অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ আহাৰ :

শিশুৰ আহাৰৰ বিষয়ে লিখা হৈছে ।

 

শিশুৰ খাদ্যৰ বিষয়ে উপদেশাৱলী -

ক) ৬ মাহ বয়সলৈকে একমাত্ৰ স্তনৰ গাখীৰ খাবলৈ দিব । স্তনৰ গাখীৰৰ বাহিৰে উপৰুৱা পানীয়, আনকি পানীও খাবলৈ দিয়াৰ প্ৰয়োজন নাই । বাহিৰত যিমানেই গৰম নহওক, একমাত্ৰ স্তনৰ গাখীৰ খোৱা শিশুক ওপৰঞ্চিভাৱে পানী খুওৱাৰ প্ৰয়োজন নাই ।

মনত ৰাখিব ছমাহ বয়সলৈকে -

১) দিনে-নিশাই যেতিয়াই বিচাৰে, শিশুটিক মাকৰ গাখীৰ খুৱাব । ২৪ ঘণ্টাৰ ভিতৰত অন্তত: ৮ বাৰ বুকুৰ গাখীৰ খুৱাব লাগে ।

২) আন আহাৰৰ মিশ্ৰণ, যেনে- মৌজোল, মিচিৰি পানী, চৰবত আদি, আনকি পানীও খাবলৈ নিদিব ।

৩) শিশুটিৰ অসুখ হ’লেও মাকৰ গাখীৰ খুৱাই থাকিব পাৰি ।

খ) বয়স ছমাহৰ পৰা ১২ মাহৰ ভিতৰত

১) এই বয়সতো শিশুটিক মাকৰ গাখীৰ খুৱাই থাকিব লাগে । শিশুৱে যিমানবাৰ বিচাৰে সিমানবাৰ খুৱাব লাগে । মাকৰ গাখীৰৰ উপৰি প্ৰথম যি আহাৰ দিয়া হয়, তাক পৰিপূৰক আহাৰ বোলে ।

২) মাকৰ গাখীৰ নাখালেও দিনত ৫ বাৰ পৰিপূৰক আহাৰ দিব লাগে ।

পৰিপূৰক আহাৰনো কি ?

মাকৰ গাখীৰৰ ওপৰঞ্চি যি আহাৰ শিশুক দিয়া হয় তাকে পৰিপূৰক আহাৰ বোলে । এই আহাৰে মাতৃদুগ্ধৰ স্থান নলয়, বৰঞ্চ মাতৃদুগ্ধৰ লগতে এই আহাৰ শিশুক দিয়া হেতুকে ই বয়স অনুপাতে প্ৰয়োজনীয় অধিক পুষ্টিৰ যোগান ধৰে । পৰিপূৰক আহাৰত এনেধৰণৰ পুষ্টি থকাটো বাঞ্চনীয়, যিয়ে শিশুটোৰ শাৰীৰিক বৰ্ধনত সহায় কৰে । পৰিপূৰক আহাৰ দিয়াৰ সময়কণত শিশুটোৱে মাতৃৰ স্তনপান কৰি থকা হেতুকে পৰিয়ালত সাধাৰণতে খোৱা খাদ্যসমূহত অভ্যস্ত হোৱাৰ লগে লগে মাতৃদুগ্ধৰ পৰা পোৱা পুষ্টি আৰু বেমাৰ ৰোধ কৰিব পৰা শক্তিৰ সুবিধাকণো পায় ।

পৰিপূৰক আহাৰ কেতিয়া আৰম্ভ কৰিব ?

শিশুৰ বৰ্ধনৰ কাৰণে, বেমাৰ প্ৰতিৰোধ কৰিবৰ কাৰণে আৰু জীয়াই থাকিবৰ কাৰণে পুষ্টিৰ প্ৰয়োজন । জুই একুৰা জ্বলি থাকিবৰ কাৰণে যিদৰে ইন্ধনৰ প্ৰয়োজন , একে ধৰণেৰে শৰীৰটোৰ কাৰণে খাদ্যৰ প্ৰয়োজন । খৰি ভাল নহ’লে যি ধৰণে জুইকুৰা ভালকৈ জ্বলিব নোৱাৰে, তেনে ধৰণেই খাদ্যবস্তু অবিহনে শৰীৰটোৰ বিভিন্ন কাম বোৰ ভালকৈ চলিব নোৱাৰে । সেয়েহে শিশুৰ কাৰণে পুষ্টিসমৃদ্ধ খাদ্যৰ প্ৰয়োজন । জন্মৰ পিছৰ প্ৰথম ছমাহলৈকে মাতৃদুগ্ধই শিশুৰ বিকাশৰ কাৰণে প্ৰয়োজনীয় পৰিমাণৰ ইন্ধন যোগায় । কিন্তু ছমাহৰ পিছত বৰ্ধনৰ কাৰণে কেৱল মাতৃদুগ্ধই যথেষ্ট নহয় । সেয়েহে সেই সময়ৰ পৰাই শিশুক পৰিপুৰক আহাৰৰ যোগান ধৰিব লাগে ।

