মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুক গৰম পানীয়ে পুৰিলে?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুক গৰম পানীয়ে পুৰিলে?

শিশুক গৰম পানীয়ে পুৰিলে? সেই বিষয়ে লিখা হৈছে ।

 

উতলা গৰম খাদ্য সদায় শিশুৰ পৰা আঁতৰত ৰাখিব লাগে। পানীৰ গৰম কেটেলী এনে ঠাইত থ’ব লাগে যাতে শিশুৱে চুব নোৱাৰে। গা ধুৱাবলৈ গৰম পানী লওঁতে প্ৰথমে ঠাণ্ডা পানী লৈহে গৰম পানী ল’ব লাগে। আগতে গৰম পানী লৈ ঠাণ্ডা পানী পিছত ঢলাটো অনুচিত। গা ধুবলৈ লোৱা পানীৰ কাষত কেঁচুৱাক অকলে এৰি যাব নালাগে। প্ৰথমে সকলো যতনাই পিছত সন্তানক নিব লাগে। শিশুৱে পোৱাকৈ হট ৱাটাৰ বেগ থ’ব নালাগে। অকস্মাতে খুলি দিব পাৰে। কেঁচুৱাক কোলাত লৈ গমৰ বস্তু খোৱা অনুচিত। আনহাতে শিশুৰ গাৰ কাষেদি গৰম খাদ্য নিব নালাগে। মুঠৰ ওপৰত শিশুৱে নুবুজালৈকে পাকঘৰত সোমাওঁতে অতি সাৱধান হোৱা উচিত। গৰম খাদ্য লৈ যাওঁতেও সাৱধান হোৱা উচিত, কিয়নো শিশুৱে দৌৰ মাৰি আহি আপোনাক খুন্দা মাৰি দিব পাৰে। এটা কথা মনত ৰাখিব যে সাৱধানৰ মৰণ নাই।

 

কেঁচুৱাৰ কান্দোন -

কেঁচুৱাৰ অতিপাত কান্দোন কেতিবা মাক-দেউতাকক বিব্ৰত কৰে। ভোকৰ কান্দোন তেওঁলোকে বুজি পায়। কিন্তু খুওৱাৰ পিছতো যদি কান্দি থাকে তেতিয়া ইয়াৰ কাৰণ জানিবলৈ চেষ্টা কৰা উচিত। ভিজা কাপোৰ গাত লাগি থাকিলেও বহুত কেঁচুৱাই কান্দি থাকে। কেতিয়াবা মহে বা পোকে কামুৰিলেও কান্দে। সাধাৰণতে কেঁচুৱাই দিনত শোৱে আৰু ৰাতি প্ৰায়ে সাৰে থাকে। ৰাতি সাৰ পাই উঠিলে তাৰ প্ৰতি মনোযোগ নিদিয়া যেন দেখিলেও কান্দি উঠে। শৌচ বেছি টান হ’লে শৌচ কৰিবৰ সময়ত কষ্ট পাই কান্দে। কেতিয়াবা পেটত গেছ হৈ বিষ হয়, তেতিয়াও কান্দে। সেয়ে খোৱাৰ পিছত কেঁচুৱাক উগাৰ মৰাই দিব লাগে। পানী লাগি নাক বন্ধ হ’লে, মুখেৰে উশাহ ল’ব নাজানি কান্দে। সেয়ে নাকত দিয়া ড্ৰপ ব্যৱহাৰ কৰিব লাগে। টোপনি আহিলে বা পিন্ধি থকা কাপোৰত আৰাম নাপালেও কান্দে। এই কাৰণবোৰৰ যদি এটাও নহয় আৰু কেঁচুৱাই অতিপাত কান্দিছে, তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক।

উৎস: নিয়মীয়া বাৰ্তা

 

শীতকালত ছাল সজীৱ কৰি ৰাখক -

শীতত ছালখন সতেজ আৰু মসৃণ কৰি ৰখা মহিলা-পুৰুষ উভয়েৰে এক ডাঙৰ সমস্যা। শীতকালত বতৰ শুকান হয়। লগতে বতাহ আৰু জলবায়ুৰ আৰ্দ্ৰতা হ্ৰাস পায় কাৰণে ছালৰ সতেজতা হ্ৰাস পায়।

শীতৰ প্ৰকোপ বৃদ্ধিৰ লগে লগে ছালৰ পানীভাগ হ্ৰাস পায় আৰু ইয়াৰ স্বাভাৱিক তৈল আৱৰণ শুকাই গৈ সংকুচিত হৈ পৰে। ফলত স্বাভাৱিকতে পুৰুষ-মহিলা উভয়ৰে ছালৰ বহু সমস্যাই দেখা দিয়ে। প্ৰধানকৈ-

*ছাল শুকান হোৱা,

*ছাল শোটোৰা পৰা,

*ওঁঠ ফটা,

*ৰঙা-গোলাপী দাগ পৰা,

*উফি আদি সমস্যাই ছালক ভাৰাক্ৰান্ত কৰি তোলে।

শীতকালত ছালৰ এই সমস্যাবোৰৰ পৰা আঁতৰি থকাৰ বাবে, বিশেষকৈ শুকান ভাব দূৰ কৰিবলৈ কুহুমীয়া গৰম পানীৰে গা ধুব লাগে। গা ধোৱাৰ পূৰ্বে অলিভ অইলেৰে শৰীৰটো মালিচ কৰিব। এনেদৰে মালিচ কৰিলে সমগ্ৰ শৰীৰটোলৈ ৰক্ত সঞ্চালন হৈ ছালখন মসৃণ হয়।

শীতত বহুতেই গা ভালকৈ ধুবলৈ এলাহ কৰে। কিন্তু শীততহে গা পৰিষ্কাৰ আৰু ভালকৈ চাবোন সানি ধোৱা অতি প্ৰয়োজনীয়। বিশেষকৈ গ্লিচাৰিনযুক্ত চাবোনেৰে গা ধুলে ছাল শুকান নহয়।

শীতত বায়ুমণ্ডলৰ আৰ্দ্ৰতাৰ অভাৱ হয় কাৰণে ছালৰ তৈল ভাগ হ্ৰাস পায় আৰু ইয়াৰ ফলত ছাল শুকান, ৰুক্ষ হৈ পৰে। ছাল খৰখৰীয়া হয়, ফাট মেলে আৰু আঁক পৰে। সাধাৰণভাৱে ঘৰুৱা যতন ল’লেই এই সমস্যা আঁতৰাই ৰাখিব পাৰি।

চাবোনেৰে ভালদৰে হাত-ভৰি-মুখ কুহুমীয়া পানীৰে ধুব। শীতকালত সকলোৰে এটা প্ৰধান সমস্যা হ’ল ওঁঠ ফটা। মহিলাসকলে শীতকালত এটা বিষয়ত গুৰুত্ব দিব লাগে। কোনো কাৰণতে অত্যধিক প্ৰসাধন কৰিব নালাগে। (অৱশ্যে সকলো কালতে অত্যধিক প্ৰসাধন কৰা ছালৰ বাবে ক্ষতিকাৰক)।

লেখিকা: ডাঃ অৰুণা দেৱী(নিয়মীয়া বাৰ্তা)

2.66666666667
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top