অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ জণ্ডিচ ৰোগ

শিশুৰ জণ্ডিচ ৰোগ

প্ৰায় সত্তৰ শতাংশ নৱজাত শিশুৰে প্ৰথম সপ্তাহত শৰীৰৰ বৰণ হালধীয়া হয় বা জণ্ডিচ ৰোগে দেখা দিয়ে। আমি যদি বাকী যিকোনো বয়সৰ লোকৰ লগত তুলনা কৰি চাওঁ আৰু যি হালধীয়া পদাৰ্থৰ কাৰণে শৰীৰৰ বৰণ হালধীয়া হয় তাৰ সাধাৰণ মান ডাঙৰ শিশু বা মানুহৰ হিচাপত লওঁ, তেন্তে এশ শতাংশ শিশুৰে জণ্ডিচ ৰোগ হয়। ৰোগ? প্ৰশ্ন হ’ল যি লক্ষণ এশ শতাংশ শিশুৰে হয় তাক ৰোগ বুলি কম জানো? ক’লেও কিমান অতিক্ৰম কৰিলে বা কেতিয়া তাক ৰোগ বুলি কম?

শিশুৰ শৰীৰৰ হালধীয়া বৰণ প্ৰথমে সাধাৰণতে মুখ আৰু চকুত তাৰ পিছত বুকু আৰু পেটত আৰু শেষত, মানে বহু বেছি জণ্ডিচ হ’লেহে মুখৰ পৰা ভৰিৰ পতালৈকে দেখা দিয়ে। জীৱনৰ বাকী সময়ছোৱাত ‘বিলিৰুবিন’ নামৰ পদাৰ্থৰ (যাৰ বাবে শৰীৰৰ বৰণ হালধীয়া হয়) মাত্ৰা ১ ৰ ওপৰত ওপৰত হ’লেই মানুহক জণ্ডিত ৰোগত ভোগা বুলি কোৱা হয় আৰু ইয়াৰ মাত্ৰা দুই-তিনি। প্ৰতি ডে:লি: তেজত হ’লে শৰীৰৰ বৰণ স্পষ্টৰূপে হালধীয়া বুলি ধৰিব পৰা যায়। আনহাতে, নৱজাত শিশুৰ বিলি ৰুবিনৰ মাত্ৰা ৫ ৰ পৰা ৭ ৰ ভিতৰত হ’লেহে মুখত প্ৰথম জণ্ডিচ হোৱা বুলি ধৰিব পাৰি। তাকো ভালদৰে হেঁচা মাৰি চালেহে। যদি এই মাত্ৰা ১০ ৰ পৰা ১৫ মান হয় (10-15mg/ds) তেতিয়া বুকু আৰু পেটো হালধীয়া পৰে আৰু (25mg/ds)ৰ বেছি হ’লে। মানুহৰ মুখৰ ছাল সাধাৰণতে বহু পাতল হয় আৰু হাতৰ তলুৱা আৰু ভৰিৰ ছাল অলপ ডাঠ হয়। এই কাৰণ আৰু লগতে থকা কিছু আনুসংগিক কাৰণৰ (মুখত তেজ চলাচল বেছি হয় ইত্যাদি) বাবে এনেকুৱা মাত্ৰা অনুসৰি জণ্ডিচৰ বিস্তাৰণ দেখা দিয়ে।