ছমাহ বয়সৰ পিছত শিশুটোৱে লুথুৰী, পিটিকা ইত্যাদি খাবলৈ পাব লাগে । এই সময়তে শিশুটোৱে ডাঙৰৰ খোৱাবস্তুলৈ আগ্ৰহ দেখুৱায়, মুখলৈ হাতেৰে ঢুকি পোৱা বস্তু নিয়ে আৰু মুখৰ ভিতৰত জিভা ঘূৰাই খোৱা বস্তু ইফালে-সিফালে নিব পাৰে । তদুপৰি এইটো বয়সতে খাদ্যতন্ত্ৰও কিছু গোটা বস্তু হজম কৰিব পৰাকৈ পূৰঠ হয় ।

বয়সতকৈ সোনকালে (৬ মাহমান বয়সৰ আগতে)পৰিপূৰক আহাৰ আৰম্ভ কৰিলে কি হ’ব ?

১) কেতিয়াবা ঘৰৰ বয়সিয়াল লোকসকলে পৰামৰ্শ দিয়া হেতুকে কেঁচুৱাক গোটা বস্তু সময়তকৈ আগতেই দিয়া হ’ব । বৰ সোনকালে কেঁচুৱাক পৰিপূৰক আহাৰ খুৱালে কেঁচুৱাই প্ৰয়োজনীয় অনুপাতত মাকৰ গাখীৰ নাখায়, ফলত শিশুটো মাতৃদুগ্ধৰ পুষ্টিৰ পৰা বঞ্চিত হয় ।

২) এইটো সময়ত সাধাৰণতে (২-৩ মাহ বয়সত ) খুব ঢিলাকৈ তৈয়াৰ কৰা লুথুৰী ইত্যাদিহে কেঁচুৱাক খুৱাব পৰা যায় । সেয়েহে এই পনীয়া খাদ্যৰ পৰা কেঁচুৱাই পুষ্টি ভালকৈ নাপায় আৰু তাৰ পুষ্টিৰ হানি হয় ।

৩) মাকৰ গাখীৰৰ পৰা পোৱা ৰোগ প্ৰতিৰোধ কৰিব পৰা উপাদানসমূহৰ পৰা বঞ্চিত হোৱা হেতুকে কেঁচুৱাটোৰ সঘনাই অসুখ , যেনে- ডায়েৰীয়া, কাহ, জ্বৰ ইত্যাদি হয় । তদুপৰি শিশুৰ এলাৰ্জী সঘনাই হোৱা দেখা যায় । মাকৰ কাৰণেও হানিকাৰক, কিয়নো শিশুটোৱে তেওঁৰ দুগ্ধপান বন্ধ কৰাৰ লগে লগে তেওঁ পুনৰ অন্ত:সত্ত্বা হোৱাৰ সম্ভাৱনাও আহি পৰে ।

পৰিপূৰক আহাৰ সময়তকৈ দেৰিকৈ দিলে কি হ’ব ?

পৰিপূৰক আহাৰ সময়তকৈ দেৰিকৈ আৰম্ভ কৰিলেও কেতবোৰ বিপদ হ’ব পাৰে , যেনে- প্ৰয়োজনীয় পুষ্টিৰ অভাৱত শিশুৰ স্বাভাৱিক বৰ্ধন ব্যাহত হ’ব পাৰে আৰু কেতবোৰ পুষ্টিহীনতা ৰোগ, যেনে- এনিমিয়া ইত্যাদিতো ভুগিব পাৰে ।

