শিশুক যিকোনো পানী খোৱালে, ঠাণ্ডা চৰবত, আইচক্ৰীম আদি খাবলৈ দিয়াৰ ফলতে খাবলৈ মন নোযোৱা, ডায়েৰিয়া, খাদ্য হজম নোহোৱা আদি হয়। কেতিয়াবা কমকৈ বা বেছিকৈ খালে, ভাইৰাছ, বেক্টেৰিয়া আদি কাৰণতো শিশুৰ পেটৰ অসুখ হয়। শিশুটিৰ পেটৰ অসুখ হ’লে জ্বৰ, বমি, পেট ফুলি থকা, সঘনাই শৌচ আদি হয়। গতিকে আগতীয়াকৈ শিশুটিৰ যত্ন লোৱা উচিত। গৰম পানী ঠাণ্ডা কৰি খুৱাব নালাগে। ডায়েৰিয়া হ’লে প্ৰতিবাৰ পায়খানা হোৱাৰ পিছত শিশুটিক পানী খাবলৈ দিয়া উচিত। অৱশ্যে শিশুৰ ছমাহলৈকে মাকৰ গাখীৰহে দিব লাগে। O.R.S খুৱাব লাগে। অসুখ বাঢ়ি গ’লে শিশু চিকিৎসকৰ ওচৰলৈ যোৱা উচিত।
শিশুৰ নাকেৰে বিভিন্ন কাৰণত তেজ ওলায়। ঋতু পৰিৱৰ্তন হ’লে খুব বেছি গৰম বা বেছি ঠাণ্ডা পৰিলে, নাকত ইনফেক্সন হ’লে নাকত আঙুলি সুমুৱাই দিলে, নাকত দুখ পালে ইত্যাদি কাৰণত শিশুৰ নাকেৰে তেজ ওলায়।
চিকিৎসা
জ্বৰ-কাহ-চৰ্দি বিভিন্ন কাৰণত হ’ব পাৰে। ভাইৰাছজনিত সংক্ৰমণৰ বাবেই এই অসুবিধাবোৰ হয়। গাৰ বিষ, মূৰৰ বিষ, হাঁচি, নাকেৰে পানী ওলোৱা আদি ইয়াৰ লক্ষণ।
চিকিৎসা
শিশুটিক গৰম কাপোৰৰ সলনি পাতল কপাহী কাপোৰেৰে আৱৰি ৰাখিব লাগে। জ্বৰ-বিষৰ কাৰণে পেৰাচিটামল জাতীয় দ্ৰব্য, চৰ্দিৰ কাৰণে এন্টিহিষ্টামিনিক ব্যৱহাৰ কৰাই আটাইতকৈ নিৰাপদ। শিশুটি কুহুমীয়া গৰম পানীৰে কুলি কুলি কৰিব পৰাটো খুবেই ভাল। গৰম পানীৰ ভাপো ল’ব পাৰে। যদিহে ভাল নহয় চিকিৎসকৰ ওচৰলৈ যাব লাগে।
শিশুটিৰ গাৰ নোম ঘাম ওলালে মচি পেলাব লাগে। শিশুটিৰ পৰিষ্কাৰকৈ ৰাখিব লাগে। নহ’লে শৰীৰত জমা হোৱা ময়লাবোৰ ঘৰ্ম ছিদ্ৰবোৰ বন্ধ কৰি দিয়ে আৰু ঘামচি হয়। তেতিয়া গাটো খজুৱাবলৈ ধৰে। শিশুটিৰ এনে সমস্যা গৰম দিনত বেছিকৈ হয়। শিশুটিক মেডিকেটেড পাউদাৰ দিয়াহে উচিত। যিকোনো পাউদাৰ দিলে শিশুটিৰ ঘৰ্ম ছিদ্ৰবোৰ বন্ধ কৰি সমস্যাৰহে সৃষ্টি কৰে। শিশুটিক বেছিকৈ বেছিকৈ তেল মালিচ কৰাৰ পৰাও বিৰত থাকক।
