মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুটিক মাতৃদুগ্ধ কিয় খুৱাব লাগে?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুটিক মাতৃদুগ্ধ কিয় খুৱাব লাগে?

শিশুটিক মাতৃদুগ্ধ কিয় খুৱাব লাগে? সেই বিষয়ে লিখা হৈছে ।

মাতৃদুগ্ধ হৈছে প্ৰকৃতিৰ এক অমূল্য অৱদান। মাতৃদুগ্ধৰ উপকাৰিতা আৰু প্ৰয়োজনীয়তা সম্বন্ধে বৰ্তমান সমাজব্যৱস্থাত বহুধৰণৰ চিন্তা-চৰ্চা হৈছে। এই সম্বন্ধে মানুহৰ মনত থকা ভুল ধাৰণাসমূহৰো লাহে লাহে অৱসান ঘটা দেখা গৈছে। সমগ্ৰ বিশ্বৰ প্ৰায় ৮০ শতাংশ মহিলাই(শিক্ষিত বা অশিক্ষিত) শিশুক মাতৃদুগ্ধ সেৱন কৰোৱাৰ পোষকতা কৰে।

বজাৰত প্ৰচলিত বিভিন্ন কোম্পানীৰ দ্বাৰা উৎপাদিত কৃত্ৰিম গাখীৰৰ পয়োভৰৰ মাজতো মাতৃসকলে দুগ্ধপান পদ্ধতি গ্ৰহণ কৰাটো ভৱিষ্যত মানৱ সমাজৰ বাবে এক গুৰুত্বপূৰ্ণ দিশ। অৱশ্যে কিছুসংখ্যক মাতৃয়ে শিশুক স্তনদুগ্ধ খুওৱাৰ ক্ষেত্ৰত কিছুমান সমস্যাৰ সন্মুখীন হ’বলগা হয় আৰু তাৰ ফলস্বৰূপে তেওঁলোকে সাময়িক বা স্থায়ীভাৱে স্তনপান কৰাবলৈ অৱহেলা কৰা দেখা যায়।

এই সমস্যাবোৰনো কি আৰু সেইবিলাক কেনে ধৰণেৰে সমাধান কৰিব পাৰি- এই কথা গুৰুত্বসহকাৰে আলোচনা কৰা দৰকাৰ।

স্তনপান হৈছে এটা স্বাভাৱিক স্ততঃসফূৰ্ত পদ্ধতি। নিজৰ শিশুটিক মাতৃদুগ্ধ পান কৰোৱাই সকলো মাতৃয়ে আনন্দ উপভোগ কৰে আৰু এক পৱিত্ৰ কৰ্তব্য জ্ঞান কৰি সূচাৰুৰূপে এই কাম পালন কৰে।

কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়। অন্যহাতে কিছু সংখ্যক মাতৃয়ে এই ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হয় যাৰ ফলস্বৰূপে তেওঁলোকে স্তনপান বন্ধ কৰি দিয়ে আৰু অন্যান্য কৃত্ৰিম গাখীৰ শিশুটিক খুৱাবলৈ প্ৰয়াস কৰে।

দুগ্ধপান সকলো মাতৃৰ ক্ষেত্ৰত নিশ্চিত কৰাবলৈ হ’লে মাতৃগৰাকীক গৰ্ভাৱস্থাৰ পৰাই স্তনপানৰ সম্বন্ধে আগতীয়াকৈ প্ৰস্তুত কৰোৱাটো হ’ব প্ৰথম আৰু প্ৰধান কাম। এই কথা আমি প্ৰত্যেকে মনত ৰখা দৰকাৰ যে স্তনপান সম্বন্ধীয় জ্ঞান মাতৃগৰাকীৰ বাবে পৰম্পৰাগত নহয়, বৰং সময় সাপেক্ষে আহৰণ কৰা জ্ঞান বা অভিজ্ঞতাহে।

যিহেতু স্তনপান এটা কাৰ্য্য সমাধান কৰি আহিছে। কিন্তু ইয়াৰ দ্বাৰা এই কথা প্ৰতিপন্ন নহয় যে প্ৰত্যেক মাতৃয়ে সূচাৰুৰূপে এই কাম সমাধান কৰিবলৈ সক্ষম হ’ব। আমাৰ চিৰাচৰিত গাঁৱলীয়া সমাজখনত অভিজ্ঞ বয়ষ্ক মাতৃ বা আইতাকে এইক্ষেত্ৰত সদ্যজাত কেঁচুৱাটিক কেনেকৈ গাখীৰ খুৱাব লাগে এই সম্বন্ধে দিহা পৰামৰ্শ দিয়ে। বহু সময়ত গাঁৱে-ভূঞে স্বাস্থকৰ্মী সকলেও মাতৃসকলক এই বিষয়ে পৰামৰ্শ আগবঢ়ায়।