কোনবোৰ খাদ্য পৰিপূৰক আহাৰত ব্যৱহাৰ কৰিব পাৰি -

আমাৰ প্ৰধান খাদ্য ভাত । সেয়েহে চাউলৰ গুড়ি লুথুৰী কৰি কেঁচুৱাক দিব পাৰি । যিহেতু চাউলত শৰ্কৰাৰ পৰিমাণ বেছি, সেয়েহে লুথুৰীৰ লগত গাখীৰ দিয়া প্ৰয়োজন । তদুপৰি ইয়াৰ লগত সামান্য পৰিমাণৰ ঘিউ, চেনি ইত্যাদি দিব পাৰি । লুথুৰী বনাওঁতে এনেধৰণে ডাঠকৈ তৈয়াৰ কৰিব লাগে ,যাতে সেয়া চামুচৰ পৰা ঢালি দিওঁতে লাহে লাহে বাগৰি পৰে । খুব বেছি পৰিমাণৰ ঘিউ বা তেল ব্যৱহাৰ কৰিলে কিন্তু অকণমান খুওৱাৰ পিছতে শিশুৰ ভোক আঁতৰে, সেয়েহে ইয়াৰ মাত্ৰা কম হোৱা উচিত । শিশুৱে মিঠা লুথুৰী খাই ভাল নাপালে দাইলৰ সৈতেও দিব পাৰি । বিশেষজ্ঞসকলৰ মতে যদি মাহ ইত্যাদি তিয়াই থৈ গজালি ওলাবলৈ দিয়া হয় আৰু তাক চাউলৰ গুড়িৰ লগত ভাজি মিলাই দিয়া হয়, তেন্তে  শিশুৱে এনে আহাৰৰ পৰা বেছি পৰিমানৰ আইৰন পায় ।

শিশুক পৰিপূৰক আহাৰ দিয়াৰ লগতে আৰু কিবা পুষ্টিৰ যোগান ধৰিব লাগে নেকি –

পূৰ্ণ সময়ত জন্ম হোৱা শিশু এটাৰ বাবে প্ৰথম ছমাহলৈকে মাতৃদুগ্ধই প্ৰয়োজনীয় লৌহৰ যোগান ধৰে । জন্মৰ ছমাহৰ পিছত শৰীৰৰ বৰ্ধন অনুপাতে কেৱল মাতৃদুগ্ধৰ পৰাই লৌহ পদাৰ্থৰ যোগান ধৰা সম্ভৱ নহয় আৰু পৰিপূৰক আহাৰৰ লগতে আইৰনৰ যোগান ধৰাটোও প্ৰয়োজন । আহাৰত আইৰনৰ মাত্ৰা বঢ়াবলৈ সাধাৰণতে মাছ-মাংসজাতীয় খাদ্যৰ ব্যৱহাৰ কৰিব পাৰি । গাখীৰ, মাখন, ঘিউ ইত্যাদিত কিন্তু আইৰন নাথাকে । ই শিশুক আন ধৰণৰ এক উপযোগী পুষ্টি ভিটামিন –এৰ যোগান ধৰে । কেতবোৰ খাদ্যই, যেনে- টেঙা ইত্যাদিয়ে দেহৰ আইৰন শোষণৰ মাত্ৰা বৃদ্ধি কৰাত সহায় কৰে । আইৰন টোপাল (ঔষধ) ৰ যোগেদিও কেঁচুৱাটোক এই পদাৰ্থবিধৰ যোগান ধৰিব পাৰি । নিৰামিষ আহাৰৰ পৰিয়ালৰ শিশুৰ বাবে এইধৰণে আইৰন যোগান ধৰিব পাৰে । কেতবোৰ খাদ্য, যেনে- উৰহী, দাইল আদি কোমলকৈ সিজাই পিটিকি খুৱালে শিশুৰ খাদ্যত প্ৰ’টিনৰ মাত্ৰা বৃদ্ধি হয় ।

বজাৰত পোৱা পেকেট বা টিনৰ পৰিপূৰক আহাৰ কেঁচুৱাক খুৱালে ঘৰুৱা খাদ্যতকৈ কিবা বিশেষ লাভ হয়নে ?

