মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুটিয়ে খাবলৈ ইচ্ছা নকৰে কিয়?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুটিয়ে খাবলৈ ইচ্ছা নকৰে কিয়?

শিশুটিয়ে খাবলৈ ইচ্ছা নকৰে কিয়?

অভিভাৱকসকলে এটা কথা মনত ৰখা ভাল যে শিশুৱে খাবলৈ অনিহা কৰা সমস্যাটোৰ মূল কাৰণ তেওঁলোকহে, সন্তানটি নহয়। শিশুটিৰ তাৰ স্বাভাৱিক প্ৰক্ৰিয়াৰ ধাৰাৰে বাঢ়ি আছে, মাথো ডাঙৰে এই স্বাভাৱিক প্ৰক্ৰিয়াত নিজৰ অজ্ঞাতে আওল লগাইছে বা বাধা আৰোপ কৰিছে যাৰ ফলত এই সমস্যাৰ সৃষ্টি হৈছে।

প্ৰথমেই অভিভাবকসকলে মনত ৰাখিব লাগিব যে আহাৰ খুওৱাৰ বাবে শিশুটিক জোৰ-জুলুম কৰাটোৱেই হৈছে এই সমস্যাৰ মুখ্য কাৰণ। অৱশ্যে শিশু ৰোগ বিশেষজ্ঞ বা শিশু মনস্তত্ববিদসকলে এটি কথা মনত ৰাখিব লাগিব যে শিশুৰ খাদ্যাভ্যাসে এই সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত অভিভাৱকসকলে সমালোচনা কৰিব নালাগে। তেওঁলোকক সহানুভূতিৰে সমস্যাটোৰ মূল কাৰণবিলাক বুজাইহে দিব লাগে। কোনো ভিটামিন বা টনিকৰ প্ৰয়োজন নাই। মাথো সকলোধৰণৰ জোৰ-জুলুম বন্ধ কৰিব লাগে। শিশুটিয়ে সময়ত গোটা আহাৰ খাব নুখুজিলে সাময়িকভাবে বন্ধ কৰি আকৌ কিছুদিনৰ পিছত যাচিব লাগে। আহাৰ খুওৱাৰ বাবে ছমহীয়া বা একবছৰীয়া শিশুটিৰ ওপৰত কোনো ধৰণৰ কৌশল বা ভবুকি প্ৰয়োগ কৰিব নালাগে। আহাৰ খুওৱাৰ সময়ত ঘৰৰ কোঠাবোৰৰ ভিতৰত বা বাগিছাখনত ঘুৰাই ফুৰাব নালাগে। শিশুটিক তাৰ নিৰ্দিষ্ট চকীত বহুৱাই খাবলৈ দিয়া উচিত।আহাৰ খোৱাবৰ সময়ত মাতৃগৰাকী স্থিৰ হৈ থকা উচিত। কোনো প্ৰকাৰৰ অধৈৰ্যৰ ভাৱ প্ৰকাশ কৰিব নালাগে। শিশুটিৱে মাকৰ মাত বা অংগী-ভ্ংগীৰ মাজেদি প্ৰকাশ পোৱা অস্থিৰতাৰ ভাৱবুজি পায়। খাবলৈ উৎসাহিত কৰাৰ বাবে কোনো ধৰণৰ প্ৰশ্ংসা বা পুৰস্কাৰ শিশুটিক দিব নালাগে। শিশুটিয়ে নিজে খাব পৰা হ’লে তাক খোৱাৰ ক্ষেত্ৰত সহায় কৰিব নালাগে। খোৱা বস্তু সময়ত সজাই থৈ দিলে সি খোৱাটো কৰ্তব্য বুলি বুজি নিজে নিজে খাবলৈ ধৰিব। খোৱাৰ বাবে শিশুটিক যেনেদৰে কোনো প্ৰশ্ংসা কৰাৰ দৰকাৰ নাই তেনেদৰে নোখোৱাৰ কাৰণে তাক কোনোধৰণৰ ভাবুকি বা শাস্তি প্ৰদান কৰাও উচিত নহয় বৰ্ং খোৱাটো যে তাৰ কৰ্তব্য এই কথাহে বুজিবলৈ সুবিধা দিব লাগে। যদি সময়ত কোনো এবিধ খাদ্য খাবলৈ ইচ্ছা নকৰে তেনেহ’লে অলপ পিছত সেই আহাৰকে পুনৰ খাবলৈ দিব লাগে। খোৱাৰ আগত বা মাজত কোনো ধৰণৰ মুখৰোচক পাতল খাদ্য খাবলৈ দিব নালাগে। অৱশ্যে ভালদৰে আহাৰ গ্ৰহণ কৰা শিশুটিক মাজে সময়ে ফল-মূল জাচিব পাৰে। কিন্তু আহাৰ খাবলৈ ইচ্ছা নকৰা শিশুক কেতিয়াও মুখৰোচক খাদ্য খাবলৈ দিয়া উচিত নহয়।