দুগ্ধপানৰ ক্ষেত্ৰত প্ৰতিগৰাকী মাতৃয়ে কেইটামান দিশলৈ মন দিব লাগিব -

১)প্ৰসৱ হোৱাৰ এঘন্টাৰ ভিতৰতে কেঁচুৱাটিক গাখীৰ চুপিবলৈ দিব লাগে।

২)প্ৰথম দুগ্ধকণ(Colostrum) শিশুটিক বাবে অতিকে দৰকাৰী।

৩)কেঁচুৱাটিক সঘনে গাখীৰ চুপিবলৈ দিয়া প্ৰয়োজন।

৪)প্ৰথমাৱস্থাত মাতৃদুগ্ধ কম পৰিমাণে নিঃসৰণ হ’লেও সেইখিনিয়ে শিশুটিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।

৫)কেঁচুৱাটিক স্তনপান কৰোৱাৰ ফলস্বৰূপে মাতৃগৰাকীৰ জৰায়ু সোনকালে সংকুচিত হয়- যাৰ দ্বাৰা মাতৃৰ ৰক্তক্ষৰণ সোনকালে বন্ধ হয়।

৬)স্তনৰ আকাৰ বা আকৃতিৰ ওপৰত দুগ্ধ উৎপাদন বা স্তনপানৰ সফলতা নিৰ্ভৰ নকৰে।

৭)কৃত্ৰিম আহাৰ অৰ্থাৎ অন্যান্য গাখীৰ শিশুটিৰ বাবে বিপদজ্জনক।

গৰ্ভাৱস্থাত ল’বলগীয়া স্তনৰ যতন -

গৰ্ভৱতী মাতৃৰ স্তন পৰীক্ষা কৰটো প্ৰত্যেক স্ত্ৰীৰোগ বিশেষজ্ঞৰ দৈনন্দিন পৰীক্ষাসমূহৰ অৰ্ন্তভুক্ত অন্যতম কত্তৰ্ব্য। স্তন চেপেটা, ওভোটা(Inverted) বা অপ্ৰয়োজনীয় ভাৱে দীঘল হ’ব পাৰে। স্বাভাৱিক আকৃতিৰ স্তন বাহিৰলৈ ওলোৱা বা উন্নত(Protructile) হ’ব লাগে।

যিসকল মাতৃৰ স্তন চুটি, কিন্তু পীনোন্নত(Protructile) তেওঁলোকে ভালদৰে স্তনপান কৰাব পাৰে। কিন্তু ভিতৰফালে সোমাই থকা অৰ্থাৎ ওভোতা(Inverted) স্তনৰ ক্ষেত্ৰত সন্তান জন্ম হোৱাৰ পিছৰ অৱস্থাত কিছুমান বিশেষ যত্নৰ প্ৰয়োজন হয়। গৰ্ভৱতী অৱস্থাত Nipple Shield আদি ব্যৱহাৰ কৰা অৰ্থহীন।

গৰ্ভাৱস্থাৰ দ্বিতীয় তিনিমাহৰ ভিতৰত(Second Trimester) স্তনৰ গ্ৰন্থি বা কোষসমূহত গাখীৰ জমা হ’বলৈ ধৰে।

এইক্ষেত্ৰত মাতৃসকলে গাখীৰ নহ’ব বুলি ধাৰণা কৰিব নালাগে। বৰং সফল স্তনদুগ্ধ সেৱনৰ বাবে গৰ্ভৱতী মাতৃগৰাকীক মানসিকভাৱে প্ৰস্তুত কৰাবহে লাগে।

গাখীৰ কিমান সঘনাই খুৱাব -

শিশুটিয়ে যেতিয়াই বিচাৰে স্তনপান কৰিবলৈ দিব লাগে। বিশেষকৈ জন্মৰ প্ৰথম কেইদিন অনিয়মীয়াকৈ গাখীৰ খাবলৈ দিব লাগে। অৱশ্যে জন্মৰ এদিন বা দুদিনৰ সময়ছোৱাত কেঁচুৱাটোৱে অতি কম সময়ৰ বাবেহে গাখীৰ খাবলৈ বিচাৰে।