জণ্ডিচৰ বিষয়ে বিস্তৃতভাৱে কোৱাৰ আগতেই মই প্ৰথমতে এটা কথা জনাই থওঁ জীৱনৰ প্ৰথমকেইদিনত হোৱা জণ্ডিচ ৰোগ ডাঙৰ মানুহৰ বা জীৱনৰ বাকী বয়সত সাধাৰণতে দেখা জণ্ডিচ ৰোগৰ পৰা বহু পৃথক, দুয়োবিধ জণ্ডিচ হোৱাৰ কাৰণ সম্পূৰ্ণ বেলেগ। এই লক্ষণ ইমান বহুলভাৱে প্ৰচাৰিত আৰু এই লক্ষণৰ লগতে বহুতো কথা সমাজত ইমান বিস্তৃতভাৱে প্ৰচাৰিত হৈ আছে তাৰ বেছি ভাগৰে অলপো বৈজ্ঞানিক সত্যতা নাই। প্ৰথমতেই জানি থওক শিশুৰ এই লক্ষণৰ মাতৃৰ খাদ্যৰ লগত কোনো সম্পৰ্ক নাই। দ্বিতীয়তে এই ৰোগ এটা শিশুৰ পৰা বেলেগ শিশুলৈ বা বেলেগ মানুহলৈ সোঁচৰাৰ কোনো সম্ভাৱনা নাই। এই সকলো ভ্ৰান্ত ধাৰণা মানুহৰ মনৰ পৰা তেতিয়াহে দূৰ হ’ব যেতিয়া আমি এই লক্ষণৰ উৎপত্তিৰ কাৰণ জানিম আৰু তাৰ চিকিৎসাৰ বিজ্ঞানসন্মত আধাৰ বুজি পাম। আমি তেতিয়া গম পাম জণ্ডিচৰ কিমান মাত্ৰালৈকে ই এক সাধাৰণ লক্ষণ আৰু কেতিয়া ইয়াক এক ৰোগ বুলি কম? আৰু কেতিয়া ইয়াৰ বাবে শিশুৰ গঠনৰ বিস্তৰ ক্ষতি সাধন হ’ব পাৰে?

মানুহৰ জণ্ডিচ কিয় হয়?

এই সাধাৰণ প্ৰশ্নটোৰ উত্তৰ নজনা বাবেই বোধকৰো পাণ্ডুৰোগ বা জণ্ডিচ ৰোগৰ লগতে আমাৰ সমাজত জৰা ফুকাকে ধৰি বহু পুৰণা নীতি-নিয়ম পূৰ্বাপৰ চলি আছে। এইবোৰৰ কোনো বৈজ্ঞানিক বিশ্লেষণ নাই, এই প্ৰচলিত নিয়মবোৰ বহু ক্ষেত্ৰত মানুহৰ জীৱনৰ কাৰণ বিপদজনক হৈ উঠিব পাৰে।

জণ্ডিচ ৰোগত মানুহৰ শৰীৰ হালধীয়া হয় তেজত বিলিৰুবিন নামৰ এক পদাৰ্থৰ সাধাৰণ মাত্ৰাতকৈ (০.৩ ৰ পৰা ১ মিলিগ্ৰাম/ডে:লি:) পৰিমাণ বেছি হ’ল। বিলিৰুবিন নো কি আৰু ইয়াৰ ক’ৰ পৰা সৃষ্টি হয় আৰু সাধাৰণ অৱস্থাত বিলিৰুবিনৰ কি হয়?

মানুহৰ শৰীৰত থকা ৰঙা ৰক্ত কণিকাৰ যেতিয়া বয়স সমাপ্ত হয়, তেতিয়া সেইবোৰ শৰীৰৰ প্লীহা নামৰ অংগত বিভক্ত হৈ ধ্বংস হয়। ৰঙা ৰক্ত কণিকাৰ পৰা তেতিয়া হিম’গ্লবিন নামৰ পদাৰ্থ (যাৰ বাবে তেজৰ বৰণ ৰঙা হয়) পৃথক হয় আৰু ইয়াৰ পৰা হিম’ নামৰ এক পদাৰ্থ নিসৃত হয়। এই হিম’ৰ পৰাই বিলিৰুবিনৰ সৃষ্টি হয়। এই বিলিৰুবিনৰ প্ৰথমতে পানীৰ সৈতে মিশ্ৰিত নহয় আৰু ই ‘এলবুমিন’ নামৰ তেজত থকা প্ৰ’টিনৰ লগত মিহলি হৈ যকৃতলৈ যায়। যকৃতত এই পানীত মিহলি নোহোৱা বিলিৰুবিন পাচক ৰসৰ দ্বাৰা কিছুমান ৰাসায়নিক পদাৰ্থৰ লগ হৈ পানীত মিশ্ৰণ হোৱা বিলিৰুবিনলৈ সলনি হয়। এই বিলিৰুবিন পীতৰসৰ লগত মিহলি হৈ খাদ্য নলীলৈ যায়। খাদ্য নলীৰ পৰা কিছু পৰিমাণে বিলিৰুবিন পুনৰ হজ, হৈ তেজত মিহলি হৈ যায়। বেছি অংশ পুনৰ বিভক্ত হৈ আৰু কিছু পৰিমাণে শৌচৰ লগত ওলাই যায় সেইবাবে শৌচৰ ৰং মুগা, হালধীয়া বৰণৰ হয়। তেজত মিহলি হোৱা কিছু অংশ প্ৰস্ৰাৱৰ লগত ওলাই যায় আৰু প্ৰস্ৰাৱৰ ৰং পাতল হালধীয়া বৰণৰ হয়।