বজাৰত পোৱা পেকেট বা টিনৰ পৰিপূৰক আহাৰসমূহে মাকৰ কাম কমায় যদিও তেনে খাদ্য খুওৱাৰ বাবে শিশুটিৰ কোনো বিশেষ লাভ নহয় । দুয়োবিধ খাদ্যৰ পৰা শিশুটোৱে একে ধৰণে পুষ্টিয়েই লাভ কৰিব পাৰে । পেকেটৰ খাদ্য খুৱালে শিশুৱে ঘৰতে প্ৰস্তুত কৰা বিভিন্ন সোৱাদৰ খাদ্যৰ পৰা বঞ্চিত হয় । তদুপৰি যিহেতু এনেবোৰ পেকেটৰ খাদ্যৰ দাম যথেষ্ট, সেয়েহে ঘৰখনৰ খৰচো অযথা বাঢ়ে ।

পৰিপূৰক খাদ্য দিয়াৰ সময়ত কেঁচুৱাক পানী দিব লাগেনে ?

কেঁচুৱা এটাই মাকৰ গাখীৰ খাই থকা অৱস্থাত তাৰ পানীৰ কোনো প্ৰয়োজন নাই । কিন্তু পৰিপূৰক আহাৰ খুৱাবলৈ আৰম্ভ কৰাৰ লগে লগে তাক পানীও খাবলৈ দিব লাগে । শিশুৰ খোৱাপানী ভালকৈ উতলাই ল’ব লাগে । কেঁচুৱাক ফলৰ ৰস দিলে তাৰ মাত্ৰা কমাই দিয়া যুগুত, কিয়নো বেছিকৈ ফলৰ ৰস খালে তাৰ আহাৰ খাবলৈ ভোক নাথাকিব । শিশুক ক’লড ড্ৰিংক দিয়াটো অনুপযোগী ।

পৰিপূৰক আহাৰ দিনটোত কেইবাৰ আৰু কেনেকৈ দিব লাগে ?

বাঢ়ি অহা শিশুৰ কাৰণে দিনটোত দুবাৰৰ পৰা চাৰিবাৰ পৰিপূৰক আহাৰ আৰু ১-২ বাৰ পাতলী্য়াকৈ আহাৰ দিয়াটো দৰকাৰ । ৬-৮ মাহৰ শিশুক লুথুৰীৰ সৈতে গাখীৰ দিলে দিনে ২-৩ বাৰ দিব লাগে । তাৰ লগতে মাকৰ গাখীৰ দি থকাটোও প্ৰয়োজনীয় । মাজতে ভোক লগা যেন দেখিলে পাতলীয়া আহাৰ, যেনে-ফলমূল ইত্যাদি দিব পাৰি । প্ৰথম অৱস্থাত কেঁচুৱাটোক কম পৰিমাণৰ পৰিপূৰক আহাৰ দিব লাগে । প্ৰথমেই চাহ চামুচৰ ২-৩ চামুচেৰে আৰম্ভ কৰি লাহে লাহে পৰিমাণ বঢ়াই যাব লাগে । ৯-২৩ মাহৰ ভিতৰত শিশুটোক ৩-৪ বাৰ আহাৰ দিব পাৰি ।

কেঁচুৱাটোক খুৱাই থাকোতে মাকে কি কৰা উচিত ?

কেঁচুৱাক আহাৰ খুওৱাৰ সময়কণ উপভোগ্য কৰি তোলাটো তাৰ কাৰণে বৰ প্ৰয়োজন । মাকে তাৰ চকুলৈ চাই মিচিকি হঁহা, কথা পতাৰ দৰকাৰ । কেঁচুৱাক লাহে লাহে খুৱাব লাগে, হুৰমুৰ কৰিলে শিশুটোৱে আহাৰ উপভোগ কৰিব নোৱাৰে । মাজতে ৰৈ দিলেও মাকেও অকণমান ৰৈ আকৌ খুৱাবলৈ চেষ্টা কৰিও লাগে । জোৰকৈ খুওৱা অনুচিত । খাওঁতে তাৰ হাতত নিজে খাব পৰা কিবা আহাৰ দিয়ক । আহাৰৰ পৰা তাৰ মনোযোগ আঁতৰি নাযাবলৈ তাৰ ওচৰত হুলস্থুল নকৰিব । আহাৰৰ সময়কণত কেঁচুৱাই মাকক ওচৰতে বিচাৰে, সেয়েহে মাকে লগতে থাকি তালৈ মনোযোগ দিব লাগে ।

অসুখৰ সময়ত কেঁচুৱাক পৰিপূৰক আহাৰ দিয়া যুগুতনে ?

