মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ বিচনাত প্ৰস্ৰাৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ বিচনাত প্ৰস্ৰাৱ

শিশুৰ বিচনাত প্ৰস্ৰাৱ

কাৰণ আৰু নিৰাময়

শুই থকা অৱস্থাত শিশুটিয়ে বিচনাত প্ৰস্ৰাৱ কৰাটো আমাৰ বহু সংখ্যক অভিভাৱকে সন্মুখীন হৈ অহা এটি পুৰণি সমস্যা। কেচুৱা আৰু কম বয়সীয়া শিশুৰ ক্ষেত্ৰত ই তেনে কোনো চিন্তাৰ বিষয় নহয়, কিয়নো মূত্ৰ নিস্কাসন প্ৰক্ৰিয়াৰে জড়িত মাংসপেশীসমূহৰ ওপৰত সম্পূৰ্ণ নিয়ন্ত্ৰণ সেইখিনি বয়সলৈকে সাধাৰণতে স্থাপিত নহয়। ব্যক্তিবিশেষে ইয়াৰ যথেষ্ট হীন-ডেঢ়ি ঘটিব পাৰে যদিও শিশুটিৰ চাৰি বছৰমান বয়স হোৱাৰ পিছতহে লাহে লাহে এনে নিয়ন্ত্ৰণ ক্ষমতাই পূৰ্ণতা পাব পাৰে। কিমান বয়সত শিশু এটাই মূত্ৰ নিস্কাসন প্ৰক্ৰিয়াৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ লাভ কৰিব, সেয়া কেইবাটাও কাৰকৰ ওপৰত নিৰ্ভৰ কৰে। ল’ৰাতকৈ ছোৱালী এই ক্ষমতা কিছু আগতীয়াকৈ আহে। শিশুটিৰ মানসিক বিকাশ, শাৰীৰিক বাঢ়ন তথা শাৰীৰিক আৰু মানসিক স্বাস্থ্যয়ো কেতিয়া এই নিয়ন্ত্ৰণ আহিব তাত প্ৰভাৱ পেলায়। বংশগতি বা জিনেও ইয়াক প্ৰভাৱিত কৰে। দেখা গৈছে যে সাধাৰণতে পিতৃ-মাতৃয়ে শিশুকালত যি বয়সত বিচনাত প্ৰস্ৰাৱ কৰিবলৈ এৰিছিল, প্ৰায় একে বয়সতে তেওঁবিলাকৰ সন্তানেও বিচনাত প্ৰস্ৰাৱ কৰিবলৈ এৰে।

বেছিভাগ ক্ষেত্ৰতে শিশুৱে বিচনাত প্ৰস্ৰাৱ কৰাৰ কোনো ৰোগজনিত কাৰণ নাথাকে যদিও কম স্ংখ্যকৰ ক্ষেত্ৰত ই কোনো অন্তৰ্নিহিত ৰোগৰ বহি:প্ৰকাশ হ’ব পাৰে। এই সমস্যাক কাৰণৰ ফালৰ পৰা বহলভাৱে দুটা ভাগত ভগাৱ পাৰি- প্ৰাথমিক আৰু কাৰণগত।

শিশুটিয়ে নিদ্ৰাৰত অৱস্থাত জমা হোৱা মুত্ৰখিনি ধৰি ৰাখিবলৈ সক্ষম নোহোৱা, মূত্ৰথলী পূৰ্ণ হোৱা সত্বেও সাৰ নোপোৱা, সন্ধিয়া তথা নিশাৰ ভাগত অধিক পৰিমাণে মূত্ৰ তৈয়াৰ হোৱা বা জাগি থকা অৱস্থাত মূত্ৰ ত্যাগৰ অভ্যাস যথোপযুক্ত নোহোৱাৰ বাবে হোৱা বিচনাত মূত্ৰ-ত্যাগক প্ৰাথমিক বুলি অভিহিত কৰা হয়। স্নায়ৱিক অপৰিপক্কতাৰ বাবেই এনে হয়। প্ৰাথমিক শ্ৰেণীৰ বিচনাত মূত্ৰ-ত্যাগ জন্মৰ দিনৰে পৰা একেৰাহে হৈ থকা বিধৰ হয়।

