অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ ওজন কমাওক :

শিশুৰ ওজন কমাওক, সেই বিষয়ে লিখা হৈছে ।

বৰ্তমান সময়ত শিশুৰ মেদবহুলতা এক দ্ৰুতগতিত বৃদ্ধি পোৱা ৰোগত পৰিণত হৈছে। ভাৰতবৰ্ষই ১৪.৪ মিলিয়ন মেদবহুল শিশুৰে পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান দখল কৰি আছে। চীনে ১৫.৪ মিলিয়ন শিশুৰে প্ৰথম স্থানত আছে।

২০১৭ চনত লোকপিয়ল মতে ভাৰতবৰ্ষৰ মুঠ জনসংখ্যাৰ ভিতৰত ৩৯ কোটি শিশু আৰু এই ৩৯ কোটি শিশুৰ ভিতৰত ১.৪ কোটি(১৪.৪ মিলিয়ন) শিশুৱেই মেদবহুল।

অৰ্থাৎ প্ৰায় ৪০টি শিশুৰ ভিতৰত এটাকৈ শিশু ইয়াৰ দ্বাৰা আক্ৰান্ত হৈছে। শিশুৰ মেদবহুলতাক বৰ সহজভাৱে লোৱাটো উচিত নহয়। কিয়নো ইয়াৰ ফলত তলত দিয়া ৰোগসমূহৰ সম্ভাৱনা বহু পৰিমাণে বাঢ়ি যায়।

*উচ্চ ৰক্তচাপ আৰু কলেষ্টেৰল বৃদ্ধি,

*মধুমেহ,

*শ্বাসজনিত সমস্যা,

*সন্ধিবিষ,

*ফেটি লিভাৰ,

*আত্মবিশ্বাসৰ অভাৱ,

*বুদ্ধিমত্তাৰ অভাৱ,

*হতাশা আদি।

মেদবহুলতাৰ প্ৰধান কাৰণসমূহ হ’ল -

*বংশানুক্ৰমিক,

*শাৰীৰিক ব্যায়ামৰ অভাৱ,

*ভুল খাদ্য খোৱা,

*হৰম’নৰ অসন্তুলন আৰু কোনো কোনো ক্ষেত্ৰত এই আটাইকেইটা কাৰকৰে সংমিশ্ৰণ।

BMI(Body Mass Index)পদ্ধতি অনুযায়ী আপোনাৰ শিশুটিৰ সঠিক ওজন উলিয়াব পাৰি। ইয়াৰ এটা সহজ নিয়ম আছে, সেইটো হ’ল- BMI= Weight/(Height)2ৰ ওজন কিলোগ্ৰামত আৰু উচ্চতা মিটাৰত থাকিব।

এটা উদাহৰণৰ দ্বাৰা বুজাইছোঁ। ধৰা হ’ল এটি শিশুৰ ওজন ৭৫ কিলোগ্ৰাম আৰু উচ্চতা ১৮০ চেন্টিমিটাৰ। এতিয়া প্ৰথম কাম উচ্চতাক মিটাৰলৈ নিয়া।

যিহেতু ১০০ চেন্টিমিটাৰে এক মিটাৰ, গতিকে উচ্চতা হ’ব ১.৮ মিটাৰ। আৰু BMI হ’ব ৭৫/১.৮*১.৮=২৩.১৫। এতিয়া তলত দিয়া চাৰ্টখনৰ লগত মিলাই চাওক।

BMI যদি ১৮ৰ পৰা ২০ৰ ভিতৰত আছে, তেন্তে শিশুটিৰ সুস্থ ওজন(Wealthy wt) ভিতৰত আছে। BMI যদি ২১ৰ পৰা ২২ৰ ভিতৰত আছে, তেন্তে তাৰ ওজন বেছি আছে(Over weight) আৰু যদি ২৩ অথবা ২৩ৰ ওপৰলৈ গৈছে, তেন্তে সি মেদবহুল ৰোগত পৰিছে।