শিশুটিৰ কাণত কেতিয়াবা কিবা প্ৰকাৰে পোক সোমাব পাৰে। পোকটোৱে ধৰফৰাই শিশুটিৰ কাণত বিষ কৰিব পাৰে। কাণত যিকোনো বস্তু ভৰাব নালাগে, হিতে বিপৰীতে হ’ব পাৰে। কাণত পানী, গ্লিচাৰিণ, নাৰিকলৰ পানী ভৰাব লাগে। তেতিয়া পোকটো আধা মৰা হ’ব। ঘৰতে প্ৰাথমিক কামটো কৰি পিছত চিকিৎসকৰ ওচৰ চাপিব লাগে।
শিশুটিৰ গাত হোৱা আই, ভাইৰাছৰ দ্বাৰা সংক্ৰমিত ৰোগ। এই ৰোগ হ’লে শিশুটিৰ চৰ্দি, জ্বৰ, কাঁহ, পেটৰ বিষ, গাৰ বিষ হয়। মুখৰ ভিতৰত বগা দাগ পৰে পিছত কপাল, কাণৰ পিছফালে কিছুমান গুটি ওলায়। এই গুটি লাহে লাহে সমগ্ৰ শৰীৰতে বিয়পি পৰে। এই ৰোগ হ’লে শিশুটিক প্ৰ’টিন জাতীয় আহাৰ বেছিকৈ খুউওৱা উচিত। মাকৰ স্তনপান কৰোৱাই থাকিলে এই ৰোগ প্ৰতিৰোধ হয়। কিয়নো মাকৰ গাখীৰত প্ৰতিৰোধকাৰী এন্টিব’ডি থাকে। শিশুৰ ন-মাহত ভেকচিন দিলে এই ৰোগ কম হয়। শিশু চিকিৎসকৰ লগত পৰামৰ্শ কৰিব লাগে।
শিশুৰ বিভিন্ন কাৰণত কৃমি হয়। কৃমি হ’লে মাটি খোৱা, পেট বেয়া হোৱা, ওপৰমুৱা হৈ শুই থকা আদি লক্ষণ দেখা পোৱা যায়। এই ৰোগ হ’লে পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ ওপৰত গুৰুত্ব দিয়া উচিত। শিশিক কৃমি অনুযায়ীহে ঔষধ খুৱাব লাগে।
শিশুটিয়ে হঠাতে জোৰেৰে কান্দি উঠিলে কন্দাৰ কাৰণ হিচাপে কাণৰ বিষ হ’ব পাৰে বুলি মন কৰা উচিত। শিশুটিৰ কাণখন ৰঙা পৰি যায়। শিশুৰ কাণৰ বিষ, টনছিল, কাণত পোক সোমোৱা, দাঁত, নাক, জিভাৰ অসুখ, কাণৰ ফোঁহা, মধ্যাকৰ্ণত ঠাণ্ডা লগা ইত্যাদি কাৰণতে হ’ব পাৰে। এখন ৰুমাল বা এটুকুৰা কোমল কাপোৰ ভাঁজ কৰি ল’ব। কাপোৰখন গৰম কৰি শিশুটিৰ কাণত সেক দিব। শিশুটিৰ কাণৰ বিষ আৰাম পাব। পিছত শিশু বিশেষজ্ঞক দেখুৱাওঁক।
সাধাৰণতে শিশুটিৰ ডায়েৰিয়া হোৱাৰ পিছতে ডিহাইড্ৰেছন হয়। ডায়েৰিয়া হ’লে শৰীৰৰ পানী ওলাই যোৱাৰ ফলত শিশুৰ ওজন কমি যায়। দুৰ্বল হৈ ক্ষীণ হৈ পৰে। লগতে পিয়াহো বাঢ়ি যায় আৰু শিশুটিয়ে একেৰাহে কান্দি থাকে। শিশুটিৰ ছাল শুকাই যায়, চকু ভিতৰলৈ সোমাই যায়, গাৰ উজ্জ্বলতা কমি যায়। শিশুটিৰ মুখৰ ভিতৰখন আৰু জিভা শুকাই ৰঙা হৈ পৰে।
