মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুটিৰ আনৰ বস্তুৰ প্ৰতি বেছি আগ্ৰহ নেকি :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুটিৰ আনৰ বস্তুৰ প্ৰতি বেছি আগ্ৰহ নেকি :

শিশুটিৰ আনৰ বস্তুৰ প্ৰতি বেছি আগ্ৰহ নেকি, তাৰ বিষয়ে লিখা হৈছে ।

 

আপোনাৰ শিশুটিৰ লগত লৈ আপুনি কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ গৈছিল নেকি? সি বা তাই কাৰোবাৰ ঘৰৰ পৰা কিবা বস্তু মনে মনে লৈ আহে নেকি? আপুনি তাক কিনি নিদিয়া কিবা বস্তু ঘৰত তাৰ হাতত দেখা পাই নেকি? তেতিয়া নিশ্চয় সোধে সেইটো সি ক’ত পালে। সি যিটো উত্তৰ দিলে সেইটো কিমান বিশ্বাসযোগ্য বুলি আপুনি ভাবে? এনে ধৰণৰ কথাবোৰ শিশু অৱস্থাৰে পৰা মন কৰিবলগীয়া। কাৰণ কোনে জানে কোনেও গম নোপোৱাকৈ কণমানি বুলি ভাবি থকা শিশুটিয়ে আজি ইটো, কাইলৈ সিটোকৈ সৰু-সুৰা বস্তু নিজৰ বেগত বা পকেটত ভৰাই হৈ পৰিব পাৰে ‘পেথল’জিকেল ষ্টিলিং’ অৰ্থাৎ ‘ক্লিপটোমেনিয়া’ নামৰ এবিধ ৰোগৰ চিকাৰ। এই ৰোগৰ লক্ষণেই হৈছে আনৰ বস্তুৰ প্ৰতি ৰুধিব নোৱাৰা লাভ আৰু সেইটো হস্তগত কৰিহে শাস্তি পায়। কিন্তু আনৰ ওচৰত হেয় হ’ব পৰা এইটো কম দুৰ্ভাগ্যজনক ৰোগনে? কাৰণ বহু সময়ত বস্তুটো কোনে চুৰ কৰি নিছে বা হস্তগত কৰিছে গৰাকীয়ে কিবা প্ৰকাৰে জানি যায়, তেতিয়া সেই সন্তানৰ পিতৃ-মাতৃয়ে যথেষ্ট দ্বিধা অনুভৱ কৰে। ডাঙৰ হোৱাৰ পাছতো এই ৰোগ ৰৈ যায় আৰু জনাসকলে তেনে ৰোগৰ দ্বাৰা আক্ৰান্তসকলক ক্ষমাৰ চকুৰে চায় আৰু বহু সময়ত তেনে ৰোগৰ আক্ৰান্ত লোকৰ পৰিয়ালৰ লোক বা পিতৃ-মাতৃয়ে বস্তুবোৰ ঘূৰাই দিয়ে। এনে ৰোগৰ কথা শুনিয়েই ভয় খোৱাৰ কাৰণ নাই। আমি আমাৰ সন্তাসকলৰ কাৰ্য প্ৰথমৰে পৰা মন কৰিব লাগে। ফ্ৰীজটো খুলি বা পাকঘৰৰ টেমা খুলি ইটো-সিটো খাই পেলোৱা তেনেই সাধাৰণ কথা। তেনে কাম পৃথিৱীৰ প্ৰতিটো শিশুৱে কৰে। নিশ্চয় আমিও শিশু অৱস্থাত কৰিছিলো। তথাপি সচেতন পিতৃ-মাতৃ হিচাপে এই কথা শিকাবই লাগিব- মনে মনে যে খাব নাপায়। সময়মতেহে খাব লাগে। তেনে কথাবোৰ শিশুৰ মূৰত সুমুৱাই দিব। সৰুৰে পৰা নিয়মানুৱৰ্তিতা, অপৰাধবোধৰ ভাব জাগ্ৰত কৰিব পৰাটো ভাল কথা। শিশুৱে ঘৰৰ পৰা পইচা চুৰ কৰিলে সাৱধান হ’ব লাগে। সেইদৰে সাৱধান হ’ব লাগে শিশুৱে আন বস্তু মনে মনে লৈ আনিলে। আনৰ বস্তু পছন্দ হোৱা, লৈ অনাৰ প্ৰৱণতা শিশুৰ স্বাভাৱিক অৱস্থা বুলিয়েই ধৰা যায়। বেছিভাগ শিশুৰ তেনেৰ্হয়। ই একো ডাঙৰ কথা নহয়। কিন্তু ডাঙৰ হৈ অহাৰ লগে লগে এই স্বভাৱ থাকি গ’লে, পিতৃ-মাতৃয়ে বুজালেও নুবুজিলে, সদায় এই কাম কৰি থাকিলে পিতৃ-মাতৃ সাৱধান নহৈ উপায় নাই। ক্লিপ্টোমেনিয়া বা যিয়েই নহওক, আনৰ বস্তুৰ প্ৰতি এৰাব নোৱাৰা মোহ থকাটো বেয়া, লৈ অনা বেয়া, ঘৰৰ পইচা চুৰ কৰা বেয়া, সেইবুলি ভাবিয়েই শিশুটি ডাঙৰ হৈ অহাৰ লগে লগে সেই সুশিক্ষা বা প্ৰশিক্ষণ দিব লাগে। শৃখলিত ভাবৰ সৃষ্টি কৰিব লাগে। এবাৰ শৃংখলাবদ্ধতাৰ ভেটি গঢ় খোৱা শিশুৱে সহজে নকৰিবলগীয়া কাম নকৰে।

