মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ দাঁতৰ গঠন-স্বাস্থ্য ৰক্ষাত মাতৃৰ ভুমিকা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ দাঁতৰ গঠন-স্বাস্থ্য ৰক্ষাত মাতৃৰ ভুমিকা :

শিশুৰ দাঁতৰ গঠন-স্বাস্থ্য ৰক্ষাত মাতৃৰ ভুমিকাৰ বিষয়ে লিখা হৈছে ।

 

এটা শিশুৰ মুখত দুই ধৰণৰ দাঁত গজে। অস্থায়ী বা গাখীৰ খোৱা দাঁত আৰু স্থায়ী দাঁত। অস্থায়ী দাঁতৰ মুঠ সংখ্যা হৈছে বিশটা। তাৰে দহটা ওপৰৰ হনুত আৰু বাকী দহটা নিম্ন হনুত থাকে। ওপৰৰ আৰু তলৰ প্ৰতিটো হনুত ষোল্লটা কৰি মুঠ বত্ৰিশটা স্থায়ী দাঁত গজে। প্ৰথম অস্থায়ী দাঁতটো মুখগহ্বৰত শিশুটোৰ ৬ মাহ আৰু প্ৰথম স্থায়ী দাঁতটো ৬ বছৰ বয়সত দেখা দিয়ে। যদিও এই দুয়োবিধ দাঁত এটা শিশুৰ জন্মৰ বহু সময়ৰ পিচতহে মুখত দেখা দিয়ে, সিহঁতৰ গঠন ক্ৰিয়া বহুত আগৰে পৰা আৰম্ভ হয়। অস্থায়ী দাঁতৰ ক্ষেত্ৰত দাঁতৰ গঠন ক্ৰিয়া গৰ্ভাৱস্থাতে আৰম্ভ হয়। প্ৰথম অস্থায়ী দাঁতটোৰ দাঁত গঠন ক্ৰিয়া গৰ্ভধাৰণৰ ৬-৮ সপ্তাহত আৰম্ভ হয়। স্থায়ী দাঁতৰ গঠন কাৰ্য শিশু এটাৰ ৩-৪  মাহ বয়সতে আৰম্ভ হয়। সেয়ে এগৰাকী মাতৃয়ে এটা শিশুৰ দাঁতৰ স্বাস্থ্য ৰক্ষাত শিশুটোৰ জন্মৰ পিচতেই কেৱল নহয়, গৰ্ভধাৰণ কৰা সময়ৰে পৰা অৰিহণা যোগাব পাৰে।

সুস্থ, সবল দাঁত গঠনৰ প্ৰধান স্তৰটোক কেলচিফিকেচন বুলি কোৱা হয়। অস্থায়ী দাঁতৰ ক্ষেত্ৰত সেইটো গৰ্ভাৱস্থাৰ পাঁচ মাহতে আৰম্ভ হৈ শিশুটোৰ জন্ম হোৱাৰ কিছুদিন আগতে শেষ হয়। এই বিশেষ স্তৰটোত কেলচিয়ামকে আদি কৰি কিছুমান বিশেষ মৌলৰ অৱদান উল্লেখযোগ্য। গতিকে এই সময়ত এগৰাকী মাতৃৰ খাদ্যাভ্যাসৰ ওপৰত দাঁতৰ গঠন বহু পৰিমাণে, নিৰ্ভৰ কৰে। দাঁতৰ গঠনৰ কাৰণে খাদ্যপ্ৰাণ ক, খ, ঘ বিশেষভাৱে প্ৰয়োজন। সেয়ে গৰ্ভাৱস্থাত উল্লিখিত খাদ্যপ্ৰাণ, প্ৰ’টিন, খনিজ লৱন, শ্বেতসাৰ আদিৰে সমৃদ্ধ সুষম আহাৰ খাব লাগে। বহুতে আকৌ সুষম আহাৰৰ ওপৰত লক্ষ্য নাৰাখি খাদ্যপ্ৰাণ তথা ধাতৱ লৱণসমৃদ্ধ টেবলেট খোৱাহে দেখা যায়। ই কিন্তু শৰীৰৰ বাবে সিমান উপকাৰী নহয়। এইবিলাক টেবলেটত ৪০ শতাংশ চেনি থাকে। এই চেনিয়ে আকৌ মহিলাগৰাকীৰ দাঁতৰ ওপৰত পৰোক্ষভাৱে ক্ষতিহে কৰে। সেয়ে প্ৰ’টিন আৰু শাক-পাচলিসমৃদ্ধ খাদ্য খোৱাৰ লগতে চিকিৎসকৰ পৰামৰ্শ লৈহে খাদ্যপ্ৰাণ বা লোজাতীয় ধাতৱ লৱণ থকা টেবলেট খোৱাটো গৰ্ভৱতী মহিলাৰ বাবে লাভজনক। তদুপৰি খাদ্যপ্ৰাণ ‘গ’ৰে সমৃদ্ধ কিছুমান টেঙাজাতীয় ফল, যেনে- কমলা, আঙুৰ, নেমু ইত্যাদি খাব পাৰিলে ভাল। গৰ্ভৱতী মহিলা এগৰাকীৰ আহাৰত এই খাদ্যপ্ৰাণ আৰু লোজাতীয় ধাতৱ লৱনৰ পৰিমাণ দৰকাৰৰ অনুপাতকৈ কম হ’লে শিশুৰ দাঁতৰ গঠন দুৰ্বল হয়।

