অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ ডিপ্ৰেছন :

শিশুৰ ডিপ্ৰেছনৰ বিষয়ে লিখা হৈছে ।

 

সমগ্ৰ পৃথিৱীতে বৰ্তমান এনেকুৱা এজন শিক্ষিত মানুহ বোধকৰো নোলাব, যি ডিপ্ৰেছন- এই শব্দটো এবাৰৰ বাবে হ’লেও শুনা নাই । একেদৰে প্ৰাপ্তবয়স্ক ব্যক্তি এজনৰ ডিপ্ৰেছন  হোৱাৰ কথাও নিশ্চয় আমি প্ৰত্যেকেই শুনিছো । কিন্তু ধাৰণা হয়, শিশু এটিয়েও যে ডিপ্ৰেছনৰ সমস্যাত ভুগিব পাৰে সেই বিষয়ে আমি খুউব এটা সজাগ নহয় । মই এনেধৰণৰ ধাৰণা এই কাৰণেই কৰিছো যে মই লগ পোৱা ডিপ্ৰেছনত ভোগা কে’বাটাও শিশুৰ অভিভাৱকক যেতিয়া তেওঁলোকৰ সন্তান ডিপ্ৰেছনত ভুগিছে বুলি জানিবলৈ দিছিলো তেতিয়া তেওঁলোকৰ প্ৰায় প্ৰত্যেকেই আশ্চৰ্য প্ৰকাশ কৰিছিল এইবুলি যে শিশুৰো কি ডিপ্ৰেছন হ’ব পাৰে ? বৰ্তমান সময়ত প্ৰাপ্তবয়স্ক ব্যক্তিৰ ডিপ্ৰেছনত ভোগাৰ সংখ্যা যেনেকৈ বাঢ়ি গৈছে, ঠিক এনেদৰে অতি চিন্তনীয়ভাৱে ডিপ্ৰেছনত ভোগা শিশুৰ সংখ্যাও ক্ৰমান্বয়ে বাঢ়িহে গৈছে । গতিকে ডিপ্ৰেছন ৰোধ কৰা বা ডিপ্ৰেছনৰ পৰা শিশু এটিক মুক্ত কৰি তুলিবৰ বাবে আমি প্ৰত্যেকেই শিশুৰ ডিপ্ৰেছনৰ বিষয়ে সজাগ আৰু সচেতন হোৱাৰ উপৰি ইয়াৰ নিৰাময়ৰ বিভিন্ন উপায়বোৰৰ বিষয়েও জনাটো খুব দৰকাৰী ।