আনৰ বস্তুৰ প্ৰতি শিশু কিয় ইমান আসক্ত হয়, যিটো শিশুৱে মনে মনে গৈ ননাকৈ থাকিব নোৱাৰে তাকে চাওঁ আহক-

*অপৰিণত মানসিকতাৰ বাবে শিশুৱে সংযম ৰক্ষা কৰিবলৈ সক্ষম নহয়। যদি ডাঙৰ হোৱাৰ লগে লগে ঠিক হৈ যায়, তেন্তে চিন্তা কৰিবলগীয়া নাই।

*নিজৰ নথকা বাবে এই কাম কৰে।

*যেতিয়া নিজৰ বহু বস্তু থকাৰ পাছতো এটি ডাঙৰ হৈ অহা শিশুৱে এই কাম কৰে, তেন্তে পিতৃ-মাতৃ সচেতন হোৱা ভাল্ল।

*নিজৰ ভিতৰত থকা খং বা ক্ষোভৰ বাবেও এনে কাৰ্য কৰে। মোৰ এই বস্তুটো নাই, মোক লাগে সেই ভাবৰ বশৱৰ্তী হৈ কামটো কৰে। ভাল ভাবে নোৱাৰিলে ভুল পথেৰে বস্তুটো হস্তগত কৰে।

*অভাৱ, তাড়না, প্ৰয়োজন নাথাকিলেও সম্পূৰ্ণ মানসিক কাৰণতো চুৰিৰ প্ৰৱণতা দেখা যায়। সেয়েহে দৰিদ্ৰ লোকেই কেৱল চুৰি নকৰে। অপৰ্যাপ্ত থকাসকলৰ শিশুটিয়েও মানসিক কাৰণতে কাষৰ ঘৰৰ কি বস্তু তুলি আনে, কোনো ঠিক নাই।

ভৱিষ্যতে হ’ব পৰা বিপদৰ পৰা হাত সাৰিবলৈ সাৱধানতা লোৱা নিতান্তই উচিত। প্ৰথমতে স্কুলৰ পৰা অহাৰ ধৰণৰ বস্তু দেখিলে প্ৰশ্ন নকৰাকৈ নাথাকিব, সেয়া দিয়াৰ ব্যৱস্থা কৰিব। যদি নোসোধাকৈ লৈ আনিছে বুলি জানিব পাৰে, মৰমেৰে বাৰম্বাৰ বুজাব তেনে কৰিব নাপায় বুলি। পইচা লুকুৱাই নথৈ কিছু খুচুৰা শিশুটিয়ে পোৱাতে থ’ব। ক’ব পইচা লাগিলেই খুজিবলৈ। বেছি হকা-বধা নকৰি সামান্য পইচা দিবলৈ চেষ্টা কৰিব। শিশুটিৰ তেনেকৈয়ে পইচাৰ প্ৰতি লোভ কৰিব। আনৰ বস্তু অনাটো যদি সমস্যা হৈ দেখা দিয়ে, মনোৰোগ বিশেষজ্ঞৰ স’তে কথা পতাই ভাল। ইচ্ছুক সংযত কৰিবলৈ শিকাটোৱেই জীৱনৰ শিক্ষা। শিশুক এই শিক্ষাই দিয়া উচিত পিতৃ-মাতৃৰ পৰা মনোযোগবিশেষজ্ঞলৈকে।

লেখক: অংশুমা শইকীয়া(অসম বাণী)

2.88888888889
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top