অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ দাঁতৰ গঠন :

শিশুৰ দাঁতৰ গঠনৰ বিষয়ে লিখা হৈছে ।

 

শিশুৰ শাৰীৰিক আৰু  মানসিক বিকাশত দাঁত দুপাৰিৰ ভুমিকা অপৰিসীম। শিশুটিয়ে খাদ্যবস্তু চোবাই গুড়ি কৰি খাব পৰা হোৱাৰে পৰা দাঁত দুপাৰি অন্যতম গুৰুত্বপুৰ্ণ অংগ হিচাপে পৰিগণিত হয়। ইয়াৰোপৰি শিশুটিৰ মুখৰ সৌন্দৰ্য বৰ্ধন আৰু মাত ফুটাৰ পিছত শব্দৰ সঠিক উচ্চাৰণ কৰাতো দাঁত দুপাৰিৰ ভুমিকা অতীব প্ৰয়োজনীয় হৈ পৰে।

মানুহৰ মুখগহ্বৰত সাধাৰণতে দুই প্ৰকাৰৰ দন্তবিন্যাস-যিটো জন্মৰ ৬-৭ মাহৰ পিছৰ পৰা গজা আৰম্ভ হৈ আঢ়ৈ-তিনি বছৰত সম্পুৰ্ণ হয়, তাক প্ৰাথমিক বা অস্থায়ী দন্তবিন্যাস বোলা হয়। অস্থায়ী দন্তবিন্যাসক ‘গাখীৰ খোৱা দাঁত’ বা মিল্ক টীথ বুলিও কোৱা হয়। প্ৰাথমিক বা অস্থায়ী দন্তবিন্যাসত তলে-ওপৰে দুয়োপাৰি হনুত ১০ টা-১০ টাকৈ ২০ টা দাঁত থাকে। একোপাৰিত চাৰিটা ছেদক, দুটা কৃন্তক আৰু চাৰিটা পেষক দাঁত থাকে। এই দাঁতবোৰ মুখগহ্বৰত ১১-১২ বছৰ বয়সলৈকে থাকে যদিও ৬-৭ বছৰৰ পৰা প্ৰাথমিক দাঁতবোৰ সৰিবলৈ আৰম্ভ কৰে। প্ৰাথমিক বা অস্থায়ী দাঁতবোৰ সৰিবলৈ আৰম্ভ কৰাৰ লগে লগে সেইবোৰৰ স্থান অধিকাৰ কৰে দ্বিতীয় প্ৰকাৰৰ দন্তবিন্যাসে। ইয়াক স্থায়ী দন্তবিন্যাস বোলা হয়।

এই দুই প্ৰকাৰৰ দন্তবিন্যাস সাধাৰণতে মানুহৰ মুখত দেখা পোৱা যায় যদিও কেতিয়াবা জন্মতে শিশুৰ মুখগহ্বৰত এটা বা দুটা দাঁত গজি অহা দেখা যায়। এনে দাঁতক ‘নাটাল টুথ’ বুলি কোৱা হয়। আকৌ কেতিয়াবা কিছুমান শিশুৰ জন্মৰ ২৮ দিনৰ পৰা এমাহৰ ভিতৰতে দাঁত গজা দেখা যায়। এনেবোৰ দাঁতক ‘নিয়’ নাটাল টুথ’ বোলা হয়। দাঁতসদৃশ কলাৰে গঠিত এই অকণমানি দাঁতবোৰ প্ৰকৃততে দাঁত নহয় আৰু এইবোৰ দাঁতৰ মাৰি বা আলুত কোনোমতেহে লাগি থাকে। এনে দাঁতৰ পৰা শিশুটিৰ একো অপকাৰ নহয় যদিও মাকে কেঁচুৱাক গাখীৰ খুওৱাত অসুবিধা পায়।

এনেবোৰ দাঁত মাৰিত ঢিলাকৈ লাগি থকাৰ ফলত গাখীৰ চোহোতে কেতিয়াবা সৰি গৈ পেটলৈ যাব পাৰে বা শ্বাসযন্ত্ৰলৈ গৈ উশাহ-নিশাহ লোৱাত বাধা জন্মাব পাৰে। কেঁচুৱাৰ মুখত এনে দাঁত থাকিলে দন্ত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। প্ৰয়োজনীয় ঔষধ প্ৰয়োগ কৰি সময় অনুযায়ী ডাক্তৰে দাঁতটো এৰুৱাই বা সৰোৱাই দিয়ে। ইয়াত ভয় বা চিন্তা কৰিবলগীয়া একো কাৰণ নাই।

যদিও জন্মৰ ৬-৭ মাহৰ পৰা শিশুৰ প্ৰাথমিক দাঁত গজা আৰম্ভ হয়, কিন্তু কেতিয়াবা শিশুৰ দৈহিক গঠন, সময় অৱস্থা আৰু খাদ্যাভ্যাস ভেদে এই সময়ৰ তাৰতম্য ঘটা দেখা যায়। কেতিয়াবা কিছুমান শিশুৰ দাঁত সোনকালে, মানে জন্মৰ ছমাহ পুৰ হোৱাৰ আগতেই গজে, ইয়াক আৰ্লী ইৰাপচন (Early Eruption) বোলা হয়। আকৌ কেতিয়াবা কিছুমান শিশুৰ দাঁত জন্মৰ পৰা এবছৰ-ডেৰ বছৰ পাৰ হৈ যোৱাৰ পিছতহে গজে। ইয়াক ডিলেইড ইৰাপচন (Delayed Eruption) বোলা হয়। সোনকালে মুখত দাঁত গজা বা দেৰিকৈ দাঁত গজা প্ৰক্ৰিয়াটো খুব বেছি চিন্তা কৰিবলগীয়া বিষয় নহয়-যদিহে শিশুটিৰ সাধাৰণ স্বাস্থ্য অটুট থাকে। কিছুমান শিশুৰ আকৌ মুখত দাঁতেই নগজে বা গজিলেও সংখ্যাত কম থাকে, ইয়াক এন’ডন্সিয়া বোলা হয়। সেইদৰে শিশুৰ দাঁতৰ আকাৰ, প্ৰকাৰৰো তাৰ তম্য ঘটিব পাৰে। শিশুৰ মুখৰ আকাৰৰ লগত সাদৃশ্য থকাকৈ সাধাৰণতে গাখীৰ খোৱা বা প্ৰাইমাৰী দাঁতবোৰৰ আকাৰ সৰু সৰু হয়। ঠিক তেনেদৰে দাঁতটো গঠন কৰা এনামেন ডেণ্টিন আৰু চিমেণ্টাম-এই তিনিবিধ কঠিন দন্তকলাৰ তৰপ বা ঘনত্বও (Thickness) কম বা পাতল হয়।

লেখিকা: ডা: ৰুবী কটকী (জি এনআৰচি স্বাস্থ্য)

3.09090909091
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top