প্ৰাপ্তবয়স্ক ব্যক্তি এজনতকৈ শিশু এটিৰ ডিপ্ৰেছন  হৈছে বুলি ডায়েগ্ন’ছিছ কৰা বহুগুনে বেছি জটিল । কাৰণ প্ৰাপ্তবয়স্ক ব্যক্তি এজনে ডিপ্ৰেছনত ভুগিলে দেখুওৱা লক্ষণবোৰতকৈ শিশুৱে ডিপ্ৰেছনত ভোগাৰ লক্ষনবোৰ অলপ বেলেগ ধৰণেৰে প্ৰকাশ কৰে । শিশুৱে ডিপ্ৰেছনত ভুগিলে সিহঁতৰ পূৰ্বৰ যি ধৰণৰ আচৰণ সেই আচৰণত সাংঘাতিক ধৰণে পৰিৱৰ্তন আহে । সিহঁতৰ মুডৰ পৰিৱৰ্তন হয় । সিহঁত হয় বিমৰ্ষ হৈ পৰে, নহ’লে সিহঁতে সঘনে বিৰক্তি প্ৰকাশ কৰে । সাধাৰণতে শিশু এটাই কেতিয়াও মনটো বেয়া লাগি থাকে বুলি কাকো নকয়, কিন্তু সিহঁতে সিহঁতৰ মন যে বেয়া লাগি থাকে সেইটো প্ৰকাশ কৰে বিৰক্তি, খং আদিৰে । সিহঁতে খং প্ৰকাশ কৰি কেতিয়াবা হয়তো বস্তু দলিয়াব পাৰে বা কাৰো লগত মাতবোৰ নকৰি নিজৰ মতে থাকে । বহুতো শিশুৱে পিতৃ-মাতৃ বা অভিভাৱকৰ পৰা বিভিন্ন ক্ষেত্ৰত কিছুমান দাবী কৰিও সিহঁতৰ মনৰ বিমৰ্ষতাক খং হিচাপে বহি:প্ৰকাশ কৰে । ডিপ্ৰেছনত ভুগিলে শিশু এটিৰ লাহে লাহে বিভিন্ন দিশত আগ্ৰহ কমিবলৈ ধৰে । সিহঁতে মনত আগতে যি আনন্দ পাইছিল ক্ৰমান্বয়ে সেই আনন্দ অনুভৱ নকৰা হয় । সিহঁতৰ শৰীৰৰ ওজনো কমিবলৈ ধৰে বা সিহঁতৰ বয়স অনুযায়ী হ’বলগীয়া শৰীৰৰ যি ওজন সেই ওজন ধৰি ৰখাত সিহঁত অসফল হৈ পৰে । এনেধৰনৰ শিশুৱে টোপনিৰ ক্ষেত্ৰতো বিভিন্ন সমস্যা পায় । সিহঁতৰ হয় টোপনি কমি যায়, নহ’লে প্ৰয়োজনতকৈ বহুত বেছি টোপনি হ’বলৈ ধৰে । শিশুৰ শৰীৰ আৰু মনৰ যি প্ৰকাশ, যেনে-অংগ সঞ্চালন, কথা-বাৰ্তা, চাল-চলন আদি সকলোতে জড়তা আহে । অৱশ্যে কিছুমান শিশুৰ ক্ষেত্ৰত এইবোৰ দিশত প্ৰয়োজনতকৈ বেছি উত্তেজনা প্ৰকাশ কৰা দেখা যায় । ডিপ্ৰেছনত ভোগা শিশুৱে খুব ভাগৰ অনুভৱ কৰে । কোনো কথাতে উৎসাহ অনুভৱ নকৰা হ’বলৈ ধৰে । সিহঁতে মাথোঁ অসাৰহে অনুভৱ কৰিবলৈ ধৰে । তদুপৰি সিহঁতে একধৰনৰ অপৰাধবোৰত ভুগিবলৈ ধৰে, যিটো একেবাৰে সঠিক নহয় । লাহে লাহে এনেকুৱা হয় যে সিহঁতৰ ভবা-চিন্তা কৰাৰ যি সামৰ্থ্য আছিল সেয়া যেন কমিবলৈ ধৰে । দেখা যায় যে ডিপ্ৰেছনত ভোগা বেছিভাগ শিশুৰে মনলৈ আত্মহত্যাৰ ভাব বাৰে বাৰে আহিবলৈ ধৰে । সিহঁত হৈ পৰে অমনোযোগী ।

যেতিয়া শিশু এটাই ওপৰত উল্লেখ কৰা লক্ষণবোৰত ভুগিবলৈ ধৰে, একে সময়তে সিহঁতৰ জীৱনৰ আন কিছুমান গুৰুত্বপূৰ্ণ দিশ, যেনে- বিদ্যায়তনিক, সামাজিক আদি দিশতো জটিলতা অহা দেখা যায় । এনেধৰণৰ শিশুৰ বিদ্যায়তনিক পাৰদৰ্শিতাৰ প্ৰদৰ্শন নিম্নমানৰ হয় । বন্ধুবৰ্গৰ লগত সম্পৰ্কত অৱনতি ঘটে । বন্ধুবৰ্গৰ লগত খেলা-ধূলা কৰা বা আন কিছুমান কাৰ্যৰ প্ৰতি সিহঁতে আগ্ৰহ অনুভৱ নকৰা হয় । অকলশৰে থাকিবলৈ ভালপোৱা হয় । চৰম নিৰাশাত সিহঁতে ভুগিবলৈ ধৰে । ক্ৰমান্বয়ে কিন্তু এনেধৰণৰ শিশুৱে বিচ্যুত হৈ ৰাগিয়াল বস্তু সেৱন কৰাৰ দৰে কিছুমান নকৰিবলগীয়া কামো কৰিবলৈ ল’ব পাৰে ।