অভিভাৱকসকলে প্ৰায়ে প্ৰশ্ন কৰে যে তেওঁৰ শিশুটিয়ে একো বস্তু মুখত নিদিলে তেওঁলোকে কি কৰা উচিত? এই ক্ষেত্ৰত পোনপটীয়াকৈ কব পাৰি যে নিৰ্দিষ্ট সময়ত খাবলৈ ইচ্ছা নকৰা শিশুটিক পিছৰবাৰ আহাৰৰ সময়লৈ অনাহাৰে ৰাখিব লাগে। হয়তো পিছলৈ বাৰত শিশুটিয়ে খাবলৈ অনিচ্ছা প্ৰকাশ কৰিব পাৰে। কিন্তু এনেদৰে বাৰে বাৰে শিশুটিয়ে বাৰে বাৰে খাবলৈ অনিচ্ছা প্ৰকাশ নকৰিব। এটি সুস্থ শিশুৱে জোৰ-জুলুম নকৰিলে কোনো পৰিস্থিতিতে অনাহাৰে থাকিব নোৱাৰে। ভোক অনুভৱ কৰাৰ লগে লগে সি নিজে খাবলৈ বিচাৰিব। শিশুটিয়ে ভাল পাব বুলি ভ্বাবি কোনো এটা বিশেষ বস্তু খুৱাবলৈ চেষ্টা কৰা উচিত নহয়।অপ্ৰয়োজনীয়ভাৱে বাধ্যবাধকতা প্ৰয়োগ কৰি কোনো বস্তু খুৱাবলৈ জোৰ কৰা উচিত নহয়। সাধাৰণভাৱে ভাতৰ লগে লগে মাছ খুওৱাটো নিয়ম যদিও শিশুটিয়ে তেনে নিয়ম মানিব নুখুজিব পাৰে, অৰ্থাৎ ভাতকেইটা খাই উঠি বা ভাত খোৱাৰ আগতেই শুদা মাছ চকল খাবলৈ বিচাৰিব পাৰে। এয়া কোনো অস্বাভাৱিকতাৰ লক্ষণ নহয়। পিতৃ-মাতৃসকলে এই কথা উপলব্ধি কৰা উচিত। এটা নিৰ্দিষ্ট বয়সলৈ সিহঁতৰ ভাল লগা বা নলগাৰ কথাবোৰলৈ গুৰুত্ব দিয়া দৰকাৰ। কিন্তু সেইবুলি সিহঁতৰ নিজ পছন্দ অনুসৰি খাদ্য তালিকা প্ৰস্তুত কৰিবলৈ লব নালাগে। শিশুটিক কোনো বস্তু খাবলৈ জোৰ কৰাৰ অৰ্থটো হৈছে ক্ৰমান্বয়ে গঢ় লোৱা শিশুটিৰ আত্মসত্ত্বাক আঘাত কৰা। এই সত্বাক সন্মনন প্ৰদৰ্শন কৰা উচিত। মাতৃ গৰাকীয়ে শিশুটিক খাবলৈ দি এই কথা বুজাব পাৰিব লাগিব যে আহাৰ খোৱটো শিশুৰ কৰ্তব্য আৰু তাৰ দ্বাৰা আন কোনো ক্ষতি বা অপকাৰ নহয়।

এবছৰীয়া শিশুটিৰ খাদ্য সদায়ে ৰ্ংচঙীয়া আৰু সুগন্ধিযুক্ত হোৱা দৰকাৰ। যিহেতু শিশুয়ে সদায় উজ্জ্বলতা ভাল পায়। অপ্ৰয়োজনীয়, অতিৰিক্ত খাদ্য মাতৃসকলে মৰমত আপ্লুত হৈ জমা কৰি থব নালাগে। প্ৰথমে কম পৰিমাণে দি শিশুটিক প্ৰয়োজন সাপেক্ষে আৰু অধিক খাদ্য খুজিবলৈ শিকাব লাগে নতুবা খোৱা থালখন আংশিকভাৱে খালী কৰি খাদ্যৰ প্ৰয়োজনীয়তা অনুভৱ কৰাবলৈ অভ্যাস কৰাব লাগে। এই কথা মনত ৰাখিব লাগে যাতে কোনো খাদ্যবস্তু শিশুৰ বাবে আমনিদায়ক নহয়।

