মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ বৃদ্ধিত সুষম আহাৰৰ প্ৰভাৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ বৃদ্ধিত সুষম আহাৰৰ প্ৰভাৱ

 

সুষম আহাৰ বুলিলে বহু দামী কিছুমান বিশেষ খাদ্যৰ কথা নুবুজায়। চৌপাশৰ পৰিৱেশত পোৱা কম মূল্যযুক্ত বা বিনামূল্যে পোৱা খাদ্যবস্তুও সুষম আহাৰ হ’ব পাৰে। আমাৰ শৰীৰক নিতৌ প্রয়োজন খনিজ লৱণ আদি উপাদানবোৰ নির্ধাৰিত হাৰত যি আহাৰত পোৱা যায়, সেয়ে হ’ল সুষম আহাৰ।

শিশুৰ শাৰীৰিক, মানসিক আৰু বৌদ্ধিক উৎকর্ষ সাধনত সুষম আহাৰৰ ভূমিকা উল্লেখনীয়। শিশু পর্যায়ত মানুহৰ শৰীৰক অধিক পৰিমাণৰ শক্তিৰ প্রয়োজন হয়। বিশেষকৈ শৈশৱ কালছোৱাত মানুহৰ শৰীৰে সৰুৰ পৰা ডাঙৰলৈ ক্রমশঃ বৃদ্ধি হ’বলৈ ধৰে। শিশুৰ শৰীৰ সঠিকভাৱে লাগতিয়াল উপাদানসমূহ লাভ কৰিব। সেয়ে শিশু অৱস্থাটোক মানৱ দেহৰ গুৰুত্বপূর্ণ স্তৰ বুলিব পাৰি। এজন নিৰোগী সুস্থ-সুঠাম স্বাস্থ্যৰ অধিকাৰী শিশু পাবলৈ সুষম আহাৰৰ প্রয়োজন আছে। সুষম আহাৰৰ জৰিয়তেহে শিশুৰ বিকাশ সম্ভৱ। প্ৰত্যেক পিতৃ-মাতৃয়ে শিশু অৱস্থাতে নিজ সন্তানক পুষ্টিদায়ক খাদ্য, যেনে— মাছ, মাংস, কণী, গাখীৰ, বিভিন্ন ফলমূল, সেউজীয়া শাক-পাচলি—লাই, মূলা, কচু, লফা, কবি, তিয়ঁহ, বিন, পালেং, ৰঙালাও আদি খাদ্য শিশুৰ বয়স আৰু শাৰীৰিক পৰিসৰ অনুপাতে খুৱাব লাগে। পুষ্টিদায়ক খাদ্যই শিশুৰ দেহত শক্তি যোগাই শৰীৰ বৃদ্ধি আৰু ৰোগ প্রতিৰোধৰ ক্ষমতা বঢ়োৱাত প্রত্যক্ষ প্ৰভাৱ পেলায়। সুষম খাদ্য পুষ্টিদায়ক। পুষ্টিজনক খাদ্যই শৰীৰৰ সকলো দিশত বিকাশ সম্ভৱ কৰি তোলে।

সুষম খাদ্যৰ অভাৱত শিশুৰ গাত বিভিন্ন ৰোগে আক্রমণ কৰি বিকাশত বাধা দিয়ে। যাক চিকিৎসা বিজ্ঞানত অভাৱজনিত ৰোগ বোলা হয়। খাদ্যৰ উপাদান কাৰ্বহাইড্ৰেট, প্ৰ’টিন, চৰ্বি, ভিটামিন, খনিজ দ্রব্য আদিৰ অভাৱত এই ৰোগ হয়। কার্বহাইড্রেটৰ অভাৱত দেহত বল-শক্তি কমি যোৱা, ভাগৰ বা দুর্বল অনুভৱ কৰা, টান কাম কৰিব নোৱৰা আদি উপসৰ্গই দেখা দিয়ে। প্ৰ’টিনৰ অভাৱত “কোৱাছিৱকাৰ’, মাৰাছমাছ ৰোগ, খনিজ পদার্থৰ অভাৱত হাড়ৰ বৃদ্ধিত বাধাগ্রস্ত হোৱা, কটা-ছিঙাত অতিপাত ৰক্তক্ষয়, ৰক্তহীনতা, হাড় আৰু দাঁত দুর্বল হোৱা আদি ৰোগসমূহে দেখা দিয়ে। ভিটামিনৰ অভাৱে মানসিক আৰু শাৰীৰিকভাৱে শিশুজনক নিশকতীয়া কৰি পেলায়। ভিটামিন হ’ল এক প্ৰকাৰ প্রবলশক্তি সম্পন্ন জৈৱ-ৰাসায়নিক যৌগ। ভিটামিন বা খাদ্যপ্ৰাণ হ’ল জটিল জৈৱযৌগ, যি পৰিমাণত অলপ হ’লেও প্রাণী দেহৰ বৃদ্ধিৰ বাবে অতি আৱশ্যকীয়। ইয়াৰ অভাৱত প্রাণীদেহ বিভিন্ন ৰোগৰ সন্মুখীন হয়। দ্ৰৱণীয়তাৰ ওপৰত নিৰ্ভৰ কৰি ভিটামিনক দুটা ভাগত ভাগ কৰা হৈছে— ফেটত দ্ৰৱণীয় ভিটামিন (ভিটামিন এ, ডি, ই, কে) আৰু পানীত দ্ৰৱণীয় ভিটামিন (ভিটামিন বি-কম্‌প্লেক্স আৰু চি)।

