মূল পৃষ্ঠা / স্বাস্থ্য / শিশুৰ স্বাস্থ্য / শিশুৰ ব্যক্তিত্বৰ বিকাশ আৰু প্ৰয়োজনীয় মাৰ্গদৰ্শন :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

শিশুৰ ব্যক্তিত্বৰ বিকাশ আৰু প্ৰয়োজনীয় মাৰ্গদৰ্শন :

শিশুৰ ব্যক্তিত্বৰ বিকাশ আৰু প্ৰয়োজনীয় মাৰ্গদৰ্শনৰ বিষয়ে লিখা হৈছে ।

 

ব্যক্তিত্ব হ’ল এজন ব্যক্তিৰ সকলোবোৰ বৈশিষ্ট্যৰ সামগ্ৰিক সমষ্টি।শাৰীৰিক অৱয়ব,বুদ্ধি আৰু মানসিক বিকাশ,মুল্যবোধ,আৱেগ,বিবেক,মনোবল আৰু মনোযোগ,মানৱীয় প্ৰমুল্য আদি গুণ আৰু দিশসমুহৰ সামগ্ৰিক প্ৰতিফলনকে এজন ব্যক্তিৰ বুলি ক’ব পাৰি।জীৱন আৰু জগতমুখী চেতনা আৰু মুল্যবোধ এজন ব্যক্তিৰ যিমানেই প্ৰবল হ’ব সিমানেই সেই ব্যক্তিৰ ব্যক্তিত্ব উচ্চ পৰ্যায়ৰ বুলি সমাজত গ্ৰহণ কৰা হয়।

শিশুৰ ব্যক্তিত্বৰ বিকাশৰ কথা কওঁতে সাধাৰণতে সিহঁতৰ ভৱিষ্যতৰ জীৱন-যাত্ৰাৰ ভৱিষ্যতৰ জীৱন-যাত্ৰাৰ দিশটোও লগত জড়িত হৈ পৰে।সংহতভাৱে বিকাশপ্ৰাপ্ত শিশুৰহে কেৱল এক ভৱিষ্যৎমুখী আৰু কৰ্তব্যপৰায়ণ মনোভাব গঢ় লৈ উঠে।এজন ব্যক্তিৰ জীৱনৰ কৰ্তব্য বুলি ক’লে কেৱল অৰ্থনৈতিক বা সামাজিকভাৱে সুপ্ৰতিষ্ঠিত হ’বলৈ কৰা যত্নৰ কথাকে বুজোৱা নহয়,সামগ্ৰিকভাৱে জীৱন আৰু জগতৰ প্ৰতি এক ইতিবাচক ধাৰণা হৃদয়ত প্ৰোথিত কৰিবলৈ কৰা যত্নৰ কথাও কৰ্তব্যই সামৰি লয়।সেয়েহে,সমাজবিজ্ঞানীসকলে এজন ব্যক্তিৰ দায়বদ্ধতাৰ দিশত সু-প্ৰতিষ্ঠিত হোৱাত সহায় হোৱাকৈ শিশুৰ ক্ষেত্ৰত চাৰিটা দিশত জীৱনৰ কৰ্তব্যবোধ জাগ্ৰত কৰিবলৈ যত্ন কৰাৰ পোষকতা কৰে।এটা শিশুৰ প্ৰাথমিক কৰ্তব্য হ’ল আনুষ্ঠানিক শিক্ষা গ্ৰহণ।আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ জৰিয়তে নিজৰ ৰুচিৰ লগত মিলা একোটা বৃত্তিৰ বাবে শিশুসকলে নিজকে প্ৰস্তুত কৰিব লাগিব আৰু ইয়াৰ জৰিয়তে ভৱিষ্যতে জীৱন যাপনৰ কথাও চিন্তা কৰিব লাগিব।এইক্ষেত্ৰত অভিভাৱকৰ দায়িত্ব আৰু গুৰুত্ব অপৰিহাৰ্য যদিও মাতৃগৰাকীয়েহে ৰুচি  অনুযায়ী বৃত্তি নিৰ্বাচনত নিজৰ শিশুটোক অধিক পৰিমাণে সহায় কৰিব পাৰে।দ্বিতীয়তে,পিতৃ-মাতৃ আৰু  অভিভাৱকৰ প্ৰতি কৰ্তব্য আৰু দায়িত্ববোধ শিশুটোৰ জাগ্ৰত হ’ব লাগিব।এজন সু-নাগৰিক হিচাপে প্ৰতিষ্ঠিত হোৱাত শিশুটোৰ বাবে ঘৰখনেই আটাইতকৈ বেছি ত্যাগ স্বীকাৰ কৰিব লগা হয় আৰু এই ত্যাগৰ প্ৰতিদান দিবলৈ বা ত্যাগৰ স্বীকৃতি পাহৰি নাযাবলৈ শিশুটোক প্ৰস্তুত কৰাত পৰিয়ালৰ ভুমিকা হৈ পৰে অপৰিসীম।

