অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিশুৰ মধ্যকৰ্ণৰ ৰোগ

শিশুৰ মধ্যকৰ্ণৰ ৰোগ ৰোগৰ লক্ষণঃ

শিশুবোৰৰ নাকৰ পিছফালে এডেন্‌ইডছ্‌ বুলি লুপথুপীয়া(জেলীসদৃস) মাংসপেশী এটা থাকে। যেতিয়া ই আকাৰত ডাঙৰ হ’বলৈ ধৰে লাহে লাহে শিশুবোৰে মুখেৰে শ্বাস-প্ৰশ্বাস লোৱাৰ লগতে নাকৰ ঘৰঘৰণিও আৰম্ভ হয়। সধাৰণভাৱে নাকেৰে শ্বাস-প্ৰ্শ্বাস নলৈ যেতিয়া মুখেৰে শ্বাস-প্ৰ্শ্বাস ল’বলৈ আৰম্ভ কৰে তেতিয়া এই শিশুবোৰৰ মুখৰ আৰ্দ্ৰ্তা বাঢ়ে, সঘনাই চৰ্দি-কাহৰ বশৱৰ্তী হয়, অক্সিজেনেটেড শ্বাস-প্ৰশ্বাসৰ অভাৱ হয়, ফলত শিশুবোৰৰ কোষৰ বিকাশত ক্ষতি হয় আৰু স্বাস্থ্যৰ অৱনতি ঘটে। আজিকালি আমাৰ সমাজত প্ৰায়ভাগ কণ কণ ল’ৰা-ছোৱালীক দেখা যায় সাঁতোৰাৰ প্ৰশিক্ষণ কেন্দ্ৰ্ত। প্ৰথম অৱস্থাত কিছুদিন সাঁতোৰৰ প্ৰশিক্ষণ লোৱাৰ পিচত দেখা যায় যে কণ কণ ল’ৰা-ছোৱালীবোৰে চৰ্দি, কাহ, জ্বৰৰ বশৱৰ্তী হৈ এই মধ্যকৰ্ণৰ ওটাইছিছ মিডিয়াৰ সংক্ৰমিত হৈ পিচলৈ টাইফয়ডৰ দৰে ভয়ানক বেমাৰক সাবটি ল’ব লগা হয়।

কিদৰে সংক্ৰমণ হয়ঃ

শিশুৰ ইউস্থাছিয়ান টিউব সাধাৰণতে ডাঙৰতকৈ আকাৰত সৰু আৰু সমতলভাৱে অথবা পথালিকৈ থাকে, সেইবাবে এই টিউবৰ সহায়ত সোনকালে চৰ্দিবোৰ মধ্যকৰ্ষণলৈ প্ৰৱেশ কৰে আৰু ওলাই আহিব নোৱাৰা হয়। সাধাৰণ অৱস্থাত এই ইউস্থাছিয়ান টিউবডাল বন্ধ হৈ থাকে, কেৱল মুহূৰ্তৰ বাবে খোল খায় যেতিয়া শিশুৱে হামিয়াই অথবা সেপ গিলে। শিশুৱে সাধাৰণতে যেতিয়া সাৰে থাকে প্ৰতি এক মিনিটৰ ভিতৰত কেবাবাৰো সেপ গিলে আৰু যেতিয়া শুই থাকে প্ৰতি পাঁচ মিনিটৰ ভিতৰত এবাৰ সেপ গিলে। শিশুৰ ইউস্থাছিয়ান টিউবডালৰ চাৰিওফালে থকা লেহুকা মঙহ আৰু হাড়ে সম্পূৰ্ণভাৱে এই টিউবডালক সহায় কৰিব পৰা অৱস্থাত নাথাকে আৰু টেনচৰ ভেলী পেলাটিনি নামৰ মঙহখিনি শক্তিশালী নোহোৱা হেতুকে শিশুৰ এই ইউস্থাছিয়ান টিউবৰ কৰ্মক্ষমতা ডাঙৰকৈ উপযুক্ত নহয়, ফলত শিশুবোৰে প্ৰচণ্ড অসুবিধাৰ সন্মূখীন হৈ মধ্যকৰ্ণৰ লগত চাপৰ-সুসম্পৰ্ক গঢ়ি তুলিবৰ বাবে অক্ষম হয়। পিচলৈ ই লাহে লাহে সক্ষম হ’বলৈ ধৰে যেতিয়া শিশুৰ বিকাশ হৈ শৈশৱৰ ডেওনা অতিক্ৰম কৰি যৌৱনত ভৰি দিয়ে। এইবোৰ কাৰণৰ বশৱৰ্তী হৈ শিশুবোৰ সঘনাই এই মধ্যকৰ্ণৰ সংক্ৰমণৰ দ্বাৰা সংক্ৰনিত হৈ লাহে লাহে শিশুৰ শ্ৰৱণশক্তিৰ সংবেদনশীলতা হ্ৰাস হোৱা দেখা যায়।

সতৰ্কতাঃ

পিতৃ মাতৃ অভিভাৱকসকলে এইখিনিতে সদায় মন কৰিব লাগে যে যেতিয়াই ওটাইটিছ মিডিয়াত শিশুৰ সংক্ৰমণ ঘটে, শিশুবোৰক গাখীৰৰ বটল অথবা মাতৃদুগ্ধ শুৱাই পেলাই খুৱাব নালাগে। ইয়াৰ পৰিৱৰ্তে মূৰটো অকণমান ওপৰৰ ফালে ধৰি খুৱাব লাগে। ধূম্ৰ্পান যাতে শিশুৰ ওচৰে-পাঁজৰে নকৰে, ধূলি-বালি আদিৰ পৰা যাতে বচাই ৰাখিব পৰা যায়, অতি উচ্চ সুগন্ধিযুক্ত, প্ৰসাধন যাতে শিশুৰ ওচৰে-পাঁজৰে ব্যৱহাৰ নকৰে, কাৰণ পাৰফিউম, ব’ডিস্প্ৰে আদিত ব্যৱহাৰ কৰা হয় প্ৰাকৃতিক সুবাস আৰু ৰাসায়নিক পদাৰ্থ আৰু এইবোৰৰ সৰহভাগেই কৃত্ৰিম অথবা চিন্মেটিক। ইয়াৰ ফলত শিশুৱে এলাৰ্জিক ৰাইনাইটিজৰ বশৱৰ্তী হৈ ওটাইটিছ মিডিয়াত সংক্ৰমিত হ’ব পাৰে। এই আটাইবোৰ কথাৰ প্ৰতি লক্ষ্য ৰাখি শেষত ওচৰৰ ঔষধালয়ৰ পৰা কাণৰ বিষৰ ঔষধ নুখুৱাব। অভিজ্ঞ নাক, কণ, ডিঙিৰ বিশেষজ্ঞৰ পৰামৰ্শ লৈ ওটাইটিছ মিডিয়াৰ সঠিক মাপকাঠি নিৰূপণ কৰিবৰ বাবে শ্ৰৱণ বিশেষজ্ঞৰ সহায়ত ৰোগমুক্ত কৰি শিশুক অইন সুস্থ শিশুৰ দৰে গঢ়ি তোলক।

উৎসঃ অসমীয়া প্ৰতিদিন

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate