মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ অমৃততুল্য পথ্য ক’লষ্ট্ৰাম :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ অমৃততুল্য পথ্য ক’লষ্ট্ৰাম :

শিশুৰ অমৃততুল্য পথ্য ক’লষ্ট্ৰামৰ বিষয়ে লিখা হৈছে ।

 

ক’লষ্ট্ৰাম হ’ল সন্তান প্ৰসৱৰ পিছত তিনি-চাৰিদিনলৈ মাতৃস্তনৰ পৰা ওলাই থকা ডাঠ হালধীয়া ৰঙৰ গাখীৰ।এই গাখীৰ সদ্যোজাত শিশুৰ বাবে অতি পুষ্টিকৰ খাদ্য।এই গাখীৰে নৱজাত শিশুক বহুতো ৰোগৰ পৰা মুক্ত কৰে।এই ক’লষ্ট্ৰামে শিশুৰ সুস্থ স্বাস্থ্য গঠনত সহায় কৰে।

শিশুৰ জন্মৰ ঠিক পিছতে মাতৃস্তন ভালদৰে পৰিষ্কাৰ কৰি ধুই লৈ এই গাখীৰ শিশুক খুৱাব লাগে।এই গাখীৰেই হ’ল সদ্যোজাত নৱজাতকৰ অমৃততুল্য পথ্য।প্ৰথম দুদিন মাতৃস্তনৰ পৰা খুব পৰিমাণে দুগ্ধ নিগৰিত হয়।প্ৰথম দিনা অন্তত:৮ ঘণ্টাৰ মুৰে মুৰে শিশুক এনে গাখীৰ খুৱাব লাগে,দ্বিতীয় দিনা ৬ ঘণ্টাৰ অন্তৰে  অন্তৰে আৰু তৃতীয় দিনাৰ পৰা ৩ ঘণ্টাৰ মুৰে মুৰে গাখীৰ কেঁচুৱাক খুৱাব লাগে।এনে গাখীৰে ৰোগমুক্ত আৰু কেঁচুৱাৰ স্বাস্থ্যৰ বাবে বৰ উপকাৰী।মাতৃস্তনত ক’লষ্ট্ৰাম কম হ’লে শিশুৰ স্বাস্থ্যৰ অৱনতি ঘটে আৰু জন্মৰ পিছতে শিশু খীণাই যায় আৰু পুষ্টিহীনতা ভোগে।

কেচুঁৱাই পলমকৈ মাকৰ গাখীৰ খাবলৈ এবাৰ অপকাৰিতা -

কেঁচুৱাই উপযুক্ত সময়তকৈ পলমকৈ ম্মাকৰ গাখীৰ খাবলৈ এৰা স্বাস্থ্যসন্মত নহয়।কেঁচুৱাৰ ছমাহমান হোৱাৰ পিছতে মাতৃস্তনত গাখীৰ কমি যায়।শিশু ডাঙৰ হৈ অহাৰ লগে লগে কেৱল মাকৰ গাখীৰ শিশুৰ বাবে যথেষ্ট নহয়।উপযুক্ত সময়ত গাখীৰ খাবলৈ এৰিলে তাৰ পৰিপুৰক অন্য আহাৰৰ যোগান ধৰা হয়।শিশুৱেও অন্য গোটা আহাৰৰ লগত সহজেই অভ্যষ্ট হৈ খাবলৈ লয়।কিন্তু পলমকৈ গাখীৰ খাবলৈ এৰা শিশু প্ৰায়েই পুষ্টিহীনতা ভোগা দেখা যায়।কাৰণ মাকৰ গাখীৰ খাই থকাৰ কাৰণে অন্য গোটা আহাৰ খাবলৈ মন নকৰে।আনহাতে যথেষ্ট পৰিমাণে মাকৰ গাখীৰো খাবলৈ নাপায়।ফলত শিশু প্ৰয়োজনীয় দৈনন্দিন আহাৰখিনিৰ পৰা বঞ্চিত হয়।এনেকৈ ভোকত থকা শিশু পুষ্টিহীনতা ভোগা দেখা যায়।