তৃতীয়তে,সমাজখনৰ প্ৰতিও কৰ্তব্যবোধ জাগ্ৰত কৰিবলৈ সন্তানক প্ৰস্তুত কৰাৰ প্ৰয়োজন থাকে।নিৰ্দিষ্ট বৃত্তিত সুপ্ৰতিষ্ঠিত হ’বলৈ শিশুটোৱে নিজে যেনেকৈ শ্ৰম আৰু নিষ্ঠা প্ৰয়োগ কৰে,পিতৃ-মাতৃ আৰু পৰিয়ালে যেনেকৈ ত্যাগ আৰু কষ্ট স্বীকাৰ কৰে,সমাজখনেও তেনেকৈ পৰোক্ষভাৱে হ’লেও বহুখিনি কৰিব লগা ত্যাগ স্বীকাৰ কৰিব লগা হয়।যিবোৰ সামাজিক নিকায়,সংগঠন,প্ৰতিষ্ঠানৰ মাজেদি এটা শিশুৱে জীৱনৰ বাট বোলায় এই সকলোবোৰেই মুলত:সমাজৰ নাগৰিকসকলৰ প্ৰত্যক্ষ বা পৰোক্ষ বৰঙনিৰ ফলতেই গঢ় লৈ উঠে।সেয়েহে সমাজৰ প্ৰতি দায়বদ্ধতা আৰু কৰ্তব্যবোধ সম্পৰ্কে আৰম্ভণিৰে পৰা শিশুক জাগ্ৰত কৰি ৰখাটো সকলোৰে কৰ্তব্য।সমাজমুখিতা হ’ল ব্যক্তিত্ব বিকাশৰ অন্যতম চৰ্ত।দ্বীপসদৃশভাৱে শিশুটোক গঢ়ি তুলিলে।সিহঁত উপাৰ্জনৰ উৎস হ’ব পাৰিব,কিন্তু সামাজিক সম্পদ হ’ব নোৱাৰিব।চতুৰ্থ আৰু অন্যতম যিটো কৰ্তব্যৰ প্ৰতি বৰ্তমানৰ সময়ত শিশুসকলক সজাগ কৰাৰ প্ৰয়োজন হৈছে সেইটো হৈছে পৰিৱেশৰ প্ৰতি কৰ্তব্য।দীৰ্ঘদিনীয়া অৱহেলা আৰু মনস্কতাৰ  ভাৱৰ বাবেই আমাৰ আজিৰ ভৌতিক পৰিৱেশ অতিকে অৱক্ষয়ৰ গৰাহত পৰিছে।পৰিৱেশৰ অৱক্ষয়ে কেৱল মানুহৰে নহয়,অন্যান্য জীৱ-জন্তু,গছ-লতাৰো বিস্তৰ ক্ষতি কৰিছে।পৰিৱেশ বাচিলেহে মানুহ আৰু জীৱজগত বাচিব।এই দিশৰ প্ৰতি সজাগ আৰু কৰ্তব্যবোধ জাগ্ৰত কৰাটোত পৰিয়াল,অভিভাৱক আৰু সমাজ হ’ব পাৰে এক গুৰুত্বপুৰ্ণভাৱে মাৰ্গদৰ্শক।