বিলিৰুবিনৰ এই Metabolic প্ৰক্ৰিয়াৰ কৰবাত কিবা বিজুতি ঘটিলেই মানুহৰ জণ্ডিচ ৰোগ হয়। যেনে যদি শৰীৰৰ ৰক্ত কণিকাৰ প্ৰয়োজনতকৈ বেছি দ্ৰুতগতিত ধ্বংস হৈ বেছিকৈ ‘বিলিৰুবিন’ উৎপাদন হয়, মানুহৰ যকৃতৰ বেমাৰ হৈ বিলিৰুবিনৰ সংযোজন প্ৰক্ৰিয়াত বিজুতি ঘটে বা পিত ৰোগ হৈ বা শৰীৰৰ সুক্ষ্ম খাদ্যনলীত বিজুতি ঘটি শৰীৰত সংযোজিত হোৱা বিলিৰুবিনৰ শৌচ বা প্ৰস্ৰাৱৰ লগত ওলাই যাব নোৱাৰে, তেন্তে মানুহৰ জণ্ডিচ ৰোগ হ’ব। সাধাৰণতে আপুনি সমাজত দেখা ডাঙৰ শিশু বা মানুহৰ জণ্ডিচ বেছি ভাগ ক্ষেত্ৰতে যকৃতৰ ৰোগৰ (সংক্ৰামক ৰোগ, যেনে, হেপাটাইটিছ এ, বি, ই ইত্যাদি) বাবে হয়। যদিও বহু হেজাৰ কাৰণৰ বাবে জণ্ডিচ হ’ব পাৰে এই সংক্ৰামক ৰোগৰ বাবে জণ্ডিচেই সাধাৰণতে দেখা যায় আৰু এইবোৰৰ বাবে আজিকালি প্ৰতিষেধক টীকাও থাকে। কিন্তু নৱজাত শিশুৰ জণ্ডিচ এইবোৰৰ পৰা বহু পৃথক আৰু বহু কাৰকৰ সংমিশ্ৰণত হয়।

শিশুৰ জণ্ডিচ কিয় হয়?

প্ৰাপ্তবয়স্ক মানুহৰ ৰঙা ৰক্ত কণিকাৰ আয়ুস ১২০ দিন, তাৰ বিপৰীতে নৱজাতক শিশুৰ ৰঙা ৰক্ত কণিকাৰ আয়ুস মাত্ৰ ৯০ দিন। ৰঙা ৰক্ত কণিকাৰ আয়ূস কম মানে তাৰ ধ্বংস বেছি খৰকৈ হয়। ফলস্বৰূপে নৱজাতকৰ শৰীৰত বিলিৰুবিনৰ উৎপাদন ডাঙৰ মানুহৰ তুলনাত বেছিকৈ হয়। এই ৰক্ত কণিকাৰ ধ্বংস আৰু বেছিকৈ হয়- যদি মাকৰ তেজৰ গ্ৰুপ আৰু এইচ নিগেটিভ আৰু শিশুৰ আৰ এইচ পজিটিভ হয়, (সাধাৰণতে প্ৰথম শিশুৰ পজিটিভ হৈ, আকৌ পুনৰ দ্বিতীয় শিশুৰ পজিটিভ হ’লেও এই কথা প্ৰযোজ্য), মাকৰ তেজৰ গ্ৰুপ ‘O’ আৰু শিশুৰ ‘A’ বা ‘B’ হয়, শিশুৰ G6PD নামৰ এবিধ উৎসেচক কম থাকে (উত্তৰ-পূৰ্বাঞ্চলত এই সমস্যা সঘনে দেখা যায়) ইত্যাদি।