তদুপৰি গৰ্ভাৱস্থাত মহিলা এগৰাকীয়ে সৈৱন কৰা কিছুমান ঔষধেও গৰ্ভত থকা শিশুটোৰ দাঁতৰ ওপৰত প্ৰভাৱ পেলোৱা পৰিলক্ষিত হয়। যেনে- টেট্ৰাচাইক্লিন নামৰ জীৱাণুনাশক ঔষধে দাঁতৰ গঠনৰ বেলেগ বেলেগ অৱস্থাত দাঁতটোৰ বৰণ সলনি কৰি তোলে আৰু এনেধৰণৰ দাঁতত সঘনে কেৰিজ ৰোগ হোৱা দেখা যায়। তেনে দাঁতৰ বৰণ কোনো উপায়েৰে স্বাভাৱিক বগা কৰি তুলিব নোৱাৰি যদিও কৃত্ৰিম উপায়েৰে ভেনিয়েৰ তৈয়াৰ কৰি দেখাত দাঁতকেইটা বগা কৰিব পাৰি। সেয়ে গৰ্ভাৱস্থাত কোনো মহিলাই ডাক্তৰৰ পৰামৰ্শ নোলোৱাকৈ কোনো ধৰণৰ ঔষধ পাতি খাব নালাগে।

মাতৃদুগ্ধ নৱজাত শিশুৰ বাবে ভগৱানৰ আশীৰ্বাদপুষ্টি এক অপুৰ্ব উপহাৰ। প্ৰকৃতিৰ এই অপুৰ্ব দান, মাতৃদুগ্ধৰ স্থান পৃথিৱীৰ কোনো খাদ্যই পুৰণ কৰিব নোৱাৰে। মানৱ পুষ্টি আৰু চিকিৎসা বিজ্ঞানৰ বৈজ্ঞানিকসকলৰ বহু গৱেষণাৰ পৰা এইটো প্ৰতিপন্ন হৈছে যে মাতৃদুগ্ধ শিশুৰ উত্তম আহাৰ। শিশুৰ লাগতিয়াল সকলো পুষ্টিৰ যোগান ধৰাৰ উপৰি মাকৰ গাখীৰে নৱজাত শিশুক নতুন পাৰিপাৰ্শ্বিকতাত নানাবিধ সংক্ৰামক ৰোগৰ প্ৰতিৰোধৰ ক্ষমতা প্ৰদান কৰে। জন্মৰ পিচত নৱজাত শিশুটিক শৰীৰৰ বাবে প্ৰয়োজনীয় সকলো পৰিপোষক উচিত পৰিমাণত যোগান ধৰিবব বাবেই মাতৃৰ গাখীৰ উৎপন্ন হয়।

