মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ কিছুমান লক্ষণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ কিছুমান লক্ষণ :

শিশুৰ কিছুমান লক্ষণৰ বিষয়ে লিখা হৈছে ।

কিছুমান শিশু স্কুলৰ প্ৰাথমিক পৰ্য্যায়ত আশানুৰূপ ফল দেখুৱাব নোৱাৰে বা শিক্ষাৰ প্ৰাথমিক যোগ্যতা অৰ্জন কৰিব নোৱাৰে। এই ধৰণৰ শিশু বিলাকক অল্পবুদ্ধিসম্পন্ন (mentally subnormal) শিশু বুলি ভবা হয়। কিন্তু সকলো দিশ চালি জাৰি চাই দেখা যায় যে এই ধৰণৰ সকলো শিশু অল্পবুদ্ধিসম্পন্ন নহয়। যথাযথ উৎসাহ আৰু প্ৰেৰণা দিলে সিহঁতৰ সুপ্ত বুদ্ধি বিকশিত হয়। এইধৰণৰ শিশুবিলাকৰ স্কুলত ব্যৰ্থতাৰ কাৰণ আপাততঃ কিছুমান পৰিৱেশগত পৰিস্থিতিতহে হোৱা দেখা যায়।

১ শিশু যদি প্ৰায়ে অসুস্থতাত ভুগি থাকে তাৰ ফলত শিশুটিৰ স্কুল ক্ষতি হয় আৰু পঢ়াশুনাত ব্যাঘাত হৈ বুদ্ধিৰ বিকাশ বাধাপ্ৰাপ্ত হব পাৰে।

২। পিতৃ মাতৃৰ চাকৰি কৰ্মস্থলীৰ সলনি হৈ থকাৰ ফলত ঘৰ /স্থান সলনি হৈ থাকে। যাৰ ফলত বিভিন্ন স্কুল সলনি কৰিবলগীয়া হয়, শিক্ষক, সংগী, পৰিৱেশ আদিৰ ভিন্নতা আহি থকাৰ ফলত শিশু ব্যৰ্থতাৰ চিকাৰ হয়।

৩।কিছুমান শিশুৰ শ্ৰৱণশক্তি বা দৃষ্টি শক্তিৰ সামান্য দুৰ্বলতা থাকে আৰু সেইটো সাধাৰণতে গম পোৱা নাযায়। শ্ৰেণীত শিক্ষকে কি শিকাই বা বুজাই বা লিখনিবোৰ ভালদৰে বুজি নাপায়, যাৰ ফলত আন আন ছাত্ৰ ছাত্ৰীতকৈ সিহঁত পিছপৰি যায়।

৪। নিজৰ ঘৰখনৰ পৰিৱেশ যদি ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাক উৎসাহিত কৰিব পৰা বিধৰ নহয় তেতিয়াও শিশুৰ বুদ্ধি বিকাশত পলম হয়।

৫।কিছুমান পিতৃ মাতৃ বা অভিভাৱকৰ মাজত মনোমালিন্য হৈ খুব সঘনাই কাজিয়া পেচাল হৈ থাকে। ইয়াৰ প্ৰভাৱ শিশুৰ ওপৰত বেয়াকৈ পৰে আৰু সিহঁতে জীৱন সম্পৰ্কে বিৰূপ মনোভাৱ লয়। ইয়াৰ ফলত জ্ঞান বুদ্ধিৰ বিকাশ নহয়, শিশুটি ভাবুক তথা উচ্ছৃংখল মনোবৃত্তিৰ হয়।

৬।শিশুৰ পঢ়া শুনা কৰাৰ সময়ত ৰেডিঅ টিভি প্ৰগ্ৰেম বা অন্যান্য অনুস্থান চলি থাকিলে শিশুবিলাক অত্যন্ত অমনোযোগী হৈ পৰে আৰু সৰু সৰু কথাতেই ভুল কৰিব ধৰে।

৭।কিছুমান পিতৃ মাতৃ তথা অভিভাৱকে শিশুটিক প্ৰায়ে সহপাঠী বা ওচৰ চুবুৰীয়াৰ লৰা ছোৱালীৰ উদাহৰণ দি তুলনামূলক ভৰ্ৎসনাৰ দ্বাৰা পঢ়া শুনাৰ বাবে উৎসাহিত কৰাৰ চেষ্টা কৰে। তেনে ক্ষেত্ৰত সমালোচনাৰ ভাষা ৰূঢ় হোৱাৰ বাবে আৰু অনবৰত গাধ গৰু মুৰ্খ আদি শব্দবোৰ বিশেষণ হিচাপে শুনি থকাৰ ফলত শিশুৰ মনত এটা বদ্ধমূল ধাৰণা গঢ় লৈ উঠে যে সি সচাকৈ বেয়া অপদাৰ্থ। লাহে লাহে শিশুটি হীনমন্যতাৰ চিকাৰ হয় আৰু পঢ়াশুনাত পিছপৰি ৰয়।