কাৰণ সেই অৱস্থাত বেছিভাগ সময় সি শুইহে থাকে। তিনিদিনৰ পিছৰে পৰা সি সঘনে খাবলৈ বিচৰা হয়। দ্বিতীয় সপ্তাহৰ পৰা বহুসংখ্যক শিশুৰ গাখীৰৰ প্ৰতি আগ্ৰহ আগতকৈ কমি যায় আৰু লাহে লাহে এক নিয়মীয়া সময়ৰ ব্যৱধানতহে সি গাখীৰ খাবলৈ বিচাৰে।

প্ৰত্যেক শিশুৱে এটা নিৰ্দিষ্ট সময়ত দ্ৰুতগতিত বঢ়া দেখা যায় আৰু এইখিনি সময়তে সিহঁতে অধিক পৰিমাণে গাখীৰ খাবলৈ বিচাৰে। সাধাৰণতে দেখা যায় যে জন্মৰ পাছৰ তৃতীয় সপ্তাহ, ছয় সপ্তাহ আৰু তিনিমাহ বয়সৰ সময়ছোৱাত এনেধৰণৰ পৰিৱৰ্তন দেখা যায়।

এইখিনি সময়ত কিছু সংখ্যক মাতৃয়ে ধাৰণা কৰে যে তেওঁলোকৰ গাখীৰ শিশুটিৰ প্ৰয়োজন অনুপাতে পৰ্যাপ্ত হোৱা নাই আৰু সেয়ে শিশুটি ভোকাতুৰ হৈ পৰিছে।

আৰু সেয়ে তেনে অৱস্থাত কৃত্ৰিম গাখীৰ খুৱাবলৈ অগ্ৰসৰ হয়। কিন্তু মাতৃসকলে এই কথা জানি থোৱা উচিত যে শিশুটিৰ গাখীৰৰ চাহিদা(Demand) বাঢ়ি গ’লেও মাকৰ সঘনাই খাবলৈ দি থাকিলে- সি তাৰ প্ৰয়োজনীয় গাখীৰখিনি খাবলৈ পাব আৰু লাহে লাহে আমনি কৰিবলৈ এৰিব।

গাখীৰ খুওৱাৰ সময় সীমা -

স্তনপান কৰোৱাৰ কোনো নিৰ্দিষ্ট সময় সীমা নাই। কাৰ্যক্ষেত্ৰত দেখা যায় যে সঠিকভাৱে স্তনপান কৰালে, এটি স্বাস্থ্যৱান শিশুৱে ৮০-৯০% গাখীৰ প্ৰথম চাৰি-পাঁচমিনিটৰ ভিতৰতে পান কৰি ল’ব পাৰে।

আৰু অতি কমেও ১৫ মিনিটমানৰ ভিতৰত গাখীৰ খোৱা পৰ্ব সম্পূৰ্ণ কৰে। এইক্ষেত্ৰত নিৰ্দিষ্ট ধৰা-বন্ধা নিয়ম বা সময়সীমা নাই। শিশুটিয়ে সঠিক অৱস্থাত, সঠিক পদ্ধতিৰে যিমান সময়লৈ বিচাৰে গাখীৰ চুপিবলৈ দিব পাৰে।

প্ৰথম স্তন:

শিশুটি ভূমিস্থ হোৱাৰ লগে লগে তাক মাকৰ সংস্পৰ্শলৈ আহিবলৈ দিব লাগে আৰু মাতৃগৰাকীক কেঁচুৱাটিয়ে বিচৰাৰ লগে লগে গাখীৰ চুপিবলৈ দিবলৈ উৎসাহিত কৰিব লাগে।

কিয়নো প্ৰায়ভাগ শিশুৱে জন্মৰ প্ৰথম ঘন্টাৰ সময়ছোৱাত অধিক সক্ৰিয় হৈ থাকে আৰু সেয়ে স্তনপানৰ সফলতা এই সময়খিনিৰ ওপৰতে অধিক পৰিমাণে নিৰ্ভৰ কৰে।

সফল স্তনপানৰ বাবে সদায়ে মাতৃ আৰু কেঁচুৱাটিক একেলগে একেখন বিছনাতে বা কাষতে সৰু ঝুলনা বিছনাত ৰাখিব লাগে।

গাখীৰ খুওৱাৰ সময়ত মাতৃগৰাকীয়ে এই কথালৈ মন দিব লাগে যাতে শিশুটিয়ে এটা স্তনৰ গাখীৰ সম্পূৰ্ণৰূপে খাবলৈ পায়।