এটি শিশুৰ ব্যক্তিত্ব কেনে ধৰণৰ হ’ব সেয়া নিৰ্ভৰ কৰে মুলত: দুটা কথাৰ ওপৰত-(ক)আনুবংশিক বৈশিষ্ট্য,(খ)পৰিৱেশগত বৈশিষ্ট্য।মাক-দেউতাক আৰু তেওঁলোকৰ পুৰ্বপুৰুষৰ পৰা বংশানুক্ৰমিকভাৱে বৈ অহা কিছু বৈশিষ্ট্য সন্তানৰ শৰীৰত ফুটি উঠে,যিবোৰ বৈশিষ্ট্যই কিছু পৰিমাণে হ’লেও ব্যক্তিত্বৰ দিশ নিৰ্ণয়ত সহায় কৰে।এইবোৰ বৈশিষ্ট্যক কোৱা হয় আনুবংশিক বৈশিষ্ট্য।আনুবংশিক বৈশিষ্ট্যবোৰ অনমনীয়,সময়,পৰিস্থিতি আৰু প্ৰয়োজন সাপেক্ষে এইবোৰ সালসলনি,পৰিৱৰ্তন বা পৰিবৰ্ধন কৰিব নোৱাৰি।অৱশ্যে আনুবংশিক বৈশিষ্ট্যবোৰে ব্যক্তিৰ শাৰীৰিক গঠন আৰু শৰীৰৰ ৰাসায়নিক কাৰ্যকলাপতহে অধিক প্ৰভাৱ পেলায়।আনটো বৈশিষ্ট্য হ’ল পৰিৱেশগত বৈশিষ্ট্য-যিটো নমনীয়,পৰিৱৰ্তনশীল আৰু পৰিবৰ্ধনযোগ্য।শিশুটোৱে গৰ্ভত স্থিতি লোৱাৰ পৰা জন্মলৈকে আৰু জন্মৰ পাছৰ পৰা কৈশোৰ অৱস্থা পোৱালৈকে সামগ্ৰিকভাৱে অভিভাৱক,পৰিয়াল,ওচৰ-চুবুৰীয়া আৰু সমাজৰ লগতে ভৌতিক বৈশিষ্ট্যৰে গঠিত যি পৰিৱেশ শিশুটোৱে লাভ কৰে,সেইখিনিকে পাৰিৱেশিক উপাদান বুলি গ্ৰহণ কৰিব পাৰি।

কাৰ ব্যক্তিত্ব কেনে ধৰণৰ হ’ব সেইটো নিৰ্ভৰ কৰে শিশুটোৱে সৰুৰে পৰা মাক-দেউতাকক কেনেকৈ দেখিছে,বুজিছে,কাষত পাইছে আৰু মাক-বাপেকৰ পৰা কি শিক্ষা পাইছে তাৰ ওপৰত।মাক-দেউতাকৰ পৰা শিশুটোৰ মানসিক দুৰত্ব কিমান দুৰ অথবা ওচৰ তাৰ ওপৰত নিৰ্ভৰ কৰিও শিশুটোৰ ব্যক্তিত্বৰ দিশ ফুটি উঠে।

এটি শিশুক ভালদৰে গঢ়ি তুলিবলৈ হ’লে মাক-দেউতাকে চাব লাগিব তাৰ শাৰীৰিক আৰু মানসিক বিকাশ ঠিকমতে হৈছে নে নাই।ইয়াৰ লগত নৈতিক বিকাশ,খেলা-ধুলা ,শিক্ষা ,সৃজনশীলতা,বিনোদন আদিৰ ওপৰতো লক্ষ্য ৰাখিব লাগিব।কিয়নো,এই সকলোবোৰ উপাদানৰে ব্যক্তিত্ব গঠনত এক গুৰুত্বপুৰ্ণ ভুমিকা আছে।যিবিলাক শিশুৰ শৈশৱ অনিশ্চিত আৰু  অসহায় অৱস্থাৰে ভৰা,যিবোৰ শিশুৰ শৈশৱ ক্ষোভ,দুখ,অভিমান,অপমান আৰু বঞ্চনাৰ দ্বাৰা পৰিবেষ্টিত,তেনে শিশুৰ ভৱিষৎ ব্যক্তিত্ব বিভিন্ন সমস্যাত ভাৰাক্ৰান্ত।এনে শিশুৰ বাবে নানা ধৰণৰ ৰোগ,যেনে-চিজোফ্ৰেনিয়া,হিষ্টিৰীয়া,ড্ৰাগাশক্তি,সমাজবিৰোধী মনোভাব, অপৰাধ প্ৰৱণতা, বাধ যৌনতা,ফ’বিয়া আদিৰ পথ সহজলভ্য হৈ পৰে।