৮। শিশুৰ মৰমতে মাক দেউতাকে শিশুটোৰ জেদ পূৰণ কৰিবলৈ বিবেকৰ বিৰূদ্ধে গৈ হলেও সকলো কৰে। তেনেক্ষেত্ৰত পিছলৈ কিছুমান অবাঞ্চিত ফল ভোগ কৰিব লগা হয়। সহজতে সকলো বস্তু লাভ কৰি শিশুটিৰ শিক্ষা দীক্ষাৰ প্ৰতি আগ্ৰহ নোহোৱা হৈ পৰে আৰু তাৰ মনত বস্তুবাদী চিন্তাধাৰাই গঢ় লৈ উঠে।

৯। অন্য শিশুৰ তুলনাত শিশুৰ সামাজিক ব্যৱধান বেছি হলে সি স্কুলত অসুবিধা সৃষ্টি কৰে।

১০। বদমেজাজী আৰু শিক্ষা দিব নজনা শিক্ষক শিশুসকলৰ বাবে অযোগ্যতাৰ কাৰণ হব পাৰে। এনেকুৱা শিক্ষকৰ শিক্ষা দানৰ প্ৰভাৱত ভাল বুদ্ধিসম্পন্ন ছাত্ৰ ছাত্ৰীও পঢ়া শুনাৰ প্ৰতি আগ্ৰহ হেৰুৱাই পেলাই।

১১। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ মনঃসংযোগৰ মাধ্যম হ'ল ভাষা। শিক্ষক আৰু ছাত্ৰ ছাত্ৰী সকলৰ মাজত ভাষা বিভ্ৰান্তি হোৱাৰ ফলত শিশুৰ মানসিক উৎকৰ্ষ সাধনত ব্যাঘাত হোৱা দেখা যায়।

১২। কিছুমান শিশুৰ মানসিক বিকাশ স্বাভাবিক নহৈ বয়সত কৈ কম হয়। তেনেকুৱা শিশুৰ বয়স অনুযায়ী স্কুলত ভৰ্তি নকৰি মানসিক বিকাশৰ ওপৰত ভিত্তি কৰি শ্ৰেণী নিৰ্বাচন কৰিব লগীয়া হয়।

পিতৃ মাতৃ অভিভাৱকে শিশুৰ ছাল চলন সঠিক পথেৰে পৰিচালনা কৰিবলৈ হলে :-

  • শিশুটো স্কুলৰ পৰা অহাৰ পাছত তাৰ উৎসাহ চঞ্চলতা আদিক গুৰুত্ব দিব লাগে আৰু কথাৰ মাজতে পঢ়াৰ বিষয়ে আলোচনা কৰিব লাগে।
  • সিহঁতে খেলা ধূলা কৰা ঠাইত হঠাতে উপস্থিত হৈ মাজে সময়ে সিহঁতক সচকিত কৰিব লাগে।
  • কেতিয়াও কোনো নিৰ্দিষ্ট কাৰণ নোহোৱাকৈ শিশুক ধমকি দি থাকিব নালাগে। সিহঁতৰ আবেগত বাৰে বাৰে আঘাত পালে ভৱিষ্যতে এটা ঋণাত্মক ভাৱমুৰ্তিয়ে গা কৰি উঠিব পাৰে।
  • পৰিয়ালৰ কোনো ডাঙৰ সিদ্ধান্ত লোৱাৰ সময়ত শিশুহতঁকো পাৰিলে তাত চামিল কৰিব লাগে। লগতে সিহঁতৰ উপদেশ নমনাৰ উচিত কাৰণ বুজাই দিয়া দৰকাৰ, ইয়াৰ ফলত শিশুটোৰ মনত আত্মবিশ্বাসৰ জন্ম দিব।
  • সদায় পিতৃ মাতৃয়ে আৰ্থিক দিশবোৰ শিশুক সহজ ভাষাৰে বুজাই দিব লাগে। মিছা সপোন দেখুৱাই প্ৰলোভন দেখুওৱাতকৈ শিশুক সদায় সত্যৰ সন্মুখীন কৰাব লাগে।
  • শিশুৰ মাজত কাজিয়া লাগিলে সিহঁতৰ নিজৰ মাজতে বুজাপৰা হব দি, তাৰ মাজত অভিভাৱক নোসোমাই ভাল।
  • মাজে মাজে চাৰপ্ৰাইজ গিফ্ট দি সিহঁতক আনন্দ দিব লাগে।
  • শিশুক ডায়েৰী লিখা অভ্যাস কৰাব লাগে। দিনটোৰ উৎপাত বদমাছিবোৰো যাতে ডায়েৰীত লিখে, তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে।
  • টিভি বা ইন্টাৰনেটত শিশুৱে কি চাই কি কৰে তাৰ খবৰ অভিভাৱকে ৰখাটো অতীৱ প্ৰয়োজনীয় কথা।
  • সিহঁতৰ বন্ধু বৰ্গ বা লগত খেলা ধূলা কৰা সংগী বিলাকৰ ছাল চলন চকু ৰাখিব লাগে, কিন্তু এয়া অতি গোপনে কৰিব লাগে।
  • ভুল কৰিলে শিশুটোক সেই ভুলৰ পৰা শিক্ষা লবলৈ সুবিধা দিব লাগে।

লেখক: মনোজ কুমাৰ গোস্বামী

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top