শিশুটিয়ে খোৱাৰ সময়ত বা খেলা-ধূলাৰ সময়ত তাৰ নিজৰ নতুন কৌশল উদ্ভাৱন কৰাবলৈ অভ্যাস কৰোৱাটো দৰকাৰ। শিশটিয়ে নিজে খাবলৈ বিচাৰিলে তাক সেই ক্ষেত্ৰত সহায় কৰিব লাগে। ১৫ মাহৰ পৰা ১৮ মাহ বয়সৰ ভিতৰত শিশুটিৰ মাজত অনুকৰণৰ অভ্যাস গঢ় লয়। সেয়ে এই সময়ছোৱাত তাক মাতৃৰ ঘৰুৱা কাম-বন, যেনে-আলুৰ বাকলি গুচোৱা, ফলমূল কটা, আটা-ময়দা মৰা, ৰুটি বেলা আদি কামবোৰত ‘সহযোগ’ কৰিবলৈ দিব লাগে। গাখীৰ খাবলৈ অনিচ্ছা প্ৰকাশ কৰা শিশুটিকো তাক গাখীৰত চেনি গুলিবলৈ দি বা ডাঙৰ পাত্ৰৰ পৰা ঢালিবলৈ দি তাক গাখীৰ খাবলৈ উৎসাহিত কৰিব পৰা যায়। সৰুৰে পৰা শিশুটিক পিতৃ-মাতৃ বা পৰিয়ালৰ অন্যান্য সদস্যসকলৰ লগতে একেলগে বহি খাবলৈ দিয়াৰ অভ্যাস কৰোৱা দৰকাৰ।

খোৱাবস্তু ফেনেকি থকা বা সিঁচৰিত কৰি পেলোৱাৰ অভ্যাস এৰুওৱা অতিকৈ জটিল। এনেধৰণৰ আচৰণে প্ৰকৃততে আনৰ মনোযোগ আকৰ্ষণ কৰাৰ প্ৰচেষ্টাকে বুজায়। এই ক্ষেত্ৰত পিতৃ-মাতৃসকলে ধৈৰ্য সহকাৰে শিশুটিৰ লগত ব্যৱহাৰ কৰা উচিত।

শিশুটিক খৰধৰকৈ খাবলৈ বাধ্য কৰাব নালাগে। তাৰ ফলত শিশুৰ খাদ্যৰ প্ৰতি অনীহা বাঢ়ি যায়। অৱশ্যে মাংসজাতীয় আহাৰৰ ক্ষেত্ৰথে এনেধৰণৰ ফেনেকি থকা অভ্যাস দেখা যায়। মিঠা, পুডিং জাতীয় বস্তুৰ ক্ষেত্ৰত এনে অভ্যাস দেখা নাযায়। শিশুটিক তেনেধৰণে কিমান সময়লৈ খাদ্য ফেনেকি থাকিবলৈ দিব, এয়া হৈছে অতিকে গুৰুত্বপূৰ্ণ কথা। সকলোৱে খাই উঠাৰ পিছত খোৱা মেজখন চাফা কৰি আৰু ধুই পেলোৱাৰ পাছতো তাক তেনেদৰে খাদ্যবোৰ ফেনেকি থাকিবলৈ দিব নালাগে। এনে ক্ষেত্ৰত শিশুটি অসন্তুষ্ট হৈ চিঞৰ-বাখৰো কৰিব পাৰে। কিন্তু ইয়াৰ প্ৰধান সমাধান হৈছে-শিশুটিক কোনো ধৰণৰ অস্বাভাৱিক পৰিস্থিতিৰ সৃষ্টি কৰিবলৈ নিদি কোনো ধৰণৰ ধমকি বা গালি পাৰি শাস্তি প্ৰদান নকৰি খোৱা আহাৰৰ থালখন সমুখৰ পৰা আঁতৰাই আনিব লাগে।

খোৱাৰ ৰুচি নথকা শিশুটিক নিতৌ এপোৱাতকৈ বেছি গাখীৰ খাবলৈ দিব নালাগে। অধিক পৰিমাণে গাখীৰ খুৱালে শিশুৰ ৰুচি আৰু ভোক কমি যায় আৰু অন্যান্য প্ৰয়োজনীয় খাদ্যবস্তু গ্ৰহণত বাধা দিয়ে। অৱশ্যে শিশুৱে ৰুচি ঠিকে ৰাখিলে বা খাবলৈ বিচাৰিলে সি বিচৰা অনুযায়ী গাখীৰ খাবলৈ দিব পাৰি।

কৰ্মব্যস্ত পিতৃ-মাতৃৰ ক্ষেত্ৰত ওপৰোক্ত প্ৰতিকাৰ পদ্ধতিবোৰ বুজিব খুজিলেও কাৰ্যক্ষেত্ৰত পালন কৰিবলৈ অপৰাগ হয়। কিন্তু যিসকলে এনেধৰণৰ নিয়মবোৰ পালন কৰে তেওঁলোকৰ শিশুসকলৰ খাদ্য গ্ৰহণৰ অভ্যাসৰ লগতে অন্যান্য আচাৰ-ব্যৱহাৰৰ বিস্ংগতি দেখা নাযায়। কৰ্মব্যস্ত পিতৃ-মাতৃসকলেও যিমান দূৰ পাৰে এই নিয়মবিলাক মানি চলিবলৈ চেষ্টা কৰিলে শিশুটিৰ আহাৰ গ্ৰহণৰ সমস্যা বহুগুণে সমাধান হ’ব।

লেখক: ডা: নীৰুপ্ৰভা চহৰীয়া, স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.03571428571
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top