মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ বিকাশত বিলম্ব-অক্ষমতা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ বিকাশত বিলম্ব-অক্ষমতা

শিশুৰ বিকাশত বিলম্ব-অক্ষমতাৰ কথা লিখা হৈছে

 

এজন প্ৰাপ্তবয়স্ক লোক বহুত কাৰণে অক্ষম হ’ব পাৰে।দীৰ্ঘকালীনভাৱে ভুগি থকা ৰোগ,যেনে-মধুমেহ,উচ্চ ৰক্তচাপৰ কাৰণে অহা জটিলতা,কৰ্কট ৰোগ বা পথ দুৰ্ঘটনাৰ ফলত আহিব পৰা অক্ষমতা ইত্যাদি অন্যতম কাৰণ।কিন্তু শিশুসকলৰ ক্ষেত্ৰত মাতৃগৰ্ভত থকা অৱস্থাত বা জন্মৰ পিছত সন্মুখীন হোৱা জটিলতাৰ ফলত মগজুৰ যি হানি হয়,সিয়েই অক্ষমতাৰ প্ৰধান কাৰণ।প্ৰায়ে দেখা যায় জন্মগত বিসংগতি ,যেনে-জন্মগত বধিৰতা,জন্মগতভাৱে চকুত পৰা ৰোগ,ক্লাব ফুট (ভৰিৰ পতাৰ বিকৃতি বা গেধেমা ভৰি)আৰু জন্মগতভাৱে বংখল সন্ধিৰ অস্বাভাৱিক বিকাশ আৰু ডাউনছ ছিণ্ড্ৰম থকা শিশুসকলে উপযুক্ত চিকিৎসাৰ অভাৱত পিচৰ জীৱনত অক্ষমতাৰ সন্মুখীন হ’ব লগা হয়।সেইদৰে জন্মৰ ওজন কম থকা শিশু বা সময়তকৈ আগত জন্ম হোৱা শিশু,জন্মৰ সময়ত যদি উশাহ-নিশাহ লোৱাত কষ্ট হয় বা একেবাৰে ল’ব নোৱাৰে,নৱজাতক অৱস্থাত যদি অতিমাত্ৰা জণ্ডিচ হৈ চিকিৎসাৰ প্ৰয়োজন হয়,নৱজাতক অৱস্থাত যদি সংক্ৰমণ হৈ মগজুৰ সংক্ৰমণ হয় আৰু গৰ্ভাৱস্থাত যদি মাক দুৰাৰোগ্য সংক্ৰমণ ,যেনে-ৰুবেলা ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত হয়,তেন্তে শিশুটিৰ মগজুৰ বিকাশত বাধা আহিব পাৰে,যাৰ ফলত শিশুটি পিচৰ জীৱনত অক্ষমতাৰ সন্মুখীন হ’ব লগাত পৰিব পাৰে।কিন্তু এটা শিশু একেদিনাই অক্ষমতাৰ সন্মুখীন নহয়।এনে অসুবিধা থকা শিশুসকলে প্ৰথমে বিকাশত বিলম্বতা দেখুৱায়।বিলম্ব অৱস্থাত যদি একো উপযুক্ত পুন:সংস্থাপনৰ ব্যৱস্থা লোৱা নহয়,তেন্তে শিশুটি অক্ষমতাৰ ফালে ঢাল খায় আৰু অক্ষম অৱস্থাত যদি একো ব্যৱস্থা কৰা নাযায়,তেন্তে এদিন প্ৰতিবন্ধী হ’ব লগা হয়,য’ত শিশুসকল সম্পুৰ্ণৰুপে আনৰ ওপৰত নিৰ্ভৰশীলহয়,যিটো কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে।যদি দেখা যায় যে কোনো শিশুৰ বিকাশত বিলম্বতা আহিছে,তেন্তে উপযুক্ত চিকিৎসাৰ জৰিয়তে পুন:সংস্থাপনৰ ব্যৱস্থা কৰিব লাগে,যাতে অক্ষম বা প্ৰতিবন্ধী নহয়।

শিশুৰ মগজুৰ বিকাশ

 

