অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ চকু পৰীক্ষা :

শিশুৰ চকু পৰীক্ষাৰ বিষয়ে লিখা হৈছে ।

 

আপুনি বাৰু আপোনাৰ শিশুটিৰ চকু পৰীক্ষা কৰি পাইছেনে? সাধাৰণতে বহু মানুহৰ এটা ধাৰণা থাকে যে চকুৰ পৰীক্ষা কেৱল বয়সস্থ মানুহৰ বাবেহে প্ৰয়োজন। এইটো ভুল ধাৰণা। সাত বছৰ মান বয়সত শিশু এটা সৰ্বশৰীৰৰ পৰীক্ষা কৰা প্ৰয়োজন। কিয়নো সেই সময়ত শিশুৰ নিজৰ স্বাস্থ্যৰ প্ৰতি এটা স্পষ্ট ধাৰণা হয়। সিহঁতে নিজৰ শৰীৰৰ অৱস্থাটো বুজাব পৰা ক্ষমতাটো আয়ত্ত কৰে। সেই সময়ত চকু, দাঁত পৰীক্ষা কৰা অতি জৰুৰী। বহু শিশুৱে শ্ৰেণীকোঠাত শিক্ষকে বুজায় ব’ৰ্ডত লিখা আখৰবোৰ ভালদৰে দেখা নাপায়।

সেইটো সিহঁতে সকলোৰে হৈছে বুলি ভাবে। এটা পৰীক্ষা কৰিলেহে শিশুৰ এই চকুৰ বিসংগতিটো ধৰা পৰে। আনহাতে, শিশুৱেও ৰাতি কম দেখিব পাৰে। শিশু অৱস্থাৰ এই বিসংগতিবোৰ সেই সময়তেই চিকিৎসা কৰিলে ঔষধৰ দ্বাৰা ভাল হৈ যোৱাৰ বহুখিনি আশা থাকে। চকুৰ কোষবিলাকে ৰাতিৰ পোহৰত বা ৰ’দত দেখাত সহায় কৰে। এই কোষবিলাকৰ ক্ষমতাৰ বাবেই ভিটামিন এৰ অতিকৈ প্ৰয়োজন।

সেয়েহে ভিটামিন এৰ অভাৱত এই ৰ’দৰ কোষবোৰৰ ক্ষমতা কমে বাবে ৰাতি কম দেখা পায়। যিটোক আমি কুকুৰীকণা বুলি কওঁ। চকুজুৰি সেমেকাই ৰখাৰ বাবে চকুপানী অহৰহভাৱে লেক্ৰিনেল গ্ৰন্থিৰ পৰা উৎপন্ন হয়। আৰু চকু মেলা-জপোৱা কৰাৰ বাবে চকুৰ সন্মুখভাগ এই চকু পানীয়ে পৰিষ্কাৰ কৰি থাকে। শৰীৰত থকা ভিটামিন এৰ বাবে চকুপানী বা লেক্ৰিমেন প্লুইডৰ গুণাগুণ আৰু পৰিমাণ নিয়মিত হৈ থাকে। ভিটামিন এৰ অভাৱত কেতিয়াবা এই চকুৰ পানীৰ পৰিমাণ কমি যায় আৰু চকুও শুকান হৈ খচখচনি আৰম্ভ হয়। এনে হৈ চকুৰ মণিত ঘাঁ লাগি শেষত দৃষ্টিশক্তিত ব্যাঘাত জন্মিবও পাৰে। এই সকলো অসুবিধা সৰুতেই শিশুৰ চকু পৰীক্ষা কৰি দূৰ কৰিব পাৰি।

উৎস: জি এনআৰচি স্বাস্থ্য

 

3.08333333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top