শিশুৰ ভৱিষ্যতৰ ব্যক্তিত্বৰ বাবে গৰ্ভাৱস্থাৰ পৰাই সতৰ্কতা অৱলম্বন কৰিব লাগে।গৰ্ভৱতী অৱস্থাত মহিলাগৰাকী সুস্বাস্থ্যৰ অধিকাৰী হৈ থাকিবলৈ সাধাৰণ স্বাস্থ্যবিধিখিনি মানি চলিব লাগে।খাদ্য সম্পৰ্কে গৰ্ভৱতী মহিলাসকল যথেষ্ট সচেতন হ’ব লাগে।চৰ্বি জাতীয় আৰু কাৰ্বহাইড্ৰেট জাতীয় কেলৰি খাদ্যসমুহ গ্ৰহণ কৰাৰ পৰিৱৰ্তে গৰ্ভৱতী অৱস্থাত প্ৰ’টিন জাতীয় খাদ্য আৰু সতেজ শাক-পাচলি অধিক পৰিমাণে গ্ৰহণ কৰিব লাগে।ফল-মুল এই সময়ৰ বাবে বিশেষ উপকাৰী।কোনো ধৰণৰ ঔষধ চিকিৎসকৰ বিনা পৰামৰ্শত গ্ৰহণ কৰিব নালাগে,কিয়নো ঔষধসমুহে গৰ্ভস্থ সন্তানৰ ক্ষতি কৰাৰ আশ্ংকা থকাৰ লগতে আবতৰীয়া গৰ্ভপাত কৰব পাৰে।

জন্মৰ পাছৰ পৰা শিশুৰ শাৰীৰিক আৰু মানসিক বিকাশ সঠিকভাৱে হৈছে নে নাই সুক্ষ্মভাৱে লক্ষ্য কৰিব লাগে।চিকিৎসকৰ যাৱতীয় পৰামৰ্শখিনি মানি চলাৰ লগতে অনুমোদিত প্ৰতিষেধক টিকাসমুহ নিয়মীয়াকৈ দিয়াব লাগে।শিশুক মৰম কৰিব লাগে ঠিকেই কিন্তু অধিক আদৰ বা প্ৰশ্ৰয় দিলে শিশুৰ ব্যক্তিত্ব গঠনত বিভ্ৰান্তি ঘটে।একেদৰে অত্যধিক শাসন আৰু শাৰীৰিক মানসিক নিৰ্যাতনেও শিশুৰ মানসিক আৰু ব্যক্তিত্ব বিকাশত বাধা আৰোপ কৰে।পৰিস্থিতি সাপেক্ষে শিশুক শাসন কৰাৰ প্ৰয়োজন হয়,কিন্তু সময়মতে আৰু আনুষংগিকভাৱে শিশুটোক এই কথাটোও বুজাই দিয়া উচিত যে তাক কিয় শাসন কৰা হ’ল।

