, পৰিলো আদিৰ দৰে মিছা কথা মাক-দেউতাক, সহোদৰ বা বন্ধু-বান্ধৱীৰ আগত কৈ ফুৰ্তি পায় । সেই শিশুকো অভিভাৱকসকলে আমি সৰুতে পঢ়া ‘বাঘে খালে অ’ বাঘে খালে’ বুলি চিঞৰি গাঁৱৰ ৰাইজক দুবাৰকৈ ঠগি আনন্দ পোৱা ল’ৰাটোক সঁচাকৈয়ে পিছত এদিন বাঘে খাই পেলাইছিল আৰু প্ৰথম দুবাৰৰ দৰে পিছৰবাৰ মিছাকৈ চিঞৰিছে বুলি যে গাঁৱৰ ৰাইজ নাহিছিল সেই কাহিনী শিশুক কৈ মিছা কথা কোৱাৰ পৰিণাম কিমান যে ভয়াৱহ হ’ব পাৰে সেই কথা বুজাব পাৰে । শিশুক মিছা কথা কোৱাৰ পৰা বিৰত ৰাখিবলৈ আমি ক’বৰ বাবে এনেকুৱা অলেখ কাহিনী আছে ।

যেতিয়া শিশুৱে বেয়া সংগ, বেয়া বন্ধুৰ লগ লয় তেতিয়া আমি বেয়া সংগই যে নিজৰো অনিষ্ট সাধে সেই কথা বুজালে বা তেনে সংগৰ পৰা আঁতৰত থাকিবলৈ খং কৰিলে কিছুমান শিশুৱে বুজি পায় বা মানি লয় । কিন্তু এনেধৰণৰ কিছুমান শিশু আছে, যি মাক-দেউতাকৰ কথাক কোনো গুৰুত্ব নিদিয়ে । (অৱশ্যে সন্তানে মাক-দেউতাকৰ কথা গ্ৰাহ্য নকৰা বা গুৰুত্ব নিদিয়াটো কিন্তু সৰুৰে পৰা সন্তানটিক সঠিক ধৰণেৰে শাসন কৰাত খুঁত ৰৈ যোৱাৰ বাবেই হয় ) । এনে ক্ষেত্ৰত অভিভাৱসকলে শিশুটিক মুখেৰে গালি-গালাজ কৰা বা বুজাই থকাতকৈ শিশুটিৰ চকুৰ আগত মোনাত বা বস্তাত ভাল আলুৰ লগত এটা বা দুই-তিনিটা গেলা আলু ভৰাই ৰাখি পোন্ধৰ দিন বা এমাহমানৰ ভিতৰত সেই বস্তাটো খুলি দেখুৱাই কেনেকৈ সেই এটা বা দুটা গেলা আলুৱে মোনাটোৰ বাকী আলুবোৰো গেলাবলৈ ধৰিছে সেই কথা বাস্তৱিকভাৱে বুজাই ক’ব পাৰে । (পঢ়া মনত পৰে, মহীয়সী নাৰী মাদাৰ টেৰেছাৰ শৈশৱ কালত মাতৃয়েও মাদাৰ টেৰেছাক এই কামটো কৰি দেখুৱাইছিল ) । শিশুক ওপৰৰ বাস্তৱ উদাহৰণটোৰ জৰিয়তে মাত্ৰ দুই-এজন বেয়া লগ-বন্ধুৰ সংগয়ো যে শিশুটিৰ অনিষ্ট সাধিব পাৰে সেই কথা বুজাই ক’লে শিশুটিয়ে মাক- দেউতাকৰ কথাবোৰ নুবুজাৰ কথা থাকিব নোৱাৰে । গতিকে বহু সময়ত মুখেৰে মাথোঁ কৈ থকাতকৈ এনেকৈ বাস্তৱ ছবি এখন শিশুৰ আগত দাঙি ধৰিব পাৰিলে শিশুৰ কথাবোৰ বুজিবলৈ সুবিধা হয় আৰু এনে শিক্ষাই সিহঁতৰ জীৱনজুৰি প্ৰভাৱ পেলায় ।