ডিহাইড্ৰেছন ৰোগ হোৱা শিশুটিৰ সিৰাৰ দ্বাৰা চেলাইন দিয়া হয়। এক লিটাৰ পানীত আধা চাহ চামুচ নিমখ আৰু চাৰি চামুচ চেনি মিহলাই O.R.S বনাই শিশুটিক অলপ অলপকৈ সঘনাই খুৱাব লাগে। O.R.S ১২ ঘন্টাৰ বেছি সময় ব্যৱহাৰ কৰিব নালাগে।
কেতিয়াবা শিশুটিক মাছ খুৱাওঁতে ডিঙিত কাঁইট লাগি ধৰিব পাৰে। কাঁইট লাগিলে লগে লগে শিশুটিক পানী খোৱাৰ লাগে। নতুবা শুকান ভাত, কল খোৱাই দিব লাগে। যদিহে কাঁইট নোলায় বা ঠিক নহয় তেন্তে চিকিৎসকৰ ওচৰলৈ যোৱা উচিত।
বেক্টেৰিয়াৰ পৰা সংক্ৰমিত হোৱা যক্ষ্মা ৰোগৰ লক্ষণ হ’ল- গা বেয়া লাগি থকা, পাতল জ্বৰ, গ্ৰন্থিবোৰ উখহি যোৱা, চৰ্দি, কাহ হৈ থকা। ৰোগ বেছি হ’লে কফৰ লগত তেজ ওলাব পাৰে।
চিকিৎসা
ৰোগীৰ বিছনা, কাপোৰ পৃথক কৰি থোৱাৰ ওপৰত গুৰুত্ব দিব লাগে। শিশুটিক পুষ্টিৰ প্ৰয়োজন। বি.চি.জি ভেকচিন দিলে যক্ষ্মা ৰোগ প্ৰতিৰোধ কৰিব পাৰি। চিকিৎসালয়ত ৰোগ ভাল নোহোৱা পৰ্যন্ত ৰখা উচিত।
শিশুৰ কন্ভালছন বেয়া হোৱা মানে হাত-ভৰি কোঁচ খাই যোৱা। শিশুৰ অত্যাধিক জ্বৰ হ’লে হাত-ভৰি কোঁচ খাই যায়। হঠাতে এনে ঘটিলে কেতিয়াবা শিশুটিৰ দাঁতৰ মাজত জিভা সোমাই কাট খাই যাব পাৰে। লগতে মগজুৰ অক্সিজেনৰ চলাচল ব্যাহত হৈ পৰে। যাৰ ফলত শিশুৰ মগজু নষ্ট হোৱাৰ সম্ভাৱনা থাকে। এই ক্ষেত্ৰত শিশুৰ ওপৰত অনবৰতে চকু দি থকা উচিত। শিশু চিকিৎসকৰ লগত যোগাযোগ কৰিব লাগে।
শিশুৰ মাম্পচ হ’লে দুয়োখন গালৰ তলৰ অংশ উখহি উঠে। লগতে খুব বিষ হ’ব। এই ৰোগ হ’লে শিশুৰ খুব জ্বৰ উঠে, মুখৰ ভিতৰখন শুকান হৈ দুৰ্গন্ধ ওলায়, দুৰ্বলো হৈ পৰে। মাম্পচ হোৱা অংশত গৰম সেক দিব লাগে। শিশুৰ পোন্ধৰ মাহ হ’লে MMR ভেকচিন দিলে মাম্পচ ৰোগ প্ৰতিৰোধ হয়।
লেখিকা: সুমিত্ৰা গোস্বামী।
বিশেষ সংযোজন: ৰীতু গগৈ।
শেহতীয়া উন্নীতকৰণ: : 3/16/2020