পাপবোধ আৰু দাম্পত্য কলহ -

কোনো ঘটনা বা কামৰ বাবে শিশুক জগৰীয়া কৰিব নালাগে।এনে কৰিলে শিশুৰ মনত পাপবোধ আৰু অপৰাধবোধ জাগৃত হয়।পাছৰ সময়ত ব্যক্তিত্বৰ বিকাশত এইবিলাকে বিৰুপ প্ৰভাৱ পেলায়।কোনো দোষ অথবা ঘটনাৰ বাবে শিশুক অপমান,উপলুঙা,ঠাট্টা বা বিদ্ৰুপ কৰিব নালাগে।এটি শিশুক সামাজিক আৰু পাৰিবাৰিক জীৱনত ব্যৱহাৰ কৰোতে এজন পুৰঠ ব্যক্তিৰ মৰ্যাদাৰেই ব্যৱহাৰ কৰিব লাগে।দাম্পত্য কাজিয়াৰ মাজলৈ শিশুক তানি আনিব নালাগে।পতি-পত্নীৰ মাজৰ কাজিয়াৰ কোনো ভাগ শিশুটোক নিদিয়াই মংগল।শিশুৰ সমুখত পতি-পত্নীয়ে পৰস্পৰক কেতিয়াও অপমান আৰু নিৰ্যাতন কৰিব নালাগে।একেই কথা অৱলম্বন কৰিব লাগে স্বামী-স্ত্ৰীৰ যৌনজীৱনৰ ক্ষেত্ৰতো।স্বামী-স্ত্ৰীৰ শাৰীৰিক সম্পৰ্কৰ চাক্ষুষ অভিজ্ঞতা যাতে নিজ সন্তানে লাভ কৰিব নোৱাৰে তাৰ প্ৰতি সততে দৃষ্টি ৰাখিব লাগে।

অনুশাসন আৰু অনুপ্ৰেৰণা -

দুষ্টালিৰ বাবে শাসনৰ লগে লগে ভাল কামৰ বাবে শিশুটোক উৎসাহ প্ৰদান কৰিব লাগে।ভাল কামৰ বাবে উৎসাহ প্ৰদান কৰোতে অৱশ্যে লক্ষ্য ৰাখিব লাগে যাতে শিশুটোৰ ওপৰত শাৰীৰিক আৰু মানসিক হেঁচা নপৰে।অন্য কোনো শিশু বা সমনীয়াৰ লগত নিজৰ শিশুটোক তুলনা কৰিব নালাগে,আন কোনো শিশুৰ প্ৰদৰ্শনকামিতাক লৈ নিজৰ শিশুটোক তুলনা কৰিলে স্বাভাৱিকতেই শিশুটোৱে হীনমন্যতাত ভোগে।কোনো কামত পাৰদৰ্শিতা জোখাৰ আগতে শিশুটোৰ ইচ্ছা,মতামত,গুণাগুণ আৰু প্ৰকৃত ক্ষমতা সম্পৰ্কে অভিভাৱক আৰু পিতৃ-মাতৃ অৱগত হৈ ল’ব লাগে।

চাকৰিয়াল মাতৃ -

আজিকালি প্ৰায়বিলাক মহিলাই চাকৰি বা ব্যৱসায় সংক্ৰান্তীয় কাম-কাজত ব্যস্ত থাকিব লগা হোৱাত শিশুৰ সাহচৰ্যৰ বাবে মহিলাসকলে দিনৰ ভাগত বিশেষ আজৰি নাপায়।এনে মাতৃসকলে অৱসৰৰ সময়ত যিমান বেছিকৈ পাৰি সিমান বেছিকৈ শিশুটোক সময় দিব লাগে।অৱসৰৰ সময়ত কেৱল টিভি চাই বা মোবাইলত ব্যস্ত হৈ বহি থাকিলে শিশুটোৰ মনোযোগ আনফালে ধাৱিত হোৱাটো স্বাভাৱিক।কামৰ সময়তো শিশুটোক লগত লৈ কামত লাগিলে দুটা কাম একেলগে সাধিত হয়।