শিশুক সঠিক ধৰণেৰে শাসন কৰাৰ আন এক উপায় হৈছে আমি নিবিচৰা বা নকৰিবলগীয়া যিটো কাম শিশুটিয়ে কৰি আছে সেই কামটোক শিশুটিক আমনি লাগি যোৱাকৈ পুনৰায় কৰি থাকিবলৈ দিয়াটো । উদাহৰণ স্বৰুপে, শিশু এটিয়ে ঘৰৰ মজিয়াত পানী পেলাই ফুৰি আনন্দ পাইছে আৰু অভিভাৱকে মানা কৰা সত্ত্বেও শিশুটিয়ে তেওঁলোকৰ কথালৈ কৰ্ণপাত কৰা নাই । সেই মুহূৰ্তত শিশুটিক শাসন কৰিবলৈ তাক/ তাইক যদি বহু সময় ধৰি মজিয়াত পানী পেলাই থাকিবলৈ জোৰ কৰা হয় এটা সময়ত শিশুটিৰ সেই কাম কৰি আমনি লাগিব আৰু সেই কাম কৰিবলৈ ভৱিষ্যতে কোনো আগ্ৰহ অনুভৱ নকৰিব । এই কামবোৰ কৰিবলৈ যিমানেই আমি শিশুক বাধা দিম সিমানেই সিহঁতৰ কামৰ প্ৰতি আগ্ৰহ বাঢ়িহে যায় । অৱশ্যে সিহঁতে কৰা যিকোনো কাম এটাকে পুনৰায় কৰিবলৈ দিলে বহু সময়ত বিপদো হ’ব পাৰে । গতিকে এতিয়া নিৰ্বাচন কৰাৰ দায়িত্ব অভিভাৱকসকলৰ যে তেওঁলোকে কোনবোৰ কামত এই পদ্ধতি প্ৰয়োগ কৰিব । তদুপৰি শিশুৱে কৰিব খোজা কোনো বিপজ্জনক কামৰ অভিজ্ঞতা শিশুটিক ল’বলৈ দিও সেই কামৰ পৰা সিহঁতক আঁতৰাই ৰাখিব পৰা যায় । উদাহৰণস্বৰুপে, মানা কৰা সত্ত্বেও আমাৰ শিশু সন্তানবোৰে কটাৰীৰে কিবা কাটি চাব খোজে, জুইশলা কাঠীৰে জুই জ্বলাই চাব খোজে ইত্যাদি । এনে পৰিস্থিতিত হ’বলগীয়া বিপদৰ বিষয়ে কৈ ধমক দিলেও সিহঁতে নামানে । বৰঞ্চ সিহঁতৰ কামটো কৰাৰ প্ৰতি কৌতূহল আৰু আগ্ৰহ বাঢ়িহে যায় । গতিকে শিশু এটিয়ে যদি কটাৰীৰে কিবা কাটি চাব খোজে সিহঁতক দিব লাগে আৰু যদি সিহঁতক এবাৰৰ বাবে হ’লেও কাটে সিহঁতে তাৰ পৰা পোৱা কষ্ট বা বিষ নিজে অনুভৱ কৰিব । ফলস্বৰুপে , ভৱিষ্যতে সিহঁতে বুজাৰ বয়স নোহোৱালৈকে দ্বিতীয়বাৰ কটাৰীৰে কিবা কাটিবলৈ বিচৰাতো দূৰৰে কথা, বৰঞ্চ আপুনি যদি কটাৰীৰে কিবা কাটিবলৈ দিয়ে সিহঁতে সেই ঠাইৰ পৰা আঁতৰিহে যাব । অৱশ্যে এইখিনিতে কৈ থোৱা উচিত হ’ব যে এনে কাম শিশুক কৰিবলৈ দিওঁতে অভিভাৱকে সাৱধানতা অৱলম্বন কৰি এইটো নজৰ ৰখা দৰকাৰ যে শিশুটিয়ে যাতে গুৰুতৰ আঘাত নাপায় । গতিকে এই কাম কৰিবলৈ দিওঁতে অভিভাৱকৰ সন্মুখতে সিহঁতক কৰিবলৈ দিয়া উচিত ।

আমি প্ৰতিজন অভিভাৱকেই আমাৰ শিশুটিক সকলো ফালৰ পৰা সুস্থ কৰি ডাঙৰ কৰিব বিচাৰো । কিন্তু আমি কেৱল মনেৰে ভাবি থাকি সেয়া বিচাৰিলেও নহ’ব । তাৰ বাবে আমি শিশুক উপযুক্ত পদ্ধতিৰে শাসন কৰি সিহঁতক সঠিকভাৱে ডাঙৰ হোৱাত সহায়ো কৰিব লাগিব ।

লেখক :- জয়শ্ৰী বুঢ়াগোহাঁই

উৎস :- জি এনআৰচি স্বাস্থ্য

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top