আমি সকলো অভিভাৱকেই নিশ্চয় এই কথা উপলব্ধি কৰো যে শিশু এটি খুব সংবেদনশীল । জীৱনত ঘটা সৰু-বৰ, ভাল-বেয়া প্ৰতিটো কথাই সিহঁতক চুই যায় । শিশুবিশেষে এই ঘটনাবোৰে সিহঁতক চুই যোৱাৰ ধৰণ কিন্তু হৈ পৰে বেলেগ বেলেগ । শিশুৰ ডিপ্ৰেছনৰ ক্ষেত্ৰত বিভিন্ন মনোসামাজিক কাৰণ জড়িত হৈ থাকে । শিশু এটি প্ৰতিপালিত হওঁতে সিহঁতে পিতৃ-মাতৃ বা অভিভাৱকৰ পৰা পোৱা কোনো অবাঞ্চিত আচৰণৰ বাবেও ডিপ্ৰেছনত ভুগিব পাৰে । বিভিন্ন পাৰিবাৰিক ঘটনা, যেনে-ডিভোৰ্চ, পিতৃ-মাতৃৰ মাজত সঘনে ঘটা মতবিৰোধ বা কাজিয়া, বিশৃংখল পৰিয়াল, অসামাজিক কামত লিপ্ত হোৱা পিতৃ-মাতৃৰ নেতিবাচক প্ৰভাৱ আদিও শিশুৰ ডিপ্ৰেছনৰ কাৰণ হ’ব পাৰে । শাৰীৰিক, মানসিক বা আৱেগিকভাৱে নিৰ্যাতিত হোৱা শিশু এটিও ডিপ্ৰেছনত ভোগাৰ বহু সম্ভাৱনা থাকে । স্কুলত বন্ধুবৰ্গই কৰা উপেক্ষা, অৱহেলা, নিজৰ কিবা দুৰ্বলতা, যেনে- স্বাস্থ্য, পঢ়া-শুনাত ভাল হ’ব নোৱাৰা আদি বিভিন্ন দিশক লৈ স্কুলত পোৱা নেতিবাচক ব্যৱহাৰ আদিও শিশুৰ ডিপ্ৰেছনৰ কাৰণ হ’ব পাৰে । বৰ্তমান সময়ত শিশু যৌন নিৰ্যাতনো শিশু ডিপ্ৰেছনৰ এক প্ৰধান কাৰণ বুলি ধৰিব পৰা যায় । পিতৃ-মাতৃয়ে সন্তানৰ ওপৰত কৰা কিছুমান অবাঞ্চিত আৰু অবাস্তৱ দাবী, বিভিন্ন দিশত শিশুৰ ওপৰত দিয়া অত্যধিক মানসিক চাপেও শিশুক ডিপ্ৰেছনত ভোগাব পাৰে । বহুতো গৱেষণাই কৈছে যে ডিপ্ৰেছনত ভোগা পিতৃ-মাতৃৰ সন্তানো ডিপ্ৰেছনত ভোগাৰ বহুখিনি সম্ভাৱনা থাকে । শিশুৰ ডিপ্ৰেছনত বংশগত আৰু বিভিন্ন জৈৱ-ৰাসায়নিক কাৰণেও এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