ক্ৰছ ড্ৰেছিং -

ল’ৰা সন্তানক ছোৱালীৰ সাজ আৰু ছোৱালী সন্তানক ল’ৰাৰ সাজ পিন্ধোৱা ব্যৱস্থাটোকে ক্ৰছ ড্ৰেছিং কৰা বুলি কয়।বহুতো পৰিয়ালত দেখা যায় যে মাক-দেউতাকে সন্তানটোক ক্ৰছ ড্ৰেছিং কৰাই ভাল পায়।ল’ৰা-ছোৱালীৰ সাজপাৰৰ কথাটো অৱশ্যে সমাজ আৰু পৰিৱেশ ব্যতিৰেকে বেলেগ বেলেগ হয়।তথাপি যি পৰিৱেশ বা সামাজিক আৱহাৱাত থকা যায়,সেই সমাজৰ প্ৰচলিত ল’ৰাৰ সাজ বা ছোৱালীৰ সাজ সেইমতেই ল’ৰা-ছোৱালীক পিন্ধাব লাগে।ক্ৰছ ড্ৰেছিং ব্যৱস্থাটোৱে শিশুৰ মনস্তত্ত্বত প্ৰভাৱ পেলাব পাৰে বুলি মনোবিজ্ঞানীসকলে আশংকা কৰে।

বিশিষ্ট মনোবিজ্ঞানী চিগমণ্ড ফ্ৰ্য়েডৰ মতে ল’ৰা সন্তানে সৰুৰে পৰাই মাকৰ প্ৰতি আৰু ছোৱালী সন্তানে সৰুৰে পৰাই দেউতাকৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰে।ল’ৰা সন্তানে বাপেকৰ গুণৰাজি আয়ত্ত কৰিমাকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’বলৈ চায় আৰু কন্যা সন্তানে মাকক অনুসৰণ কৰি দেউতাকৰ নিকট আসন লাভ কৰিবলৈ চেষ্টা কৰে।এই প্ৰক্ৰিয়াটোৰ ব্যতিক্ৰম তেতিয়াই ঘটে,যেতিয়া ল’ৰাটোৱে নিজকে ছোৱালী হিচাপে বা ছোৱালীজনীয়ে নিজকে ল’ৰা বুলি কল্পনা কৰিবলৈ ভাল পাব।ক্ৰছ ড্ৰেছিং প্ৰক্ৰিয়াই এনেধৰণৰ মানসিকতা গঠনত অৰিহণা যোগাব বুলি আশংকা কৰা হয়।

বহু সময়ত ল’ৰা-ছোৱালীবোৰে নিজেই ক্ৰছ ড্ৰেছিং কৰি আনন্দ পায় আৰু  অভিভাৱকেও আমোদ পাই এই কামত উৎসাহ যোগায়।সাধাৰণতে শিশুবোৰে নিজেই নিজৰ লিংগ সম্পৰ্কে অসুখী হ’লেহে এনে কৰা দেখা যায়।পৰিয়ালৰ সদস্যসকলৰ আলোচনা আৰু মনোভাৱৰ বাবেহে সাধাৰণতে মনত এনে ধাৰণাই ঠাই লয়।শিশুটোৱে যাতে তাৰ লিংগ সম্পৰ্কে অসুখী নহয় তাৰ বাবে মাক-দেউতাক আৰু পৰিয়ালে মনোযোগ দিয়া প্ৰয়োজন।