তাৰ পিছতহে প্ৰয়োজন সাপেক্ষে দ্বিতীয় স্তন চুপিবলৈ দিব লাগে। ইয়াৰ দ্বাৰা শিশুটিয়ে তাৰ প্ৰয়োজনখিনি পূৰণ কৰাৰ লগতে দুয়োটা স্তন সমানে সক্ৰিয় হৈ থাকিব পাৰে।

মাতৃদুগ্ধ পান কৰোৱাৰ আগতে দিয়া আহাৰ:

এই ধাৰণাটি শিশুটিৰ বাবে অতিকে বিপজ্জনক। ই বিজ্ঞানসন্মতো নহয়। শিশুটিৰ লগতে মাতৃৰো অমঙ্গল ঘটায়। প্ৰিলেকটিয়েল(Prelacteal food)ৰ পৰা হ’ব পৰা সমস্যা সমূহ এনেধৰণৰ-

১)কেঁচুৱাটিয়ে মাকৰ আহাৰৰ প্ৰতি আগ্ৰহী হৈ নপৰে। কিয়নো ই কৃত্ৰিম আহাৰৰ দ্বাৰা ভোগ পিয়াহ পলুৱায়।

২)শিশুটি ক’ল’ষ্ট্ৰামৰ(Colostrum) পৰা বঞ্চিত হয়,

৩)সঘনে ঢিলা পায়খানা হ’ব পাৰে আৰু অন্যান্য বীজাণুৰ দ্বাৰা সহজে আক্ৰান্ত হয়। মাতৃদুগ্ধৰ পৰিৱৰ্তে গৰুৰ গাখীৰ আদি বটলত ভৰাই খুউৱাৰ ফলত শিশুটিৰ ‘নিপল বিভ্ৰান্তি’(Nipple Confussion) হ’ব পাৰে- যাৰ ফলস্বৰূপে সি মাকৰ গাখীৰ চুপিবলৈ এৰি দিয়ে।

মাতৃগৰাকীৰ ক্ষেত্ৰত স্তনদানৰ আগতে শিশুটিক অন্য আহাৰ খুওৱাৰ যোগেদি উদ্ভৱ হ’ব পৰা সমস্যাৱলী এনেধৰৰ-

  • কেঁচুৱাটিয়ে সময়তকৈ দেৰিকৈ মাকৰ গাখীৰ চুপিবলৈ ধৰে। যাৰ ফলত মাতৃদুগ্ধ পৰিমাণ কমি যায়।
  • স্তন ওখহি উঠা বা বীজাণুৰ দ্বাৰা আক্ৰান্ত হোৱা আদি সমস্যাৰ উদ্ভৱ হয়।
  • মাতৃগৰাকীয়ে দুগ্ধপান কৰাৰ ক্ষেত্ৰত বহু অসুবিধা ভোগ কৰিবলগীয়া হৈ পৰিব পাৰে। যাৰ ফলত দুগ্ধপান প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব পাৰে।

যাৰ ফলত দুগ্ধপান প্ৰক্ৰিয়া সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিব পাৰে। এই অৱস্থাটোক Lactational failure বুলি কোৱা হয়।

ৰাতিৰ আহাৰ(Night Feeds)-

দুগ্ধ পানৰ সফলতা বহু পৰিমাণে নিৰ্ভৰ কৰে ৰাতিৰ ভাগত কৰোৱা দুগ্ধ পানৰ ওপৰত। ৰাতিৰ সময়ছোৱাত দুগ্ধপান কৰাই থাকিলে এনেধৰণৰ ফলাফল পোৱা যায়-

১)গাখীৰৰ উৎপাদন ৰাতিৰ ভাগত বেছিকৈ হয়। কিয়নো গাখীৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় ‘প্ৰোলেক্টিন’(Prolactin) হ’ৰমোন এই সময়ছোৱাত বেছিকৈ নিঃসৰণ হয়।

২)কৰ্মব্যস্ত মাতৃসকলৰ বাবে এইখিনি সময় অতিকে মূল্যবান। দিনৰ ভাগত কৰ্মক্ষেত্ৰত ব্যস্ত হৈ থকা মাতৃগৰাকীয়ে ৰাতিৰ সময়খিনি সৎব্যৱহাৰ কৰি গাখীৰৰ উৎপাদন অটুট ৰাখিব পাৰে।

৩)পৰিয়াল সীমিত কৰাৰ ক্ষেত্ৰতো স্তনপানে সহায় কৰে।

লেখিকা: ডাঃ নীৰুপ্ৰভা চহৰীয়া(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top