আনহাতে, কাৰণগত ভাগত সমস্যাটো মাজে সময়ে নোহোৱা হৈ আকৌ দেখা দিয়া বিধৰ হোৱা দেখা যায়। কাৰণ হিচাপে মূত্ৰনলী আৰু মুত্ৰতন্ত্ৰৰ বিভিন্ন স্ংক্ৰমণ, মধুমেহ, স্ংশ্লিষ্ট অংগ-প্ৰত্যংগ বা মাংসপেশীৰ গঠনৰ অস্বাভাৱিকতা বা আঘাত, স্নায়ুজনিত অস্বাভাৱিকতা বা আঘাত, মানসিক সমস্যা, যেনে- মানসিক চাপ, পৰিৱেশৰ পৰিৱৰ্তন, শাৰীৰিক দুৰ্ব্যৱহাৰ আদি, টোপনি স্ংক্ৰান্তীয় সমস্যা, অত্যধিক জুলীয়া আহাৰ গ্ৰহণ আদি উল্লেখ কৰিব পাৰি। সৰু সৰু কৃমিৰ স্ংক্ৰমণ বিভিন্ন বয়সৰ ল’ৰা-ছোৱালীয়ে বিচনাত প্ৰস্ৰাৱ কৰাৰ এক অন্যতম মুখ্য কাৰণ। সঘনাই অসুখ-বিসুখ হৈ থকা বা অভিভাৱকে মাৰপিট, গালি-গালাজ কৰি থকা শিশুবোৰৰ ক্ষেত্ৰত বিচনত প্ৰস্ৰাৱ কৰা সমস্যাৰ হাৰ বেছি হোৱা দেখা যায়।

