মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ কিছুমান ৰোগৰ প্ৰাকৃতিক নিদান
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ কিছুমান ৰোগৰ প্ৰাকৃতিক নিদান

শিশুৰ কিছুমান ৰোগৰ প্ৰাকৃতিক নিদানৰ বিষয়ে লিখা হৈছে ।

 

শিশুসকল কোমল আৰু সংবেদনশীল। এওঁলোকক সহজে ৰোগে আক্ৰমণ কৰিবলৈ সুবিধা পায়। কিন্তু বেমাৰ হ’লে বুলিলে যিকোনো ঔষধ খুওৱাটো উচিত নহয়। প্ৰাকৃতিকভাৱে চিকিৎসা কৰিলে শিশুৰ স্বাস্থ্যৰ ওপৰত বেয়া প্ৰভাৱ পৰাৰ আশংকা কম থাকে। ইয়াত শিশুৰ কিছুমান সাধাৰণ ৰোগৰ প্ৰাকৃতিক চিকিৎসাৰ বিষয়ে আলোচনা কৰা হ’ল।

গাখীৰ হজম নোহোৱা -

*হজমৰ বিসংগতিৰ কাৰণে কেতিয়াবা শিশুৱে বমি কৰে আৰু কেতিয়াবা পেটৰ অসুখত ভোগে। মাতৃয়ে শিশুটিক স্তনপান কৰোৱাৰ আগেয়ে এগিলাচ পানী খাই শিশুটিক স্তনপান কৰালে গাখীৰ হজম হয়।

*গৰুৰ গাখীৰ শিশুক খাবলৈ দিয়াৰ আগেয়ে এটা সৰু ইলাচিৰ গুটি গুড়ি কৰি গাখীৰত দি উতলাই সেই গাখীৰ কুহুমীয়া কৰি খাবলৈ দিলে সহজে হজম হয়।

*একাপ গাখীৰত আধা চামুচ চফ অৰ্থাৎ গুৱামুড়ি দি উতলাই সেই গাখীৰ শিশুক খুৱালে হজম হোৱাত সহায় কৰে।

*ৰাতি এচামুচ চফ গুড়ি কৰি পানীত দি পুৱা পানীখিনি চেকি গাখীৰৰ লগত মিহলাই শিশুক খুৱালে পেট নুফুলে।

*স্তনপান কৰোৱাৰ সময়ত মাতৃৰ মনত যদি ক্ৰোধ উৎপন্ন হয় তেন্তে সেই সময়ত কেতিয়াও শিশুক গাখীৰ খুৱাব নালাগে। ইয়াৰ ফলত শিশুৰ উপকাৰতকৈ অপকাৰ হোৱাৰ সম্ভাৱনা বেছি।

হোপিং কাহ:

*শিশুৱে প্ৰায় হোপিং কাহত কষ্ট পোৱা যায়। ভজা ফিটকিৰি এক ৰতি, চেনি এক ৰতি মিহলাই দিনত দুবাৰকৈ ৫-৬ দিন খালে হোপিং কাহ নিৰাময় হয়।

বিছনাত প্ৰস্ৰাৱ কৰা -

*৩-৬ বছৰৰ শিশুক একচামুচ মৌৰ লগত আধাকাপ পানী মিহলাই ৰাতি শুবৰ সময়ত এমাহমান খুৱালে বিছনাত প্ৰস্ৰাৱ কৰা ৰোগ ভাল হয়।

*এটা আখৰোট আৰু ৫ গ্ৰাম কিচমিচ পুৱা ২০ দিনমান খুৱালে শিশুৱে বিছনাত প্ৰস্ৰাৱ কৰা ৰোগ দূৰ হয়।

টোটলা ৰোগ -

*পুৱা খালী পেটত বাদামৰ লগত দুটা জালুক পিহি মিচিৰিৰ লগত মিহলাই চেলেকি শিশুক খাবলৈ দিব লাগে। এই প্ৰক্ৰিয়া শিশুটিয়ে যেতিয়ালৈ ভালদৰে কথা ক’ব নোৱাৰে, তেতিয়ালৈকে কৰিব লাগে।

*সতেজ আমলখি সদায় শিশুক খাবলৈ দিব লাগে। তেতিয়া শিশুৰ টোটলা ভাব নোহোৱা হয়, লগতে জিভা পাতল হোৱাৰ কাৰণে মাতো পৰিষ্কাৰ হয়।

*যিসকল শিশুৱে স্পষ্টকৈ কথা ক’ব নোৱাৰে, তেওঁলোকক এটা জালুক চোবাবলৈ দিব লাগে। দিনে কমেও দুবাৰ এইদৰে জালুক দীঘলীয়া সময়লৈ চোবালে কথা কোৱাৰ অসুবিধা নোহোৱা হয়।

লেখক: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top