শিশুৰ যকৃৎ অপৰিপক্ক হৈ থাকে বাবে যকৃতত বিলিৰুবিনৰ সংযোজনৰ কাম সুকলমে নহয়। যকৃতৰপৰা সুক্ষ্ম খাদ্যনলীলৈ বিলিৰুবিন ওলাই যোৱাৰ পিছতো শিশুৰ খাদ্যনলী সাধাৰণতে বীজাণুমুক্ত থকা বাবে, তাৰ পুনৰ অসংযোজন হৈ বিলিৰুবিন তেজত প্ৰৱেশ কৰে। তদুপৰি প্ৰথম কেইদিনমান শিশুৱে যথেষ্ট পৰিমাণে গাখীৰ নোখোৱা বাবে খাদ্যনলীৰ গতিবেগ কম থাকে। শৌচো কম হয়, প্ৰস্ৰাৱো কমকৈ হয়, সেয়েহে বিলিৰুবিন শৌচ বা প্ৰস্ৰাৱৰ লগত বাহিৰলৈ ওলাই যাব নোৱাৰে।

শিশুৰ জণ্ডিচ কেতিয়া বিপদজনক হ’ব পাৰে?

প্ৰায় সকলো শিশুৰে জণ্ডিচ হয় যদিও এক নিৰ্দিষ্ট মাত্ৰাতকৈ বিলিৰুবিনৰ মাত্ৰা বেছি হ’লে অসংযোজিত বিলিৰুবিন তেজ চলাচল কৰা আৰু মানুহৰ মগজুৰ মাজত যি সীমা থাকে, তাক পাৰ হৈ যাব পাৰে। এই সীমা পাৰ হৈ গ’লে শিশুৰ বৰ্দ্ধিত মগজুত ই খুব বিৰূপ প্ৰতিক্ৰিয়া কৰিব পাৰে, যেনে মগজুৰ বিকাশ ভালদৰে নহ’ব পাৰে। ফলত শিশুৰ ভৱিষ্যত মানসিক আৰু শাৰীৰিক বৃদ্ধি মনঃপুতভাৱে নহয় আৰু শিশুৰ ভৱিষ্যত শ্ৰৱণ শক্তি তেনেই কম হ’ব পাৰে।

শিশুৰ মগজুৰ ওপৰত জণ্ডিচৰ বিৰূপ প্ৰভাৱক কাৰ্নিকোটেৰাছ নামে জনা যায়।

কিন্তু ই একো চিন্তাৰ কাৰণ নহয়, যদি আপুনি চিকিৎসকৰ পৰামৰ্শ মতে জণ্ডিচৰ প্ৰয়োজন অনুসাৰে চিকিৎসা কৰে। ইয়াৰ চিকিৎসা পদ্ধতি অতি সহজ আৰু সুবিধাজনক।

বিলিৰুবিনৰ মাত্ৰা কিমান হ’লে ই মগজুৰ ক্ষতিসাধন কৰিব পাৰে। সেয়া নিৰ্ভৰ কৰে বহু আনুসংগিক পৰিস্থিতিৰ ওপৰত, যেনে- শিশুটিৰ জন্মৰ সময়ত ওজন, শিশুটি মাতৃগৰ্ভৰপৰা পৰিপক্ক নে অপৰিপক্ক অৱস্থাত জন্ম লৈছে, শিশুটিৰ জন্মৰ পিছৰ আয়ুস, শিশুটিৰ কিবা সংক্ৰামক ৰোগ আছে নেকি, শিশুৰ মাতৃয়ে কিবা বিশেষ ঔষধ সেৱন কৰে নেকি, শিশুটি স্বাস্থ্যবান নে আন কিবা অসুখ আছে, শিশুটিক কিবা বিশেষ ঔষধ দিয়া হৈছে নেকি ইত্যাদি কাৰকৰ ওপৰত।