যদি আপোনাৰ শিশুটিৰ BMI ২১ৰ ওপৰলৈ গৈছে, তেন্তে তাক প্ৰতিৰোধ কৰিব লাগিব। মেদবহুলতা প্ৰতিৰোধ আৰু নিবাৰণ কৰাৰ ক্ষেত্ৰত প্ৰথম ভূমিকা হ’ল আহাৰৰ।

খাদ্য তালিকাৰ পৰা মিঠাজাতীয় আহাৰ বৰ্জন কৰা(যেনে- মিঠাই, কেক, চকলেট, ক’লড ড্ৰিকছ ইত্যাদি)। প্ৰচুৰ পৰিমাণে শাক-পাচলি আৰু ফলমূল খাবলৈ দিয়ক।

বাহিৰত খোৱা বিশেষকৈ ফাষ্ট ফুড আদি খোৱা একেবাৰে বন্ধ কৰক। বেছিকৈ টিভি চোৱা, ভিডিঅ’ গেম আদি খেলাত বাধা দিয়ক। দ্বিতীয় ভূমিকা হ’ল- শাৰীৰিক, ব্যায়াম, যোগাসন, চাইকেল চলোৱা, সাঁতোৰা, দৌৰা আদিৰ। শিশুটিক শাৰীৰিক পৰিশ্ৰম কৰিবলৈ উৎসাহিত কৰিব লাগে।

মেদবহুলতা হ্ৰাসত যোগৰ ভূমিকা অতি মহত্বপূৰ্ণ। কিয়নো পাচনতন্ত্ৰ আৰু অন্তঃস্ৰাৱী গ্ৰন্থি তন্ত্ৰৰ অসন্তুলন মেদবহুলতাৰ এক প্ৰধান কাৰণ আৰু সঠিকভাৱে কৰা যোগাসনৰ অভ্যাসে এই দুয়ো তন্ত্ৰৰ ওপৰত অতি মাৰাত্মক প্ৰভাৱ পেলায়।

ভাৰতৰ এক অগ্ৰণী যোগ শিক্ষাৰ প্ৰতিষ্ঠান যোগবিদ্যা গুৰুকুল নাছিকে মেদবহুলতাৰ বাবে এক অতি প্ৰভাৱশালী ৯০ মিনিটৰ দৈনিক অভ্যাসক্ৰম প্ৰস্তুত কৰি দিছে। ভালদৰে এই আসনসমূহ শিকি লৈ নিয়মিত অভ্যাস কৰিলে যথেষ্ট লাভ পাব পাৰি।

দৈনিক অভ্যাসক্ৰম -

 

ওমকাৰ উচ্চতাৰ

৫ মিঃ

সন্ধি সঞ্চালন

৪ মিঃ

সূৰ্য নমস্কাৰ(৩২ বাৰ)

১২ মিঃ

শৱাসন

১ মিঃ

ধনুৰাসন

২ মিঃ

সৰ্বাংগাসন

৩ মিঃ

হলাসন

১ মিঃ

মৎস্যাসন

১ মিঃ

উষ্ট্ৰাসন

১ মিঃ

অৰ্ধ মৎস্যেন্দ্ৰাসন

৩ মিঃ

পশ্চিমোত্তাসন

১ মিঃ

আকৰ্ণ ধনুৰাসন

৩ মিঃ

উদৰ সঞ্চালন

৩ মিঃ

ত্ৰিকোণাসন

৩ মিঃ

বীৰাসন

৩ মিঃ

শৱাসন

১ মিঃ

অগ্নিসাৰ ক্ৰিয়া(১০০ চক্ৰ)

৪ মিঃ

উদ্দীয়ান বন্ধ(৫ বাৰ)

৩ মিঃ

কপালভাটী(৩০০ বাৰ)

৫ মিঃ

ভম্ৰিকা

১ মিঃ

সূৰ্যভেদী প্ৰাণায়াম

১০ মিঃ

মুঠ

৯০ মিঃ

 

লেখক: পৰশমণি বৰা(নিয়মীয়া বাৰ্তা)

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top