অসুখৰ সময়কণত কেঁচুৱাক অতিৰিক্ত পুষ্টিৰ প্ৰয়োজন । সেয়েহে এনে অৱস্থাত কেঁচুৱাক পৰিপূৰক আহাৰ দি থকা প্ৰয়োজন । বৰঞ্চ আগতকৈ দুবাৰমান বেছিকৈ যচা যুগুত । অসুখীয়া অৱস্থাত সাধাৰণতে কেঁচুৱাই খাবলৈ নিবিচাৰে । সেয়েহে তাক কম পৰিমাণে ঘনাই খাদ্যৰ যোগান ধৰা প্ৰয়োজন । লগতে মাকৰ গাখীৰ দি থকাটোও প্ৰয়োজনীয় । কেঁচুৱাই ভাল পোৱা যিকোনো বস্তু দি অসুখীয়া সময়কণত পুষ্টিৰ যোগান ধৰিব পাৰি । সাধাৰণতে ছমাহ বয়সৰ পৰা পৰিপূৰক আহাৰ কেঁচুৱাক খুৱাবলৈ আৰম্ভ কৰি লাহে লাহে ঘৰত খোৱা বিভিন্ন বস্তুৰ সোৱাদ দি এবছৰমান বয়সৰ পিছত কেঁচুৱাক ঘৰতে প্ৰস্তুত কৰা খাদ্যকেই দিব পৰা যায় । বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, কেঁচুৱা এটাক এইদৰে আহাৰ খুওৱাৰ লগতে স্তনপানো দুবছৰ বয়সলৈকে কৰাই থাকিলে কেঁচুৱাটোৰ দেহৰ পুষ্টিসাধনৰ লগতে মানসিক বিকাশতো সুবিধা হয় ।

ওইনিঙৰ সময়ত মাতৃসকলে অভিযোগ কৰা কেতবোৰ সমস্যা -

১) গোটা খাদ্য খাব নিবিচৰা :-

শিশুটোৰ বাবে ওইনিঙৰ সময়ছোৱা জুলীয়া আহাৰৰ পৰা গোটা আহাৰলৈ খাদ্যাভ্যাস সলনি কৰাৰ সন্ধিক্ষণ । গতিকে কিছুমান শিশুৱে নতুন গোটা আহাৰ খোৱাৰ অভ্যাস কৰিবলৈ বেয়া পোৱাটো স্বাভাৱিক । কোনো এবিধ আহাৰ শিশু এটাই খাব নিবিচাৰিলে সেই আহাৰকে বাৰে বাৰে খুৱাবলৈ জোৰ কৰা অনুচিত । দুদিনমান শিশুটোৱে ভাল পোৱা অন্য আহাৰ খুৱাই পুনৰ সেই বিশেষ আহাৰবিধ খুৱাবলৈ চেষ্টা কৰিব লাগে ।

২) শিশুটোৱে খোৱা খাদ্য বমি কৰি উলিয়াই দিয়া :-

এইটো এটা সাধাৰণ ঘটনা আৰু বহু শিশুৰ ক্ষেত্ৰত এনে হোৱা দেখা যায় । ইয়াৰ বাবে প্ৰতিবাৰতে কমকৈ খুৱাব লাগে , কিন্তু দিনটোত ঘনাই খুৱাব লাগে । খোৱা খাদ্য শিশুটোৰ জিভাখনৰ পাছৰ অংশত ৰাখিব লাগে । এনে কৰিলে শিশুটোৰ আহাৰ গিলাত সুবিধা পায় । আহাৰ পৰাপক্ষত অলপ জুলীয়াকৈ প্ৰস্তুত কৰিব লাগে ।

৩) শিশুটোৱে স্তনপান কৰিবলৈ বিচাৰিলে :-

এই বিষয়ে চিন্তা কৰাৰ কোনো কাৰণ নাই । গাখীৰৰ পৰা অন্য আহাৰলৈ শিশুটোৰ খাদ্যাভ্যাস সলনি কৰোতে প্ৰথম অৱস্থাত অন্য আহাৰখিনি গাখীৰৰ পৰিপূৰক হিচাপে ব্যৱহাৰ কৰা হয় ।অন্য আহাৰ খুওৱাৰ সময়ত সেয়েহে মাতৃগৰাকীয়ে শিশুটোক স্তনপান কৰোৱাটো বন্ধ কৰিব নালাগে ।

শিশু এটাক খোৱাপানী কেতিয়া খাবলৈ দিয়া উচিত ?

