মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ দাঁতৰ গঠন-স্বাস্থ্য ৰক্ষাত মাকৰ ভূমিকা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ দাঁতৰ গঠন-স্বাস্থ্য ৰক্ষাত মাকৰ ভূমিকা

শিশুৰ দাঁতৰ গঠন-স্বাস্থ্য ৰক্ষাত মাকৰ ভূমিকা

এটা শিশুৰ মুখত দুই ধৰণৰ দাঁত গজে। অস্থায়ী বা গাখীৰ দাঁত আৰু স্থায়ী দাঁত। অস্থায়ী দাঁতৰ মুঠ সংখ্যা হৈছে বিশটা। তাৰে দহটা ওপৰৰ হনুত আৰু বাকী দহটা নিম্ন হনুত থাকে। ওপৰৰ আৰু তলৰ প্ৰতিটো হনুত ষোল্লটা কৰি মুঠ বত্ৰিশটা স্থায়ী দাঁত গজে। প্ৰথম অস্থায়ী দাঁতটো মুখগহ্বৰত শিশুটোৰ ছমাহ আৰু প্ৰথম স্থায়ী দাঁতটো ছবছৰ বয়সত দেখা দিয়ে। যদিও এই দুয়োবিধ এটা শিশুৰ জন্মৰ বহু সময়ৰ পিছতহে মুখত দেখা দিয়ে, সিহঁতৰ গঠন ক্ৰিয়া বহুত আগৰে পৰা আৰম্ভ হয়। অস্থায়ী দাঁতৰ ক্ষেত্ৰত দাঁতৰ গঠন ক্ৰিয়া গৰ্ভাৱস্থাতে আৰম্ভ হয়। প্ৰথম অস্থায়ী দাঁতটোৰ দাঁত গঠন ক্ৰিয়া গৰ্ভধাৰণৰ ৬-৮ সপ্তাহত আৰম্ভ হয়। স্থায়ী দাঁতৰ গঠন কাৰ্য শিশু এটাৰ ৩-৪ মাহ বয়সতে আৰম্ভ হয়। সেয়ে এগৰাকী মাতৃয়ে এটা শিশুৰ দাঁতৰ স্বাস্থ্য ৰক্ষাত শিশুটোৰ জন্মৰ পিছতেই কেৱল নহয়, গৰ্ভধাৰণ কৰা সময়ৰে পৰা অৰিহণা যোগাব পাৰে।


সুস্থ, সবল দাঁত গঠনৰ প্ৰধান স্তৰটোক ‘কেলচিফিকেচন’ বুলি কোৱা হয়। অস্থায়ী দাঁতৰ ক্ষেত্ৰত সেইটো গৰ্ভাৱস্থাৰ পাঁচ মাহতে আৰম্ভ হৈ শিশুটোৰ জন্ম হোৱাৰ কিছুদিন আগতে শেষ হয়। এই বিশেষ স্তৰটোত কেলচিয়ামকে ধৰি কিছুমান বিশেষ মৌলৰ অৱদান উল্লেখযোগ্য। গতিকে এই সময়ত এগৰাকী মাতৃৰ খাদ্যাভ্যাসৰ ওপৰত দাঁতৰ গঠন বহু পৰিমাণে নিৰ্ভৰ কৰে। দাঁতৰ গঠনৰ কাৰণে খাদ্যপ্ৰাণ ক, খ, ঘ (ভিটামিন এ, বি, ডি) বিশেষভাৱে প্ৰয়োজন। সেয়ে গৰ্ভাৱস্থাত উল্লিখিত খাদ্যপ্ৰাণ, প্ৰ’টিন, খনিজ লৱন, শ্বেতসাৰ আদিৰে সমৃদ্ধ সুষম আহাৰ খাব লাগে। বহুতে আকৌ সুষম আহাৰৰ ওপৰত লক্ষ্য নাৰাখি খাদ্যপ্ৰাণ তথা ধাতৱ লৱণ সমৃদ্ধ টেবলেট খোৱাহে দেখা যায়। ই কিন্তু শৰীৰৰ বাবে সিমান উপকাৰী নহয়। এইবিলাক টেবলেটত ৪০শতাংশ চেনি থাকে। এই চেনিয়ে আকৌ মহিলাগৰাকীৰ দাঁতৰ ওপৰত পৰোক্ষভাৱে ক্ষতিহে কৰে। সেয়ে প্ৰ’টিন আৰু শাক-পাচলিসমৃদ্ধ খাদ্য খোৱাৰ লগতে চিকিত্সকৰ পৰামৰ্শ লৈহে খাদ্যপ্ৰাণ বা লোজাতীয় ধাতৱ লৱণ থকা টেবলেট খোৱাটো গৰ্ভৱতী মহিলাৰ বাবে লাভজনক। তদুপৰি খাদ্যপ্ৰাণ ‘গ’ৰে সমৃদ্ধ কিছুমান টেঙাজাতীয় ফল, যেনে- কমলা, আঙুৰ, নেমু ইত্যাদি খাব পাৰিলে ভাল। গৰ্ভৱতী মহিলা এগৰাকীৰ আহাৰত এই খাদ্যপ্ৰাণ আৰু লোজাতীয় ধাতৱ লৱণৰ পৰিমাণ দৰকাৰৰ অনুপাতত কৈ কম হ’লে শিশুৰ দাঁতৰ গঠন দুৰ্বল হয়।