সঠিকভাৱে বিকশিত হ’বলৈ প্ৰয়োজন হোৱা শৰীৰৰ আটাইতকৈ গুৰুত্বপুৰ্ণ অংগ হৈছে মগজু।জন্মৰ সময়ত আমি সকলোৱে একে ধৰণৰ মগজু আৰু মগজুৰ গঠন লৈ জন্ম হওঁ।মগজুৰ বিকাশ হয় নতুন কিছুমান স্নায়ুসম্বন্ধীয় সংযোজনৰ জৰিয়তে।এই প্ৰক্ৰিয়া আৰম্ভ হয় গৰ্ভাৱস্থাৰ ৩০ সপ্তাহৰ (গৰ্ভাৱস্থাৰ শেষৰ তিনি মাহ)পৰা।এই নতুনকৈ গঢ় লোৱা স্নায়ু সংযোজনৰ জৰিয়তে পিচৰ জীৱনত শিশুৱে নতুন আৰু জটিল কাম কৰিব পৰা হয়।শিশুৰ বিকাশৰ কাৰণে এই সময়ছোৱা অতি স্পৰ্শকতাৰ,য’ত নিৰ্দিষ্ট এটা কাম কৰিবৰ কাৰণে নতুন সংযোজনৰ সহায়ত মগজুৰ বিভিন্ন অংশৰ বিকাশ হয়।এই সময়ছোৱাত প্ৰতি ছেকেণ্ডত মগজুত প্ৰায় ৭০০ নতুন সংযোজন স্থাপন হয়।যদিও এই প্ৰক্ৰিয়া পিচৰ জীৱনতো চলি থাকে,জীৱনৰ প্ৰথম দুটা বছৰ এই প্ৰক্ৰিয়াৰ বাবে অতি জৰুৰী।কাৰণ জীৱনৰ প্ৰথম দুটা বছৰত শিশু এটিৰ মগজুৰ প্ৰায় ৮০% আৰু প্ৰথম পাঁচ বছৰত প্ৰায় ৯৫% বিকাশ সম্পুৰ্ণ হয়।

শিশুৰ মগজুৰ পুন: সংস্থাপন পদ্ধতি

 

শিশুৰ মগজুৰ এক বিশেষ ক্ষমতা আছে,যাৰ জৰিয়তে কিবা কাৰণে যদি মগজুৰ অনিষ্ট হয়,তেন্তে সাধাৰণ অৱস্থালৈ ঘুৰাই আনিব পাৰি।আমি যদি বিকাশত বিলম্ব হোৱা শিশুসকলক আগতীয়াকৈ চিনাক্ত কৰিব পাৰো আৰু আধুনিক পুন: সংস্থাপনৰ পদ্ধতি ব্যৱহাৰ কৰো,তেন্তে মগজুৰ এই প্ৰাৰম্ভিক পৰিবৰ্তনবোৰ শুধৰাব পাৰো।জীৱনৰ প্ৰথম ২-৩ বছৰত মগজুক শিকাব পাৰি,পোনাব পাৰি।কাৰণ এই সময়ছোৱাত মগজুৰ দ্ৰুগগতিত বিকাশ হয়।মগজুৰ এটা অংশ যদি অকামিলা হয়,তেন্তে আন এটা অংশক পুন: সংস্থাপনৰ মাধ্যমেৰে শিকাব পাৰি।এই মাধ্যম পৰিস্থিতি অনুসৰি ফিজিঅ’থেৰাপি হ’ব পাৰে বা বাক চিকিৎসা বা শ্ৰৱণ যন্ত্ৰৰ ব্যৱহাৰ হ’ব পাৰে বা চকুৰ চিকিৎসা হ’ব পাৰে।আমি যদি এই সময়খিনি হেৰুৱাওঁ তেন্তে পিচত লোৱা পুন:সংস্থাপনৰ ব্যৱস্থাসমুহে উচিত ফলাফল দিব নোৱাৰিব পাৰে।প্ৰথম তিনি বছৰত কৰিলে এই ব্যৱস্থাসমুহে যি উচিত ফলাফল দিয়ে,সেই একেখিনি ব্যৱস্থা যদি ৬ বছৰ বয়সত কৰো,তেন্তে আমি একে ফলাফল নাপাবও পাৰো।

মগজুৰ বিকাশৰ দুটা কাৰক

 

*পাৰিপাৰ্শ্বিক প্ৰভাৱ:শিশু এটিৰ বিকাশ,বুদ্ধিমত্তা বহুখিনি নিৰ্ভৰ কৰে পিতৃ-মাতৃৰ বুদ্ধিমত্তাৰ মানৰ ওপৰত।এই জন্মগত অৰ্হতা ফলপ্ৰসু হ’বলৈ এক উপযুক্ত উদ্দীপনাৰে ভৰা এক পাৰিপাৰ্শ্বিক অৱস্থাৰ প্ৰয়োজন।প্ৰয়োজন এক সুস্থিৰ ঘৰুৱা পৰিবেশ,য’ত পিতৃ-মাতৃয়ে শিশু এটিক যথোচিত সময় দিয়ে এই স্পৰ্শকতাৰ সময়খিনিত।মগজুৰ বিকাশৰ কাৰণে সঠিক খাদ্য হৈছে এক নিৰাপদ সঠিক পৰিবেশ।এনে পৰিবেশত থাকিলে শিশুটিৰ সঠিক বিকাশৰ কাৰণে কোনো প্ৰশিক্ষণৰ প্ৰয়োজন নহয়।জীৱনৰ প্ৰথম ২-৩ বছৰ বয়সত শিশুটিক সময় দিয়ক,নতুন অভিজ্ঞতাৰ সন্মুখীন কৰাওক,যিয়ে শিশুটিৰ মগজুত দ্ৰুত বিকাশত সহায় কৰিব,জীৱনত আগবাঢ়ি যোৱাৰ ভেটি প্ৰস্তুত হোৱাত সহায় কৰিব।

