মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ চকুত কিবা সোমালে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ চকুত কিবা সোমালে :

শিশুৰ চকুৰ বিষয়ে লিখা হৈছে ।

 

শিশুৱে খেলি থাকোতে কেতিয়াবা চকুত কোনো বস্তু সোমাব পাৰে। চকুত কিবা সোমালে শিশুৱে হাতেৰে চকুটো বৰকৈ মোহাৰি থাকে। শিশুৰ চকুৰ বিষ, চকু ৰঙা পৰা, চকুৰ পৰা পানী ওলাই থকা আদিও চকুত কোনো বস্তু সোমোৱাৰে লক্ষণ। এনে অৱস্থাত পলম নকৰি শিশুক চকু বিশেষজ্ঞৰ ওচৰলৈ নিব লাগে। কিয়নো শিশুৰ চকুত যিকোনো বীজাণুৰ সংক্ৰমণ হ’ব পাৰে আৰু চকুৰ পতাৰ তলত কোনো বস্তু সোমালে চকুত ঘা লাগিব পাৰে।

শিশুৱে কান্দিলেও চকুত সোমোৱা বস্তু আপোনা আপুনি ওলাই যায়। কিন্তু অভিভাৱকে পৰীক্ষা কৰিব পাৰে যদিও চকুৰ পৰা কোনো কাৰণতে বস্তু উলিয়াবলৈ বেছি জোৰ দিব নালাগে। কেৱল চকু মোহাৰি নাথাকিবলৈ শিশুটিক বুজাব লাগে।

চকুৰ  বগা অংশত কোনো বস্তু সোমালে মুখখন ওপৰলৈ কৰি চকুলৈ মেলি ধৰি সামান্য পানী মাৰি দিলেও আপোনা আপুনি ওলাই আহে। পোক বা কোনো বস্তু সোমালে কঁপাহ বা কাপোৰৰ আগ জোঙা কৰি লাহেকৈ উলিয়াই আনিবলৈ চেষ্টা কৰিব লাগে। কপাহ বা কাপোৰ টুকুৰা ঠাণ্ডা পানীত তিয়াই ল’ব লাগে। চকুৰ বগা অংশৰ বাহিৰে মণি বা ৰঙীন অংশতো স্পৰ্শ কৰা উচিত নহয়। এই অংশটো অতি সংবেদনশীল বাবে ক্ষতি কৰিব পাৰে। এনে অৱস্থাত শিশুক চিকিৎসালয়লৈ নিব লাগে।

শিশুৱে খেলি থাকোতে কেতিয়াবা কোনো জুলীয়া বস্তু উফৰি আহি চকুত সোমাব পাৰে। এনে অৱস্থাত চকুটো পুৰিলে শিশুৱে ঘনাই মোহাৰি দিয়ে। তেনে কৰাত বাধা দি তাৎক্ষণিকভাৱে এটা বহল পাত্ৰত সৰহকৈ পৰিষ্কাৰ পানী লৈ তাত চকু দুটা জোৰকৈ মেলি ধৰিব লাগে। এনে কৰিলে চকুত সোমোৱা পদাৰ্থ চকুৰ পৰা ওলাই যায়। চকুৰ পৰা পদাৰ্থবিধ ওলাই গ’লেও চিকিৎসকৰ পৰামৰ্শ লোৱা প্ৰয়োজন। কিয়নো কিছুমান ৰাসায়নিক পদাৰ্থই চকুৰ অভাৱনীয় ক্ষতি কৰিব পাৰে। চিকিৎসকৰ কাষলৈ নিওঁতে চকুত সোমোৱা পদাৰ্থবিধৰ নমুনা নিবলৈ নাপাহৰিব। শিশু অৱস্থাত লগ হৈ খেলি থাকোতে মন কৰিব যাতে শিশুৰ হাতত কোনো জোঙা বস্তু নাথাকে।

উৎস: জি এনআৰচি স্বাস্থ্য

2.8275862069
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top