অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ টোপনিৰ চিন্তা

 

শিশুক কেনেকৈ শুৱাই থ’ব

 

শিশু এটিয়ে এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তিতকৈ বেছি শুব লাগে।সেইবুলি নিজৰ ইচ্ছামতেই শুব দিব নালাগে।যিসকল শিশু স্কুললৈ যায়,সেইসকলক এটি নিৰ্দিষ্ট সময় ধৰি দিব লাগে।ঘৰলৈ আলহী অহা,পলমকৈ ভাত খোৱা আদিৰ অজুহাত দেখুৱাই কেতিয়াও শিশুটিক পলমকৈ শুৱাব নিব নালাগে।বহুতো পৰিয়ালত দেখা যায় দেউতাক নিশা বহু পলমকৈ আহি ঘৰ সোমায়।কিন্তু শিশুটিয়ে নিশা দেউতাকৰ লগত একেলগে বহি ভাত খাব বিচাৰে,এনে ক্ষেত্ৰত মাকে ভাত বনাই শিশুটিক বোকোচাত লৈ বা সাধুকথা শুনাই বহি থাকে।এনে কৰিলে শিশুটিৰ টোপনিত ব্যাঘ্যাত জন্মে।কিছুসংখ্যক ব্যক্তি আছে নিশা বহু দেৰিকৈ আহি সন্তানৰ আগত মাক-দেউতাকে তৰ্ক-বিতৰ্ক কৰে।এনেবোৰ কথাই প্ৰকৃততে ফুলকুমলীয়া অন্তৰৰ শিশুটিক মানসিক চাপত পেলোৱা হয় আৰু টোপনিত ব্যাঘাত জন্মে,লগতে মাক-দেউতাকৰ প্ৰতি শিশুটিৰ আস্থা কমি যায়।কোনো শিশুৱে কেতিয়াবা দেৰিকৈ শুবৰ ইচ্ছা কৰিলে নতুবা শিশুটিয়ে কৰি থকা কামটো শেষ কৰিহে বিছনালৈ যাব খুজিলে কেতিয়াও খং নকৰি তাক সোনকালে কামটো শেষ কৰিবলৈ পৰামৰ্শ দিব লাগে।বহুতো ক্ষেত্ৰত দেখা যায় মাক-দেউতাক মাজৰ কোনোবাই শিশুটিক খুব মৰম কৰে আৰু আনজনে খ্ং কৰে,এনে অৱস্থাত শিশুটিৰ মন সুস্থিৰ নাথাকে আৰু কাৰো কথা নুশুনি নিজৰ মতে চলিব ধৰে যিটো ডাঙৰলৈ তাৰ প্ৰভাৱ পৰিব পাৰে।কিন্তু যেতিয়া দিন নিশা বুজি পাব তেতিয়া টোপনিৰ ধৰণটো লাহে লাহে সলনি কৰিবলৈ চেষ্টা কৰাব লাগিব।কেঁচুৱাকে হওক নতুবা শিশুকে হওক শোৱাৰ সময়ত সদায় কাপোৰ পিন্ধাই শুৱাব লাগে।কাপোৰযোৰ বেছি টান হ’ব নালাগে।বহুতো শিশু বা কেঁচুৱাৰ বিভিন্ন ৰোগত বাবেও টোপনি যোৱাত ব্যাঘাত জন্মে।কেঁচুৱা বা শিশুৰ অসুখ হ’লে সি ক’ব নাজানে তেওঁৰ কি অসুখ হৈছে।যিকোনো অসুখ হ’লেই এটাই লক্ষণ-কেঁচুৱাটোৱে কান্দিব।এনে অৱস্থাত প্ৰকৃত ৰোগৰ সন্ধানত চিকিৎসকৰ পৰামৰ্শ লোৱাটো উচিত।

শিশুক কেনেকুৱা ঠাইত শুৱাই থোৱা উচিত

 