এই সকলো কাৰক মনত ৰাখি চিকিৎসকে সাধাৰণতে আপোনাৰ শিশুটিৰ জণ্ডিচৰ বাবে চিকিৎসাৰ প্ৰয়োজন আছে নে নাই আৰু কেতিয়া বা কিমান সময়লৈ জৰুৰী, সেয়া নিৰ্দ্ধাৰণ কৰে। চিকিৎকৰ যাতে খাম-খেয়ালি হ’ব নোৱাৰে তাৰ বাবে শিশুৰোগ বিশেষজ্ঞৰ আন্তঃৰাষ্ট্ৰীয় দলে এই সকলো ক্ৰিয়া আৰু শিশুৰ বয়স অনুসাৰে কিছুমান গ্ৰাফিক চাৰ্ট প্ৰস্তুত কৰিছে আৰু সেই চাৰ্টৰপৰা শিশুৰ কেতিয়া চিকিৎসাৰ প্ৰয়োজন হ’ব সেয়া সহজে নিৰ্দ্ধাৰণ কৰিব পাৰি।

শিশুৰ জণ্ডিচৰ চিকিৎসা

এই ৰোগৰ চিকিৎসা অতি সহজ, বিপদমুক্ত আৰু ফলদায়ক, কিন্তু দুৰ্ভাগ্যক্ৰমে বহু মানুহে জণ্ডিচ ৰোগৰ কাৰণ ভালদৰে বুজি নোপোৱা বাবে আৰু ডাঙৰ মানুহৰ জণ্ডিচ আৰু শিশুৰ জণ্ডিচ সকলো একে বুলি ধৰি লৈ সহজ চিকিৎসাৰ (সাধাৰণতে এই চিকিৎসাৰ বাবে ২৪ৰ পৰা ৪৮ ঘণ্টাতকৈ বেছি সময়ৰ নহয়) আশ্ৰয় নলৈ জৰা ফুকা, মালা দিয়া, মাকক একো খাবলৈ নিদিয়া ইত্যাদি বৈজ্ঞানিক ভিত্তি নথকা পুৰণা ৰীতি মানি চলে আৰু শিশুক বিপদত পেলায়। আমি এতিয়াও বহু ‘কাৰ্নিকোটেৰাছ’ত ভোগা শিশু দেখিবলৈ পাওঁ আমাৰ এই অৰ্থহীন নীতি নিয়মৰ বাবেই। তিনি-চাৰি দিন জৰা-ফুকা কৰাৰ পিছত যেতিয়া শিশুটিৰ অৱস্থা বেয়া হয়, তেতিয়া চিকিৎসালয়লৈ আনিলেও কোনোৱে সহায় কৰিব নোৱাৰে। কাৰণ বৰ্দ্ধিত মগজুৰ ওপৰত বিলিৰুবিনৰ বিৰূপ প্ৰভাৱ পৰিলে তাক আৰু কেতিয়াও ঠিক কৰিব পৰা নাযায়। এটা কথা মনত ৰাখিব লাগে যে জণ্ডিচ ৰোগ (ডাঙৰৰে হওক বা শিশুৰে হওক) প্ৰায় ক্ষেত্ৰতে ক্ষণস্থায়ী।