তদুপৰি গৰ্ভাৱস্থাত মহিলা এগৰাকীয়ে সেৱন কৰা কিছুমান ঔষধেও গৰ্ভত থকা শিশুটোৰ দাঁতৰ ওপৰত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। যেনে- টেট্ৰাচাইক্লিন নামৰ জীৱাণুনাশক ঔষধে দাঁতৰ গঠনৰ বেলেগ বেলেগ অৱস্থাত দাঁতটোৰ বৰণ সলনি কৰি তোলে আৰু এনেধৰণৰ দাঁতত সঘনে কেৰিজ ৰোগ হোৱা দেখা যায়। তেনে দাঁতৰ বৰণ কোনো উপায়েৰে স্বাভাৱিক বগা কৰি তুলিব নোৱাৰি যদিও কৃত্ৰিম উপায়েৰে ভেনিয়েৰ তৈয়াৰ কৰি দেখাত দাঁতকেইটা বগা কৰিব পাৰি। সেয়ে গৰ্ভাৱস্থাত কোনো মহিলাই ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ কোনোধৰণৰ ঔষধ-পাতি খাব নালাগে।

মাতৃদুগ্ধ নৱজাতক শিশুৰ বাবে ভগৱানৰ আশীৰ্বাদপুষ্ট এক অপূৰ্ব উপহাৰ। প্ৰকৃতিৰ এই অপূৰ্ব দান মাতৃদুগ্ধৰ স্থান পৃথিৱীৰ কোনো খাদ্যই পূৰণ কৰিব নোৱাৰে। মানৱপুষ্টি আৰু চিকিত্সা বিজ্ঞানৰ বিজ্ঞানীসকলৰ বহু গৱেষণাৰপৰা এইটো প্ৰতিপন্ন হৈছে যে মাতৃদুগ্ধ শিশুৰ উত্তম আহাৰ। শিশুৰ লাগতিয়াল সকলো পুষ্টিৰ যোগান ধৰাৰ উপৰি মাকৰ গাখীৰে নৱজাত শিশুক নতুন পাৰিপাৰ্শ্বিকতাত নানাবিধ সংক্ৰামক ৰোগৰ প্ৰতিৰোধৰ ক্ষমতা প্ৰদান কৰে। জন্তুৰ পিচতে নৱজাত শিশুটিক শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পৰিপোষক উচিত পৰিমাণত যোগান ধৰিবৰ বাবেই মাতৃৰ গাখীৰ উত্পন্ন হয়।

মাকৰ গাখীৰ আৰু কৃত্ৰিম দুগ্ধজাত সামগ্ৰীৰ তুলনা কৰিলে দেখা যায় যে মাতৃদুগ্ধ সকলো ফালৰপৰাই শ্ৰেষ্ঠ। মাকৰ গাখীৰত অমেগা থ্ৰি ছেচুৰেটেড এচিড নামৰ এক অম্ল থাকে। এই অম্লই শিশু এটাক আন্ত্ৰিক ৰোগ তথা বৃক্ক ৰোগৰ পৰা বচাই ৰাখে। তদুপৰি অন্য গাখীৰত নথকা অতি সহজে হজম হোৱা লেক্ট’ব্লবিউলিন নামৰ দুবিধ প্ৰ’টিন থাকে। মাতৃদুগ্ধত অন্য গাখীৰৰ তুলনাত মাত্ৰ এক তৃতীয়াংশহে প্ৰ’টিন থাকে। কিন্তু কম থকা সত্ত্বেও এই প্ৰ’টিনৰ কিছুমান বিশেষ চৰিত্ৰই মাতৃদুগ্ধৰ মান উন্নত কৰি তুলিছে। বেছি প্ৰ’টিনসম্পন্ন গাখীৰে শিশুৰ বৃক্কৰ কাৰ্যক্ষমতাত বাধাৰ সৃষ্টি কৰে। মাতৃদুগ্ধত থকা অলিগ’ ছেকেৰাইডে গেলেক্টজৰ অতিৰিক্ত উত্স হিচাপে কাম কৰে আৰু ই শিশুৰ মগজুৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে।