এতিয়া কথা হ’ল, যি কাৰণতেই শিশু এটি ডিপ্ৰেছনত নোভোগক কিয়, ওপৰত উল্লেখ কৰা লক্ষণবোৰ যদি কোনো শিশুৰ ক্ষেত্ৰত আমি প্ৰত্যক্ষ কৰো, তেন্তে আমি সজাগ হোৱা দৰকাৰ । প্ৰতিটো মূহূৰ্ততে শিশুটিক নজৰত ৰখাটো খুব দৰকাৰী কথা । পৰিয়ালৰ প্ৰতিজন সদস্যই সমানেই ঘৰখনত এনে এটা পৰিৱেশৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰা উচিত, য’ত শিশুটিয়ে নিজৰ সমস্যাখিনি কাৰোবাক হ’লেও খুলি ক’বলৈ আগবাঢ়ি আহিবলৈ সুযোগ আৰু সাহস পায় । শিশুটিয়ে ডিপ্ৰেছনত ভুগিছে বুলি উমান পোৱাৰ লগে লগে এগৰাকী ‘মেণ্টেল হেলথ প্ৰফেছনেল’ক যে অতি সোনকালে যোগাযোগ কৰিব লাগিবই সেই কথা আমি নিশ্চয় সকলোৱে জানিবলৈ লৈছো । এগৰাকী মেণ্টেল হেলথ প্ৰফেছনেল তেওঁৰ দায়িত্ব আৰু কৰ্তব্য পালন কৰিবই । কিন্তু আন এক গুৰুত্বপূৰ্ণ কথা হ’ল- আমি পৰিয়ালৰ মানুহখিনিয়ে শিশুটিক কেনেকৈ আৰু কিমান সমৰ্থন আৰু সহযোগিতা আগবঢ়াইছো । শিশুৰ ডিপ্ৰেছনৰ লক্ষণবোৰৰ বিষয়ে যেতিয়া ওপৰত কোৱা হৈছিল, তেতিয়া তাৰ কিছুমান কাৰণৰ সম্যক ধাৰণা এটাও মই দাঙি ধৰিছিলো । শিশুৰ ডিপ্ৰেছনৰ কাৰণবোৰ ভালকৈ বুজিব আৰু ধৰিব পাৰিলেই শিশুৰ ডিপ্ৰেছন নিৰাময় কৰিবৰ বাবে কিছু হ’লেও উপায় উলিয়াই ল’ব পাৰি । উদাহৰণস্বৰুপে উল্লেখ কৰিছো যে সন্তানৰ পৰা অবাঞ্চিত বা অবাস্তৱ কোনো দাবী, পঢ়া-শুনাত অত্যধিক মানসিক হেঁচা আদিও শিশুৰ ডিপ্ৰেছনৰ কাৰণ হ’ব পাৰে । গতিকে অভিভাৱকসকলে উচিত পৰ্যায়লৈকে সঠিক ধৰণেৰে এনে আচৰণবোৰ কৰিলে শিশু এটিৰ ডিপ্ৰেছন বহুখিনি হ্ৰাস পাব পাৰো । (এইটো মাত্ৰ মই এটা উদাহৰণহে দিছো) । শিশু এটিক আমি যদি প্ৰয়োজনীয় স্বাধীনতা দি, সিহঁতৰ শৰীৰটো বুজাৰ দৰে সিহঁতৰ মনটোও জন্মৰে পৰা গভীৰভাৱে বুজিবলৈ চেষ্টা কৰো, তেন্তে শিশু এটিক ডিপ্ৰেছনৰ পৰা বচোৱাৰ বহুখিনি সম্ভাৱনা থাকে । কাৰণ আমি সকলোৱে জানো Prevention is better than cure.

এইখিনিতে উল্লেখ কৰি থ’ব খোজো যে শিশুৱে ভুগিব পৰা বিভিন্ন সমস্যা, যেনে-লাৰ্নিং ডিজেবিলিটী, এ ভি এইচ ডি আদি সমস্যাত শিশু এটি ভুগি থাকিলেও এনে শিশু ডিপ্ৰেছনত ভোগা দেখা যায় ।

শেষত ক’ব খোজো যে বৰ্তমান সময়ত ডিপ্ৰেছন শিশুৰ ক্ষেত্ৰত এনে এক সততে প্ৰত্যক্ষ কৰা সমস্যা হৈ পৰিছে যে যদি আপোনালোকে কোনো শিশুক সঘনে অকলশৰে থকা, মন মাৰি থকা, অনবৰতে খুব বিৰক্ত হৈ থকা আদি সামান্যতম লক্ষণো প্ৰত্যক্ষ কৰে, তেন্তে শিশুটিৰ এনে আচৰণক গভীৰ মনোযোগেৰে পৰ্যবেক্ষণ কৰিবলৈ লওক । কোনে জানে আপোনাৰ চিনাকি শিশুটিও কিজানি ডিপ্ৰেছনত ভুগি আছে । কাৰণ আপোনাৰ সামান্য সচেতনতাই এটি শিশুক মানসিকভাৱে সুস্থ কৰি ৰখাত সহায় কৰিব পাৰে ।