শিশু এটিক ছমাহ বয়সলৈকে পানী খুওৱা অনুচিত । শিশুটোৰ ছমাহ বয়সলৈকে অকল স্তনপান কৰাব লাগে , কাৰণ শিশুৰ পাকস্থলীৰ আকাৰ সৰু হোৱাৰ ফলত পানী খুৱালে পাকস্থলীটো পানীৰে পৰিপূৰ্ণ হৈ থাকে । তেনে অৱস্থাত মাকৰ গাখীৰৰ কাৰণে শিশুটোৰ পেটত ঠাই নোহোৱা অৱস্থা হয় । ফলত আহাৰ (গাখীৰ) ৰ অভাৱত শিশুটো পুষ্টিহীনতাত ভোগা দেখা যায় । আনহাতে ছমাহ বয়সলৈকে শিশুটোৰ দেহৰ বাবে যি পানীৰ প্ৰয়োজন হয়, সেই পানী মাতৃৰ গাখীৰৰ পৰাই লাভ কৰে । গতিকে ছমাহ বয়সলৈকে মাতৃৰ গাখীৰৰ বাহিৰে অতিৰিক্ত পানী খুওৱা অনুচিত ।

ছমাহৰ পৰা শিশু এটাৰ পৰিপূৰক আহাৰ আৰম্ভ কৰা হয় । এই সময়তে শিশুৰ দাঁত গজিবলৈ আৰম্ভ কৰে । এই সময়ত শিশুটোৰ বিকাশৰ কাৰণে মাতৃদুগ্ধত থকা পানীৰ উপৰি অতিৰিক্ত পানীৰ প্ৰয়োজন হয় । সেয়েহে ছমাহ সম্পূৰ্ণ হোৱাৰ পিছত শিশু এটাক পানী খাবলৈ দিব লাগে । পানীত থকা ফ্লু’ৰাইডে শিশুটোৰ দাঁতৰ গঠন মজবুত কৰে ।

শিশু এটাৰ আঙুলি চোপাৰ অভ্যাস -

১) বহু শিশুৱে আঙুলিৰ, বিশেষকৈ বুঢ়া আঙুলিৰ মূৰটো মুখত লৈ চোপা দেখা যায় । এইটো শিশুসকলৰ এক স্বাভাৱিক অভ্যাস । আঙুলি চোপাৰ অভ্যাসটো ডাঙৰ হোৱাৰ পিছতো থাকি যাব বুলি বা আঙুলি চুপিলে শিশুটোৰ দাঁতৰ গঠন বেয়া হ’ব বুলি পিতৃ-মাতৃয়ে অযথা ভাল খোৱা অনুচিত । শিশু এটাই ভোকত থাকিলে বা আপোনজনৰ সংগ বিচাৰি আঙুলিটো মুখৰ ভিতৰত ভৰায় । শিশু এটাই মুখত আঙুলি ভৰালে পিতৃ-মাতৃয়ে জোৰ কৰি আঙুলিটো টানি বাহিৰ কৰিব নালাগে । এনে কৰিলে ইয়াৰ প্ৰতিক্ৰিয়া হিচাপে শিশুটোৱে পুনৰ আঙুলিটো মুখত ভৰোৱা দেখা যায় আৰু আঙুলি চোপাটো এটা অভ্যাসত পৰিণত হয় । এই অভ্যাস ৩ ৰ পৰা ৬ বছৰৰ ভিতৰত নিজে নিজেই নাইকিয়া হোৱা দেখা যায় ।

২) শিশু এটাই আহাৰ খোৱাৰ আগতে আঙুলি চোপাটো হ’ল ভোক লগাৰ একোটা চিন আৰু ইয়াৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই । আহাৰ খুওৱাৰ পিছত শিশুটোৰ আঙুলি চোপাটো নিজে নিজেই বন্ধ হৈ যাব । আহাৰ খোৱাৰ মাজত বা আহাৰ খোৱাৰ পিছত শিশুটোৱে আঙুলি চুপিলে পিতৃ-মাতৃয়ে শিশুটোৰ মনোযোগ আঙুলিৰ পৰা বেলেগলৈ পৰিৱৰ্তন কৰিবলৈ চেষ্টা কৰিব লাগে ।