ওপৰত উল্লেখ কৰা বিশেষ গুণবিলাকৰ উপৰি মাকৰ পৰা গাখীৰ আহৰণ কৰা কাৰ্যই এটা শিশুৰ দাঁত, ওঁঠ আৰু হনুৰ গঠনত বিশেষভাৱে প্ৰভাৱ পেলায়। মাকৰ গাখীৰ খোৱা অৱস্থাত শিশুৱে তাৰ জিভা তথা মুখৰ চাৰিওকাষৰ মাংসপেশীবোৰ গাখীৰ আহৰণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰে। ফলত হনুৰ মাংসপেশীবোৰৰ এক প্ৰকাৰ অনুশীলন হয় আৰু মুখৰ হনুক বেছি শক্তিশালীৰূপে গঠন কৰাৰ লগতে দাঁতবোৰ প্ৰকৃত স্থানত গজাত অৰিহণা যোগায়। সেয়ে মাকৰ গাখীৰ খোৱা শিশু এটাৰ দাঁত চিধাভাৱে মুখত ওলোৱা দেখা যায়। তদুপৰি কৃত্ৰিমভাৱে গাখীৰ খোৱা শিশুৰ সাধাৰণতে কিছুমান অস্বাভাৱিক অভ্যাস গঢ় লৈ উঠে। কৃত্ৰিমভাৱে বটলেৰে গাখীৰ খুৱালে ৰবৰৰ নিপুলৰ ফুটা ডাঙৰ হোৱাৰ কাৰণে শিশুৱে অতি সহজে গাখীৰ আহৰণ কৰে। ফলত তাৰ ভোক নোহোৱা হয়, কিন্তু চুহি খোৱাৰ প্ৰৱণতা মনৰ মাজত থাকি যায়। ই মুখত আঙুলি চুহি থকাৰ নিচিনা অভ্যাস গঠনত সহায় কৰে। তদুপৰি বটলেৰে গাখীৰ খালে মুখলৈ একেলগে বহুত পৰিমাণৰ গাখীৰ আহি যায়। সেয়ে শিশু এটাই জিভাখন আগলৈ ঠেলি দি গাখীৰৰ পৰিমাণ কমাই লৈ গিলিব লগা হয়। ফলত জিভাখনেদি ওপৰৰ আৰু তলৰ ছেদক দাঁতকেইটা সন্মুখৰ পিনে ঠেলি থকাৰ নিচিনা অভ্যাসৰ সৃষ্টি হয়। এই অভ্যাসবিলাকৰ কাৰণে ঠেক আৰ্চ্চ আৰু উচ্চ তালু আদিৰ গঠন হয় আৰু ফলত দাঁতবিলাক অসমান, সন্মুখৰ ফালে ওলোৱা হয়।

বহুত সময়ত শিশুৱে গাখীৰ বা অন্য কোনো মিঠাজাতীয় খাদ্যযুক্ত বটল মুখত লৈ শুই পৰাও পৰিলক্ষিত হয়। এনে অৱস্থাত গাখীৰ বা মিঠাজাতীয় খাদ্য নিগিলাকৈ মুখৰ ভিতৰত বহু সময়লৈকে থাকে আৰু ফলত মুখগহ্বৰত সূক্ষ্ম জীৱাণুসমূহে এই আহাৰৰ ওপৰত ক্ৰিয়া কৰি এক প্ৰকাৰৰ অম্লৰ সৃষ্টি কৰে। এই অম্লই দাঁতৰ এনামেলৰ তৰপটো নষ্ট কৰি ডেণ্টেল কেৰিজৰ সৃষ্টি কৰে। এই বিশেষধৰণৰ ডেণ্টেল কেৰিজক ‘নাৰ্ছিং বটল কেৰিজ’ বুলি কোৱা হয়। অৱশ্যে মাকৰ গাখীৰ মুখত লৈ শুই থাকিলে যে এই ধৰণৰ সমস্যা দেখা নিদিব, এনে নহয়।