লেখক :- জয়শ্ৰী বুঢ়াগোহাঁই

উৎস :- জি এনআৰচি স্বাস্থ্য

শীতকালত শিশুটিৰ ছালৰ যতন লোৱাৰ টিপছ -

শীতকালিৰ লগতে আহে ছালৰ নানাধৰণৰ সমস্যা । বিশেষকৈ শিশুৰ বাবে, কিয়নো তেওঁলোকৰ ছাল প্ৰাপ্তবয়স্কৰ তুলনাত অধিক সংবেদনশীল । জাৰকালি শিশুৰ চৰ্মক নানাধৰণৰ পৰিপুষ্টিৰ প্ৰয়োজন হয় । কিয়নো তাপমাত্ৰা হ্ৰাসৰ ফলত ছাল শুষ্ক হৈ পৰে । শীতকালত শিশুৰ গাল, আঁঠু, নাক আৰু কিলাকুটি শুষ্কতা আৰু ফটাৰ সমস্যাত সৰ্বাধিক আক্ৰান্ত হয় । ছালখন প্ৰাকৃতিকভাৱে জলবাহী আৰু আৰ্দ্ৰ হৈ পৰে আৰু ৰাসায়নিক পদাৰ্থযুক্ত সামগ্ৰী ব্যৱহাৰৰ ফলত ইয়াৰ অৱস্থাৰ অৱনতি ঘটে । ব্যৱহাৰৰ পূৰ্বে নিশ্চিত কৰি লওক আপোনাৰ সামগ্ৰীবিধত জৈৱিক উপকৰণ আছে নে নাই আৰু এই উপকৰণে শিশুৰ চৰ্মৰ যতন কোমলতাৰে লয়নে’- চিকিৎসকে আলমণ্ড তেল, অলিভ তেল, ছালকুঁৱৰী, উইণ্টাৰ চেৰী, লিকোৰাইচ, মৌ আৰু দুগ্ধযুক্ত উৎপাদন শিশুৰ বাবে ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে । এইধৰণৰ জৈৱিক উপকৰণে কোমলতা ধৰি ৰাখে আৰু শীতকালি আপোনাৰ শিশুক প্ৰদান কৰে ছালৰ শ্ৰেষ্ঠ সুৰক্ষা ।

স্নানৰ পূৰ্বে দৈনিক তেল মালিচে ছালৰ শুষ্কতা হ্ৰাস কৰে আৰু কোমলতা বঢ়াই তোলে । শিশুক দুদিনৰ মূৰত কুহুমীয়া গৰম পানীত গা ধুওৱাটো উপদেশযোগ্য । যদি পানী বেছি গৰম হয়, তেন্তে ই ছালৰ সুৰক্ষা প্ৰদান কৰা স্তৰৰ ক্ষতি কৰিব পাৰে । লগতে শিশুক অধিক সময় গা ধুৱাই থাকিলে ছালৰ কোমলতা হ্ৰাস পাব পাৰে । গতিকে শীতকালত শিশুক কম সময় গা ধুওৱাটো যুগুত । স্নানৰ পাছত শিশুটোৰ ছালখন আৰ্দ্ৰ কৰি পেলোৱাৰ ফলত ছালখন সংবেদী হৈ থাকে । কিছু উপাদানে গাল, আঁঠু, নাক আৰু ঘঁহনি খোৱা কিলাকুটি ভালে ৰাখে । শিশুটিক আৰামদায়ককৈ ৰাখিবলৈ উশাহ ল’ব পৰা কাপোৰ ব্যৱহাৰ কৰিব পাৰে । পোনপটীয়াকৈ ঊল অথবা ব্লেংকটত শিশুটিক মেৰিয়াই নাৰাখিব । কিয়নো ইয়াৰ শুঙে শিশুটিৰ ছালৰ ক্ষতি কৰিব পাৰে ।

লেখিকা :- ডা: সুভাষিনি এন এছ

উৎস:- আমাৰ অসম পূৰ্বাচল

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top