আপুনি যি পদ্ধতিত আশ্ৰয় ল’লেও (সাধাৰণতে শিশুৰ ক্ষেত্ৰত ৭-১০ দিন) জণ্ডিচ ৰোগ নোহোৱা হ’ব। কিন্তু আপুনি বৈজ্ঞানিক পদ্ধতিৰ আশ্ৰয় নল’লে বৰ্দ্ধিত মগজুত বিলিৰুবিন যি বিৰূপ প্ৰভাৱ যেনে- কাণেৰে নুশুনা, মগজুত কম বৃদ্ধি, বেছি চঞ্চল কিশোৰ- এইবোৰ বহু পিছতহে ধৰা পৰে, যেতিয়া আপুনি আপোনাৰ সন্তানৰ যে শিশু অৱস্থাত জণ্ডিচ হৈছিল তাকো পাহৰি থাকে। তেতিয়ালৈকে হয়তো আপুনি আপোনাৰ ওচৰ-চুবুৰীয়া কিমানক পৰামৰ্শ দিলে ‘এ ডাক্তৰে এনেই কয়, আমাৰ বাবাৰো জণ্ডিচ হৈছিল, আমি তাক জৰাই মালা পিন্ধাই দিলো, দুদিনতে ঠিক হৈ গ’ল।

চিকিৎসাৰ পদ্ধতি

পোহৰৰ প্ৰয়োগ

এই পদ্ধতিত এক বিশেষ উৎসৰ পৰা, বিশেষ শক্তিৰ পোহৰ (425-475 nm light) শিশুৰ শৰীৰত পৰিব দিলে, এই পোহৰে বিলিৰুবিনক কিছুমান সংযোজিত ৰূপলৈ পৰিৱৰ্তন কৰে। (যকৃতৰ সহায় নোহোৱাকৈ)। এই বিলিৰুবিনৰ সংযোজিত ৰূপ শৌচ, পিত্ত ৰস আৰু কম পৰিমাণে প্ৰস্ৰাৱৰ লগত ওলাই যায়।

তেজ সলনি

সাধাৰণতে আজিকালিৰ উন্নত ‘ফটোথেৰাপী’ মেচিনৰ জৰিয়তে প্ৰায় সকলো শিশুৰে জণ্ডিচ কম সময়ৰ ভিতৰতে বিপদমুক্ত পৰিমাণলৈ কমি যায়। তথাপি খুব কম শিশুৰ যদি ‘ফটোথেৰাপী’ দিয়াৰ পিছতো জণ্ডিচ বিপদমুক্ত পৰিমাণৰ নহয় বা শিশুক চিকিৎসাৰ বাবে বহু পলমকৈ আনে বা কম সংখ্যক ক্ষেত্ৰত শিশুৰ বিলিৰুবিনৰ পৰিমাণ কোনো কাৰণত বহু দ্ৰুত গতিত বাঢ়ি যায়, তেতিয়া চিকিৎসকে এই পদ্ধতি অৱলম্বন কৰে। ইয়াত শিশুৰ আৰু শিশুৰ মাতৃৰ তেজৰ লগত মিলা তৃতীয় ব্যক্তিৰ তেজেৰে শিশুৰ তেজখিনি সলনি কৰি দিয়া হয়। সাধাৰণতে শিশুৰ নাড়ীৰ লগত থকা ধমনীৰে শিশুৰ তেজখিনি উলিয়াই আনি, নাড়ীৰ লগত থকা সিৰাৰে তেজ শিশুৰ শৰীৰত দিয়া হয়। চিন্তা নকৰিব, আপোনাৰ শিশুটিৰ গাত ভৱিষ্যতলৈ নিজৰ তেজেই থাকিব, কাৰণ এই তৃতীয় ব্যক্তিৰ তেজৰ আয়ুস ক্ষণস্থায়ী আৰু আপোনাৰ শিশুৰ নিজৰ তেজ পুনৰ গঠন হৈয়ে থাকিব।

লিখকঃ ডাঃ দেৱজিৎ শৰ্মা , দৈনিক অসম

3.0
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
সঞ্জীৱ বৰগোহাঁই Feb 27, 2015 12:27 PM

ডাঃ দেৱজিৎ শৰ্মাদেৱে লিখা লিখনিটো পঢ়ি ৰাইজ উপকৃত হʼবলৈ পাৰিব, বিশেষকৈ মাতৃসকল।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top