মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ প্ৰতি আপোনাৰ কৰণীয় :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ প্ৰতি আপোনাৰ কৰণীয় :

শিশুৰ প্ৰতি আপোনাৰ কৰণীয়, সেই বিষয়ে লিখা হৈছে ।

শিশুটিৰ পৰিয়াললৈ আগমন হোৱাৰ লগে লগে ঘৰখনৰ পৰিৱেশেই সলনি হৈ পৰে। বৰ্তমান সময়ত প্ৰায় ৮০-৯০ শতাংশ শিশুৰ চিকিৎসা অনুষ্ঠানতেই জন্ম হয়।

  • তেওঁলোকক ঘৰলৈ স্থানান্তৰিত কৰিবৰ সময়ত বহুতৰে মনত ৰাখিব লাগিব,
  • কিমান কাপোৰ পিন্ধোৱাৰ প্ৰয়োজন,
  • কিমান টোপনি আহিলে ভাল,
  • গা কেতিয়াৰ পৰা ধুৱাব,
  • মালিচ কেতিয়াৰ পৰা কৰিব,
  • কোনটো তেল বা চাবোন বেছি উত্তম,
  • কাজল দিব পাৰিবলনে ইত্যাদি ইত্যাদি?

এইবোৰ আমি প্ৰত্যেফক দিনাই পাতি অহা গতানুগতিক কথা। এইবোৰৰ সংক্ৰান্ততো বহু কথা থাকে যদিও

নৱজাতক শিশুৰ প্ৰতি আমাৰ কৰণীয় অন্য কেইটিমান দিশহে উল্লেখ কৰিব খুজিছোঁ -

১)শিশুটিক এটা বিশেষ নাম দিয়ক:

পোন প্ৰথমেই আমি শিশুটিক বাৰু কি নাম দি মাতো। পৰিয়ালৰ প্ৰত্যেকজনৰে শিশুটিৰ প্ৰতি বেলেগ বেলেগ নাম।

মইনা, চুনুমুনু, চুনা, বাবা, গোসাঁই, গোসাঁনী, ধন, মন ইত্যাদি। কেইদিন বা সপ্তাহ বাগৰাৰ পিছতে শিশুটিক সমাজৰ নিয়মৰ মাজেদি এটি বিশেষ নাম দি মতা হয়। এই কামটো সোনকালে কৰিব পাৰিলে ভাল।

এটা বিশেষ নাম দি মাতিলে শিশুটিয়ে নিজকে নিজে চিনাক্ত কৰিব পৰা হয়। ই মগজু বিকাশৰ প্ৰথম উদ্দীপন।

২)চকুত চকুত থৈ কথা পাতিব:

শিশুটিয়ে যিখিনি সময়ত চকু মেলি থাকে তেনে সময়ত আমি চকুত চকু থৈ কথা পাতিব লাগে। চকুত চকু ৰাখিব পৰাটো শিশুৰ বিকাশৰ এটা বিশেষ গুণ। ই মগজুৰ বিকাশৰ সহায়ক।

৩)চকুৰ আগত বিভিন্ন ৰঙৰ বস্তু দেখাব:

শিশুটিক প্ৰথমৰ পৰাই বিভিন্ন ৰঙৰ বস্তু দেখুওৱা উচিত। পিছে জন্ম হোৱাৰ পৰাই শিশু এটিয়ে বেছি চকু খুলি ৰাখিব নোৱাৰে বা কোনো এটি বস্তু কেইছেকেণ্ডমানৰ বাবেহে স্থিৰ কৰিব পাৰে। তীব্ৰ পোহৰ শিশুটিৰ চকুৱে সহ্য কৰিব নোৱাৰে।

সেয়ে শিশুক ৰখা কোঠাটোত পোহৰ বেছি হোৱা উচিত নহয়। বিভিন্ন ৰঙৰ বস্তু যেনে- খেলনা বা ৰঙা, নীলা, হালধীয়া, বগা ইত্যাদি ভিন্ন ৰঙৰ বেলুন শিশুটি শুৱাই ৰখা বিছনাখনৰ ওপৰত বান্ধি ৰাখিব পাৰি।

যেতিয়াই শিশুটিয়ে চকু মেলিব শিশুটিৰ এই ভিন্ন ৰঙৰ প্ৰতি আকৰ্ষণ বাঢ়িব। এই সহজ কামবিধে শিশুৰ মগজুৰ পিছফালৰ অংশৰ মৃদু উদ্দীপন ঘটায় আৰু দৃষ্টিশক্তিৰ বিকাশত সহায় কৰে।

৪)গান/সুৰীয়া গুণগুণনি/বাদ্যযন্ত্ৰৰ সুৰ ইত্যাদি:

