মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ এংজাইটি ডিজঅৰ্ডাৰ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ এংজাইটি ডিজঅৰ্ডাৰ :

শিশুৰ এংজাইটি ডিজঅৰ্ডাৰৰ বিষয়ে লিখা হৈছে ।

 

মনৰ ভিতৰত অনবৰতে দৃঢ় হৈ থকা উদ্বেগ অস্বস্তি, আনৰ পৰা নিজক আঁতৰাই ৰখা প্ৰৱণতা এইবোৰেই বঢ়াই এটি পাঁচ-ছবছৰীয়া শিশুৰ মাজত এংজাইটি ডিজঅৰ্ডাৰ। এংজাইটি কোনো বিশেষ ধৰণৰ অসুখ নহয়, কিন্তু সোনকালে এই এংজাইটি নিয়ন্ত্ৰন কৰিবলৈ নিশিকিলে নানা উপসৰ্গই দেখা দিবলৈ ধৰে। যেনে- পঢ়াশুনালৈ অত্যন্ত ভয়, স্কুললৈ যাবলৈ অনিচ্ছুক, অনবৰত মাক-দেউতাকৰ সান্নিধ্যত থকাৰ চেষ্টা, খোৱা-বোৱাৰ প্ৰতি অনিচ্ছুক, অথচ যি সময়ত এটি শিশু সফূৰ্তৰ্বাজ, স্মাৰ্ট হৈ উঠিলে সেই বয়সত তাৰ বাবে হ’বলগীয়া সকলো কথাই সম্ভৱ হৈ পৰে।

সন্তানৰ এনে ধৰণৰ সমস্যা হ’লে আজিৰ যুগৰ পিতৃ-মাতৃ খুবেই চিন্তিত হৈ পৰে। চিন্তিত হোৱাই নহয়, পিতৃ-মাতৃ ডিপ্ৰেছনত ভুগি সন্তানৰ ওপৰত মাৰপিট কৰে, ডাঙৰক কৰাৰ দৰেই গালি-গালাজ কৰে। এনে ব্যৱহাৰে সমস্যা সমাধান কৰাতকৈ সমস্যা গুৰুত্বৰহে কৰি তোলে। এনে সমস্যাৰ সৃষ্টি হ’লে পিতৃ-মাতৃৰ প্ৰথম কৰ্তব্য হ’ল ধৈৰ্যশীল হোৱা। মৰমিয়াল কথা-বতৰাৰে সিহঁতক মাটিভেতেড কৰা। স্কুললৈ যোৱা বাকী ল’ৰা-ছোৱালীবোৰক দেখুৱাওক। সন্তানটিক লগত লৈ স্কুলৰ শিক্ষক-শিক্ষয়িত্ৰীৰ সতে কথা পাতি শিক্ষকৰ মতে তাৰ সম্বন্ধটো সহজ কৰি পেলাওক। ভুলতো তাৰ সন্মুখত শিক্ষকৰ সতে তাৰ সমস্যাৰ কথা নাপাতিব। কেজুৱেল কথাহে পাতিব। সি বুজক স্কুল-শিক্ষক-শিক্ষয়ত্ৰীসকল ভয় কৰা মানুহ নহয়। পৰীক্ষাৰ সময়ত বহু শিশুৱে বেছিকৈ ভয় কৰা দেখা যায়। সিহঁতৰ খোৱা-বোৱাৰ মন নাইকিয়া হয়, টোপনি কমি যায়। এইক্ষেত্ৰত পিতৃ-মাতৃয়ে পৰীক্ষা বুলি ঘৰত বেলেগ এটা পৰিৱেশ গঢ়ি তুলিব নালাগে। পৰীশাৰ আগৰ পৰা পৰীক্ষা পৰীক্ষা বুলি সিহঁতৰ মনত ভয় সুমুৱাই দিব নালাগে। যিটো বিষয়ে সিহঁতে টান পায় সেই বিষয়টো আগৰে পৰা ভালদৰে শিকাই সহজ কৰি ৰাখিব লাগে। তেতিয়া পৰীক্ষাৰ সময়ত ভয় কৰাৰ কাৰণেই নাথাকে। পৰীক্ষাৰ সময়ত বা পৰীক্ষাৰ মাজত সিহঁতৰ খেলা-ধূলা সমূলি বন্ধ কৰি দি ঘৰত ‘পেনিক’ পৰিস্থিতি গঢ়ি তুলিব নালাগে। সিহঁতক খেলিবলৈ দিব লাগে। পৰীক্ষা দি অহাৰ পাছতে প্ৰশ্নকাকত লৈ সিহঁতক খেলিবলৈ দিব লাগে। পৰীক্ষা দি অহাৰ পাছতে প্ৰশ্নকাকত লৈ সিহঁতক কি লিখিলে সুধি ব্যতিব্যস্ত কৰি তুলিব নালাগে, নিজে চিন্তিত হৈ ভয় খাই দেখুৱাব নালাগে। শিশুৰ বাবে সকলো কথাই কৰি ৰাখক সহজ-সৰল। সেই পদ্ধতিৰ মাজেৰেই সময়ৰ পৰা শিক্ষা লৈ সিহঁত নিজে নিজে আগবাঢ়ি গৈ থাকিব। আপুনি মাথোঁ সাৰথিৰ ভূমিকা লওক।