মাকৰ গাখীৰ আৰু কৃত্ৰিম দুগ্ধজাত সামগ্ৰীৰ তুলনা কৰিলে দেখা যায় মাতৃৰ গাখীৰ সকলো ফালৰ পৰাই শ্ৰেষ্ঠ। মাকৰ গাখীৰত অমেগা থ্ৰী চেচুৰেটেড এচিড নামৰ এক অম্ল থাকে। এই অম্লই শিশু এটাক আন্ত্ৰিক ৰোগ তথা বৃক্ক ৰোগৰ পৰা বচাই ৰাখে। তদুপৰি অন্য গাখীৰত নথকা অতি সহজে হজম হোৱা লেক্ট’এলবুমিন আৰু লেক্ট’গ্লবিউলিন নামৰ দুবিধ প্ৰ’টিন থাকে। মাতৃগাখীৰত অন্য গাখীৰৰ অন্য গাখীৰৰ তুলনাত মাত্ৰ এক তৃতীয়াংশহে প্ৰ’টিন থাকে,কিন্তু কম থকা সত্বেও এই প্ৰ’টিনৰ কিছুমান বিশেষ চৰিত্ৰই মাতৃ গাখীৰৰ মান বহু উন্নত কৰি তুলিছে। বেছি প্ৰ’টিনসম্পন্ন গাখীৰে শিশুৰ বৃক্কৰ কাৰ্যক্ষমতাত বাধাৰ সৃষ্টি কৰে। মাতৃদুগ্ধত থকা অলিগ’চেকেৰাইডে এ গেলেক্ট’জৰ অতিৰিক্ত উৎস হিচাপে কাম কৰে আৰু ই শিশুৰ মগজুৰ উৰ্বৰতা বৃদ্ধিত সহায় কৰে।

ওপৰত উল্লেখ কৰা বিশেষ গুণবিলাকৰ উপৰি মাকৰ পৰা গাখীৰ আহৰণ কৰা কাৰ্যই এটা শিশুৰ দাঁত, ওঁঠ আৰু হনুৰ গঠনত বিশেষভাৱে প্ৰভাৱ পেলায়। মাকৰ গাখীৰ খোৱা অৱস্থাত শিশুৱে তাৰ জিভা তথা মুখৰ চাৰিওকাষৰ মাংসপেশীবোৰ গাখীৰ আহৰণ কৰিবৰ কাৰণে ব্যৱহাৰ কৰে। ফলস্বৰুপে হনুৰ মাংসপেশীবোৰৰ একপ্ৰকাৰ অনুশীলন হয় আৰু মুখৰ হনুক বেছি শক্তিশালীৰুপে গঠন কৰাৰ লগতে দাঁতবোৰ প্ৰকৃত স্থানত গজাত অৰিহণা যোগায়। সেয়ে মাকৰ গাখীৰ খোৱা শিশু এটাৰ দাঁত চিধাভাৱে মুখত ওলোৱা দেখা যায়। তদুপৰি কৃত্ৰিমভাৱে গাখীৰ খোৱা শিশুৰ সাধাৰণতে কিছুমান অস্বাভাৱিক অভ্যাস গঢ় লৈ উঠে। কৃত্ৰিমভাৱে বটলেৰে  গাখীৰ খুৱালে ৰবৰৰ নিপুলৰ ফুটা ডাঙৰ হোৱাৰ কাৰণে শিশুৱে অতি সহজে গাখীৰ আহৰণ কৰে। ফলত তাৰ ভোক নোহোৱা হয়। কিন্তু চুহি খোৱাৰ প্ৰৱণতা মনৰ মাজত থাকি যায়। ই মুখত আঙুলি চুহি থকাৰ নিচিনা অভ্যাস গঠনত সহায় কৰে। তদুপৰি বটলেৰে গাখীৰ আহি যায়। সেয়ে শিশু এটাই জিভাখন আগলৈ ঠেলি দি গাখীৰৰ পৰিমাণ কমাই লৈ গিলোব লগা হয়। ফলস্বৰুপে জিভাখনেদি ওপৰৰ আৰু তলৰ ছেদক দাঁতকেইটা সন্মুখৰ পিনে ঠেলি থকাৰ নিচিনা অভ্যাসৰ সৃষ্টি হয়। এই অভ্যাসবিলাকৰ কাৰণে ঠেক আৰ্চ্চ আৰু উচ্চ আলু আদিৰ গঠন হয় আৰু ফলস্বৰুপে দাঁতবিলাক অসমান, সন্মুখৰ ফালে ওলোৱা হয়।