শিশুক সদায় বিছনাত শোৱাৰ ব্যৱস্থা কৰিব লাগে।গৰ্ভস্থ সন্তানটো সদায় লৰচৰ কৰি থাকে বাবে জন্মৰ পিচত বিছনাত থৈ দিলে সি কান্দিব ধৰে।কাৰণ জন্মৰ পিচতো সি লৰচৰ কৰি থাকিব বিচাৰে।জন্মৰ পিচত শিশুৰ কান্দোনে অভিভাৱকসকলক বৰ সমস্যাত পেলায়।কিছুমান শিশুৱে আকৌ নানা ৰোগৰ বাবেও কান্দিব পাৰে।বহুতো অভিভাৱকে শিশুক ঝুলনাত শুৱাই বা বহুৱাই থোৱাৰ ব্যৱস্থা কৰে।এনেবোৰ কাৰ্যই কেঁচুৱাটোক বিছনাত শুৱাই থোৱাত অসুবিধাৰ সৃষ্টি হয়।গতিকে জন্মৰ পিচত বিছনাত শোৱাৰ ব্যৱস্থা কৰিব লাগে।কেইদিনমান কন্দা-কটা কৰিলেও পিচলৈ সকলোখিনি ঠিক হৈ যায়।

শিশুৱে কিমান সময় শুব লাগে

 

শিশুৰ শোৱাৰ কোনো নিৰ্দিষ্ট সময় নাথাকে।যদি সন্তান অৰ্থাৎ শিশুটোৱে খোৱা-বোৱা ঠিকে কৰে আৰু কোনো অসুখ নাথাকে,তেতিয়া এমাহৰ তলৰ শিশু এটিয়ে কমেও ওঠৰ ঘণ্টা শুব লাগে।বহু শিশু আছে মাত্ৰ গাখীৰ খোৱা সময়খিনিহে জাগি থাকে বা গাখীৰ খুৱাবলৈ জগাই দিহে গাখীৰ খুৱাব লাগে,এনেধৰণৰ শিশুৰ ক্ষেত্ৰত মাতৃগৰাকী সজাগ থাকিব লাগে।যাতে গাখীৰ খোৱাৰ সময়টো পাৰ হৈ নাযায়।নহ’লে শিশুটো দুৰ্বল হৈ পৰিব পাৰে।এটি এবছৰীয়া শিশুৱে কমেও তেৰৰ পৰা পোন্ধৰ ঘণ্টাৰ ভিতৰত শুব লাগে।তেনেদৰে এটি দুই বছৰীয়া শিশুৱে দিনৰ ভাগত কম শুৱে।দুই বছৰৰ ওপৰৰ শিশুৱে খেলিবলৈ লোৱাৰ ফলত যেতিয়া ভাগৰ লাগে,তেতিয়াই শুব ধৰে।কিছুমান শিশুৱে আকৌ যিমান খেলিলেও টোপনি নাহে।শিশুটিয়ে নিৰ্দিষ্ট সময়ত আপোনা আপুনি শুই যায়।চিকিৎসা বিজ্ঞানীসকলৰ গৱেষণাত এটি কথা স্পষ্ট হৈ পৰিছে যে যিবোৰ শিশুৰ সাধাৰণতে টোপনি কম হয়,সেইবোৰ শিশু অত্যন্ত বুদ্ধিমত্ত হয়।ৰোগাক্ৰান্ত শিশুৱে টোপনি কম হ’লে সেইটো বুদ্ধিমত্তাৰ পৰিচয় নহ’বও পাৰে।

শিশুৰ টোপনিত ব্যাঘাত জন্মে কিয়

 