মুখৰ ভিতৰত প্ৰথমতে ওলোৱা অস্থায়ী দাঁতটো হৈছে প্ৰথম ছেদক দাঁত। প্ৰথমে নিম্ন হনুত আৰু তাৰ পিচত ঊৰ্দ্ধহনুত সোঁ আৰু বাঁওফালে এটা এটা কৰি মুঠ চাৰিটা দাঁত ওলায়। এই দাঁতকেইটা গজাৰ সময়ত বেছিভাগ শিশুৱেই দাঁতৰ আলুত বিষ অনুভৱ কৰে, গাল-মুখ ৰঙা হৈ পৰে, উচ্চ তাপমানৰ জ্বৰত ভোগে, কেতিয়াবা কেতিয়াবা বমি আৰু পায়খানা হোৱাও পৰিলক্ষিত হয়। তেনেক্ষেত্ৰত বিষনাশক দৰব স্থানীয়ভাৱে বিপন্ন অংশটোত লগাই মালিচ কৰি দিব লাগে। বহু সময়ত সৰু বৰফৰ টুকুৰা দাঁত ওলোৱা অংশটোত লগালেও শিশুটোৱে বিষৰ পৰা উপশম লাভ কৰা দেখা যায়। তদুপৰি আপেল বা সৰু গাজৰৰ টুকুৰা শিশুটোক কামুৰিবলৈ দিব লাগে। টুকুৰাবোৰ সৰু হ’ব লাগে, যাতে শিশুটোৱে কিবা কাৰণত অজানিতে গিলি দিলে একো যেন অসুবিধা নহয়। আজিকালি বজাৰত কিছুমান ‘টিথ্ৰীং ৰিং’ পোৱা যায়। সেইবোৰ ফ্ৰিজত ৰাখি ঠাণ্ডা কৰি শিশুৰ মুখত দিলে কিছু পৰিমাণে হ’লেও বিষ উপশম হয়।

অস্থায়ী দাঁত ওলোৱা প্ৰক্ৰিয়াটো ছমাহৰপৰা আঢ়ৈ বছৰলৈ চলি থাকে। ওপৰৰ আৰু তলৰ হনুত ক্ৰমে দহটা কৰি মুঠ বিশটা দাঁত ওলায়। প্ৰথম দাঁত ওলোৱা সময়ৰপৰা মাক এগৰাকীয়ে কোমল গজ কাপোৰ বা তুলা কুহুমীয়া গৰমপানীত তিয়াই লৈ সেই তুলাৰে শিশুৰ দাঁতবোৰ ঘঁহি দি পৰিষ্কাৰ কৰি ৰাখিব লাগে। কিছুমান সৰু সৰু টুথ ব্ৰাছ বজাৰত পোৱা যায়, যাক বেবী টুথ ব্ৰাছ বোলা হয়। অস্থায়ী দাঁতৰ সংখ্যা মুখত বাঢ়ি যোৱাৰ লগে লগে বেবী টুথ ব্ৰাছত টুথপেষ্ট লগাই পুৱা-গধুলি দিনত দুবাৰকৈ দাঁত ব্ৰাছ কৰোৱাৰ অভ্যাস কৰিব লাগে। প্ৰতিবাৰ আহাৰৰ পিছতে শিশুক ভালদৰে মুখ পৰিষ্কাৰ কৰি দিব লাগে।