২) মাকৰ স্তনপান কৰা শিশুৱে বটলত গাখীৰ খুওৱা শিশুটকৈ কমকৈ আঙুলি চোপা দেখা যায় । সাধাৰণতে শিশু এটাই ৫-৬ মিনিটৰ পিছৰ সময়খিনিত মাথোঁ স্তনটো চোহাৰ হেঁপাহ পূৰণ কৰে । স্তনপান কৰা শিশু এটাই আঙুলি চুপিলে মাতৃগৰাকীয়ে শিশুটোক অধিক সময়ৰ কাৰণে স্তনপান কৰাই স্তন চুপি থকাৰ হেঁপাহ পূৰণ কৰিব পাৰে ।

৩) বটলত গাখীৰ খুওৱা শিশু এটা ডাঙৰ হৈ অহাৰ লগে লগে অতি কম সময় (মাত্ৰ দহ মিনিট) ৰ ভিতৰত বটলটোৰ গাখীৰ খাই শেষ কৰি দিয়ে । বটলটোৰ গাখীৰ শেষ হোৱাৰ পিছত শিশুটোৱে বটলৰ নিপোলটো চুহি থাকিবলৈ আমনি পায় আৰু ফলত শিশুটোৰ চুপি খোৱাৰ হেঁপাহ আধৰুৱা হৈ ৰয় । এনে অৱস্থাত শিশু এটাই আঙুলি চোপা দেখা যায় ।

৪) আঙুলি চুপিলে শিশু এটাৰ ওপৰ পাৰি দাঁত আগফালে আৰু তলৰ পাৰি দাঁত পাছৰ ফালে বেঁকা হ’ব পাৰে । এই বেঁকা হোৱাটো অস্থায়ী আৰু আঙুলি চোপা অভ্যাসটোৱে শিশুটোৰ অকল গাখীৰ খোৱা দাঁতৰহে ক্ষতি কৰিব পাৰে । শিশুটোৰ বয়স ৬ মাহ হোৱাৰ আগতে আঙুলি চোপা অভ্যাসটো নিজে নিজেই নোহোৱা হৈ যোৱাৰ ফলত স্থায়ী দাঁতৰ গঠন স্বাভাৱিক ধৰণেৰে হোৱা দেখা যায় ।

কেতিয়াবা দেখা যায় যে কিছুমান শিশুৰ ৬ বছৰ হোৱাৰ পিছতো আঙুলি চেপা অভ্যাসটো থাকি যায় । ৬ বছৰ বয়সৰ পৰা শিশুটোৰ স্থায়ী দাঁত গঠন হ’বলৈ আৰম্ভ কৰাৰ ফলত আঙুলি চোপা অভ্যাসটোৱে শিশুটোৰ স্থায়ী দাঁতৰ গঠনত বিৰুপ প্ৰভাৱ পেলায় । এই সময়ত পিতৃ-মাতৃয়ে কৌশলেৰে শিশুটোৰ এই অভ্যাস আঁতৰ কৰিব লাগে । কেইটামান কৌশল-

১) আঙুলি চুপি থকা কথাটো শিশুটোক অনুভৱ কৰিবলৈ দিব নালাগে । কৌশলেৰে শিশুটোৰ মনোযোগ অন্য দিশলৈ, যেনে- পুতলা, বেলুন আদিৰ ফালে পৰিৱৰ্তন কৰাব লাগে ।

২) আঙুলিটোৰ মূৰত তিতাজাতীয় দ্ৰব্য, যেনে- শিলিখাৰ ৰস লগাই থ’লে শিশুটোৱে আঙুলিটো মুখত ভৰোৱাৰ লগে লগে তিতা পাই উলিয়াই আনিব ।

৩) এই অভ্যাসৰ কাৰণে শিশুটোক গালি পাৰিব নালাগে অথবা হাতখন মুখৰ পৰা প্ৰতিবাৰতে টানি উলিয়াই আনিবও নালাগে । আনকি আপুনি এই অভ্যাসৰ কাৰণে চিন্তিত বুলিও শিশুটোক অনুভৱ কৰিবলৈ দিব নালাগে । ওপৰত উল্লেখ কৰা দুটা কিটিপ ব্যৱহাৰ কৰিলেই শিশু এটাৰ আঙুলি চোপা অভ্যাস বন্ধ কৰিব পৰা যায় ।

লেখিকা :- ডা: ৰীতা বৰা ফুকন

উৎস :- জি এনআৰচি স্বাস্থ্য

4.75
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top