শিশুৰ টোপনি নহাটো এটা স্বাভাৱিক ঘটনা হৈ পৰিছে।শিশুটিয়ে প্ৰয়োজনীয় মাকৰ আহাৰ নাপালেও কান্দিব ধৰে আৰু টোপনিত ব্যাঘ্যাত জন্মে।বহুতো মাতৃ আছে যিসকলে শিশুটিৰ কাৰণে প্ৰয়োজনতকৈ বহুত বেছি পৰিমাণে আহাৰ বনাই শিশুটিক খুৱাই দিয়ে।যাৰ ফলত হজম শক্তি কমি যায় আৰু পেট বিষাব ধৰে।তেনে অৱস্থাত শিশুটোৱে কান্দিব ধৰে আৰু টোপনি নহয়।গতিকে মাতৃগৰাকীয়ে শিশুটিক আহাৰ খুওৱাৰ ক্ষেত্ৰত যথেষ্ট সতৰ্ক হোৱা উচিত।শিশু শোৱা কোঠাটোৰ খিৰিকী খুলি ৰাখিব পাৰিলে ভাল।কোঠাটো আহল-বহল হোৱাৰ উপৰি বিছনাখন আৰামদায়ক হ’ব লাগে।বহুতো শিশু আছে নিশা সাৰ পালেই কান্দিব ধৰে,এনে পৰিপ্ৰেক্ষিতত মাতৃগৰাকীয়ে শিশুটিক বিছনাৰ পৰা উঠাই নানি বিছনাখনতে জোৰকৈ শোৱাই থোৱাৰ ব্যৱস্থা কৰিব লাগে।এনে কৰিলে কেইদিনমানৰ ভিতৰতে এই অভ্যাস দুৰ হৈ যাব।শিশুক শুবলৈ পঠোৱাৰ আগতে কিছু ভাল কথা ক’ব লাগে।দেও-ভুতৰ কথা ক’ব নালাগে।এনে কৰিলে টোপনি যোৱাত সহায়ক হয় আৰু টোপনি গভীৰ হয়।শিশুক শোৱাৰ আগতে কেতিয়াও চাহ-কফি আদি খাব দিব নালাগে।এনে খাদ্যই টোপনি যোৱাত বাধাৰ সৃষ্টি কৰে।শিশুক টোপনি নিয়াৰ ক্ষেত্ৰত কেতিয়াও কঠোৰ বাক্য ব্যৱহাৰ কৰিব নালাগে।সদায় মৰমসনা মাতেৰে বিছনালৈ নিব লাগে।শিশুৰ শৌচ-প্ৰস্ৰাৱৰ ওপৰত লক্ষ্য ৰাখিব লাগে।নিয়মিত পায়খানা নহ’লেও টোপনি যোৱাৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি হ’ব পাৰে।শোৱাৰ আগতে শিশুটিয়ে যদি মাক-দেউতাক অথবা পৰিয়ালৰ অন্যান্য সদস্যসকলৰ মাজত তৰ্ক-বিতৰ্ক বা হাই কাজিয়া লগা দেখে,তেতিয়াও শিশুৰ টোপনিত বাধাৰ সৃষ্টি হ’ব পাৰে।শোৱাৰ সময়ত শিশুৰ মন সদায় সুস্থ থাকিব লাগে আৰু শোৱনি কোঠালৈ অকলে পঠাব নালাগে।শিশুক নিয়মমতে আহাৰ খুৱাই শুৱাবলৈ নিব লাগে।শোৱনি কোঠাত এটি কম পোহৰৰ বালব লগাব লাগে।শিশুক টোপনি যোৱাৰ আগতে অৰ্থাৎ খোৱাৰ পিচত ভালদৰে ভৰি-হাত কুহুমীয়া পানীৰে ধুই দিব লাগে।খোৱাৰ আগতেও ধুব পাৰি।বহুতো শিশুৱে বিছনাত প্ৰস্ৰাৱ কৰে।যাৰ ফলত টোপনিৰ খেলিমেলি হৈ পৰে।এনে অৱস্থাত অতি সোনকালে কাপোৰ সলাই দি পুনৰ শোৱাৰ ব্যৱস্থা কৰিব লাগে।বহুতো শিশুৱে আকৌ টোপনিৰ সময়ত ঘৰৰ ভিতৰ বা বাহিৰত হোৱা নানা শব্দ বিশেষকৈ কোঠাটোৰ ভিতৰত শুই থকা অইনৰ নাকৰ শব্দই টোপনি হৰণ কৰাত সহায় কৰে।বহুতো শিশুৰ টোপনি নহাৰ আন এটা কাৰণ হ’ল ৰক্তহীনতা।কিছুমান শিশু আছে নিশা শুই থকা অৱস্থাত হঠাৎ কান্দি উঠে।এনে শিশুৱে দুই-এবাৰ কন্দাৰ পিচত পুনৰ নিজে শুই যাব।বহুতো শিশু আছে যিসকলৰ দাঁতৰ বিষ হয়।এইসকল শিশুৱে টোপনি মাৰিব নোৱাৰে।এনে বিভিন্ন সমস্যাৰ ক্ষেত্ৰত শিশু চিকিৎসকৰ পৰামৰ্শৰ প্ৰয়োজন।

লেখক:ডা: প্ৰাণকান্ত ভট্টাচাৰ্য (দেওবৰীয়া সম্ভাৰ)

2.975
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top