শিশুৰ বিচনাত প্ৰস্ৰাৱ কৰা সমস্যাৰ পৰিত্ৰাণৰ বাবে কেতবোৰ ব্যৱস্থা ঘৰুৱাভাৱে ল’ব পৰা যায়। শিশুটিক নিশা বিচনালৈ শুৱাবলৈ নিয়াৰ আগতে এবাৰ ভালদৰে প্ৰস্ৰাৱ কৰাব লাগে। সন্ধিয়া শিশুটিক প্ৰয়োজনাধিক পৰিমাণত জুলীয়া আহাৰ নুখুওৱাই ভাল। কিছুমান বিশেষজ্ঞই আবেলি তিনি বজাৰ পিছত চকলেট, কেফেইনযুক্ত আহাৰ (চাহ, কফি আদি), কাৰ্বনযুক্ত শীতল পানীয় আদিও খাবলৈ বাৰণ কৰিছে। নিশাৰ আহাৰৰ স’তে অপ্ৰয়োজনীয় অধিক পানী আৰু জুলীয়া আহাৰ খুৱাব নালাগে। বেছি বয়সলৈ ‘ডায়েপাৰ’ ব্যৱহাৰ কৰি থকা উচিত নহয়, ইয়ে শিশুটিক বিচনাৰ পৰা উঠি গৈ প্ৰস্ৰাৱ কৰাৰ অভ্যাস কৰোৱাত পলম কৰাব পাৰে। সেয়েহে এটা বয়সৰ পিছত ডায়েপাৰ ব্যৱহাৰ কৰি বিচনা তিতোৱা সমস্যাৰ পৰিত্ৰাণ বিচৰাতকৈ নিশা প্ৰস্ৰাৱ লাগিলে শিশুটিক উঠি গৈ নিৰ্দিষ্ট ঠাইত মূত্ৰত্যাগ কৰিবলৈহে শিকাব লাগে। ইয়াৰ বাবে ৰাতি সহজতে গৈ পোৱা ঠাইত প্ৰস্ৰাৱ কৰাৰ ব্যৱস্থা কৰিব লাগে। বহু দূৰলৈ গৈ প্ৰস্ৰাৱ কৰিব লগা হ’লে শিশুটিয়ে ভয় খাব বা নিৰুতসাহিত হ’ব পাৰে। শোৱা কোঠাৰ স’তে স্ংলগ্ন প্ৰস্ৰাৱগাৰ থাকিলে ভাল। প্ৰয়োজনবোধে দাঙি নিব পৰা প্ৰস্ৰাৱ কৰিব পৰা পাত্ৰ (চৰিয়া আদি) শিশুটি শোৱা বিচনাৰ কাষতে ৰখাৰ ব্যৱস্থা কৰিব লাগে। প্ৰস্ৰাৱ লাগিলে বিচনাৰ পৰা নামি গৈ যথাস্থানত মূত্ৰত্যাগ কৰাৰ বাবে উত্সাহিত  আৰু মানসিকভাৱে সাজু কৰিবলৈ কেলেণ্ডাৰ-চাৰ্ট আৰু পুৰস্কাৰৰ ব্যৱস্থা কৰিলে সুফল পোৱা যায়। এই ব্যৱস্থাত শিশুটিয়ে বিচনাত প্ৰস্ৰাৱ নকৰা দিনবোৰত কেলেণ্ডাৰৰ ঘৰত দাগ দি থৈ মাজে-সময়ে শিশুটিক পুৰস্কৃত কৰিব লাগে। বিচনাত প্ৰস্ৰাৱ কৰাৰ বাবে শিশুটিক কেতিয়াও গালি-গালাজ বা মাৰপিট কৰিব নালাগে। এয়ে শিশুটিৰ মনত ভীতিভাৱ আৰু উত্কন্ঠাৰ সৃষ্টি কৰি সমস্যা অধিক জটিল কৰি তোলাৰ সম্ভাৱনাহে বেছি। অভিভাৱকসকল এই ক্ষেত্ৰত যথেষ্ট সহনশীল আৰু সহানুভূতিশীল হোৱাৰ গত্যন্তৰ নাই। বিচনাত প্ৰস্ৰাৱ কৰা কথাটো আলোচনা কৰি থাকিব নালাগে। পৰিয়ালৰ অইন সদস্য বা বিশেষকৈ পৰিয়ালৰ বাহিৰৰ ব্যক্তিৰ সৈতে শিশুটিৰ সন্মুখতে এনে আলোচনা কৰা একেবাৰে উচিত নহয়। এই কথাক লৈ শিশুটিক নিজেও জোকাব বা আনকো জোকাবলৈ দিব নালাগে। লাজ পালে শিশুটিয়ে এনে অভ্যাস এৰিব বুলি ভবাটো একেবাৰে ভুল, কিয়নো বিচনাত প্ৰস্ৰাৱ কৰাটো শিশুটিৰ ইচ্ছাকৃত নহয়। বৰঞ্চ শিশুটিক তাৰ বিচনাখন শুকান আৰু পৰিস্কাৰকৈ ৰখাটো যে তাৰ এক দায়িত্ব, এই সম্পৰ্কে মৰমেৰে বুজাই তাৰ দায়িত্ববোধ জগাই তোলাৰ চেষ্টা কৰিব লাগে। বিচনা পৰা আৰু পৰিস্কাৰ কৰা প্ৰক্ৰিয়াত শিশুটিকো লগত ল’লে এনে দায়িত্ববোধ অনাত সহজ হয়।

চাৰি বছৰমানলৈ শিশুটিয়ে বিচনাত প্ৰস্ৰাৱ কৰিলেও বিশেষ চিন্তাৰ কাৰণ নাথাকে, যদিহে অইন কোনোধৰণৰ অস্বাভাৱিকতাৰ লক্ষণ নেদেখুৱায়। পাঁচৰপৰা সাত বছৰলৈ এনে সমস্যা নুগুচিলে চিকিত্সকৰ পৰা পৰামৰ্শ লোৱা উচিত। আনহাতে, যদিহে কোনো শাৰীৰিক বা মানসিক অস্বাভাৱিকতাৰ লক্ষণ চকুত পৰে, তেন্তে সময় বিলম্ব নকৰি শীঘ্ৰেই চিকিত্সকৰ স’তে পৰামৰ্শ কৰিব লাগে।

লিখক: ডা0 ৰমেন কুমাৰ কাকতি, দৈনিক অসম

2.97872340426
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top