ভিটামিনৰ কাৰ্য আৰু অভাৱজনিত ৰোগ

দেহৰ সামগ্রিক বৃদ্ধি, চকুৰ আৱৰণী কলাস্তৰৰ সাধাৰণ গঠন, দৃষ্টিশক্তি অক্ষুন্ন ৰখা, স্নায়ু কোষ আৰু পেশীকোষৰ পুষ্টি সাধন কৰা, হাড় আৰু দাঁতৰ স্বাভাৱিক বিকাশত অংশগ্রহণ কৰা, জননাংগৰ গঠন আৰু কাৰ্য নিয়ন্ত্ৰণ কৰা আদিয়েই ভিটামিনৰ প্রধান কার্য।

অভাৱজনিত ৰোগৰ ভিতৰত— দেহৰ স্বাভাৱিক বৃদ্ধি আৰু ওজন হ্রাস পোৱা, কুকুৰীকণা, বেৰিবেৰি, পয়ালগা, শুষ্কাক্ষি (জেৰ'পথেলমিয়া) ৰোগ, চকুৰ পৰ্দাৰ অস্বচ্ছতা ৰোগ, চৰ্মৰ স্থূলতা আৰু শুষ্কতাৰ চৰ্মৰোগ, ফ্ৰাইন’ডাৰমা (phrynoderma) হয়। তদুপৰি অন্ত্র, শ্বাসনলী, বৃক্ক, মূত্ৰনলী আৰু স্নায়ুতন্ত্ৰৰ ক্ষয়ৰোগ, জনন ক্ষমতাৰ ত্ৰুটী দেখা দিয়া আদি ৰোগ হোৱা দেখা যায়।

শিশুক উল্লিখিত ৰোগৰ পৰা ৰক্ষা কৰিবলৈ খাদ্যৰ উপাদান নিহিত থকা আহাৰ যোগান ধৰিব লাগিব। ৪ বছৰৰ পৰা ১০ বছৰলৈকে এটি শিশু নিম্ন উল্লিখিত নিৰ্ধাৰিত পৰিমাণত সুষম আহাৰৰ আৱশ্যক হয়, যাৰ সহায়ত শিশুজনৰ দৈহিক আৰু মানসিক উৎকর্ষ সাধন সঠিকভাৱে হয়।

সুষম আহাৰৰ নাম, পৰিমাণ (প্ৰায়)

প্ৰতিদিনৰ হিচাপত

চাউল, আটা : ১২৫ – ২৫০ গ্ৰাঃ

দাইল      : ৬২-৯৩ গ্ৰা:

মাছ, মাংস  : ১২৫ — ১৮৬ গ্ৰাঃ

গাখীৰ     : ৫০০-৭৫০ মি:লি:

ঘিউ, তেল  : ১৫-৩০ গ্ৰা:

কণী      : ১ টা

সেউজীয়া

শাক-পাচলি : ১২৫-১৮৬ গ্ৰা:

ফলমূল    : পৰিমিত

 

সুষম আহাৰৰ মৌলিক উপাদান নিহিত থকা খাদ্যৰ উৎস—ভাত, ৰুটী, আলু, চিৰা, মুড়ি, দাইল, গাখীৰ, দৈ, কণী, মাছ, মাংস, তেল, ঘিউ, মাখন, ময়দা, সেউজীয়া শাক-পাচলি, ফলমূল ছয়বিন আদি।

তদুপৰি শৰীৰত পর্যাপ্ত পৰিমাণে পানীৰো প্রয়োজন। পানীৰ অভাৱ ঘটিলে অসুবিধা হয়। পানীৰ অভাৱত দেহৰ কোষবোৰ উজ্জীৱিত নহয় আৰু শৰীৰ শীতল কৰি ৰখাত বাধা দিয়ে। সেয়ে এটি শিশুক সঠিক পৰিমাণত পানীৰ লগতে আন উপাদানসমূহ পাব পৰাৰ ব্যৱস্থা পিতৃ-মাতৃয়ে কৰা উচিত।

সম্প্রত অসমত অভাৱনীয়ভাৱে পুষ্টিহীনতাত ভোগা শিশুৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰিছে। ৰাজ্যৰ প্ৰায় ১৫ লাখ শিশু পুষ্টিহীনতাত ভূগিছে আৰু এই সংখ্যা আফ্রিকাৰ একাংশ দৰিদ্ৰ দেশৰ পুষ্টিহীনতাত ভোগা শিশুতকৈও অধিক। বিভিন্ন আঁচনিৰ অধীনত চৰকাৰে প্ৰতি বছৰে শ শ কোটি টকা ব্যয় কৰাৰ পাছতো ৰাজ্যখনৰ প্ৰায় ৩০.৮ শতাংশ শিশু পুষ্টিহীনতাত ভোগাটোৱে ৰাজ্যখনৰ দৰিদ্রতা নিৰ্মল নোহোৱা কথাকে সূচায়। দৰিদ্রতা আৰু পুষ্টিহীনতাৰ মাজত ওতপ্রোত সম্বন্ধ আছে। সেয়ে দৰিদ্রতা নিৰ্মূলৰ বাবে সকলো স্তৰৰ ব্যক্তিয়ে চৰকাৰৰ আঁচনিসমূহ সঠিকভাৱে আৰু সময়মতে ৰূপায়ণ কৰাৰ বাবে সজাগ-সচেতন হ’ব লাগিব। তেহে ৰাজ্যৰ প্ৰতিজন দৰিদ্ৰ শিশুৱে সুষম আহাৰ পাবলৈ সক্ষম হ’ব আৰু পুষ্টিহীনতা নিৰ্মল হ’ব।

লিখক: দুদুল সোণোৱাল, দৈনিক জনমভূমি।

 

2.96296296296
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top