- শিশুৰ অন্যান্য অংগৰ লগতে বিশেষকৈ চকুৰ যত্ন লোৱাটো প্ৰয়োজনীয়। শিশুৰ দৃষ্টিশক্তি কমি যোৱা কথাটো কেনেদৰে বুজিব পাৰি-
- শিশুটিৰ সম্পৰ্কে বুজিবলৈ হ’লে আমি কেইটামান দিশৰ প্ৰতি লক্ষ্য কৰিব লাগিব। শিশুটিয়ে কিতাপৰ আখৰবোৰ নিৰ্ভুলকৈ পঢ়িব পাৰিছে নে নাই লক্ষ্য কৰক। তাৰ উপৰিও কেতিয়াবা ফুৰিবলৈ যাওঁতে ৰাস্তাৰ কাষত থকা বিজ্ঞাপন বা আন কোনো বিষয়ৰ ডাঙৰ পষ্টাৰ বা ছাইনবোৰ্ডৰ কথাবিলাক শিশুটিক পঢ়িবলৈ দিয়ক। যদি শিশুটিৱে আখৰবোৰ পঢ়াত কিবা অসুবিধা পায় তেন্তে বুজিব লাগিব যে শিশুটিৰ দৃষ্টিশক্তি কমিছে।
- শিশুটিৰ দৃষ্টিশক্তিৰ পৰীক্ষা আন এটা উপায়েৰেও ল’ব পাৰি। আপোনাৰ শিশুটিয়ে যিকোনো বস্তু যদি ওচৰৰ পৰা পৰ্যবেক্ষণ কৰে বা মাটিত পৰা গুলি সূতাৰ দৰে নিখুত বস্তুটোও বুজিবলৈ চেষ্টা কৰে তেন্তে আপুনি জানিব লাগিব যে শিশুটিৰ দৃষ্টিশক্তি কম হৈছে।
- স্কুলত শ্ৰেণী শিক্ষকে বৰ্ডত লিখি দিয়া প্ৰশ্নাৱলী যদি শিশুটিয়ে ভুলকৈ লিখি আনে তেন্তে শিশুটিৰ দৃষ্টিশক্তি কম হৈছে।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
ছমহিয়া শিশুৰ চকুৰ যতন