খেলা-ধুলাৰ প্ৰতি মনোযোগ আৰু যৌন নিপীড়ন প্ৰতিৰোধ -

শিশুৰ পঢ়া-শুনাৰ লগতে যিমানদুৰ সম্ভৱ খেলা-ধুলাৰ প্ৰতিও আকৰ্ষণ গঢ়ি তুলিব লাগে।বিনোদন আৰু শৰীৰ চৰ্চা এক অপ্ৰয়োজনীয় কচৰৎ বুলি বহুতো অভিভাৱকে গ্ৰহণ কৰা ধাৰণটো শুদ্ধ নহয়।নিয়মীয়া খেলা-ধুলা আৰু মনোৰম সাধুকথাই শিশুৰ কল্পনা শক্তি বৃদ্ধি কৰাৰ লগতে হৃদয়বৃত্তি কোমল কৰি তোলে।খেলা-ধুলাই শিশুৰ অংগ সঞ্চালন কৰায় আৰু এনে অংগ সঞ্চালনে পেশীসমুহৰ টেনছন দুৰ কৰি শিশুক শিথিল কৰি তোলে,জীৱনৰ দৈনন্দিন সময়ৰ বাবে সিহঁতে কৰ্মোদ্যম লাভ কৰে।আন শিশুসকলৰ লগত খেলা-ধুলা কৰাৰ ফলত সিহঁতে নিজৰ সামাজিক ভুমিকা,দলবদ্ধভাৱে কাম কৰাৰ প্ৰয়োজনীয়তা, অনুশাসন আৰু নিয়মানুৱৰ্তিতা আদি দিশবোৰ বিকশাই তুলিব পাৰে।বহু সময়ত শিশুবোৰ সিহঁতৰ বয়সতকৈ ওপৰৰসকলৰ যৌন নিৰ্যাতনৰ বলি হয়।এটা শিশুক সদায় সকলো কামতে কেৱল তাৰ সম-বয়সীয়া আৰু সহপাঠীসকলৰ লগতহে ঘনিষ্ঠ সহযোগ ৰক্ষা কৰিবলৈ দিব লাগে।বহু সময়ত ঘৰত থকা আয়া,ভৃত্য,মিস্ত্ৰী ,ঘৰুৱা শিক্ষক আদিয়েও শিশু আৰু কিশোৰৰ ওপৰত যৌন নিৰ্যাতন চলায়।অভিভাৱকসকলে এইবোৰ দিশৰ প্ৰতিও দৃষ্টি প্ৰদান কৰিব লাগে।

শিশুৰ কৌতুহল নিবৃত্তি:এক প্ৰয়োজনীয় পদক্ষেপ -

নজনা কথা জনাৰ প্ৰতি শিশুৰ মনত থাকে অদম্য কৌতুহল।এই কাৰণেই প্ৰতিটো ঘটনা সম্পৰ্কে শিশুৱে অভিভাৱক অথবা ডাঙৰসকলক অন্তহীন প্ৰশ্ন কৰি ভাৰাক্ৰান্ত কৰি তোলে।তাৰ জন্ম ক’ৰ পৰা হ’ল,ল’ৰা আৰু ছোৱালীৰ যৌনাংগৰ পাৰ্থক্য কিয় হয়,বৰষুণ ক’ৰ পৰা আহে,গৰুৱে ঘাঁহ খায় কিয়,আমি উৰিব নোৱাৰো কিয় আদি এশ-এটা প্ৰশ্ন শিশুৱে অভিভাৱক সুধি ব্যতিব্যস্ত কৰি তোলে।সাধাৰণতেই এনেধৰণৰ প্ৰশ্নবোৰ অবান্তৰ প্ৰশ্ন বুলি অভিভাৱকে শিশুক ধমক দি শাসন কৰিবলৈ বিচাৰে।এইটো শুদ্ধ পথ নহয়।যিমান পৰা যায় সহজকৈ আৰু সিহঁত সন্তুষ্ট হোৱাকৈ শিশুৰ মনৰ স্বাভাৱিক কৌতুহলসমুহৰ উত্তৰ দিবলৈ অভিভাৱকে যত্ন কৰিব লাগে।অভিভাৱকে নিজে নাজানিলে শিশুপ্ৰেমী অভিজ্ঞ ব্যক্তিৰ সহায় গ্ৰহণ কৰিব লাগে।তিনি-চাৰি বছৰীয়া শিশুৰ ক্ষেত্ৰত দেখা যায় যে সিহঁতে নিজৰ যৌনাংগক লৈয়েই ধেমালি কৰিবলৈ বিচাৰে।এই বিষয় লৈ বহু অভিভাৱকে শিশুক বেছি শাসন কৰাৰ প্ৰয়োজন নাই,কিয়নো কিছুদিনৰ পাছত এই  অভ্যাস শিশুটোৱে নিজে নিজেই এৰি দিয়ে।অৱশ্যে এটা কথা লক্ষ্য কৰিব লাগে ,যাতে এনে বদ অভ্যাসত শিশুটো একেবাৰে মগ্ন হৈ নাযায়।

উৎস: জি এনআৰ চি স্বাস্থ্য

2.86956521739
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top