অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ পেলুৰ সমস্যা

 

বিশ্বত অসংখ্য প্ৰজাতিৰ জীৱ আছে।মানৱ শৰীৰৰ অভ্যন্তৰতো পৰজীৱী প্ৰাণীৰ বসতি থাকে আৰু এই পৰজীৱী প্ৰাণীটো হ’ল পেলু।কিন্তু ইহঁতৰ আকাৰ আকৃতিও ভিন ভিন হয়।শিশুৰ পেটত বাস কৰা পেলুৱে সংক্ৰমণ ঘটায় শিশুটোক শাৰীৰিক কষ্ট দিয়ে।শিশুৰ পেটৰ বিষ,ওজন হ্ৰাস আদি কৃমি বা পেলুৰ বাবে হ’ব পাৰে।তদুপৰি আন কিছুমান ৰোগ যেনে বমি,হজম আৰু শক্তি হ্ৰাস,কেতিয়াবা অত্যাধিক ভোক,জণ্ডিচ,গুহ্যদ্বাৰত খজুৱতি ,টোপনি হ্ৰাস,যন্ত্ৰণাদায়ক প্ৰস্ৰাৱ আদি পেলুৰ বাবে হয়।ডায়েৰীয়া,জ্বৰ আৰু কাঁহ,এনিমিয়া,উদ্বিগ্নতা আদিৰো কাৰণ পেলু বা কৃমি।তদুপৰি পেলুৰ সংক্ৰমণ ঘটিলে শোৱাপাটীত মুত্ৰ ত্যাগ,শৌচৰ লগত তেজ যোৱা আদি সমস্যাতো ভুগিব পাৰে আপোনাৰ শিশু।

কাৰণ:

 

শিশু বিভিন্ন কাৰণত বীজাণুৰ স্ংস্পৰ্শলৈ আহিব পাৰে।সাধাৰণ কাৰণসমুহ হ’ল

১/সংক্ৰমিত পৰিৱেশনৰ সংস্পৰ্শলৈ অহাৰ ফল:পেলুৰ কণী দুইৰ পৰা তিনি সপ্তাহলৈকে আহাৰ গ্ৰহণ নকৰাকৈয়ে জীয়াই থাকিব পাৰে।খেলপথাৰত পেলুৰ কণী থকা ঠাইৰ সংস্পৰ্শলৈ আহিলে,পোহনীয়া জন্তুৰ সংস্পৰ্শলৈ আহিলে।

২/ভালদৰে হাত নুধুলে পেলুৰ সমস্যা হ’ব পাৰে।আপোনাৰ শিশু পেলুৰ দ্বাৰা আক্ৰান্ত হ’লে তেওঁৰ গুহ্যদ্বাৰত খজুৱতি হয়।হাতেৰে খজুৱালে পেলুৰ কণী আঙুলিত লাগি পুনৰ পেটলৈ যাব পাৰে।

৩/অস্বাস্থ্যকৰ পৰিৱেশ:নোধোৱা বিছনা,অন্তৰ্বাস আদি পেলুৰ কণী পৰাৰ উপযোগী ঠাই,তদুপৰি কোনোবাই শৌচ কৰি ভালদৰে হাত নোধোৱাকৈ শিশুটোক স্পৰ্শ কৰিলেও পেলুৰ কণীৰ সংস্পৰ্শলৈ আহিব পাৰে।কাৰণ পেলুৰ কণী হাতৰ নখত ৰৈ যাব পাৰে।

৪/পৰিষ্কাৰ পানী আৰু আহাৰহে খুৱাব লাগে।পাচলি পৰিষ্কাৰকৈ ধুইহে ৰান্ধিব লাগে।কেঁচা আৰু আধা সিজা খাদ্যত পেলুৰ সংক্ৰমণ ঘটিব পাৰে।

চিকিৎসা:পেলুৰ চিকিৎসা যথেষ্ট সহজ আৰু এণ্টিপেৰাচাইট বা পৰজীৱী বিৰোধী ঔষধ খাব লাগে।চিকিৎসকৰ পৰামৰ্শ অনুযায়ীহে শিশুক ঔষধ দিব।ঘৰুৱা উপায়ো অৱলম্বন কৰিব পাৰে।যেনে

১/নাৰিকলৰ সকলো বীজাণু,পেলু,কৃমি নিৰ্মুলত সহায় কৰে।

২/নহৰুৱে শৰীৰৰ অভ্যন্তৰৰ বীজাণু,পৰজীৱী প্ৰাণী নিৰ্মুল কৰে।

৩/কেঁচা অমিতা খাব পাৰে

৪/ৰঙালাউৰ গুটি পিহি ৰস খাব পাৰে।

কেনেকৈ বাধা দিব:

 

কিছুমান সৰু কথা মনত ৰাখিলেই অতি সহজে শিশুটোক পেলুৰ আক্ৰমণৰ পৰা বচাই ৰাখিব পাৰিব।

১/এণ্টিবেক্টেৰিয়েল চাবোনেৰে হাত ধোৱাৰ অভ্যাস কৰাব।

২/শিশুক পৰিষ্কাৰ,ফিল্টাৰ কৰা পানী খাবলৈ শিকাব।

৩/অন্তৰ্বাস প্ৰতিদিনে সলনি কৰিবলৈ শিকাব।

৪/শিশুক বোকাৰ পৰিৱৰ্তে শুকান ঠাইত খেলিবলৈ শিকাব।কাৰণ লেতেৰা বোকাময় ঠাইত অজস্ৰ বীজাণু থাকে।

৫/শিশুক নিয়মীয়াকৈ গা ধুবলৈ শিকাব।

৬/শিশুৰ কোঠাত পৰ্যাপ্ত ৰ’দ পৰাৰ ব্যৱস্থা কৰিব।কিছুমান বীজাণু ৰ’দ সংবেদনশীল হয়।পেলু নিৰ্মুলৰ বাবে সময় থাকোঁতেই ব্যৱস্থা নল’লে পাকস্থলীত গুৰুতৰ ৰোগৰ সৃষ্টি কৰাৰ লগতে শিশুৰ শাৰীৰিক বিকাশত বাধাৰ সৃষ্টি কৰিব।

উৎস:দেওবৰীয়া সুকন্যা

3.12
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top