বহুত সময়ত শিশুৱে গাখীৰ বা অন্য কোনো মিঠাজাতীয় খাদ্যযুক্ত বটল মুখত লৈ শুই পৰাও পৰিলক্ষিত হয়। এনে অৱস্থাত গাখীৰ বা মিঠাজাতীয় খাদ্য নিগিলাকৈ মুখৰ ভিতৰত বহু সময়লৈকে থাকে আৰু ফলস্বৰুপে মুখগহ্বৰৰ সুক্ষ্ম জীৱাণুসমুহে এই আহাৰৰ ওপৰত ক্ৰিয়া কৰি এক প্ৰকাৰৰ অম্লৰ সৃষ্টি কৰে। এই অম্লই দাঁতৰ এনামেলৰ তৰপটো নষ্ট কৰি ডেণ্টেল কেৰিজৰ সৃষ্টি কৰে। এই বিশেষধৰণৰ ডেণ্টেল কেৰিজক ‘নাৰ্ছিং বটল কেৰিজ’ বুলি কোৱা হয়। অৱশ্যে মাকৰ গাখীৰ মুখত লৈ শুই থাকিলে যে এই ধৰণৰ সমস্যা, দেখা নিদিবই এনে নহয়।

মুখৰ ভিতৰত প্ৰথমতে ওলোৱা অস্থায়ী দাঁতটো হৈছে প্ৰথম ছেদক দাঁত। প্ৰথমে নিম্ন হনুত আৰু তাৰ পিচত ঊৰ্ধ্বহনুত সোঁ আৰু বাওঁফালে এটা এটা কৰি মুঠ চাৰিটা দাঁত ওলায়। এই দাঁতকেইটা গজাৰ সময়ত বেছিভাগ শিশুৱেই দাঁতৰ আলুত বিষ অনুভৱ কৰে, গাল-মুখ ৰঙা হৈ পৰে, উচ্চ তাপমানৰ জ্বৰত ভোগে, কেতিয়াবা কেতিয়াবা বমি আৰু পাইখানা হোৱাও পৰিলক্ষিত হয়। তেনেক্ষেত্ৰত বিষনাশক দৰৱ স্থানীয়ভাৱে বিপন্ন অংশটোত লগাই মালিচ কৰি দিব লাগে। বহু সময়ত সৰু বৰফৰ টুকুৰা দাঁত ওলোৱা অংশটোত লগালেও শিশুটোৱে বিষৰ পৰা বহুত উপশম লাভ কৰা দেখা যায়। তদুপৰি আপেল বা গাজৰৰ সৰু টুকুৰা শিশুটোক কামুৰিবলৈ দিব লাগে।

অস্থায়ী দাঁত ওলোৱা প্ৰক্ৰিয়াটো ৬ মাহৰ পৰা ২ ১/২ বছৰলৈ চলি থাকে। ওপৰৰ আৰু তলৰ হনুত ক্ৰমে দহটা কৰি মুঠ বিশটা দাঁত ওলায়। প্ৰথম দাঁত ওলোৱা সময়ৰ পৰা মাক এগৰাকীয়ে কোমল গজ কাপোৰ বা তুলা কুহুমীয়া গৰমপানীত তিয়াই লৈ সেই তুলাৰে শিশুৰ দাঁতবোৰ ঘঁহি দি পৰিষ্কাৰ কৰি ৰাখিব লাগে। কিছুমান সৰু সৰু টুথ ব্ৰাছ বজাৰত পোৱা যায়, যাক বেবী টুথ ব্ৰাছ বোলা হয়। অস্থায়ী দাঁতৰ সংখ্যা মুখত বাঢ়ি যোৱাৰ লগে লগে বেবী টুথ ব্ৰাছত টুথপেষ্ট লগাই পুৱা-গধুলি দিনত দুবাৰকৈ দাঁত ব্ৰাছ কৰোৱাৰ অভ্যাস কৰিব লাগে। প্ৰতিবাৰ আহাৰৰ পিচতে শিশুক ভালদৰে মুখ পৰিষ্কাৰ কৰি দিব লাগে। শিশু এটাক ৩-৩ ১/২ বছৰ বয়সত ব্ৰাছ কৰাৰ প্ৰণালী শিকাই দিব লাগে। কিন্তু ৬-৭ বছৰ বয়সলৈকে মাকগৰাকীয়ে নিজৰ তত্ত্বাৱধানত ৰাখি শিশুটোৰ দাঁত তথা মুখগহ্বৰৰ পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত দৃষ্টি ৰাখিব লাগে।

লেখক: ডা: স্বৰ্গজ্যোতি দাস (দেওবৰীয়া সম্ভাৰ)

3.20833333333
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top