সাধাৰণতে শিশুক ডাঙৰতকৈ বেছি আহাৰৰ প্ৰয়োজন হয়।অত্যধিক পৰিমাণৰ শক্তি আৰু প্ৰ’টিন পালেহে শিশুৰ শাৰীৰিক আৰু মানসিক সম্পুৰ্ণ বিকশিত হ’ব।পলমকৈ গাখীৰ এৰা শিশুৰ সাধাৰণতে যথেষ্ট পৰিমাণৰ প্ৰ’টিন আৰু শক্তিৰ অভাৱ ঘটে,ফলত এনে শিশু পুষ্টিহীনতা ভোগা দেখা যায়।গতিকে পলমকৈ গাখীৰ খোৱা মানেই পুষ্টিহীনতা ভোগা।

পুষ্টিহীনতাই শৰীৰত ৰোগ সঞ্চাৰ মুল কাৰণ -

অপৰিপুষ্টিত ভুগিলে মানৱ শৰীৰত ৰোগ সঞ্চাৰ হ’ব পাৰে।শৰীৰৰ শক্তি,গঠন আৰু নিৰাপত্তাৰ বাবে আমি যি খাওঁ তাৰ নামেই আহাৰ।আহাৰে শাৰীৰিক ক্ৰিয়াবোৰ নিয়ন্ত্ৰণ কৰে আৰু শৰীৰৰ কাৰ্যবোৰ নিয়াৰিকৈ চলাটো নিশ্চিত কৰে।এনে কিছুমন কাম হ’ল-হৃৎপিণ্ডৰ স্পন্দন,শৰীৰৰ উত্তাপ ৰক্ষণ আৰু মাংসপেশী সংকোচন।গতিকে খোৱা আহাৰৰ পুষ্টিকৰ হ’ব লাগে।

এই আহাৰসমুহ ঘাইকৈ তিনিটা মৌলিক সমষ্টিত ভাগ কৰা হৈছে।যেনে-

১/শৰীৰৰ গঠনকাৰী খাদ্য।

২/শক্তিদায়ক খাদ্য।

৩/শৰীৰ ৰক্ষাকাৰী খাদ্য।

দৈনিক আহাৰত এই প্ৰতিটো সমষ্টিৰ পৰা কিছুমান খাদ্য অন্তৰ্ভুক্ত কৰিলে সেই আহাৰৰ পুষ্টিকাৰক হ’ব।শৰীৰৰ চাহিদা অনুসৰি সঠিক পৰিমাণৰ পুষ্টিকৰ উপাদান খাদ্যৰ যোগেদি শৰীৰক যোগান ধৰিব নোৱাৰিলে পুষ্টিহীনতাত ভুগিব লগা হয়।পুষ্টিহীনতাত ভোগা মানেই নানা বেমাৰ-আজাৰৰ সন্মুখীন হোৱা।পুষ্টিৰ অভাৱৰ বাবেই বা ভুল খাদ্যাভ্যাসৰ বাবেই মানুহ স্বাস্থ্যজনিত সমস্যাত ভোগা দেখা যায়।পুষ্টিহীনতাত সংক্ৰমণৰ ভুমিকাও মন কৰিবলগীয়া।পুষ্টিহীনতাত ভোগা শিশুৰ প্ৰায়ে ডায়েৰীয়া,ডিছেণ্ট্ৰী আদি হোৱা দেখা যায়।পুষ্টিহীনতাৰ বাবেই সহজে ভাগৰ অনুভৱ কৰা,মুখ ঘা হোৱা,ওঁঠ ফটা আদি নানাবিধ বেমাৰৰ সন্মুখীন হ’ব লগা হয়।পুষ্টিহীনতাই ৰোগ সংক্ৰমণৰ ঘাই কাৰণ।

অতিপুষ্টিও স্বাস্থ্যৰ কাৰণে অপকাৰী।অতিপুষ্টিত ওজন বৃদ্ধি,মেদ বৃদ্ধি হৈ নানাবিধ স্বাস্থ্যজনিত সমস্যা,যেনে-হাইপাৰ-টেনছন,ষ্ট্ৰ’ক,ডায়েবেটিছ,হৃৎপিণ্ডৰ অসুখ আদি বেমাৰত ভুগিব লগা হয়।

লেখিকা: ৰেণু বৰা (জিএন আৰচি স্বাস্থ্য)

 

 

 

 

 

3.08695652174
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top