এইবোৰ আমাৰ সমাজৰ বাবে নতুন বস্তু নহয়। আমাৰ সমাজ সাহিত্যিত বহুতো নিচুকনি গীত আছে। এইবোৰ শিশু এটিক ওমলোৱাৰ বাবেই নহয়, ইয়াৰ প্ৰভাৱ শিশুৰ বিকাশৰ লগত যথেষ্ট পৰিমাণে জড়িত। সাৱলীলভাৱে আইতাকৰ ঘোষাফাকিও এই বিষয়ত অন্যতম। পিছে কিছু কিছু পৰিয়ালত প্ৰথমৰ পৰা ম’বাইলত বিহু বা ইংৰাজী পদ্যৰ গানবোৰ বজাই থকা দেখা পোৱা যায়। ই বৰ সমীচীন নহয়। বিশেষ মন কৰিবলগীয়া যে এই কামবোৰ কৰোঁতে যাতে হাই-উৰুমিলৈ পৰিণত নহয়। উচ্চ মাত্ৰাৰ শব্দই শিশুৰ শৰীৰত বিৰূপ প্ৰভাৱ পেলায়। মগজুৰ প্ৰকৃত বিকাশত বাধাৰ সৃষ্টি হয়। সুৰীয়া গুণগুণনি বা লঘু বাদ্যযন্ত্ৰৰ সুৰীয়া শব্দই শিশুৰ শ্ৰৱণ শক্তিৰ বিকাশ ঘটায়। তীব্ৰ শব্দই ইয়াৰ বিপৰীতে কৰে। আনহাতে বিজ্ঞানসন্মত অন্য এটা কথা হ’ল যে আমাৰ মগজুৰ শ্ৰৱণ কেন্দ্ৰৰ কাষতে গণনা অৰ্থাৎ লেখ-জোখৰ কেন্দ্ৰটো থাকে। সেয়ে মৃদু সুললিত সুৰীয়া গুণগুণনিয়ে শিশুটিক পিছৰ জীৱনত গণিতত পাৰ্গত হোৱাৰ সহায় কৰে। অন্য দিশে চালে আমি দেখিম যে যিসকল লোক গণিতত ভাল, তেওঁলোকৰ সংগীত আৰু বাদ্যযন্ত্ৰৰ প্ৰতি আকৰ্ষণ বেছি।

এই কামৰ দ্বাৰা প্ৰকৃতকে আমাৰ কাণৰ ফালে থকা মগজুৰ বিকাশ হয়।

৫)শিশুৰ হাত-ভৰিৰ গাঁঠিবোৰৰ সঞ্চালন কৰাব:

শিশুৰ হাত আৰু ভৰিৰ গাঁঠিবোৰ অলপ পৰোক্ষভাৱে চলাচল/লৰচৰ কৰিব লাগে। ধৰি লওক সোঁহাতৰ সৰু গাঁঠিটো এক, দুই, তিনিকৈ লাহে লাহে দহৰ পৰা বিশ বাৰমান লৰচৰ কৰাই দিলে, তাৰ পিছত কিলাকুটিৰ গাঁঠি, সোঁ বাহুৰ গাঁঠিকেইটা লৰচৰ কৰাওক।

তেনেকৈয়ে বাওঁহাতৰ গাঁঠিবোৰ আৰু পিছত ভৰিৰ গাঁঠিবোৰ সহৃদয়ভাৱেৰে লৰচৰ কৰিব পাৰে। দিনটোৰ ভিতৰত বেলেগ বেলেগ সময়ত দুবাৰ বা তিনিবাৰ তেনে কৰিব পাৰে। তেনে কৰিলে শৰীৰৰ গঠনৰ লগতে মূলতঃ মগজুৰ মধ্যভাগৰ বিকাৰ হয়।

৬)শিশুটিক সদায়েই একেখিনি ঠাইত নুশুৱাব:

এই কথাটোএ অৰ্থ অলপ বেলেগ ধৰণৰ। শিশুটিক দিনটোৰ বিভিন্ন সময়ত আমি বেলেগ বেলেগ ঠাইত শুৱাব বা বিছনাত ৰাখিব লাগে। বা এবাৰ এটা শিতানৰ ফালে মূৰ কৰিলে কিছুপৰৰ পিছত মূৰটো আন শিতানৰ ফালে ৰাখিব।

এনে কৰিলে শিশুটিৰ মগজুত সৃষ্টি হোৱা প্ৰতিবিম্বৰ দিশ সলনি হয়। ফলত শিশুৰ মগজুৰ দিকবলন/দিক দৰ্শনৰ বৃদ্ধি হয়।

ওপৰত উল্লেখ কৰা কাৰ্যকেইটা মোৰ বোধেৰে বিশেষ একো নহয়। এইবোৰ আমি দৈনন্দিন জীৱনত সকলো শিশুৰ প্ৰতি কৰি অহা কথা যেন লাগে।

পিছে ইয়াৰ গুৰুত্ব অধিক যদিও এইবোৰ খুব সংগঠিত কৰি কৰা নহয়। এই বিশেষ কাৰ্যকেইটাই মগজুৰ বিভিন্ন অংশৰ প্ৰয়োজনীয় উদ্দীপনাৰ সৃষ্টি কৰে আৰু মগজুৰ তীক্ষ্ণতা বৃদ্ধি কৰে। এইবোৰক চিকিৎসা বিজ্ঞানত Basic Stimulation বুলি কোৱা হয়।

মানৱ জীৱনৰ বৃদ্ধি আৰু বিকাশৰ অধ্যয়নৰ পৰা দেখা যায় যে কেৱল ৪০ শতাংশহে বংশগত পোৱা যায়। বাকী ৬০ শতাংশই বাহ্যিক পৰিৱেশৰ পৰিঘটনাৰ দ্বাৰা প্ৰভাৱান্বিত হয়। সেয়ে শিশুৰ লালন-পালনৰ লগত বিকাশৰ চাবিকাঠীও অভিন্ন হৈ আহে।

লেখক: ডাঃ মৃদু প্লাৱন বৰা(নিয়মীয়া বাৰ্তা)

4.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top