ছ’চিয়েল এংজাইটিও শিশুৰ বাবে এটা ডাঙৰ সমস্যা। পৰীক্ষাত ভাল কৰিব নোৱাৰিলে আনে কি ক’ব, ঠাট্টা-মস্কৰা কৰিব, হাঁহিৰ ইত্যাদি চিন্তাই সিহঁতক ভিতৰি দুৰ্বল কৰি তোলে। পঢ়াশুনাত আন ছাত্ৰতকৈ দুৰ্বল হ’লে সিহঁতে পিছৰ বেন্সত বহি নিজকে লুকুৱাই ৰাখিবলৈ যত্ন কৰে। সিহঁতৰ মানসিক অৱস্থা তেনেদৰেই থাকিবলৈ দিলে নিজকে আপব্ৰিডিং কৰাৰ সুযোগ সিহঁতে নাপাব পাৰে। এই ক্ষেত্ৰত শিক্ষক-শিক্ষয়ত্ৰীৰ ভূমিকা নিশ্চয় আছে। তেওঁলোকে প্ৰতিটো ছাত্ৰৰ প্ৰতি সংবেদনশীল-সচেতন হৈ আগ বাঢ়িলে সকলো শিশুৱেই এদিন সুযোগ্য নাগৰিক হৈ উঠিব পাৰে।

সন্তানক বেছি কাষত পোৱা, বেছি বুজিব পৰা মানুহ পৃথিৱীত হৈছে পিতৃ-মাতৃয়েই। সন্তানৰ প্ৰতিটো উশাহ-নিশাহ, ধমনীৰ স্পন্দন, চকুপানী-হাঁহিৰ উৎস কেৱল বুজিব পাৰে পিতৃ-মাতৃয়েই। সেয়েহে সন্তানৰ ভৱিষ্যৎ জীৱন আশা কৰিব পাৰি পিতৃ-মাতৃৰ বিজ্ঞতাৰ ওপৰত। সমাজৰ, পৰিৱেশৰ যিবিলাক কাৰকে শিশুহঁতৰ মনত এংজাইটিৰ ভাব বঢ়াই সিহঁতক ভাৰাক্ৰান্ত কৰি তোলে, ডাঙৰৰ কৰ্তব্য হৈছে বুদ্ধিমত্তাৰে সিহঁতক সেই সকলো এংজাইটিৰ পৰা মুক্ত কৰি জীৱনৰ বাটেৰে আগবঢ়াই নিয়া।

লেখিকা: আৰতি ভূঞা(অসম বাণী)

2.90909090909
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top