মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ বৈদ্যুতিক শ্বকৰ পৰা হোৱা আঘাত :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ বৈদ্যুতিক শ্বকৰ পৰা হোৱা আঘাত :

শিশুৰ বৈদ্যুতিক শ্বকৰ পৰা হোৱা আঘাতৰ বিষয়ে লিখা হৈছে ।

যেতিয়া মানৱ শৰীৰ বিদ্যুতৰ উৎসৰ প্ৰত্যক্ষ সংযোগলৈ আহে,তেতিয়া ইয়াৰ মাজেদি বিদ্যুৎ পাৰ হৈ যায় আৰু তাকে বৈদ্যুতিক শ্বক বোলা হয়।বিদ্যুতৰ ভল্টেজৰ ওপৰত নিৰ্ভৰ কৰি বৈদ্যুতিক শ্বকে সামান্যৰ পৰা গভীৰ আঘাতৰ সৃষ্টি কৰিব পাৰে।

সাধাৰণতে খোজ কাঢ়িবলৈ  শিকা বা চুঁচিৰ থকা শিশুৰ মাজত ইলেক্ট্ৰিক শ্বকৰ ঘটনা বেছিকৈ ঘটে।বিদ্যুতৰ ক’ৰ্ড,কামোৰাৰ ফলত বা মুকলি হৈ থকা বৈদ্যুতিক সামগ্ৰীত হাত লগোৱাৰ ফলত এনে ঘটনা ঘটে।কেতিয়াবা পানী হাতেৰে লাইটৰ ছুইচ চোৱাৰ ফলত বা খ্ৰীষ্টমাষ্ট ট্ৰীৰ দৰে ঘৰ সজোৱা সামগ্ৰী হাতেৰে স্পৰ্শ কৰিলেও এনে হ’ব পাৰে।

প্ৰতিকাৰ: সকলো বৈদ্যুতিক সামগ্ৰী ভালদৰে ঢাকি থৈ,শিশুৰ পৰা ৱায়াৰ আদি আঁতৰত ৰাখি,শিশুক এই সমস্যাৰ পৰা মুক্ত কৰি ৰাখিব পাৰে।

কি কৰিব -

১/বিদ্যুৎ শ্বকত আঘাত প্ৰাপ্ত শিশুক স্পৰ্শ কৰাৰ পুৰ্বে মেইন ছুইচ অফ কৰিব।

২/কেতিয়াবা খালী হাতে বিদ্যুৎ পৰিবাহী ৱায়াৰ নুচুব।শুকান লাঠী,বাতৰি কাগজৰ ৰোল,অথবা বিদ্যুৎ পাৰ হৈ নোযোৱা সামগ্ৰীৰেহে ৱায়াৰডাল আঁতৰাব।

৩/যিমান সোনকালে পাৰে শিশুটোক আঁতৰাব।কাৰণ বৈদ্যুতিক শ্বকে ৰাজহাড়ৰ ফাট মেলাব পাৰে।

৪/বিদ্যুতৰ উৎসটো আঁতৰাব নোৱাৰিলে,শিশুটোক আঁতৰাই আনিব।কিন্তু খালী হাতেৰে নহয়।

৫/বিদ্যুত ব্যাহত হ’লেই শিশুটোৰ উশাহ,ছালৰ ৰং আদি পৰীক্ষা কৰিব।শিশুৰ হৃদস্পন্দন কম হোৱা পালে চি পি আৰ কৰিব আৰু চিকিৎসকৰ সহায় ল’ব।

৬/শিশুটোক বিদ্যুতৰ উৎসৰ পৰা আঁতৰাই লগে লগে পোৰা ঠাই চাব আৰু চিকিৎসকৰ কাষলৈ নিব।

চিকিৎসা -

১/চিকিৎসকৰ তাৎক্ষণিক পৰীক্ষা দৰকাৰ।কাৰণ শ্বকে আভ্যন্তৰীণ ক্ষতি কৰিব পাৰে।কাৰণ তেনে ক্ষতি চকুৰে নেদেখি।

২/শিশু বিশেষজ্ঞই পোৰা ঠাই পৰিষ্কাৰ কৰিব আৰু আভ্যন্তৰীণ অংগৰ ক্ষতি পৰীক্ষাৰ বাবে ব্যৱস্থা ল’ব।

৩/মুখত পুৰিলে,চকুৰে দেখাতকৈ আঘাত বেছি হয়।শিশুটোক তেনেক্ষেত্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হ’ব পাৰে।

৪/তেজ ওলালে লগে লগে অভিজ্ঞ চিকিৎসকৰ পৰামৰ্শ ল’ব।

উৎস:দেওবৰীয়া সুকন্যা

 

 

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top