শিশু এটাক তিনি-চাৰে তিনি বছৰ বয়সত ব্ৰাছ কৰাৰ প্ৰণালী শিকাই দিব লাগে, কিন্তু ছয়-সাত বছৰ বয়সলৈকে মাকগৰাকীয়ে নিজৰ তত্ত্বাৱধানত ৰাখি শিশুটোৰ দাঁত তথা মুখগহ্বৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত দৃষ্টি ৰাখিব লাগে। ছবছৰ বয়সত শিশুৰ প্ৰথম স্থায়ী পেষক দাঁতটো অস্থায়ী দাঁত বুলি ভাবি অৱহেলা কৰাও দেখা যায়। এনে অৱস্থাত কেতিয়াবা নজনাকৈয়ে এই দাঁতটোত ডেণ্টেল কেৰিজ আৰম্ভ হৈ দাঁতটোৰ ভিতৰত পাল্কলৈকে বিস্তৃত হৈ বিভিন্নধৰণৰ আউলৰ সৃষ্টি কৰে। কেতিয়াবা কেতিয়াবা কম বয়সতে এই দাঁতটো সৰুৱাই দিব লগা অৱস্থাও হয়। স্থায়ী দন্তবিন্যাসৰ প্ৰথম পেষক দাঁতটো উঠাই দিব লগা হোৱাটো বৰ দুখৰ কথা। কাৰণ এই দাঁতটোক স্থায়ী দন্তবিন্যাসৰ মূল চাবিকাঠি বুলি বিবেচনা কৰা হয়। কাৰণ স্থায়ী দন্তবিন্যাসৰ দাঁতৰ ভিতৰত ই সবাতোকৈ শক্তিশালী দাঁত। তদুপৰ, বেৰীয়া দাঁতৰ চিকিত্সা পদ্ধতিত এই দাতটোক মূল এংকৰেজ হিচাপে ব্যৱহাৰ কৰি বেঁকা দাঁতবিলাক বিভিন্ন দিশৰপৰা হেঁচা প্ৰয়োগ কৰি নতুন অৱস্থানলৈ অনাৰ চেষ্টা কৰা হয়।

দেখা যায় যে যেতিয়ালৈকে শিশু এটাৰ দাঁতৰ বিষ নহয়, তেতিয়ালৈকে ডাক্তৰৰ পৰামৰ্শৰ কাৰণে ওচৰ চপা নাযায়। মন কৰিবলগীয়া কথা যে অস্থায়ী দাঁতবোৰ সৰি যায় যদিও নিৰ্দিষ্ট এটা সময়লৈকে এই দাঁতকেইটা মুখৰ ভিতৰত থাকিব লাগে। অস্থায়ী দাঁতে শিশুটোৰ খোৱা, কথা কোৱা আদি কাৰ্য সমাধান কৰাৰ উপৰি হনুৰ গঠন কাৰ্যত অৰিহণা যোগায়। তদুপৰি এই দাঁতবোৰে স্থায়ী দাঁতৰ কাৰণে পথ প্ৰদৰ্শনৰ কাম কৰে। সেয়ে অস্থায়ী দাঁতবোৰ সিহঁতৰ নিৰ্দিষ্ট সময়তকৈ আগতে অকালতে সৰুৱাই পেলাব লগা অৱস্থা হ’বলৈ দিব নালাগে। এইক্ষেত্ৰত এগৰাকী মাতৃৰ ভূমিকা মন কৰিবলগীয়া। অভিজ্ঞ দন্ত চিকিত্সকৰ ওচৰত শিশুৰ দাঁত-মুখ বছৰত দুবাৰকৈ পৰীক্ষা-নিৰীক্ষা কৰাই প্ৰয়োজন অনুযায়ী যত্ন ল’লে অস্থায়ী দাঁতৰ সুস্বাস্থ্য বজাই ৰাখিব পাৰি। এইখিনিতে বহুতৰ মনত প্ৰশ্ন উঠে যে শিশু এটাক কিমান বয়সত দন্ত চিকিত্সকৰ ওচৰলৈ নিব লাগে। এটা শিশুৰ প্ৰথম দাঁতটো মুখত ওলোৱাৰ ছমাহ পিছত অৰ্থাত্ শিশুটোৰ এক বছৰ বয়সত দন্ত চিকিত্সকৰ ওচৰলৈ লৈ যাব লাগে। অস্থায়ী দাঁতবোৰ সৰি যাব বুলিয়েই অৱহেলা কৰিব নালাগে। মুঠৰ ওপৰত শিশু এটাৰ দাঁত-মুখৰ সুস্বাস্থ্যৰ ওপৰত তাৰ সাধাৰণ স্বাস্থ্য বহু পৰিমাণে নিৰ্ভৰশীল। সেয়ে শিশু এটাৰ স্বাস্থ্য ৰক্ষাত এগৰাকী মাতৃৰ ভূমিকা বিশেষভাৱে উল্লেখযোগ্য।

উৎস: অসমীয়া প্ৰতিদিন।

3.09090909091
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top