শিশুৰ নোমৰ গুৰিত ঘামগাৰ, গৰম ফোঁহা আদি উঠে। গৰম দিনত শিশুৰ শৰীৰত টেলকম পাউদাৰ দিয়াৰ ফলত ছালত থকা ঘৰ্মগ্ৰন্থীৰ মুখবোৰ বন্ধ হৈ পৰে। ইয়াৰ ফলত বেক্টেৰিয়াৰ সংক্ৰমণ হৈ ঘামগাৰ, গৰম ফোঁহা আদি হয়। এনে অৱস্থাত শিশুটিক পৰিষ্কাৰ কৰি ৰাখিব লাগে। টেলকম পাউদাৰ লগোৱা বন্ধ কৰি দিব লাগে। তাৰ ঠাইত ‘নিঅ’মাইচিন’ জাতীয় দ্ৰব্য থকা মলম বা পাউদাৰ লগালে শিশুটিয়ে আৰাম পাব। মুৰত হ’লে সাৱধানেৰে চুলি কাটি মলম লগাব লাগে।
ভাইৰাছৰ দ্বাৰা সংক্ৰমিত চিকেন পক্স শিশুৰ বাবে বৰ কষ্টকৰ ৰোগ। এই ৰোগ হ’লে শিশুৰ মূৰৰ বিষ, শৰীৰৰ বিষ, দুৰ্বল দুৰ্বল লগা জ্বৰ আদি হয়। ইয়াৰ লগে লগে মুখ, বুকু, পেটত ফোঁহা ওলায়, পাছত ফোঁহাবোৰ সমগ্ৰ শৰীৰতে বিয়পি পৰে। ফোঁহাবোৰ পাছলৈ শুকাই যায় যদিও ইয়াৰ ছেকেণ্ডাৰী ইনফেকচন হয়। এটা কথা মন কৰি থাকিব লাগে যাতে ফোঁহাবোৰ কোনো প্ৰকাৰেই ফুটি নাযায়। শিশুটিৰ শৰীৰত তেল লগাব নালাগে। শৰীৰটো গৰম পানীৰে স্পঞ্জ কৰি দিব লাগে। ভুলতো টাৱেল বা গামোছাৰে ঘঁহি মচিব নালাগে।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
শেহতীয়া উন্নীতকৰণ: : 3/12/2020