*জন্মগত প্ৰভাৱ:সমাজ আজি নগৰমুখী হ’ল।ককা- আইতাকবোৰ গাঁৱতে থাকি আহিল।যৌথ পৰিয়ালবোৰ একক পৰিয়াল হ’ল।পিতৃ-মাতৃ দুয়ো কৰ্মৰত হ’ল।ধাইৰ হাতত ডাঙৰ-দীঘল হোৱা হ’ল।বৰ্তমান যুগত সকলোৰে সময়ৰ অভ্যাৱ।শিশুবোৰ পৰিবেশত আহি পৰিল টেলিভিছন,ম’বাইল।যি নতুন কথা শুনে,কথা শিকে বা দেখে সকলো এই ইলেক্ট্ৰ’নিক মাধ্যমবোৰৰ জৰিয়তে শিকা হ’ল।শিশুৰ মনবোৰো পৰিবৰ্তন হ’বলৈ ধৰিছে।বহুতে ক’ব ই যুগৰ পৰিবৰ্তন।কিন্তু আচলতে আমাৰ সকলোৰে হাতত সময়ৰ অভাৱ।সময় দিব নোৱাৰি শিশুসকলক ব্যস্ত কৰি ৰাখিবলৈ আমিবোৰেই এই ইলেক্ট্ৰ’নিক মাধ্যমসমুহ শিশুসকলৰ হাতত তুলি দিছো।

বিকাশ নিৰুপণৰ লক্ষণ

 

*গ্ৰচ’মেটৰ বা শৰীৰৰ চলন-য’ত শৰীৰৰ ডাঙৰ মাংসপেশীসমুহ ব্যৱহাৰ কৰে,যাৰ জৰিয়তে শিশুৱে বহে,থিয় হয়,খোজ কাঢ়িব পাৰে,দৌৰিব পাৰে।

*ফাইন মটৰ-য’ত হাতৰ সুক্ষ্ম মাংসপেশী ব্যৱহাৰ হয়,যাৰ জৰিয়তে শিশুৱে বস্তু এটা ধৰিব পাৰে,লিৰিকি-বিদাৰি চাব পাৰে,নিজে খাব পাৰে,আঁকিব আৰু লিখিব পাৰে।

*কাণেৰে শুনা*কথা কোৱা

*চকুৰে দেখা

*বোধশক্তি আৰু সমাজত আনৰ লগত মিলামিচা কৰাৰ ক্ষমতা।যাৰ জৰিয়তে সমাজত শিশু এটিয়ে আনৰ আগত নিজৰ ভাব প্ৰকাশ কৰিব পাৰে।

শিশু এটিয়ে বিকাশত বিলম্ব এটা বিষয়ত বা অধিক বিষয়ত দেখুৱাব পাৰে।বহুক্ষেত্ৰত মাতৃ এগৰাকী নিজেও সজাগ হ’ব লাগে।

এবছৰত চলন প্ৰক্ৰিয়া

*দুমাহ বয়সত চিনাকি হাঁহি।মাকে যেতিয়া শিশুটিলৈ চায় হাঁহে,তেতিয়া শিশুটিয়ে মাকৰ চকুলৈ চাই হাঁহিৰে সঁহাৰি দিয়ে।

*৪ মাহ বয়সত মুৰ পোন কৰিব লাগে।

*৮ মাহ বয়সত সহায় নোলোৱাকৈ বহিব লাগে।

*১২ মাহত নধৰাকৈ থিয় হ’ব লাগে।

*মাতৃসকলে যদি এই চাৰিটা বিষয়বস্তুৰ বিষয়ে সজাগ হয়,তেন্তে বিকাশত বিলম্ব দুই মাহ বয়সতে ধৰা পেলাব পাৰি।

শিশুৰ জীৱনৰ প্ৰথম দুটা বছৰ অতি গুৰুত্বপুৰ্ণ।শিশুসকলক পিতৃ-মাতৃসকলে সময় দিয়া উচিত।উপযুক্তভাৱে বিকশিত হৈছে নে নাই মন কৰা আৰু চিকিৎসকৰ লগত আলোচনা কৰা উচিত।যদি বিকাশত বিলম্ব হৈছে,তেন্তে আগতীয়া পুন:সংস্থাপনৰ ব্যৱস্থা কৰাটো অতি জৰুৰী।

লেখক:ডা: দীপাংকৰ হাজৰিকা (দেওবৰীয়া সম্ভাৰ)

3.34615384615
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top